জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
জেকলিন কালিমুণ্ডা
জাকলিন কালিমুণ্ডা (জন্ম ১৯৭৪) ৰুৱাণ্ডাৰ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, তথ্যচিত্ৰ নিৰ্মাতা, পৰিচালিকা আৰু লেখিকা।
-
জেকলিন মুটেৰে
জেকলিন মুটেৰে (Jacqueline Mutere) কেনিয়াৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী; যি কেনিয়াৰ ধৰ্ষণৰ বলি হোৱা লোকসকলক সহায় আৰু পৰামৰ্শ প্ৰদান কৰা গ্ৰেচ এজেণ্ডাৰ সহ-প্ৰতিষ্ঠা কৰে।
-
জেচমিন ভাছিন
জেচমিন ভাছিন (ইংৰাজী: Jasmin Bhasin; জন্ম: ২৮ জুন ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী টেলিভিছনৰ লগতে পঞ্জাবী চলচ্চিত্ৰতো কাম কৰে। তেওঁ ২০১১ চনত তামিল ছবি ৱানামৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।
-
জেচি পাল
জেচি পাল (Jessie Paul) এগৰাকী ভাৰতীয় বিপণনকাৰী, বিপণন পৰামৰ্শদাতা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা বক্তা, আৰু লেখক। তেওঁ তেওঁ উইপ্ৰ' আই টি বিজনেছৰ মুখ্য বিপণন বিষয়া আৰু ইনফোচিছৰ গ্ল'বেল ব্ৰেণ্ড মেনেজাৰ আছিল।।
-
জেচি ৰান্ধৱা
জেচি ৰান্ধৱা (ইংৰাজী: Jesse Randhawa; জন্ম: ১১ আগষ্ট ১৯৭৫) এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ ফিয়েৰ ফেক্টৰ: খতৰন কে খিলাড়ী ২ত এগৰাকী প্ৰতিযোগী আছিল আৰু তাত তেওঁ প্ৰথম ৰানাৰ্ছ-আপ হিচাপে বিবেচিত হৈছিল।
-
জেচিকা আলবা
জেচিকা মেৰী আলবা (ইংৰাজী: Jessica Alba; জন্ম: ২৮ এপ্ৰিল, ১৯৮১) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু ব্যৱসায়ী। ১৯ বছৰ বয়সত তেওঁ টেলিভিছন ধাৰাবাহিক ডাৰ্ক এঞ্জেল (২০০০–২০০২)ত মুখ্য চৰিত্ৰ মেক্স গুৱেভাৰাৰ ভূমিকাত অভিনয় কৰি বিশিষ্টতা লাভ কৰে, যাৰ বাবে তেওঁ গোল্ডেন গ্ল'বৰ মনোনয়ন লাভ কৰে।
-
জেচিকা আলুপো
জেচিকা ৰোজ এপেল আলুপো (জন্ম ২৩ মে' ১৯৭৪) সাধাৰণতে জেচিকা আলুপো নামেৰে জনাজাত উগাণ্ডাৰ এগৰাকী ৰাজনীতিবিদ যি ২০২১ চনৰ পিছত উগাণ্ডাৰ নৱম আৰু বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি। তেওঁ এগৰাকী শিক্ষাবিদ, আৰু প্ৰাক্তন সামৰিক বিষয়াও।
-
জেচিকা লাল হত্যাকাণ্ড
জেচিকা লাল (Jessica Lal; ৫ জানুৱাৰী ১৯৬৫ – ৩০ এপ্ৰিল ১৯৯৯) নতুন দিল্লীৰ এগৰাকী মডেল আছিল। তেওঁ যথেষ্ঠ লোক সমবেত হোৱা এটা ছ’চিয়েলাইট পাৰ্টিত চেলিব্ৰিটি বাৰমেইড হিচাপে কাম কৰি থাকোঁতে ১৯৯৯ চনৰ ৩০ এপ্ৰিলৰ দিনৰ প্ৰায় ২:০০ বজাত তেওঁক গুলীয়াই হত্যা কৰা হয়।
-
জেচিকা লেন
