অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেচি পাল

জেচি পাল (Jessie Paul) এগৰাকী ভাৰতীয় বিপণনকাৰী, বিপণন পৰামৰ্শদাতা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা বক্তা, আৰু লেখক। তেওঁ তেওঁ উইপ্ৰ' আই টি বিজনেছৰ মুখ্য বিপণন বিষয়া আৰু ইনফোচিছৰ গ্ল'বেল ব্ৰেণ্ড মেনেজাৰ আছিল।।

হালনাগাদ: ২৮ জানুৱাৰী ২০২৬ ১৯৪ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জেচি পাল (Jessie Paul) এগৰাকী ভাৰতীয় বিপণনকাৰী, বিপণন পৰামৰ্শদাতা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া, ৰাজহুৱা বক্তা, আৰু লেখক।১২ তেওঁ তেওঁ উইপ্ৰ' আই টি বিজনেছৰ মুখ্য বিপণন বিষয়া আৰু ইনফোচিছৰ গ্ল'বেল ব্ৰেণ্ড মেনেজাৰ আছিল।।২৩৪৫৬

পাল এছকিউএছ ইণ্ডিয়া বিএফএছআই লিমিটেড, এক্সপ্লিঅ' ছলিউচন, বাজাজ কনজিউমাৰ কেয়াৰ, ৰয়েল অৰ্কিড হোটেল, ক্ৰেডিটএক্সেছ গ্ৰামীনৰ এজন অকাৰ্যবাহী সঞ্চালক।৭৮৯১০১১১২

শিক্ষা আৰু ব্যক্তিগত জীৱন

তেওঁ দিল্লীৰ কনভেণ্টত শিক্ষা আৰম্ভ কৰিছিল, অষ্ট্ৰেলিয়াৰ ছিডনীত ২য়ৰ পৰা ৫ম শ্ৰেণীলৈকে কৰিছিল আৰু তামিলনাডুৰ জন্ম গাঁও নাচৰতত থকা অল গাৰ্লছ স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল।১৩১৪

পালে কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী আৰু তিৰুচিৰাপল্লীৰ নেচনেল ইনষ্টিটিউট অৱ টেকন'লজিৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট কলিকতাৰ পৰা বিপণনত এম বি এ ডিগ্ৰী লাভ কৰিছে।১৫১৬১৪

পাল বিবাহিত, এগৰাকী কন্যা সন্তান আছে আৰু ভাৰতৰ বেংগালুৰুত বাস কৰে।

কেৰিয়াৰ

এন আই টিৰ পৰা স্নাতক হোৱাৰ পিছত তেওঁ টেকন’লজি ডিজাইন ফাৰ্ম টাটা এলক্সচিত প্ৰশিক্ষক আৰু বিক্ৰী সহায়ক দলৰ অংশ হিচাপে যোগদান কৰে।১৪

পালে প্ৰায় ১৫ বছৰ ধৰি অ’ এণ্ড এম, ইনফ’ছিছ আৰু আইগেটকে ধৰি কোম্পানীত কাম কৰিছিল।১৭ ১৯৯৮ চনত পালে ইনফ’ছিছত গ্ল’বেল ব্ৰেণ্ড মেনেজাৰ হিচাপে কাম কৰিছিল। তেওঁৰ ভূমিকাৰ ভিতৰত আছিল কোম্পানীটোৰ বিপণন দল আৰু ৱাৰ্টন ইনফ'ছিছ বিজনেছ ট্ৰান্সফৰ্মেচন এৱাৰ্ডৰ দৰে ফিল্ড মাৰ্কেটিং কাৰ্যসূচীৰ নেতৃত্ব দিয়া, য'ত তেওঁ এংকৰ কৰিছিল। তেওঁৰ সময়ত ইনফ'চিছে আমেৰিকা যুক্তৰাষ্ট্ৰত অৱস্থিত আইটি চাৰ্ভিচেছ মাৰ্কেটিং এছ'চিয়েশ্যনৰ হীৰা বঁটাও লাভ কৰিছিল। ১৯৯৯ চনত ইনফ'ছিছৰ আমেৰিকান ডিপ'জিটৰী শ্বেয়াৰছৰ নাছডাক তালিকাত জড়িত থকা দলৰো তেওঁ অংশ আছিল।১৪

