অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মনোজ বসু

মনোজ বসু (Manoj Basu; ২৫ জুলাই ১৯০১ – ২৬ ডিচেম্বৰ ১৯৮৭) এজন ভাৰতীয় বাঙালী ঔপন্যাসিক আৰু চুটিগল্পৰ লেখক। তেওঁ তেওঁৰ উপন্যাস "নিশিকুটুম্ব"ৰ বাবেই বেছিকৈ পৰিচিত। ১৯৬৬ চনত এই উপন্যাসখনৰ বাবে তেওঁ বাংলা ভাষাত সাহিত্য অকাডেমী বঁটা লাভ কৰে।

হালনাগাদ: ১৬ জুলাই ২০২৬ ৬১১ শব্দ · ৩ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মনোজ বসু (Manoj Basu; ২৫ জুলাই ১৯০১ – ২৬ ডিচেম্বৰ ১৯৮৭) এজন ভাৰতীয় বাঙালী ঔপন্যাসিক আৰু চুটিগল্পৰ লেখক। তেওঁ তেওঁৰ উপন্যাস "নিশিকুটুম্ব"ৰ বাবেই বেছিকৈ পৰিচিত। ১৯৬৬ চনত এই উপন্যাসখনৰ বাবে তেওঁ বাংলা ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰে।১

প্ৰাথমিক জীৱন আৰু শিক্ষা

মনোজ বসুৰ জন্ম ১৯০১ চনৰ ২৫ জুলাইত ব্ৰিটিছ ভাৰতৰ (বৰ্তমান বাংলাদেশ) যশোৰ জিলাৰ কেশৱপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ডোঙ্গাঘাট গাঁৱৰ মধ্যবিত্ত যৌথ পৰিয়ালত। অৱশ্যে এই পৰিয়ালটোৰ পূৰ্বপুৰুষৰ প্ৰতিপত্তি আৰু খ্যাতি আছিল। তেওঁৰ পিতৃৰ নাম ৰামলাল বসু। মাত্ৰ আঠ বছৰ বয়সতে যেতিয়া তেওঁ পিতৃক হেৰুৱাইছিল, তেতিয়াও তেওঁ প্ৰাথমিক বিদ্যালয়ৰ শি‍ক্ষা সম্পূৰ্ণ কৰা নাছিল। প্ৰথমে নিজ গাঁৱত আৰু পাছলৈ কলকাতাৰ ৰিপন কলেজিয়েট স্কুলত অধ্যয়ন কৰি ১৯১৯ চনত প্ৰথম বিভাগত প্ৰৱেশ পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত খুলনাৰ বাগেৰহাট মহাবিদ্যালয়ত নামভৰ্তি কৰে। ইয়াত পঢ়াৰ সময়তে তেওঁ বিপ্লৱী গোট যুগান্তৰৰ সংস্পৰ্শলৈ আহি স্বদেশী আন্দোলনত যোগদান কৰে। তেওঁ ১৯২২ চনত আই.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ ১৯২৪ চনত কলকাতাৰ কলকাতাৰ সাউথ সুবাৰবন মহাবিদ্যালয় (বৰ্তমান আশুতোষ মহাবিদ্যালয়)ৰপৰা বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। পাছলৈ যদিও তেওঁ আইন অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে, আৰ্থিক কাৰণত তেওঁ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিব নোৱাৰিলে।২

কৰ্মজীৱন

কলকাতাৰ ভৱনীপুৰৰ সাউথ সুবাৰবন বিদ্যালয়ত শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰি দীৰ্ঘদিন শিক্ষকতাৰ সমান্তৰালকৈ তেওঁ পাঠ্যপুথি লিখাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। পাছলৈ নিজৰ প্ৰকাশনৰ বাবে তেওঁ নিজাকৈ প্ৰকাশন প্ৰতিষ্ঠান "বেংগল পাব্লিচাৰ্ছ" প্ৰতিষ্ঠা কৰে। অৱশেষত সাহিত্যৰ প্ৰতি আকৰ্ষিত হৈ তেওঁ শিক্ষকতাৰ বৃত্তি ত্যাগ কৰে।