জেচিকা মে' লেন (ইংৰাজী: Jessica May Lane; জন্ম: ৫ অক্টোবৰ ২০০২) এগৰাকী অষ্ট্ৰেলিয়ান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০২৪ চনৰ ৯ নৱেম্বৰত ফিলিপাইনছত মিছ আৰ্থ ২০২৪ ৰ মুকুট লাভ কৰে। তেওঁ এই খিতাপ জয় কৰা প্ৰথমগৰাকী অষ্ট্ৰেলিয়ান।
-
জেচিকা ষ্ট্ৰুপ
জেচিকা ষ্ট্ৰুপ (ইংৰাজী: Jessica Stroup; জন্ম: ২৩ অক্টোবৰ, ১৯৮৬) এগৰাকী আমেৰিকান প্ৰাক্তন অভিনেত্ৰী। তেওঁ ৯০২১০ (২০০৮–২০১৩) ধাৰাবাহিকত চিলভাৰ, দ্য ফলোয়িং (২০১৪–২০১৫) ধাৰাবাহিকত মেক্স হাৰ্ডি আৰু মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ (MCU) ধাৰাবাহিক আইৰন ফিষ্টত (২০১৭–২০১৮) জয় মিছামৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে…
-
জেচিণ্টা ফ্ৰেঙ্কলিন
জেচিণ্টা ফ্ৰেঙ্কলিন (ইংৰাজী: Jesinta Franklin; জন্ম: ১২ আগষ্ট ১৯৯১) এগৰাকী অষ্ট্ৰেলিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া ২০১০ ৰ মুকুট লাভ কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০১০-ত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰি দ্বিতীয় ৰানাৰ-আপৰ স্থান দখল কৰিছিল।
-
জেছি মেকে
জেছি মেকে ( ইংৰাজী: Jessie Mackay; ১৫ ডিচেম্বৰ ১৮৬৪ – ২৩ আগষ্ট ১৯৩৮) আছিল নিউজিলেণ্ডৰ এগৰাকী কবি, সাংবাদিক, নাৰীবাদী আৰু পশু অধিকাৰ কৰ্মী। তেওঁক প্ৰায়ে নিউজিলেণ্ডৰ প্ৰথম স্থানীয় জন্মৰ কবি বুলি কোৱা হয় আৰু নিউজিলেণ্ডৰ শৈলীৰ স্পষ্ট ৰূপ থকা আদিম লেখিকাসকলৰ ভিতৰত অন্যতম আছিল।
-
জেছি লেভিংটন ইভান্স
জেছি লেভিংটন (বা লেভাৰ) ইভান্স (১৮৬০–১৯৪৩) আছিল এগৰাকী অষ্ট্ৰেলিয়ান শিল্পী, যিয়ে প্লেইন এয়াৰ ইম্প্ৰেছনিষ্ট চিত্ৰকলাত বিশেষ দক্ষতা দেখুৱাইছিল।
-
জেছিয়া ইছলাম
জেছিয়া ইছলাম (ইংৰাজী: Jessia Islam) এগৰাকী বাংলাদেশী মডেল, অভিনেত্ৰী আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ৱৰ্ল্ড বাংলাদেশ ২০১৭, মিছ চাৰ্ম বাংলাদেশ ২০২৩, মিছ গ্ৰেণ্ড বাংলাদেশ ২০২৪ আৰু মিছ ইণ্টাৰনেশ্যনেল বাংলাদেশ ২০২৫-ৰ খিতাপ অৰ্জন কৰিছিল।
-
জেণ্ডায়া
জেণ্ডায়া মেৰী ষ্টোৰমাৰ ক'লমেন (ইংৰাজী: Zendaya Maree Stoermer Coleman; জন্ম: ১ ছেপ্টেম্বৰ, ১৯৯৬) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। তেওঁ দুটাকৈ প্ৰাইমটাইম এমি বঁটা আৰু এটা গ’ল্ডেন গ্ল’ব বঁটাকে ধৰি বহুতো সন্মান লাভ কৰিছে।
-
জেণ্ডাৰ পাৰ্ক
