অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেচিকা ষ্ট্ৰুপ

জেচিকা ষ্ট্ৰুপ (ইংৰাজী: Jessica Stroup; জন্ম: ২৩ অক্টোবৰ, ১৯৮৬) এগৰাকী আমেৰিকান প্ৰাক্তন অভিনেত্ৰী। তেওঁ ৯০২১০ (২০০৮–২০১৩) ধাৰাবাহিকত চিলভাৰ, দ্য ফলোয়িং (২০১৪–২০১৫) ধাৰাবাহিকত মেক্স হাৰ্ডি আৰু মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ (MCU) ধাৰাবাহিক আইৰন ফিষ্টত (২০১৭–২০১৮) জয় মিছামৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে…

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ৩৭০ শব্দ · ২ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জেচিকা ষ্ট্ৰুপ (ইংৰাজী ভাষা: Jessica Stroup; জন্ম: ২৩ অক্টোবৰ, ১৯৮৬১২) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন প্ৰাক্তন অভিনেত্ৰী। তেওঁ ৯০২১০ (২০০৮–২০১৩) ধাৰাবাহিকত চিলভাৰ, দ্য ফলোয়িং (২০১৪–২০১৫) ধাৰাবাহিকত মেক্স হাৰ্ডি আৰু মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ (MCU) ধাৰাবাহিক আইৰন ফিষ্টত (২০১৭–২০১৮) জয় মিছামৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত। ভেম্পায়াৰ বেটছ (২০০৫), লেফ্ট ইন ডাৰ্কনেচ (২০০৬), দ্য হিলচ হেভ আইজ ২ (২০০৭), প্ৰম নাইট (২০০৮) আৰু হোমকামিং (২০০৯) আদি হৰৰ ছবিত অভিনয় কৰাৰ বাবে তেওঁক এগৰাকী স্ক্ৰিম কুইন হিচাপে গণ্য কৰা হয়।

প্ৰাৰম্ভিক জীৱন

এম ইউ এফ জি ইউনিয়ন বেংকৰ জ্যেষ্ঠ উপ-সভাপতি ডন ষ্ট্ৰুপ আৰু জুডিথ ষ্ট্ৰুপৰ ঘৰত ষ্ট্ৰুপৰ জন্ম হৈছিল।৩ তেওঁ শৈশৱ উত্তৰ কেৰোলিনাৰ চাৰ্লটত অতিবাহিত কৰিছিল। ২০০৪ চনত তেওঁ প্ৰভিডেন্স হাইস্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।৪

কেৰিয়াৰ

ষ্ট্ৰুপৰ প্ৰথম অভিনয় আছিল ২০০৫ চনৰ আনফেবুলাছ ধাৰাবাহিকৰ এটা খণ্ডত অতিথি শিল্পী হিচাপে। ইয়াৰ পিছত ষ্ট্ৰুপে গ্ৰেজ এনাটমী, অক্টোবৰ ৰোড আৰু ট্ৰু ব্লাডৰ দৰে কেইবাখনো টিভি ধাৰাবাহিকত অভিনয় কৰিছে। ২০০৭ চনত তেওঁ ৰিপাৰৰ ৪টা খণ্ডত অভিনয় কৰিছিল। তেওঁ লেফ্ট ইন ডাৰ্কনেচ, প্ৰে ফৰ মৰ্নিং, ভেম্পায়াৰ বেটছ আদিৰ দৰে কেইবাখনো স্বতন্ত্ৰ ছবিতো অভিনয় কৰিছে।

২০০৭ চনৰ মাৰ্চ মাহত ষ্ট্ৰুপে দ্য হিলচ হেভ আইজ ২ ছবিত মুখ্য মহিলা চৰিত্ৰত অভিনয় কৰে। তেওঁ ইয়াত এম্বৰ নামৰ এগৰাকী আমেৰিকান আৰ্মী নেচনেল গাৰ্ডৰ সৈনিকৰ চৰিত্ৰত অভিনয় কৰিছিল। নেতিবাচক সমালোচনা লাভ কৰা সত্ত্বেও ছবিখনে বিশ্বজুৰি ৬৭ নিযুত ডলাৰতকৈ অধিক উপাৰ্জন কৰে। সেই একে বছৰতে ষ্ট্ৰুপে দিচ খ্ৰীষ্টমাচত এটা সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।