সাহিত্যিক জীৱন

সৰুৰেপৰাই সাহিত্যৰ প্ৰতি তেওঁৰ আকৰ্ষণ আছিল। সাত বছৰ বয়সৰপৰাই তেওঁ কবিতা লিখিবলৈ আৰম্ভ কৰে। ছাত্ৰাৱস্থাত সহপাঠীসকলৰ লগ লাগি‍ নিয়ে হাতে লিখা প্ৰাচীৰ পত্ৰিকা প্ৰকাশ কৰিছিল। আলোচনীত প্ৰকাশিত তেওঁৰ প্ৰথম গল্পটো আছিল "গৃহহাৰা।" তেওঁৰ গল্পৰ সংকলন 'বনমৰ্মৰ' ১৯৩২ চনত প্ৰকাশিত হয়। নিয়মিতভাৱে কবিতা আৰু গল্প লিখিবলৈ আৰম্ভ কৰাৰ সময়ত তেওঁ আন আন প্ৰকাশনৰ কামো কৰি গৈছিল। মনোজ বসুৱে গুৰুসদয় দত্ত ৰচিত ব্ৰতচাৰীসকলৰ বাবে‍ অপৰিহাৰ্য সঙ্গী -'ব্ৰতচাৰী সখা' (১৯৩৩) প্ৰকাশ কৰে। ইয়াৰ উপৰি গুৰুসদয় দত্ত প্ৰতিষ্ঠিত 'বাংলাৰ শক্তি'(১৯৩৬) মাহেকীয়া আলোচনীৰ সম্পাদনাও তেওঁ কৰিছিল। প্ৰকাশন আৰু সম্পাদনাৰ কামৰ সমান্তৰালকৈ তেওঁ নিজে উপন্যাস লিখিবলৈ আৰম্ভ কৰে। তেওঁৰ প্ৰতিখন উপন্যাসতে দেশ, ব্যক্তি আৰু সমাজ জীৱনৰ মানুহৰ দৈনন্দিন খুঁটিনাটি সমস্যা, বংগৰ নিসৰ্গ চিত্ৰ, গ্ৰামীণ মানুহৰ জীৱনাচৰণ চমৎকাৰভাৱে‍ ফুটে উঠিছে। সেই যুগৰ সশস্ত্ৰ বিপ্লৱীসকলৰ ব্যক্তিগত জীৱন আৰু ৰাজনৈতিক কাৰ্যকলাপৰ আধাৰত তেওঁ ১৯৪৩ চনত তেওঁৰ আটাইতকৈ জনপ্ৰিয় গ্ৰন্থ ভুলি নাই ৰচনা কৰে। মূলতঃ মানুহৰ জীৱনকথা আৰু তেওঁলোকৰ জগতক লৈ‍ বিভিন্ন পটভূমিত তেওঁৰ অভিজ্ঞতা পৰিস্ফুট হৈছে‍ অসংখ্য কবিতা, গল্পে, উপন্যাস, নাটক আৰু ভ্ৰমণকাহিনীত। তেওঁৰদ্বাৰা ৰচিত কেইবাখনো গ্ৰন্থ হিন্দী, ইংৰাজী, গুজৰাটী, মাৰাঠী, আৰু মালয়ালম ভাষালৈ অনূদিত হৈছে আৰু তেওঁৰ কেইবাখনো উপন্যাস চলচ্চিত্ৰায়ণও হৈছে। মনোজ বসু পশ্চিমবঙ্গ বাংলা অকাডে‍মিৰ সভাপতিমণ্ডলীৰ অন্যতম ব্যক্তি আছিল। তেওঁ ভাৰতৰ অসংখ্য সাহিত্য আৰু সাংস্কৃতিক সংগঠনৰ সভাপতিত্ব কৰাৰ লগতে‍ ভাৰতীয় সাংস্কৃতিক প্ৰতিনিধি দলৰ প্ৰতিনিধি হিচাপে বহুবাৰ বিদেশ ভ্ৰমণ কৰিছে। মনোজ বসু আছিল প্ৰথম শ্ৰেণীৰ চুটিগল্প লেখক।

প্ৰাক-স্বাধীনতা পৰ্বৰ ৰাজনৈতিক পটভূমিত ৰচিত গ্ৰন্থ

  • 'ভুলি নাই' (১৯৪২)
  • 'সৈনিক' (১৯৪৬)
  • 'আগষ্ট ১৯৪২'
  • 'বাঁশেৰ কেল্লা'

গল্পগ্ৰন্থ

  • 'বনমৰ্মৰ' (১৯৩২)
  • 'নৰবাঁধ' (১৯৩৩)
  • 'দেবী কিশোৰী'( ১৯৩৪)
  • 'পৃথিৱী কাদেৰ' (১৯৪০)
  • 'কাঁচেৰ আকাশ'
  • 'খদ্যোত'
  • 'দিল্লি অনেক দূৰ'
  • 'দুখ-নিশাৰ শেষে'
  • 'উলু'
  • 'কুঙ্কুম'