জেণ্ডাৰ পাৰ্ক (Gender Park, আক্ষৰিক ভাবে 'লিংগ উদ্যান) ২০১৩ চনত কেৰালা চৰকাৰৰ দ্বাৰা স্থাপিত ৰাজ্যখনত লিংগ সমতা আৰু সৱলীকৰণৰ দিশত কাম কৰাৰ এক পদক্ষেপ। ইয়াৰ মুখ্য কাৰ্যালয় ৰাজ্যখনৰ ৰাজধানী তিৰুৱন্তপুৰমত অৱস্থিত। ইয়াৰ মুখ্য ২৪ একৰ চৌহদ চিলভাৰ হিলচ, কোজিকোড (কালিকট)ত স্থাপন কৰা হৈছে।
-
জেন এলিজাবেথ ওৱাটাৰষ্টন
জেন এলিজাবেথ ওৱাটাৰষ্টন (১৮৪৩ – ৭ ডিচেম্বৰ ১৯৩২) আছিল স্কটিছ শিক্ষয়িত্ৰী আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰথম মহিলা চিকিৎসক। ডেভিদ লিভিংষ্টনৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ চিকিৎসক আৰু মিছনেৰী হ’বলৈ প্ৰশিক্ষণ লয়। পক্ষপাতিত্বৰ বাবেই তেওঁ লিভিংষ্টনৰ পদাংক এৰি দক্ষিণ আফ্ৰিকাৰ দৰিদ্ৰসকলৰ সৈতে কাম কৰিবলৈ বাধ্য হয়।
-
জেন চাথাৰলেণ্ড
জেন চাথাৰলেণ্ড (২৬ ডিচেম্বৰ ১৮৫৩ – ২৫ জুলাই ১৯২৮) আছিল এগৰাকী অষ্ট্ৰেলিয়ান প্ৰাকৃতিক দৃশ্য চিত্ৰশিল্পী। তেওঁ অষ্ট্ৰেলিয়াত পথ-প্ৰদৰ্শক প্লেইন-এয়াৰ আন্দোলনৰ অংশ আছিল আৰু হাইডেলবাৰ্গ স্কুলৰ সদস্যা আছিল।
-
জেন ছুইশ্বেলম
জেন গ্ৰে কেনন ছুইশ্বেলম (৬ ডিচেম্বৰ, ১৮১৫ – ২২ জুলাই, ১৮৮৪) এগৰাকী আমেৰিকান ৰেডিকেল ৰিপাব্লিকান সাংবাদিক, প্ৰকাশক, বিলোপবাদী আৰু মহিলা অধিকাৰৰ সমৰ্থক আছিল। হৰেচ গ্ৰীলিয়ে তেওঁৰ নিউয়ৰ্ক ট্ৰিবিউনত নিযুক্তি দিয়া আমেৰিকাৰ প্ৰথম মহিলা সাংবাদিকসকলৰ ভিতৰত অন্যতম আছিল তেওঁ।
-
জেন ফাৰৱেল
জেন ফাৰৱেল (১৮ জানুৱাৰী ১৯১৬ – ৬ এপ্ৰিল ১৯৯৩) এগৰাকী আমেৰিকান লোক-নৃত্য আৰু মনোৰঞ্জন প্ৰশিক্ষক আছিল। তেওঁ বিশেষকৈ স্ক্যাণ্ডিনেভিয়ান নৃত্যত বিশেষজ্ঞ আছিল।
-
জেন ফ্ৰেজাৰ
জেন ফ্ৰেজাৰ ( Jane Fraser; জন্ম: ১৩ জুলাই ১৯৬৭) এগৰাকী ব্ৰিটিছ-আমেৰিকান বেংকিং কাৰ্যবাহী যিয়ে চিটিগ্ৰুপৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) আৰু ব'ৰ্ডৰ অধ্যক্ষ হিচাপে কাম কৰে। তেওঁ এই পদসমূহত ক্ৰমে ২০২১ চনৰ মাৰ্চ আৰু ২০২৫ চনৰ অক্টোবৰৰ পৰা কাৰ্যকৰী। আমেৰিকাৰ এটা ডাঙৰ বেংকৰ মুৰব্বী হোৱা প্ৰথমগৰাকী মহিলা।
-
জেন বিচেল গ্ৰেভহৰ্ণ
জেন বিচেল গ্ৰেভহৰ্ণ (১৯১১–১৯৭৩) এগৰাকী আমেৰিকান শিল্পী, টাইপোগ্ৰাফাৰ, কিতাপ বাইণ্ডাৰ আৰু প্ৰিণ্টাৰ আছিল।
-
জেন মাৰাজো
জেন মাৰিছা মাৰাজো (ইংৰাজী: Jeanne Marisa Marrazzo) এগৰাকী আমেৰিকান চিকিৎসক-বিজ্ঞানী আৰু সংক্ৰামক ৰোগ বিশেষজ্ঞ। তেওঁ ইউনিভাৰ্চিটি অৱ আলাবামা এট বাৰ্মিংহাম স্কুল অৱ মেডিচিনৰ সংক্ৰামক ৰোগ বিভাগৰ সঞ্চালিকা আছিল আৰু জৈৱ চিকিৎসা হস্তক্ষেপ ব্যৱহাৰ কৰি এইচআইভি (HIV) সংক্ৰমণ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিছিল।
-
জেনিছ পাৰিয়েট