পালে ইনফ’ছিছ এৰি ২০০৩ চনত এটা ষ্টাৰ্ট-আপ বেক-অফিচ ফাৰ্ম কুইণ্টেণ্ট কৰ্প’ৰেশ্যনৰ গ্ল’বেল মাৰ্কেটিং হেড হিচাপে যোগদান কৰে। কুইণ্টাণ্টক অতি সোনকালেই আইগেট কৰ্পৰ দ্বাৰা অধিগ্ৰহণ কৰা হৈছিল য'ত তেওঁ দুবছৰ ধৰি কাম কৰিছিল।১৪

২০০৫ চনত পাল মুখ্য বিপণন বিষয়া হয় আৰু উইপ্ৰ’ত ৫০ জনীয়া এটা দলৰ নেতৃত্ব দিয়ে।১৮

২০০৯ চনত পালে উইপ্ৰ’ টেকন’লজিছ এৰি নিজাকৈ এটা উদ্যোগ পল ৰাইটাৰ ষ্ট্ৰেটেজিক এডভাইজাৰী আৰম্ভ কৰে।১৯২০২১ পালক ভাৰতৰ তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত অন্যতম প্ৰভাৱশালী মহিলা হিচাপে ধৰা হয়।২২২৩

তথ্যসূত্ৰ

  1. ↑ Amazon gives big ad push to Kindle. The Mint
  2. ↑ Shelley Singh. (10 Nov 2009). Wipro's CMO Jessie Paul quits to start own venture. The Economic Times. The Times Group
  3. ↑ The future of marketing. The Hindu Business Line
  4. ↑ Shilpa Phadnis. (23 January 2017). Vice-chairman TK Kurien to leave Wipro this month. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  5. ↑ Techies all and loving it. দ্য হিন্দু
  6. ↑ What's in a name? E-lot, they say. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  7. ↑ SQS India BFSI - Board of Directors
  8. ↑ Companies » Company Overview » Expleo Solutions Ltd. Business Standard
  9. ↑ https://bangaloremirror.indiatimes.com/bangalore/cover-story/ceos-biz-honchos-offer-tips-to-get-back-into-the-game/articleshow/75281828.cms
  10. ↑ Regenta & Royal Orchid Hotels - Board of Directors
  11. ↑ https://www.wsj.com/market-data/quotes/IN/XNSE/ROHLTD/company-people/executive-profile/136059478
  12. ↑ https://economictimes.indiatimes.com/creditaccess-grameen-ltd/stocksupdate/companyid-31253.cms
  13. ↑ (2016-03-31). Cutting Through Clutter And Raising the Bar - Meet Jessie Paul. Kidskintha
  14. ↑ Krishnan. (2013). Breaking Barriers. Jaico Publishing House. ISBN 9788184953954
  15. ↑ Jessie Paul, Managing Director, Paul Writer. NASSCOM
  16. ↑ Executive profile — Jessie Paul. Bloomberg
  17. ↑ Singh, Shelley. (2009-11-10). Wipro's CMO Jessie Paul quits to start own venture. The Economic Times
  18. ↑ Akanksha Prasad. (10 November 2009). Wipro's CMO Jessie Paul steps down. CyberMedia India Online Ltd., CIOL
  19. ↑ http://economictimes.indiatimes.com/magazines/brand-equity/can-cocofly-crack-the-paper-boat-problem/articleshow/56889875.cms
  20. ↑ https://bloncampus.thehindubusinessline.com/placement-prep/frameworks-have-been-super-handy/article32774096.ece
  21. ↑ Jessie Paul: Creating An Indian B2B Community
  22. ↑ No Money Marketing Jessie Paul >About the Author. Tata Mcgraw Hill
  23. ↑ http://www.digitalvidya.com/blog/expert/jessie-paul/

সম্পৰ্কিত শ্ৰেণী

বিংশ শতিকাৰ ভাৰতীয় অভিযন্তাবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেচি পাল” প্ৰবন্ধৰ সংশোধন ৫৭২২০৯ (২৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।