জেনিছ পাৰিয়েট (Janice Pariat) এগৰাকী ভাৰতীয় সাহিত্যিক আৰু শিক্ষাবিদ। তেওঁ অসমৰ যোৰহাটত জন্মগ্ৰহণ কৰিছিল আৰু মেঘালয়ৰ শ্বিলঙত ডাঙৰ দীঘল হৈছিল।১২ ৰেণ্ডম হাউচ ইণ্ডিয়া প্ৰকাশনগোষ্ঠীৰ দ্বাৰা ২০১২ চনত প্ৰকাশিত তেওঁৰ চুটি গল্পৰ প্ৰথম সংকলন 'বট্ছ অন লেণ্ড'ৰ৩ বাবে তেওঁ ইংৰাজী ভাষাৰ বাবে ২০১৩ চনৰ সাহিত্য অকাডেমি যুৱ বঁটা৪ আৰু কল্পকাহিনীৰ বাবে ২০১৩ চনত ক্ৰছৱৰ্ড বুক এৱাৰ্ড লাভ কৰিছিল।৫ ইংৰাজী ভাষাত সাহিত্য অকাডেমীৰ পৰা বঁটা লাভ কৰা পাৰিয়েট মেঘালয়ৰ প্ৰথম গৰাকী ব্যক্তি।২
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
অসমৰ যোৰহাটত জেনিছ পাৰিয়েটৰ জন্ম হৈছিল। তেওঁ শ্বিলং আৰু অসমৰ কেইবাটাও চাহ বাগিচাৰ মাজত ডাঙৰ দীঘল হৈছিল।১২ তেওঁ শ্বিলঙত অৱস্থিত লৰেটো কনভেণ্ট আৰু দা অসম ভেলী স্কুলত শিক্ষা লাভ কৰিছিল।১৬ তাৰ পিছত তেওঁ দিল্লীৰ ছেইণ্ট ষ্টিফেনছ কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতক আৰু লণ্ডন বিশ্ববিদ্যালয়ৰ স্কুল অৱ অৰিয়েণ্টেল এণ্ড আফ্ৰিকান ষ্টাডিজৰ পৰা কলা আৰু পুৰাতত্ত্বৰ ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল।১
কৰ্মজীৱন
তেওঁ অনলাইন সাহিত্য আলোচনী পাইৰটাৰ সম্পাদক পদত অধিষ্ঠিত। এই আলোচনীখন তেওঁ ২০১০ চনত প্ৰতিষ্ঠা কৰিছিল।৭ তেওঁৰ লিখনি কেইবাখনো ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনীত প্ৰকাশিত হৈছে।৮ তেওঁ টাইম আউট দিল্লী, কাৰাভান৯ আৰু ইণ্টাৰনাজিওনেল আদিৰ দৰে আলোচনীত নিয়মীয়াকৈ লিখা-মেলা কৰে। ১০ বৰ্তমান তেওঁ অশোকা বিশ্ববিদ্যালয়ত সৃষ্টিশীল লিখন আৰু কলাৰ ইতিহাস বিভাগৰ সহকাৰী অধ্যাপক পদত অধিষ্ঠিত।
শৈলী
'বট্ছ অন লেণ্ড' নামৰ চুটিগল্প সংকলনত তেওঁ শ্বিলং, চেৰাপুঞ্জি আৰু অসমৰ মাজত স্থাপিত পৰিত্যক্ত কাহিনীসমূহে ১৮৫০ৰ দশকৰ পৰা আৰম্ভ কৰি তিনি শতিকাৰ সময়ছোৱাত উত্তৰ-পূব ভাৰতৰ মাজেৰে পাৰ হৈ যোৱা পৰিৱৰ্তনৰ কাল্পনিক পুনৰ-কল্পনা কৰিছে।১১ স্থানীয় লোককাহিনী আৰু পৰম্পৰাক সামাজিক আৰু ৰাজনৈতিক ঘটনাৰ সৈতে একত্ৰিত কৰি জেনিছ পাৰিয়েটৰ শৈলীক যাদুকৰী বাস্তৱবাদৰ সৈতে তুলনা কৰা হৈছে।১২ জিত থাইলে তেওঁৰ কাহিনীবোৰ 'আনন্দদায়ক আৰু মৌলিক' বুলি মন্তব্য কৰিছিল।১২ তেওঁৰ গল্প সমূহত জাপানী সাহিত্যিক হাৰুকি মুৰাকামীৰ প্ৰভাৱ পৰিলক্ষিত হয়।১৩
বঁটা আৰু সন্মান
২০১৩ চনত তেওঁৰ চুটি গল্পৰ প্ৰথম সংকলন 'বট্ছ অন লেণ্ড'ৰ বাবে তেওঁ ইংৰাজী ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা৪ আৰু কল্পকাহিনী শিতানত ক্ৰছৱৰ্ড বুক এৱাৰ্ড লাভ কৰে।১৪ একেখন গ্ৰন্থ ২০১৩ চনৰ শক্তি ভট্ট প্ৰথম গ্ৰন্থ পুৰস্কাৰৰ বাবেও তালিকাভুক্ত কৰা হৈছিল। ১৫ ২০১৩ চনৰ উদয় লাখপল আন্তৰ্জাতিক চুটি গল্প বঁটা১৬১৭ আৰু ২০১৩ টাটা লিটাৰেচাৰ লাইভ! প্ৰথম গ্ৰন্থ বঁটাৰ বাবে এই গ্ৰন্থখন দীঘলীয়া তালিকাভুক্ত কৰা হৈছিল।১৮ দ্য হিন্দু লিটাৰেৰী প্ৰাইজ ২০১৫ চনৰ বাবে তেওঁৰ চিহৰ্ছক তালিকাভুক্ত কৰা হৈছিল।১৯
সাহিত্য কৰ্ম
কল্পকাহিনী
- 'দ্য নাইন-চেম্বাৰড হাৰ্ট'', হাৰ্পাৰকলিন্স ইণ্ডিয়া, নতুন দিল্লী, ২০১৭
- 'চিহৰ্চ: এ উপন্যাস'', ৰেণ্ডম হাউচ ইণ্ডিয়া, নতুন দিল্লী, ২০১৪
- 'বট্ছ অন লেণ্ড' চুটি গল্পৰ সংকলন, ৰেণ্ডম হাউচ ইণ্ডিয়া, নতুন দিল্লী, ২০১২