জেনিছ পাৰিয়েট (Janice Pariat) এগৰাকী ভাৰতীয় সাহিত্যিক আৰু শিক্ষাবিদ। তেওঁ অসমৰ যোৰহাটত জন্মগ্ৰহণ কৰিছিল আৰু মেঘালয়ৰ শ্বিলঙত ডাঙৰ দীঘল হৈছিল। ৰেণ্ডম হাউচ ইণ্ডিয়া প্ৰকাশনগোষ্ঠীৰ দ্বাৰা ২০১২ চনত প্ৰকাশিত তেওঁৰ চুটি গল্পৰ প্ৰথম সংকলন 'বট্ছ অন লেণ্ড'ৰ বাবে তেওঁ ইংৰাজী ভাষাৰ বাবে ২০১৩ চনৰ সাহিত্য…
-
জেনিনা গাভাংকৰ
জেনিনা জিওন গাভাংকৰ (ইংৰাজী: Janina Zione Gavankar; জন্ম: ২৯ নৱেম্বৰ, ১৯৮০) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু সংগীতশিল্পী। তেওঁ এগৰাকী পিয়ান’বাদক, কণ্ঠশিল্পী আৰু অৰ্কেষ্ট্ৰা পাৰ্কাচনিষ্ট হিচাপে প্ৰশিক্ষণপ্ৰাপ্ত আৰু ইউনিভাৰ্চিটি অৱ ইলিনয় চিকাগোত থিয়েটাৰ বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
-
জেনিফাৰ এনিষ্টন
জেনিফাৰ জোৱানা এনিষ্টন (Jennifer Joanna Aniston; জন্ম: ১১ ফেব্ৰুৱাৰী, ১৯৬৯) এগৰাকী আমেৰিকীয় অভিনেত্ৰী। ১৯৯৪ চনৰ পৰা ২০০৪ চনলৈকে টেলিভিছন চিটকম ফ্ৰেণ্ডছত ৰেচেল গ্ৰীণ নামৰ চৰিত্ৰত অভিনয় কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰে আৰু প্ৰাইমটাইম এমি, গোল্ডেন গ্ল’ব আৰু স্ক্ৰীণ এক্টৰছ গিল্ড বঁটা লাভ কৰে।
-
জেনিফাৰ ফ্লেভিন
জেনিফাৰ লি ফ্লেভিন ষ্টেলন (ইংৰাজী: Jenifer Lee Flavin; জন্ম: ১৪ আগষ্ট, ১৯৬৮) এগৰাকী আমেৰিকান ব্যৱসায়ী মহিলা আৰু প্ৰাক্তন মডেল। তেওঁ অভিনেতা চিলভেষ্টাৰ ষ্টেলনৰ সৈতে বিবাহিত।
-
জেনিফাৰ মিলাৰ
জেনিফাৰ মিলাৰ (জন্ম ১৯৬১) এগৰাকী আমেৰিকান চাৰ্কাছ মনোৰঞ্জক, লেখিকা আৰু নিউয়ৰ্কৰ ব্ৰুকলিনৰ প্ৰাট ইনষ্টিটিউটৰ অধ্যাপিকা। জীৱনৰ বেছিভাগ সময় তেওঁ মুখত দাড়ি লৈ জীয়াই আছে। তেওঁ এগৰাকী জগলাৰ আৰু অগ্নি ভক্ষক মানুহ। মিলাৰৰ ঘৰ নিউয়ৰ্ক চহৰত।
-
জেনিফাৰ লৰেন্স
জেনিফাৰ শ্ৰেডাৰ লৰেন্স (ইংৰাজী: Jennifer Shrader Lawrence; জন্ম: ১৫ আগষ্ট, ১৯৯০) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু প্ৰযোজক। একচন চলচ্চিত্ৰ ফ্ৰেঞ্চাইজি আৰু স্বতন্ত্ৰ নাট্যধৰ্মী চলচ্চিত্ৰ দুয়োটাতে অভিনয় কৰি তেখেতে বিশ্বজুৰি ৬ বিলিয়ন আমেৰিকান ডলাৰৰ অধিক আয় কৰিছে।
-
জেনিফাৰ হকিংছ
জে্নিফাৰ লুইচ হকিংছ-ৱাল (ইংৰাজী: Jennifer Louise Hawkins-Wall; জন্ম: ২২ ডিচেম্বৰ ১৯৮৩) এগৰাকী অষ্ট্ৰেলিয়ান টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য ৰাণী, যিয়ে ২০০৪ চনৰ মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ২০০৪ চনৰ মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰিছিল।