অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেন চাথাৰলেণ্ড

জেন চাথাৰলেণ্ড (২৬ ডিচেম্বৰ ১৮৫৩ – ২৫ জুলাই ১৯২৮) আছিল এগৰাকী অষ্ট্ৰেলিয়ান প্ৰাকৃতিক দৃশ্য চিত্ৰশিল্পী। তেওঁ অষ্ট্ৰেলিয়াত পথ-প্ৰদৰ্শক প্লেইন-এয়াৰ আন্দোলনৰ অংশ আছিল আৰু হাইডেলবাৰ্গ স্কুলৰ সদস্যা আছিল।

হালনাগাদ: ২৭ ফেব্ৰুৱাৰী ২০২৬ ৬৩২ শব্দ · ৪ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

জেন চাথাৰলেণ্ড (২৬ ডিচেম্বৰ ১৮৫৩ – ২৫ জুলাই ১৯২৮) আছিল এগৰাকী অষ্ট্ৰেলিয়ান প্ৰাকৃতিক দৃশ্য চিত্ৰশিল্পী। তেওঁ অষ্ট্ৰেলিয়াত পথ-প্ৰদৰ্শক প্লেইন-এয়াৰ আন্দোলনৰ অংশ আছিল আৰু হাইডেলবাৰ্গ স্কুলৰ সদস্যা আছিল। ঊনবিংশ শতিকাৰ শেষৰফালে মহিলা শিল্পীসকলৰ পেছাদাৰী মৰ্যাদা উন্নত কৰাৰ বাবে তেওঁৰ পোষকতা এক উল্লেখযোগ্য কৃতিত্ব আছিল।

প্ৰাথমিক জীৱন

জেন চাথাৰলেণ্ডৰ জন্ম নিউয়ৰ্ক ৰাজ্যৰ নিউ ইয়ৰ্কত স্কটিছ অভিভাৱকৰ ঘৰত হৈছিল; ১৮৬৪ চনত তেওঁলোকৰ পৰিয়াল ছিডনীত প্ৰব্ৰজন কৰে আৰু ১৮৭০ চনত মেলবৰ্ণলৈ স্থানান্তৰিত হয়।১ চাথাৰলেণ্ড পৰিয়াল শীঘ্ৰেই অষ্ট্ৰেলিয়াত মেলবৰ্ণৰ সাংস্কৃতিক প্ৰভাৱ গঢ়ি তোলাত গুৰুত্বপূৰ্ণ অংশ হৈ পৰে।২ সেই সময়ছোৱাত অস্বাভাৱিকভাৱে, চাথাৰলেণ্ডে শিল্পী হিচাপে কেৰিয়াৰ গঢ়িবলৈ পৰিয়ালৰ সম্পূৰ্ণ সমৰ্থন আৰু উৎসাহ লাভ কৰিছিল। পৰিয়ালৰ এই সমৰ্থনৰ ফলত তেওঁ অবিবাহিতা কৰ্মৰত মহিলা হিচাপে আৰামদায়কভাৱে জীৱন-যাপন কৰিব পাৰিছিল।১

ঊনবিংশ শতিকাৰ শেষভাগত মহিলাৰ শিক্ষাক লৈ দুটা বিপৰীত ধাৰা বিদ্যমান আছিল। প্ৰথম ধাৰাটোত ধাৰণা কৰা হৈছিল যে এগৰাকী মহিলাৰ মূল ভূমিকা আৰু উদ্দেশ্য হৈছে সন্তান জন্ম দিয়া; মাতৃত্বমূলক যত্নৰ জৰিয়তে তেওঁলোকৰ গুৰুত্ব মূল্যায়ন কৰা হৈছিল।৩