২০০৮ চনৰ এপ্ৰিল মাহত ষ্ট্ৰুপক ৯০২১০ ধাৰাবাহিকৰ বাবে নিৰ্বাচিত কৰা হয়। ইয়াত তেওঁ হাইস্কুলীয়া ছাত্ৰী এৰিন চিলভাৰৰ চৰিত্ৰত অভিনয় কৰিছিল। মিশ্ৰিত সমালোচনা লাভ কৰা সত্ত্বেও ধাৰাবাহিকখনৰ প্ৰথম খণ্ডটো ৪.৬৫ নিযুত দৰ্শকে উপভোগ কৰিছিল। ২০১০ চনত ষ্ট্ৰুপক ইয়াং হলিউড এৱাৰ্ডছত "স্পাৰ্কলিং পাৰফৰমেন্স" বঁটা প্ৰদান কৰা হয়।

২০০৮ চনৰ এপ্ৰিলত তেওঁ প্ৰম নাইট ছবিত ক্লেয়াৰৰ চৰিত্ৰত অভিনয় কৰে। ২০০৯ চনত মুক্তি পোৱা হোমকামিং নামৰ আন এখন হৰৰ ছবিতো তেওঁ অভিনয় কৰিছিল।৫ ২০০৮ চনত ষ্ট্ৰুপে দ্য ইনফৰ্মাৰ্ছ ছবিত ৰাচেলৰ চৰিত্ৰত অভিনয় কৰিছিল।

২০১১ চনত ষ্ট্ৰুপে এনিমেটেড ধাৰাবাহিক ফেমিলী গাইৰ দুটা খণ্ডত কেইবাটাও চৰিত্ৰত কণ্ঠদান কৰে। তেওঁ চেঠ মেকফাৰলেনৰ পৰিচালিত প্ৰথম ছবি টেডত ট্ৰেচি নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল।

২০১৩ চনৰ ২০ আগষ্টত ঘোষণা কৰা হয় যে ষ্ট্ৰুপে দ্য ফলোয়িং ধাৰাবাহিকৰ দ্বিতীয় ছিজনত মেক্স চৰিত্ৰত অভিনয় কৰিব।৬ ২০১৭ চনৰ মাৰ্চ মাহত তেওঁ আইৰন ফিষ্টত জয় মিছাম হিচাপে অভিনয় আৰম্ভ কৰে।৭

২০১৯ চনত তেওঁ অভিনয়ৰপৰা অৱসৰ গ্ৰহণ কৰে।

ব্যক্তিগত জীৱন

ষ্ট্ৰুপ লছ এঞ্জেলছত বাস কৰে।৮ ২০২২ চনত তেওঁ ব্যৱসায়ী নীল হাটচিনচনৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৯

তথ্যসূত্ৰ

  1. ↑ (October 23, 2024). UPI Almanac for Wednesday, Oct. 23, 2024. United Press International
  2. ↑ (October 15, 2024). Celebrity birthdays for the week of Oct. 20-26. Associated Press
  3. ↑ Aarthun, Sarah. (2008-09-08). From Q.C. to '90210'. Charlotte Observer. charlotteobserver.com
  4. ↑ Aarthun, Sarah. From Q.C. to '90210'. Charlotte Observer
  5. ↑ Matt Mitovich. (17 July 2009). 90210's Jessica Stroup Braves One Hell of a Homecoming. TVGuide.com
  6. ↑ Hibberd, James. (August 20, 2013). 'The Following' casts '90210' star as series regular – EXCLUSIVE
  7. ↑ Wagmeister, Elizabeth. (18 April 2016). '90210' Alum Jessica Stroup, Tom Pelphrey Join Netflix's 'Marvel's Iron Fist' (EXCLUSIVE). Variety
  8. ↑ Jessica Stroup Biography. TVGuide.com
  9. ↑ Siwak, Miranda. (2022-09-18). Brittany Snow Parties at Jessica Stroup's Wedding Amid Tyler Stanaland Split. Us Weekly

সম্পৰ্কিত শ্ৰেণী

আমেৰিকান অভিনয় শিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেচিকা ষ্ট্ৰুপ” প্ৰবন্ধৰ সংশোধন ৬৩৭১৭১ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।