অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেচি ৰান্ধৱা

জেচি ৰান্ধৱা (ইংৰাজী: Jesse Randhawa; জন্ম: ১১ আগষ্ট ১৯৭৫) এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। তেওঁ ফিয়েৰ ফেক্টৰ: খতৰন কে খিলাড়ী ২ত এগৰাকী প্ৰতিযোগী আছিল আৰু তাত তেওঁ প্ৰথম ৰানাৰ্ছ-আপ হিচাপে বিবেচিত হৈছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ২১৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জেচি ৰান্ধৱা (ইংৰাজী ভাষা: Jesse Randhawa; জন্ম: ১১ আগষ্ট ১৯৭৫) এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী।১ তেওঁ ফিয়েৰ ফেক্টৰ: খতৰন কে খিলাড়ী ২ত এগৰাকী প্ৰতিযোগী আছিল আৰু তাত তেওঁ প্ৰথম ৰানাৰ্ছ-আপ হিচাপে বিবেচিত হৈছিল।

প্ৰাৰম্ভিক জীৱন

মেহেৰ আৰু নৰিন্দৰ সিং ৰান্ধৱাৰ জীয়ৰী জচমীত কৌৰ ৰান্ধৱা ওৰফে জেচি ৰান্ধৱাৰ জন্ম ১৯৭৫ চনৰ ১১ আগষ্টত জয়পুৰত হৈছিল। তেওঁ মূলতঃ জয়পুৰৰে বাসিন্দা।

তেওঁৰ ভগ্নী সাধিকা এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।

কৰ্মজীৱন

ৰান্ধৱা এগৰাকী সফল মডেল আৰু তেওঁ বহুতো ডিজাইনাৰৰ সৈতে কাম কৰিছে। ১৯৯৪ চনত সুস্মিতা সেন আৰু ঐশ্বৰ্য ৰায়ৰ সৈতে তেওঁ ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু ফাইনেলত উপনীত হৈছিল। ইয়াৰ উপৰি তেওঁ ফিয়েৰ ফেক্টৰ: খতৰন কে খিলাড়ী ২ত অংশগ্ৰহণ কৰিছিল আৰু তাত তেওঁ প্ৰথম ৰানাৰ্ছ-আপ হিচাপে বিবেচিত হৈছিল।

চলচ্চিত্ৰ কেৰিয়াৰ

প্ৰথমে তেওঁ সঞ্জয় দত্ত আৰু জেকী শ্ৰফ অভিনীত জং নামৰ ছবিখনৰ "কডী তে আনা বলী দী গলী" গীতটোত অভিনয় কৰিছিল। তেওঁ নো স্মকিং ছবিখনত এটা আইটেম নাম্বাৰো কৰিছিল। ২০০৯ চনত ৰান্ধৱাই অনুৰাগ কাশ্যপৰ ছবি গুলালত অভিনয় কৰিছিল, য’ত তেওঁ এগৰাকী যুৱ প্ৰবক্তাৰ চৰিত্ৰ ৰূপায়ণ কৰিছিল।

ব্যক্তিগত জীৱন

ৰান্ধৱাই ইয়াৰ আগতে ফেশ্বন মডেল ইণ্ডাৰ মোহন চুডানৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল, কিন্তু পিছলৈ তেওঁলোকৰ বিচ্ছেদ হয়।২ তেওঁ আৰু কৰিঅ’গ্ৰাফাৰ সন্দীপ চোপাৰকাৰে ২০০৪ চনৰপৰা ডেটিং আৰম্ভ কৰিছিল আৰু ২০০৬ চনত ডান্স ইণ্ডিয়া ডান্স গ্ৰেণ্ড ফিনালেত অতিথি শিল্পী হিচাপেও উপস্থিত আছিল।৩৪ তেওঁলোকে ২০০৯ চনৰ ১২ ডিচেম্বৰত বিবাহপাশত আবদ্ধ হয় আৰু প্ৰায় সাত বছৰৰ বিবাহিত জীৱনৰ অন্তত ২০১৬ চনত পৃথক হোৱাৰ কথা ঘোষণা কৰে।৪

তথ্যসূত্ৰ

  1. ↑ Shah, Shalini. (28 October 2009). Cube's the word. The Hindu
  2. ↑ Chandoke, Simi. (27 June 2010). Fashioning a tragedy. Mumbai Mirror
  3. ↑ Dastur, Nicole. (13 July 2006). 'I'm in love, so why should I hide it?'. Times of India
  4. ↑ Baker, Rachel. (17 January 2017). Sandip Soparrkar and Jesse Randhawa officially announce separation. The Times of India

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেচি ৰান্ধৱা” প্ৰবন্ধৰ সংশোধন ৬৩৭১৭০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।