দ্বিতীয় ধাৰাটো আহিছিল অষ্ট্ৰেলিয়ান মহিলা ভোটাধিকাৰ আন্দোলনৰ পৰা, যিয়ে কেৱল মহিলাৰ ভোটাধিকাৰৰ দাবী উত্থাপন কৰা নাছিল, বৰঞ্চ আত্ম-বিশ্বাস, কৃতিত্ব আৰু নিয়োগৰ সুযোগ লাভ কৰিবলৈ সমান শিক্ষাৰ প্ৰয়োজনীয়তাও উত্থাপন কৰিছিল। ইয়াত দৃশ্যকলাও অন্তৰ্ভুক্ত আছিল আৰু ধীৰে ধীৰে নেচনেল গেলেৰী স্কুলত মহিলাৰ অন্তৰ্ভুক্তি বৃদ্ধি পাইছিল। সাহসী নেতৃত্ব গুণসম্পন্ন চাথাৰলেণ্ডে ১৮৭১ চনতেই নামভৰ্তি কৰিছিল, যিটো মেলবৰ্ণত মহিলা ভোটাধিকাৰ সমিতি গঠন হোৱাৰ প্ৰায় ১৪ বছৰ আগৰ ঘটনা। চিকিৎসা বিদ্যাৰ দৰে ক্ষেত্ৰসমূহৰ তুলনাত দৃশ্যকলাৰ অধ্যয়ন মহিলাৰ বাবে তুলনামূলকভাৱে সহজে গ্ৰহণযোগ্য আছিল, কিয়নো ই আগতেই উচ্চবৰ্গীয় মহিলাসকলৰ বাবে উপযুক্ত চখ হিচাপে বিবেচিত হৈছিল।৩ তথাপি নিযুক্তি, প্ৰদৰ্শনী আৰু সামাজিক সন্মানৰ ক্ষেত্ৰত এগৰাকী মহিলা শিল্পীৰ পুৰুষ শিল্পীৰ সমান মৰ্যাদা লাভ কৰাৰ সম্ভাৱনা যথেষ্ট কঠিন আছিল।

কেৰিয়াৰ

''বাধা, বক্স হিল, ১৮৮৭''
বাধা, বক্স হিল, ১৮৮৭ছবি: Jane Sutherland · Public domain

১৮৭৮ চনৰপৰা চাথাৰলেণ্ডে ভিক্টোৰিয়ান একাডেমী অৱ আৰ্টছত প্ৰদৰ্শন আৰম্ভ কৰে, তাৰ পিছত অষ্ট্ৰেলিয়ান আৰ্টিষ্টছ এছ’চিয়েচন আৰু ১৮৮৮ চনৰপৰা ১৯১১ চনলৈ ভিক্টোৰিয়ান আৰ্টিষ্টছ ছ’চাইটিৰ সৈতে প্ৰদৰ্শন কৰে। সেই সময়ৰ মানদণ্ড অনুসাৰে তেওঁৰ শিল্পক উচ্চ মৰ্যাদা দিয়া হৈছিল; তেওঁক প্ৰদৰ্শনীত “মহিলা শিল্পী” বুলিয়া একেলগে মন্তব্য কৰাৰ পৰিৱৰ্তে পুৰুষ শিল্পীৰ সমান শৰ্তত সমালোচনা কৰা হৈছিল। সমালোচকসকলে এই পাৰ্থক্যৰ যুক্তি দিছিল যে চাথাৰলেণ্ডৰ প্ৰাকৃতিক দৃশ্যসমূহ পুৰুষ শিল্পীৰ শক্তিশালী শৈলীৰ সৈতে তুলনীয় আছিল।৪

১৮৮৪ চনত তেওঁ বুয়োনাৰোত্তি ক্লাবৰ প্ৰথম দফাৰ মহিলা সদস্যাসকলৰ অন্যতম হয়।৫ এই সদস্যপদে চাথাৰলেণ্ড, উইদাৰ্ছ, ৰবাৰ্টছ, মেককাবিন, এব্ৰাহামছ আদি শিল্পীৰ মাজত সম্পৰ্ক গঢ়ি তোলে আৰু পিছলৈ তেওঁলোকে একেলগে প্লেইন-এয়াৰ শিবিৰত চিত্ৰাংকন কৰে, যাক হাইডেলবাৰ্গ স্কুল নামে জনা যায়।৬

