জেচিণ্টা ফ্ৰেঙ্কলিন (ইংৰাজী ভাষা: Jesinta Franklin; জন্ম: ১২ আগষ্ট ১৯৯১) এগৰাকী অষ্ট্ৰেলিয়ান মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া ২০১০ ৰ মুকুট লাভ কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ২০১০-ত অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰি দ্বিতীয় ৰানাৰ-আপৰ স্থান দখল কৰিছিল।
প্ৰাৰম্ভিক জীৱন
ফ্ৰেঙ্কলিনৰ জন্ম আৰু ডাঙৰ-দীঘল হৈছিল কুইন্সলেণ্ডৰ গ’ল্ড ক’ষ্টত।১ তেওঁ শৈশৱত চিল্কউড স্কুলত আৰু হাইস্কুলৰ সময়ছোৱাত একুইনাছ কলেজত অধ্যয়ন কৰিছিল।২
মডেলিং কেৰিয়াৰ
২০১০ চনৰ ১৭ জুনত কুইন্সলেণ্ডক প্ৰতিনিধিত্ব কৰি ফ্ৰেঙ্কলিন মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া ২০১০ ৰ মুকুট লাভ কৰে। পিছত তেওঁ ২০১০ চনৰ ২৩ আগষ্টত মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু য়েন্দি ফিলিপছ (জামাইকা) আৰু বিজয়ী জিমেনা নাভাৰেটেৰ (মেক্সিকো) পিছত দ্বিতীয় ৰানাৰ-আপ হিচাপে সমাপ্ত কৰে। এই প্ৰতিযোগিতাত তেওঁক 'মিছ কনজেনেৰিলিটি' বঁটাও প্ৰদান কৰা হয়।৩
২০১৬ চনৰ ফেব্ৰুৱাৰী মাহত ফ্ৰেঙ্কলিন ডেভিড জোনছ ডিপাৰ্টমেণ্টেল ষ্টোৰৰ এগৰাকী এম্বেচেডৰ হয়।৪ ২০১৭ চনৰ ডিচেম্বৰত এই চুক্তিৰ অন্ত পৰে।৫
মিডিয়া কেৰিয়াৰ
২০১৬ চনৰ অক্টোবৰত ফ্ৰেঙ্কলিনে (জেচিণ্টা কেম্পবেল হিচাপে) তেওঁৰ প্ৰথমখন গ্ৰন্থ Live a Beautiful Life প্ৰকাশ কৰে।৬
টেলিভিছন
২০১০ চনৰ ছেপ্টেম্বৰত তেওঁ চেভেন নেটৱৰ্কৰ দ্য মৰ্নিং শ্ব’ত মনোৰঞ্জন আৰু ফেশ্বন সম্পৰ্কীয় বিষয়ৰ অতিথি প্ৰতিবেদক হিচাপে কাম আৰম্ভ কৰে।৭
২০১১ চনৰ অক্টোবৰত তেওঁ নাইন নেটৱৰ্কৰ দ্য চেলিব্ৰিটি এপ্ৰেণ্টিচ অষ্ট্ৰেলিয়াত 'টীম ইউনিটি'ৰ এগৰাকী প্ৰতিযোগী হিচাপে অংশ লয়।৮
ৰেডিঅ'
২০১২ চনৰ ৩ জানুৱাৰীত ফ্ৰেঙ্কলিনে হ’ট৩০ কাউণ্টডাউনত অংশ লৈছিল। ইয়াৰ পিছত ২০১২ চনৰ ২৭ ফেব্ৰুৱাৰীত তেওঁ মেট্টি এক্টনৰ সৈতে সহ-উপস্থাপিকা হিচাপে হ’ট৩০ কাউণ্টডাউনলৈ পুনৰ ঘূৰি আহে।
ব্যক্তিগত জীৱন
জেচিণ্টা ফ্ৰেঙ্কলিনে অষ্ট্ৰেলিয়ান ৰুলছ ফুটবল খেলুৱৈ লান্স ফ্ৰেঙ্কলিনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। লান্স ফ্ৰেঙ্কলিনে অষ্ট্ৰেলিয়ান ফুটবল লীগ (AFL)ত হথৰ্ন হকছ আৰু চিডনী ছোৱানছৰ হৈ খেলিছিল।৯ তেওঁলোকে ২০১৬ চনৰ নৱেম্বৰ মাহত পৰিয়াল আৰু ঘনিষ্ঠ বন্ধু-বান্ধৱীৰ উপস্থিতিত এক ব্যক্তিগত অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়।১০ ২০১৯ চনৰ আগষ্ট মাহত ফ্ৰেঙ্কলিনে তেওঁৰ প্ৰথম সন্তান আহিবলগীয়া হোৱাৰ কথা ঘোষণা কৰিছিল।১১ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকৰ কন্যা তুলুলাৰ জন্ম হয়।১২ ২০২০ চনৰ অক্টোবৰত ফ্ৰেঙ্কলিনে তেওঁৰ দ্বিতীয় সন্তানৰ আগমনৰ কথা জানিবলৈ দিছিল।১৩ ২০২১ চনৰ মাৰ্চ মাহত তেওঁলোকৰ পুত্ৰ ৰকিৰ জন্ম হয়।১৪
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (26 October 2020). Gold Coast celebrities before they were famous photos. Gold Coast Bulletin
- ↑ Strebe, Sacha. (25 August 2010). Jesinta Campbell: reliving the journey. Gold Coast Bulletin
- ↑ (25 August 2010). Australia's Jesinta Campbell wins Miss Congeniality at Miss Universe finals in Las Vegas. Herald Sun
- ↑ (1 February 2016). Campbell announces 'huge news'. News.com.au
- ↑ Croffey, Amy. (2 February 2018). Jesinta Franklin: No hard feelings with David Jones after shock December split. Sydney Morning Herald
- ↑ Utting, Alexandria. (30 October 2016). Jesinta Campbell's new venture. Gold Coast Bulletin
- ↑ Squires, Rosie. (5 September 2010). Miss Universe runner-up Jesinta Campbell joins Channel Seven's Morning Show. The Sunday Mail
- ↑ Knox, David. (21 November 2011). Julia Morris wins Celebrity Apprentice 2011. TV Tonight
- ↑ (21 December 2014). Lance 'Buddy' Franklin and Jesinta Campbell engaged. Sydney Morning Herald
- ↑ (5 November 2016). Mr and Mrs Franklin. News.com.au
- ↑ (27 August 2019). Jesinta Campbell and AFL star husband Lance 'Buddy' Franklin announce pregnancy news. Seven News
- ↑ Mazza, Emilia. (2020-02-25). Jesinta Franklin welcomes first baby with husband Buddy, daughter Tallulah. News.com.au
- ↑ Payne, Shiloh. (2020-10-30). Second baby on the way for Jesinta, Buddy Franklin. News.com.au
- ↑ Gould, Russell. (2021-03-24). Lance 'Buddy' Franklin and wife Jesinta have had their second child. News.com.au
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেচিণ্টা ফ্ৰেঙ্কলিন” প্ৰবন্ধৰ সংশোধন ৫৯৮৮১২ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।