অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেনিফাৰ এনিষ্টন

জেনিফাৰ জোৱানা এনিষ্টন (Jennifer Joanna Aniston; জন্ম: ১১ ফেব্ৰুৱাৰী, ১৯৬৯) এগৰাকী আমেৰিকীয় অভিনেত্ৰী। ১৯৯৪ চনৰ পৰা ২০০৪ চনলৈকে টেলিভিছন চিটকম ফ্ৰেণ্ডছত ৰেচেল গ্ৰীণ নামৰ চৰিত্ৰত অভিনয় কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰে আৰু প্ৰাইমটাইম এমি, গোল্ডেন গ্ল’ব আৰু স্ক্ৰীণ এক্টৰছ গিল্ড বঁটা লাভ কৰে।

হালনাগাদ: ২৬ মাৰ্চ ২০২৬ ২২৪ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

জেনিফাৰ জোৱানা এনিষ্টন (Jennifer Joanna Aniston; জন্ম: ১১ ফেব্ৰুৱাৰী, ১৯৬৯) এগৰাকী আমেৰিকীয় অভিনেত্ৰী। ১৯৯৪ চনৰ পৰা ২০০৪ চনলৈকে টেলিভিছন চিটকম ফ্ৰেণ্ডছত ৰেচেল গ্ৰীণ নামৰ চৰিত্ৰত অভিনয় কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰে আৰু প্ৰাইমটাইম এমি, গোল্ডেন গ্ল’ব আৰু স্ক্ৰীণ এক্টৰছ গিল্ড বঁটা লাভ কৰে। ২০২৩ চনৰ হিচাপত এনিষ্টনে ধাৰাবাহিকভাৱে বিশ্বৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰীৰ ভিতৰত স্থান লাভ কৰিছে।১২

অভিনেতা জন এনিষ্টন আৰু নেন্সি ডাউৰ কন্যা হিচাপে ১৯৮৮ চনৰ মেক এণ্ড মি ছবিখনত ক্ৰেডিটবিহীন ভূমিকা লৈ তেওঁ কৈশোৰ কালতেই অভিনেত্ৰী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। ১৯৯৩ চনৰ হৰৰ কমেডী লেপ্ৰেচানত তেওঁৰ প্ৰথমটো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। ইয়াৰ পিছত তেওঁ অফিচ স্পেচ (১৯৯৯), ব্ৰুচ অলমাইটি (২০০৩), দ্য ব্ৰেক-আপ (২০০৬), মাৰ্লি এণ্ড মি (২০০৮), জাষ্ট গ’ উইথ ইট (২০১১), হৰিবল বছছ (২০১১), উই আৰ দ্য মিলাৰ্ছ (২০১৩), ডাম্পলিন’ (২০১৮), আৰু মাৰ্ডাৰ মিষ্ট্ৰী (২০১৯) আদি সফল কমেডী ছবিত অভিনয় কৰে। এনিষ্টনে প্ৰশংসিত স্বতন্ত্ৰ ছবি দ্য গুড গাৰ্ল (২০০২), ফ্ৰেণ্ডছ উইথ মানি (২০০৬), আৰু কেক (২০১৪)তো অভিনয় কৰিছিল। ২০১৯ চনত টেলিভিছনলৈ ঘূৰি আহি তেওঁ এপল টিভি+ৰ ড্ৰামা ধাৰাবাহিক দ্য মৰ্নিং শ্ব’ৰ প্ৰযোজনা কৰাৰ লগতে অভিনয় কৰে, যাৰ বাবে তেওঁ স্ক্ৰীণ এক্টৰছ গিল্ড বঁটা লাভ কৰে।

এনিষ্টনক অসংখ্য আলোচনীয়ে বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলাৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩০ কোটি মাৰ্কিন ডলাৰ আৰু বিশ্বজুৰি তেওঁৰ বক্স অফিচৰ উপাৰ্জন মুঠ ১.৬ বিলিয়ন ডলাৰৰ ওপৰত।৩ হলিউড ৱাক অৱ ফেমৰ তাৰকা লাভ কৰা এনিষ্টন ২০০৮ চনত স্থাপিত প্ৰডাকচন কোম্পানী ইকো ফিল্মছৰ সহ-প্ৰতিষ্ঠাপক।

তথ্যসূত্ৰ

  1. ↑ (May 11, 2022). Jennifer Aniston's Net Worth Has Been Sky-High Since Starring in 'Friends'. Cosmopolitan
  2. ↑ The Highest-Paid Actors Of 2023. Forbes
  3. ↑ Jennifer Aniston - Career Summary. The Numbers

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিআমেৰিকান অভিনয় শিল্পীঅভিনেত্ৰীসমাজকৰ্মীচলচ্চিত্ৰ প্ৰযোজক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেনিফাৰ এনিষ্টন” প্ৰবন্ধৰ সংশোধন ৫৯৪৫১২ (২৬ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।