চাথাৰলেণ্ড আছিল সেই মেলবৰ্ণ শিল্পীগোটৰ অগ্ৰণী মহিলা শিল্পী, যিসকলে ষ্টুডিঅ’ৰ বাহিৰত কাম কৰিছিল; তেওঁ আলফিংটন, টেম্প্লেষ্টো আৰু বক্স হিল আদি গ্ৰাম্য অঞ্চললৈ প্লেইন-এয়াৰ স্কেচিং ভ্ৰমণ কৰিছিল আৰু হাইডেলবাৰ্গ স্কুলৰ পুৰুষ সমসাময়িকসকলৰ সৈতে চিত্ৰাংকন কৰিছিল। কিন্তু টম ৰবাৰ্টছ, আৰ্থাৰ ষ্ট্ৰীটন আৰু চাৰ্লছ কণ্ডাৰৰ দৰে পুৰুষ শিল্পীৰ বিপৰীতে, এগৰাকী মহিলা হিচাপে তেওঁ শিবিৰত ৰাতি থাকিবলৈ সক্ষম নহ’ল; তাৰ পৰিৱৰ্তে তেওঁ দিনত গৈ সন্ধিয়ালৈ উভতি আহিছিল।৭

১৮৮৮ চনৰপৰা চাথাৰলেণ্ডে শিল্পী ক্লাৰা চাউদাৰ্নৰ সৈতে শিক্ষাদানৰ বাবে এটা ষ্টুডিঅ’ ভাগ-বতৰা কৰে। কলিন্স ষ্ট্ৰীট, মেলবৰ্ণৰ গ্ৰ’সভেনৰ চেম্বাৰছত অৱস্থিত এই ষ্টুডিঅ’টো হাইডেলবাৰ্গ স্কুলৰ এক কেন্দ্ৰ হিচাপে বিবেচিত হৈছিল; পিছলৈ টম ৰবাৰ্টছ আৰু জেন প্ৰাইছে তাত ষ্টুডিঅ’ লাভ কৰে।৭

জেন চাথাৰলেণ্ড আৰু ক্লাৰা চাউদাৰ্নে ১৮৮৯ চনত মেলবৰ্ণত অনুষ্ঠিত “9 by 5 Impression Exhibition”ৰ বাবে কৰ্ম সৃজন কৰিছিল। এই প্ৰদৰ্শনীত হাইডেলবাৰ্গ স্কুলৰ বহু শিল্পীৰ কৰ্ম অন্তৰ্ভুক্ত হৈছিল আৰু ইয়াক অষ্ট্ৰেলিয়ান ইম্প্ৰেছনিজমৰ আৰম্ভণি বুলি গণ্য কৰা হয়। তথাপি চাথাৰলেণ্ড আৰু চাউদাৰ্নৰ কৰ্ম প্ৰদৰ্শিত হোৱা নাছিল।৮ শিল্প ইতিহাসবিদ জুলিয়েট পিয়াৰ্ছ আৰু হামফ্ৰে মেককুইনৰ আলোচনাত এই বিষয়টো লৈ বিতৰ্ক অব্যাহত আছে—এই বাদ পৰা ঘটনাটো সময়ৰ লিংগভিত্তিক ধাৰণাৰ ফল আছিল নে কেৱল কিউৰেটৰ এলছি গুডৰ সামগ্ৰিক দৃষ্টিভংগীৰ সৈতে খাপ নোখোৱাৰ ফল।৯

১৯০০ চনত চাথাৰলেণ্ড আৰু মে’ ভেল ভিক্টোৰিয়ান আৰ্টিষ্টছ ছ’চাইটিৰ প্ৰথম মহিলা কাউন্সিলৰ হিচাপে নিৰ্বাচিত হয়। সক্ৰিয় সময়ছোৱাত তেওঁ মেলবৰ্ণৰ দৃশ্যকলাৰ জগতখনত নিজৰ অৱদানৰ বাবে যথেষ্ট মূল্যায়িত হৈছিল।৭

''টু দ্য ডাণ্ডেনংছ, ১৮৮৮''
টু দ্য ডাণ্ডেনংছ, ১৮৮৮ছবি: Jane Sutherland · Public domain

