অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেণ্ডাৰ পাৰ্ক

জেণ্ডাৰ পাৰ্ক (Gender Park, আক্ষৰিক ভাবে 'লিংগ উদ্যান) ২০১৩ চনত কেৰালা চৰকাৰৰ দ্বাৰা স্থাপিত ৰাজ্যখনত লিংগ সমতা আৰু সৱলীকৰণৰ দিশত কাম কৰাৰ এক পদক্ষেপ। ইয়াৰ মুখ্য কাৰ্যালয় ৰাজ্যখনৰ ৰাজধানী তিৰুৱন্তপুৰমত অৱস্থিত। ইয়াৰ মুখ্য ২৪ একৰ চৌহদ চিলভাৰ হিলচ, কোজিকোড (কালিকট)ত স্থাপন কৰা হৈছে।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২৫ ৯৫৭ শব্দ · ৫ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জেণ্ডাৰ পাৰ্ক (Gender Park, আক্ষৰিক ভাবে 'লিংগ উদ্যান) ২০১৩ চনত কেৰালা চৰকাৰৰ দ্বাৰা স্থাপিত ৰাজ্যখনত লিংগ সমতা আৰু সৱলীকৰণৰ দিশত কাম কৰাৰ এক পদক্ষেপ।১ ইয়াৰ মুখ্য কাৰ্যালয় ৰাজ্যখনৰ ৰাজধানী তিৰুৱন্তপুৰমত অৱস্থিত। ইয়াৰ মুখ্য ২৪ একৰ চৌহদ চিলভাৰ হিলচ, কোজিকোড (কালিকট)ত স্থাপন কৰা হৈছে। লিংগ ন্যায়ৰ ওপৰত গুৰুত্ব দিয়াৰ সