মন্দানা কৰিমী (ফাৰ্চী ভাষা: ماندانا کریمی; জন্ম: মনিজহে কৰিমী, ১৯ মে' ১৯৮৮) হৈছে ভাৰতত কৰ্মৰত এগৰাকী ইৰানী অভিনেত্ৰী আৰু মডেল।১২ সমগ্ৰ বিশ্বতে কেইবাটাও সফল মডেলিং প্ৰকল্পত কাম কৰাৰ পিছত,৩ তেওঁ বলীউডৰ চলচ্চিত্ৰ ভাগ জেনীত মুখ্য চৰিত্ৰত অভিনয় কৰে।৪ তেওঁ জনপ্ৰিয় ৰিয়েলিটি টিভি শ্ব' বিগ বছ ৯ত অংশগ্ৰহণ কৰিছিল আৰু ২০১৫ চনত দ্বিতীয় ৰানাৰ্ছ-আপ হৈছিল।১
প্ৰাৰম্ভিক জীৱন
কৰিমীৰ জন্ম ১৯৮৮ চনৰ ১৯ মে'ত ইৰানৰ টেহৰাণৰ এটা মুছলিম পৰিয়ালত হৈছিল। তেওঁৰ পিতৃ ইৰানী আৰু ভাৰতীয় বংশোদ্ভৱ আৰু মাতৃ এগৰাকী ফাৰ্চী মহিলা।৫ তেওঁ টেহৰাণতে ডাঙৰ-দীঘল হৈছিল।১ ভাৰতৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে তেওঁ মন্তব্য কৰি কয় যে মই মোৰ পৰিয়ালক লগ কৰিবলৈ বা ছুটি কটাবলৈ বহুবাৰ ভাৰতলৈ আহিছোঁ।৩
কেৰিয়াৰ
কৰিমীয়ে প্ৰথমে এগৰাকী বিমান সেৱিকা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু পিছলৈ মডেলিং জগতত কেৰিয়াৰ গঢ়িবলৈ সেই চাকৰি এৰি দিয়ে।৬ ২০১০ চনত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মডেলিং প্ৰকল্পত কাম কৰাৰ পিছত তেওঁ এটা মডেলিং চুক্তিৰ অধীনত তিনি মাহৰ বাবে মুম্বাইলৈ আহে।৩ ভাৰতৰ অভিজ্ঞতাৰ বিষয়ে তেওঁ কৈছিল যে পৰিয়ালৰ অবিহনে থকাটো মোৰ বাবে এক সুকীয়া অভিজ্ঞতা আছিল। মই ইয়াক বহুত ভাল পাইছিলোঁ। কামবোৰ বহুত ভাল আছিল, কিন্তু সেই সময়ত সমগ্ৰ বিশ্বতে মোৰ আন বহুতো চুক্তি আছিল। তাৰ পিছত ২০১৩ চনত মই মুম্বাইলৈ স্থানান্তৰিত হোৱাৰ আৰু অভিনয়ৰ চেষ্টা কৰাৰ সিদ্ধান্ত লওঁ।৩
কৰিমীয়ে শ্বাহৰুখ খান, ছৈফ আলী খান, কৰীণা কাপুৰ, শ্বাহিদ কাপুৰ আৰু অৰ্জুন কাপুৰৰ সৈতে টেলিভিছনৰ বিজ্ঞাপনত কাম কৰিছে।৫৭
২০১৫ চনcl ফেব্ৰুৱাৰীত তেওঁ ৰয় নামৰ চলচ্চিত্ৰখনত অতিথি শিল্পী হিচাপে অভিনয় কৰে।১ সেই বছৰৰে ছেপ্টেম্বৰ মাহত তেওঁৰ ভাগ জেনী নামৰ চলচ্চিত্ৰখন মুক্তি পায়।১ ইয়াৰ উপৰি তেওঁ ২০১৫ চনৰ অক্টোবৰ মাহৰ ম্যেয় ঔৰ চাৰ্লছ বোলছবিখনত অভিনয় কৰে, য'ত তেওঁ চাৰ্লছ শোভৰাজৰ সহায়িকাৰ চৰিত্ৰ ৰূপায়ন কৰিছিল। কৰিমীৰ পৰৱৰ্তী চলচ্চিত্ৰ আছিল এখন যৌন হাস্যৰসাত্মক ছবি কিয়া কুল হ্যেয় হম ৩, যিখন ২০১৬ চনৰ ২২ জানুৱাৰীত মুক্তি পাইছিল।৫৮
কৰিমী ৰিয়েলিটি টিভি শ্ব' বিগ বছ ৯ৰ এগৰাকী প্ৰতিযোগী আছিল, য'ত বিভিন্ন ক্ষেত্ৰৰ একাংশ তাৰকাই এটা ডাঙৰ ঘৰত একেলগে বাস কৰে। ৰাইজৰ ভোটৰ ওপৰত ভিত্তি কৰি প্ৰতি সপ্তাহতে এজনকৈ প্ৰতিযোগীক বাহিৰ কৰা হয়। ২০১৫ চনৰ অক্টোবৰ মাহত কালাৰ্ছ চেনেলত এই শ্ব'টো সম্প্ৰচাৰিত হৈছিল। তেওঁ সেই ছিজনৰ তিনিগৰাকী ফাইনেলিষ্টৰ ভিতৰত অন্যতম আছিল আৰু ৰানাৰ্ছ-আপ হিচাপে যাত্ৰা শেষ কৰিছিল।৯১০১১