চাথাৰলেণ্ডৰ কৰ্মসমূহ মূলতঃ অষ্ট্ৰেলিয়ান প্ৰাকৃতিক দৃশ্যক কেন্দ্ৰ কৰি; ইয়াত প্ৰায়ে মহিলা আৰু শিশুক প্ৰকৃতিৰ সৈতে আন্তঃক্ৰিয়া কৰা ৰূপত দেখা যায়। তেওঁৰ কৰ্মত আখ্যানধৰ্মী ইঙ্গিত থাকে, কিয়নো তেওঁ ভূমিৰ এক অনুভূতি সৃষ্টি কৰে আৰু তেওঁৰ চৰিত্ৰসমূহ প্ৰায়ে দৰ্শকৰপৰা আঁতৰি থকা অৱস্থাত দেখা যায়।

তেওঁৰ প্ৰচেষ্টা আৰু সফলতাৰ পিছতো চাথাৰলেণ্ডে এজন গুৰুত্বপূৰ্ণ আৰু পেছাদাৰী শিল্পী হিচাপে স্বীকৃতি লাভ কৰাত অসুবিধাৰ সন্মুখীন হৈছিল। তেওঁ নিজৰ চিত্ৰসমূহ পুৰুষ সমসাময়িকসকলৰ তুলনাত প্ৰায় দশমাংশ মূল্যত নিৰ্ধাৰণ কৰিবলৈ বাধ্য হৈছিল। উদাহৰণস্বৰূপে, ১৮৯৪ চনৰ এক প্ৰদৰ্শনীত তেওঁৰ ‘’To the Dandenongs’’ৰ মূল্য আছিল আঠাৰ গিনি, যেতিয়া ডেভিড ডেভিছৰ ‘’Moonrise’’ পঁচাত্তৰ পাউণ্ডত বিক্ৰী হৈছিল।১০

অসুখ আৰু মৃত্যু

১৯০০ দশকৰ আৰম্ভণিতে চাথাৰলেণ্ডে গুৰুতৰ ষ্ট্ৰ’কত আক্ৰান্ত হয় আৰু সম্পূৰ্ণৰূপে নিজৰ ভাতৃ উইলিয়াম চাথাৰলেণ্ডৰ যত্নৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। উইলিয়ামৰ সহায়ত তেওঁ চলাচল কৰিব পাৰিছিল আৰু সেই সুবাদে চিত্ৰাংকন আৰু প্ৰদৰ্শনী অব্যাহত ৰাখিব সক্ষম হৈছিল; লগতে নতুন প্ৰজন্মক শিল্প শিক্ষা দিছিল। তথাপি তেওঁৰ অসুখৰ প্ৰভাৱ স্পষ্ট দেখা গৈছিল—বৃহৎ কেনভাছৰ পৰিৱৰ্তে তেওঁ সৰু আকাৰৰ পেষ্টেল কৰ্মলৈ সৰি আহিছিল।১১

১৯১১ চনত উইলিয়ামৰ মৃত্যুৰ পাছত চাথাৰলেণ্ড অৱসৰ গ্ৰহণ কৰিবলৈ বাধ্য হয় আৰু ১৯২৮ চনত নিজৰ মৃত্যুলৈকে সেই অৱস্থাতেই থাকে।১২ চিত্ৰাংকন কৰিব নোৱাৰাৰ ফলত এই সময়ছোৱাত তেওঁ ধীৰে ধীৰে জনস্মৃতিৰপৰা আঁতৰি গৈছিল। ২৮ জুলাইত তেওঁৰ মৃত্যুৰ সময়ত প্ৰায় কোনো ৰাজহুৱা স্বীকৃতি নাছিল।১

উত্তৰাধিকাৰ

জেন চাথাৰলেণ্ড আছিল সেই প্ৰজন্মৰ অন্যতম অষ্ট্ৰেলিয়ান মহিলা শিল্পী, যিসকলে বিবাহৰ পৰিৱৰ্তে শিল্পক পেছা হিচাপে বাছি লৈছিল। তেওঁৰ ভতিজী ৰুথ চাথাৰলেণ্ডো এগৰাকী চিত্ৰশিল্পী আছিল।১৩

কেনবেৰাৰ উপকণ্ঠ কণ্ডাৰত থকা "জেন চাথাৰলেণ্ড ছাৰ্কিউট" তেওঁৰ সন্মানত নামকৰণ কৰা হৈছে।১৪