জীৱন-অভিজ্ঞতা প্ৰতিফলিত উপন্যাস আৰু অন্যান্য গ্ৰন্থ

  • 'আমি সম্ৰাট'
  • 'সেই গ্ৰাম সেইসব মানুষ'
  • 'নবীন যাত্ৰা'
  • 'ওগো বধূ সুন্দৰী'
  • 'এক বিহঙ্গী'
  • 'কিংশুক'
  • 'মায়াকন্যা'
  • 'একদা নিশীথকালে'( ১৯৪২)
  • 'জলজঙ্গল' (১৯৫১)
  • 'বৃষ্টি বৃষ্টি' (১৯৫৭)
  • 'আমাৰ ফাঁসি' (১৯৫৯)
  • 'ৰক্তেৰ বদলে ৰক্ত' (১৯৫৯)
  • 'ৰূপবতী' (১৯৬০)
  • 'বন কেটে বসত' (১৯৬১)
  • 'নিশিকুটুম্ব' (১৯৬৩)
  • 'সেতুবন্ধ'
  • 'ঝিলমিল'
  • 'পথ কে দেখাবে'
  • 'বকুল'
  • 'শত্ৰুপক্ষেৰ মেয়ে'
  • 'সবুজ চিঠি'
  • 'মানুষ নামক জন্তু'

স্বদেশানুৰাগদীপ্ত নাটক

  • 'প্লাৱন'
  • 'নতুন প্ৰভাত' (১৯৪৩)
  • 'ৰাখীবন্ধন' (১৯৪৯)

অন্যান্য নাটক

  • 'শেষলগ্ন'
  • 'বিপৰ্যয়'
  • 'বিলাসকুঞ্জ বোডিং'
  • 'ডাকবাংলো' - 'বৃষ্টি, বৃষ্টি' উপন্যাসৰ নাট্যৰূপ

ভ্ৰমণকাহিনী

  • 'ভ্ৰমণকাহিনী'
  • 'চীন দেখে এলাম'
  • 'ছোভিয়েটেৰ দেশে দেশে'

চলচ্চিত্ৰায়ণ

মনোজ বসুৰ কাহিনীৰ অৱলম্বনত বেছ কিছু চলচ্চিত্ৰ নিৰ্মিত হৈছে‍। সেইবোৰ হ'ল -

  • ভুলি নাই (১৯৪৮)
  • পলাতক (চলচ্চিত্ৰ) (১৯৬৩)
  • একটুকু বাসা (১৯৬৫)
  • ৰাহগিৰ (হিন্দী) (১৯৬৯)

সন্মান আৰু স্বীকৃতি

মনোজ বসুক তেওঁৰ সাহিত্যিক সাফল্যৰ বাবে বিশেষ স্বীকৃতি আৰু বিভিন্ন বঁটাৰে সন্মানিত কৰা হৈছিল। ১৯৬৬ চনত তেওঁৰ বিখ্যাত উপন্যাস ‘নিশিকুটুম্ব’ৰ বাবে ভাৰতৰ সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে। ইয়াৰ উপৰি তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰপৰা নৰসিংহ বঁটা আৰু কলিকতা বিশ্ববিদ্যালয়ৰপৰা শৰৎ চন্দ্ৰ পদক আৰু বঁটা লাভ কৰি সাহিত্য জগতত বিশেষ সুখ্যাতি অৰ্জন কৰে।২

মৃত্যু

বাংলা সাহিত্যৰ বিখ্যাত সাহিত্যিক মনোজ বসুৱে ১৯৮৭ চনৰ ২৬ ডিচেম্বৰত ৮৬ বছৰ বয়সত কলকাতাত শেষ-নিশ্বাস ত্যাগ কৰে।২

তথ্যসূত্ৰ

  1. ↑ অঞ্জলি বসু সম্পাদিত, সংসদ বাঙালি চৰিতাভিধান, দ্বিতীয় খণ্ড, সাহিত্য সংসদ, কলকাতা, জানুয়াৰি ২০১৯ পৃষ্ঠা ২৯৯
  2. ↑ (২৩ ডিসেম্বৰ ২০২৫). কথাসাহিত্যিক মনোজ বসুৰ জন্ম. জাগো নিউজ

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ব্যক্তিবঙালী ব্যক্তিসাহিত্য অকাডেমি বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোজ বসু” প্ৰবন্ধৰ সংশোধন ৬১৭৭৬৪ (১৬ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।