কবিতা
- 'দা য়েল্লো নিব মডাৰ্ণ ইংলিছ পোয়েট্ৰি বাই ইণ্ডিয়ানছ' (সুদীপ সেন, সম্পাদিত), চিমুচ হেনি চেণ্টাৰ ফৰ পোয়েট্ৰি, কুইন্স ইউনিভাৰ্চিটি বেলফাষ্ট, ২০১১
- 'কবি কলা: দ্য ভিজুৱেল পোয়েট্ৰি প্ৰজেক্ট' (মেডনেছ মানালী এড.), চিনামন টিল প্ৰিণ্ট এণ্ড পাব্লিচিং, গোৱা, ২০১০
তথ্যসূত্ৰ
- ↑ Rao Chaini, Sanjitha (15 October 2012). "A Tale Can Be Told In Many Ways", Business World. Retrieved 30 August 2013
- ↑ Staff writer (31 August 2013). "Honoured, says State's 1st Sahitya awardee in English". Eastern Chronicle. Retrieved 31 August 2013
- ↑ Narajan, Manjula (6 October 2012). "Review: Boats on Land" . Hindustan Times. Retrieved 30 August 2013
- ↑ Sahitya Akademi Press Release (23 August 2013). Retrieved 30 August 2013
- ↑ "Crossword Book Award Winners 2013" (6 December 2013). Retrieved 29 December 2013
- ↑ Singh Vasudev, Ruchi (19 March 2013). "Of Vignettes and Voices" . AVE Weekly Newsletter of The Assam Valley School. Retrieved 30 August 2013
- ↑ Kaur, Karanjeet (26 October 2012). "Around Town" . TimeOut Delhi. Retrieved 30 August 2013
- ↑ Shutapa, Paul (2 December 2012). "Fantastical stories from a faraway land" . The New Indian Express. Retrieved 30 August 2013
- ↑ Pariat, Janice (1 September 2012). "Boats on Land". The Caravan. Retrieved 30 August 2013
- ↑ Confortin, Emanuele (30 December 2012). "In edicola: Internazionale dedica un numero alla narrativa indiana" . indika. Retrieved 30 August 2013
- ↑ Staff writer (25 October 2012). "Janice talks about how the tales of Khasi and Jaitia tribes impacted her storytelling" "Boats on Land: Weaving Northeast's Real and Surreal" . Outlook India. Retrieved on 30 August 2013
- ↑ Staff writer (2012). Book Review: Boats on Land . The Book Outline. Retrieved 30 August 2013
- ↑ Staff writer (November 2012). "Boats on Land". First City. Retrieved 30 August 2013
- ↑ (7 December 2013). 'Popular choice' ruled at book awards. Times of India
- ↑ Shakti Bhatt First Book Prize 2013: short list (1 September 2013). Retrieved 1 September 2013
- ↑ Staff writer (17 April 2013). "State storyteller in Frank O’Connor Award longlist" . The Shillong Times. Retrieved 30 August 2013
- ↑ 2013 Longlist, The Frank O'Connor International Short Story Award . Retrieved 31 August 2013
- ↑ Staff writer (9 November 2013). "Longlist for the Tata Literature Live! First Book Award announced". IBN Live. Retrieved 19 November 2013
- ↑ (31 October 2015). The Hindu Prize 2015 Shortlist. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেনিছ পাৰিয়েট” প্ৰবন্ধৰ সংশোধন ৬১৭০৯৭ (১৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।