বঁটা

ৱালেন বঁটা, নেচনেল গেলেৰী স্কুল, বাৰ্ষিক ছাত্ৰ প্ৰদৰ্শনী, ১৮৮৩

সংগ্ৰহত প্ৰতিনিধিত্ব

  • আৰ্ট গেলেৰী অৱ ছাউথ অষ্ট্ৰেলিয়া
  • বেলাৰাট ফাইন আৰ্ট গেলেৰী
  • নেচনেল গেলেৰী অৱ অষ্ট্ৰেলিয়া
  • নেচনেল গেলেৰী অৱ ভিক্টোৰিয়া
  • নিউকেচল ৰিজিয়ন আৰ্ট গেলেৰী
  • ষ্টেট লাইব্ৰেৰী অৱ ভিক্টোৰিয়া
  • ইউনিভাৰ্চিটি অৱ মেলবৰ্ণ আৰ্ট মিউজিয়াম

তথ্যসূত্ৰ

  • Burke, Janine. Australian Women Artists 1840-1940. Victoria: Greenhouse Publications Pty Ltd, 1980.
  • Hammond, Victoria and Peers, Juliet. Completing the Picture. Victoria: Artmovers, 1992.
  • Kerr, Joan. Heritage: The National Woman’s Art Book. Australia: G+B Arts International Limited, 1995.
  • Lindsay, Frances. Sutherland. Melbourne: Victorian College of the Arts, 1977.
  • National Gallery of Victoria. Completing the Picture: Woman Artists and the Heidelberg Era. Parkdale: Artmovers Inc. 1992.
  • Peers, Juliet “The Leader Amongst the Lady Artists”. Australian Journal of Art, Volume 14, 1999.
  • Whimpress, Bernard. Heidelberg School. South Australia: Axiom Distributors, 2013.

টোকা

তথ্যসূত্ৰ

  1. ↑ Kerr, Joan (1995) Heritage: The National Woman’s Art Book. G+B Arts International Limited. p.458
  2. ↑ Lindsay, Frances (1977). Sutherland. Victorian College of the Arts. p.2
  3. ↑ Hammond, Victoria and Peers, Juliet (1992). Completing the Picture. Artmovers. p. 12
  4. ↑ Peers, Juliet (1999). “The Leader Amongst the Lady Artists”. Australian Journal of Art, Volume 14. p. 134
  5. ↑ Mead, Stephen F. (December 2011). The Search for Artistic Professionalism in Melbourne: the activities of the Buonarotti Club, 1883 -1887. The Latrobe Journal
  6. ↑ Williams, Graeme H. (2020). The Melbourne Art Scene and the Victorian Artists' Society 1870 - 2020 . Collaborative Research Centre in Australian History, School of Arts, Federation University. পৃ. 83
  7. ↑ Hammond, Victoria and Peers, Juliet (1992). Completing the Picture. Artmovers. p. 68
  8. ↑ Hammond, Victoria and Peers, Juliet (1992). Completing the Picture. Artmovers. p. 13
  9. ↑ Whimpress, Bernard (2013). Heidelberg School. Axiom Distributors. p 12
  10. ↑ Burke, Janine (1980). Australian Women Artists 1840-1940. Greenhouse Publications Pty Ltd. p. 29
  11. ↑ National Gallery of Victoria (1992). Completing the Picture: Woman Artists and the Heidelberg Era. Artmovers Inc. p. 31
  12. ↑ Lindsay, Frances (1977). Sutherland. Victorian College of the Arts. p. 3
  13. ↑ "Ruth Sutherland". Australian Prints + Printmaking. National Gallery of Australia. Retrieved 7 April 2018
  14. ↑ "National Memorial Ordinance 1928 Determination of Nomenclature Australian Capital Territory National Memorials Ordinance 1928 Determination of Nomenclature". Commonwealth of Australia Gazette. 31 August 1988. p. 9

সম্পৰ্কিত শ্ৰেণী

অষ্ট্ৰেলিয়াৰ ব্যক্তিচিত্ৰশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেন চাথাৰলেণ্ড” প্ৰবন্ধৰ সংশোধন ৫৮৩২৪২ (২৭ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।