অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মল্লিকা দুৱা

মল্লিকা দুৱা (জন্ম ১৮ জুলাই ১৯৮৯) এগৰাকী ভাৰতীয় কৌতুকাভিনেত্ৰী, অভিনেত্ৰী আৰু লেখিকা। শিট পিপল ছে: সৰোজিনী নগৰ এডিশ্বন নামৰ ভাইৰেল ভিডিঅ’টোৰ জৰিয়তে তেওঁ বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰে। ভিডিঅ’টো তেওঁ নিজে লিখি, ৰূপায়ণ কৰি আৰু অভিনয় কৰিছিল। তেওঁ পদ্মশ্ৰী সন্মানপ্ৰাপ্ত সাংবাদিক বিনোদ দুৱাৰ কন্যা।

হালনাগাদ: ৩ এপ্ৰিল ২০২৬ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

মল্লিকা দুৱা (জন্ম ১৮ জুলাই ১৯৮৯) এগৰাকী ভাৰতীয় কৌতুকাভিনেত্ৰী, অভিনেত্ৰী আৰু লেখিকা। শিট পিপল ছে: সৰোজিনী নগৰ এডিশ্বন নামৰ ভাইৰেল ভিডিঅ’টোৰ জৰিয়তে তেওঁ বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰে।১ ভিডিঅ’টো তেওঁ নিজে লিখি, ৰূপায়ণ কৰি আৰু অভিনয় কৰিছিল। তেওঁ পদ্মশ্ৰী সন্মানপ্ৰাপ্ত সাংবাদিক বিনোদ দুৱাৰ কন্যা।২

প্ৰাৰম্ভিক জীৱন

দুৱাই দিল্লীৰ মডাৰ্ন স্কুল, বাৰাখম্বা ৰোডত শিক্ষালাভ কৰে। তেওঁ আংশিক ছাৰাইকি আৰু আংশিক তামিল ভাষা পৰিয়ালৰ সন্তান। সামাজিক মাধ্যমত তেওঁৰ চুটি ভিডিঅ’বোৰৰ প্ৰেৰণা মূলতঃ দিল্লীৰ দৈনন্দিন জীৱনৰ পৰা আহে। তেওঁ আমেৰিকাৰ ফ্ৰেংকলিন এণ্ড মাৰ্শাল কলেজত থিয়েটাৰ বিষয়ত অধ্যয়ন কৰে। বিজ্ঞাপন ক্ষেত্ৰত তেওঁৰ কৰ্মজীৱন মেককেইন এৰিকছনত প্ৰশিক্ষণাৰ্থী হিচাপে আৰম্ভ হয় আৰু পিছলৈ কণ্ট্ৰেক্ট এডভাৰ্টাইজিঙতো কাম কৰে।৩

সাংবাদিক পিতৃ বিনোদ দুৱাৰ বাবে সৰুৰে পৰাই তেওঁ সংবাদ-মাধ্যমৰ পৰিৱেশৰ সৈতে পৰিচিত হয়। পিতৃৰ অনুৰোধত তেওঁ চাৰিবছৰ বয়সৰ পৰাই শাস্ত্ৰীয় সংগীত শিক্ষা আৰম্ভ কৰে, যদিও সংগীতক তেওঁ কেতিয়াও পেছা হিচাপে বাছনি কৰা নাছিল।৪

কেৰিয়াৰ

২০১৬ চনৰ আগষ্ট মাহত দুৱা পূৰ্ণসময়ৰ বিনোদনশিল্পী হিচাপে কাম কৰিবলৈ মুম্বাইলৈ যায়। ২০১৭ চনত তেওঁ নিজা ইউটিউব চেনেল আৰম্ভ কৰে আৰু অল ইণ্ডিয়া বেকচডৰ সৈতে নিয়মিতভাৱে সহযোগিতা কৰে।৫

তেওঁ দ্য ট্ৰিপ ৱেব শৃংখলাত অভিনয় কৰে আৰু ২০১৭ চনত হিন্দী মিডিয়াম চলচ্চিত্ৰত ইৰফান খানৰ সৈতে পৰ্দা ভাগ কৰে।৬ ২০১৮ চনত তেওঁ নমস্তে ইংলেণ্ড আৰু জিৰো চলচ্চিত্ৰত অভিনয় কৰে।৭ ২০২০ চনত ইন্দু কি জৱানী চলচ্চিত্ৰতো তেওঁ অভিনয় কৰে।

সক্ৰিয়তা

দুৱাৰ ভিডিঅ’বোৰ ব্যঙ্গাত্মক স্বভাৱৰ, য’ত সমাজৰ বাস্তৱ সমস্যাবোৰক হাস্যৰসৰ সৈতে উপস্থাপন কৰা হয়। তেওঁ নাৰীবাদৰ পক্ষে সজোৰে মত প্ৰকাশ কৰে আৰু সামাজিক মাধ্যমত মহিলা সশক্তিকৰণ, যৌন হাৰাশাস্তি, বডি-শ্যামিং আদি বিষয়ত সজাগতা সৃষ্টি কৰে।৮

চলচ্চিত্ৰ

বছৰচলচ্চিত্ৰচৰিত্ৰ
২০১৭হিন্দী মিডিয়ামডলি
২০১৮নমস্তে ইংলেণ্ডহৰপ্ৰীত
২০১৮জিৰোএনএছএআৰ স্বেচ্ছাসেৱী আবেদনকাৰী
২০২০ইন্দু কি জৱানীসোনাল

ৱেব শৃংখলা

অনুষ্ঠানবছৰমঞ্চ
দ্য ট্ৰিপ২০১৬ডিজনী
দ্য গ্ৰেট ইণ্ডিয়ান লাফ্টাৰ চেলেঞ্জ২০১৭ষ্টাৰ প্লাছ
মিডনাইট মিছএডভেঞ্চাৰ্ছ উইথ মল্লিকা দুৱা২০১৮টিএলচি
দ্য অফিচ২০১৯হটষ্টাৰ
এলঅ’এল: হাসে তো ফসে২০২১এমাজন প্ৰাইম ভিডিঅ’

তথ্যসূত্ৰ

  1. ↑ alittleanarky. (6 January 2016). Shit People Say: Sarojini Nagar Edition
  2. ↑ Mallika Dua Is Making The World A Funnier Place, One Dubsmash At A Time. Huffington Post India
  3. ↑ Was it 'Insta'-nt fame for this internet sweetheart? Mallika Dua gives us the inside story – Outlook Business WoW
  4. ↑ Was it 'Insta'-nt fame for this internet sweetheart? Mallika Dua gives us the inside story – Outlook Business WoW
  5. ↑ Khurana, Natasha. After slaying Delhi stereotypes, internet star Mallika Dua steps out of her comfort zone. Scroll.in
  6. ↑ Lisa Haydon & Mallika Dua are all set to take you through Thailand in this new web series
  7. ↑ (2021-12-07). Mallika Dua reveals people are saying 'nazar lag gayi hai' after father Vinod Dua's death: 'I feel empty'. Hindustan Times
  8. ↑ Khandelwal, Mansi. (23 January 2017). In A Chat With JWB, Mallika Dua Shuts The Body-Shaming Mouth Of Suhel Seth At JLF. Indian Women Blog - Stories of Indian Women

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মল্লিকা দুৱা” প্ৰবন্ধৰ সংশোধন ৫৯৯৮০৪ (৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।