২০১৮ চনত তেওঁ ষ্টাৰ প্লাছৰ ধাৰাবাহিক ইশ্কবাজত নেন্সীৰ চৰিত্ৰত অভিনয় কৰি ধাৰাবাহিক জগতত আত্মপ্ৰকাশ কৰে।১২
২০১৮ চনৰ অক্টোবৰ মাহত কৰিমীয়ে কিয়া কুল হ্যেয় হম ৩ৰ পৰিচালক উমেশ গাধগেৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰে।১৩১৪ সেই সময়তে তেওঁ পৰিচালক সাজিদ খানৰ বিৰুদ্ধেও যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল আৰু ২০২২ চনত সাজিদ খানে প্ৰতিযোগী হিচাপে বিগ বছ ১৬ত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ বলীউড এৰাৰ ইচ্ছা প্ৰকাশ কৰে।১৫১৬
মন্দানাই ভাৰতীয় ৰিয়েলিটি টিভি শ্ব' লক আপতো অংশগ্ৰহণ কৰিছিল।১৭
ব্যক্তিগত জীৱন
এটা সাক্ষাৎকাৰত কৰিমীয়ে কৈছিল যে মই প্ৰথম দেখা চলচ্চিত্ৰখন আছিল শৌলে, যেতিয়া মোৰ বয়স আঠ বা ন বছৰ আছিল। মোৰ দেউতা ইৰানৰ সেই কমসংখ্যক লোকৰ ভিতৰত এজন আছিল যাৰ ওচৰত এই চলচ্চিত্ৰখনৰ এটা টেপ আছিল, যদিও ইৰান চৰকাৰে ভিডিঅ' কেছেট ৰখাটো অনুমতি দিয়া নাছিল। তেওঁ লগতে মন্তব্য কৰে যে মই মূলতঃ ইৰানী চলচ্চিত্ৰ, বিশেষকৈ মজিদ মজিদীৰ দৰে পৰিচালকৰ ছবি চাই ডাঙৰ-দীঘল হৈছোঁ আৰু মোৰ প্ৰিয় অভিনেত্ৰী হৈছে গলচিফতে ফাৰাহানী।৫
কৰিমীয়ে ফাৰ্চী, ইংৰাজী আৰু হিন্দী ভাষা ক'ব পাৰে।৫
২০১৬ চনৰ জুলাই মাহত কৰিমীয়ে মুম্বাইৰ এজন ভাৰতীয় ব্যৱসায়ী গৌৰৱ গুপ্তাৰ সৈতে বিবাহপাশত আৱদ্ধ হ'বলৈ আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰে। পিছৰ বছৰৰ মাৰ্চ মাহৰ আৰম্ভণিতে এই দম্পতীয়ে আদালতত বিবাহ সম্পন্ন কৰে, যাৰ পিছত ২০১৭ চনৰ মাৰ্চ মাহত এখন জাকজমকীয়া হিন্দু বিবাহ অনুষ্ঠিত হয়।১৮১৯২০ ইয়াৰ কিছু সময় পূৰ্বে তেওঁ ইছলাম ধৰ্মৰ পৰা হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত হৈছিল।২১
২০১৭ চনৰ জুলাই মাহত কৰিমীয়ে তেওঁৰ স্বামী আৰু তেওঁৰ পৰিয়ালৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ গোচৰ তৰে।২২ অৱশ্যে পিছলৈ তেওঁ বিবাহখন ৰক্ষা কৰাৰ আশাত এই গোচৰ প্ৰত্যাহাৰ কৰে।২০ ২০২১ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।২৩
তথ্যসূত্ৰ
- ↑ (19 October 2015). 'Bigg Boss 9': Iranian model Mandana Karimi married to work in India?. Emirates 24/7
- ↑ Coutinho, Natasha. (9 July 2015). Meet Ekta's 'discovery'. Deccan Chronicle
- ↑ Coutinho, Ifirst1=Natasha. (9 July 2015). Meet Ekta's 'discovery'. Deccan Chronicle
- ↑ Bhaag Johnny trailer: Is Kunal Khemu the Leonardo DiCaprio of the Hindi version of Inception?
- ↑ Bhaag Johnny Actress Mandana Karimi Full EXCLUSIVE Interview. Bollywood Hungama
- ↑ (12 October 2015). Digangana, Keith Sequeira, Mandana Karimi, Prince: Some interesting facts about Bigg Boss 9 contestants. ABP Live
- ↑ 7 Facts We Bet You Didn't Know About Mandana Karimi . Mtvindia.com 15 October 2015. Retrieved 23 January 2017
- ↑ (11 December 2015). 'Kyaa Kool Hain Hum 3' released in January 22,2016. The Indian Express P Ltd
- ↑ (13 October 2015). Mandana Karimi in Bigg Boss 9 Double Trouble. The Times of India
- ↑ Bigg Boss 9 Contestant No 10: Mandana Karimi, Iranian model who entered Bollywood with 'Roy'
- ↑ Bigg Boss 9: Mandana Karimi has 4 things to say about winner Prince Narula, Kishwar Merchant and her journey
- ↑ (28 August 2018). MANDANA KARIMI'S FICTION DEBUT ON TV WITH ISHQBAAAZ. Mumbai Mirror
- ↑ (13 October 2018). Mandana Karimi accuses Kyaa Kool Hain Hum 3 director of harassment. India Today
- ↑ #MeToo: Mandana Karimi opens up about ordeal with 'Kya Kool Hain Hum 3' director; disappointed with Ekta Kapoor's silence. The Economic Times
- ↑ (2018-10-13). Mandana Karimi: Sajid Khan asked me to remove my clothes. India Today
- ↑ (5 October 2022). Mandana Karimi quits Bollywood after #MeToo accused Sajid Khan bags Bigg Boss 16: This is no place to work, it has no respect for women. Hindexstan Times
- ↑ (22 March 2022). Lock Upp: Bigg Boss runner-up Mandana Karimi, Pakistani blogger Azma Fallah enter the show. Hindustan Times
- ↑ (6 March 2017). Ex-Bigg Boss contestant Mandana Karimi marries boyfriend in hush-hush ceremony. See pics. The Indian Express
- ↑ Ex-Bigg Boss contestant Mandana Karimi gets engaged to boyfriend Gaurav - Times of India
- ↑ (4 July 2017). Bigg Boss fame Mandana Karimi:India. The Times of India
- ↑ Tiwari, Vijaya. (4 July 2017). Bigg Boss fame Mandana Karimi: My mother-in-law used to abuse and insult me. The Times of India "When asked if her mother-in-law was always against their relationship, Mandana said, "Yes, she was but I thought things will get better with time. I changed my religion. I accepted Hinduism and our wedding took place according to Hindu rituals."
- ↑ Mandana Karimi Files Domestic Violence Case Against Husband Of 6 Months: Reports. NDTV.com
- ↑ (5 April 2022). Lock Upp: Mandana Karimi claims that her ex-husband Gaurav Gupta slept with other women; says, 'In these four years of separation, he slept with whoever I knew'. Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মন্দানা কৰিমী” প্ৰবন্ধৰ সংশোধন ৬৩৫৫০৪ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।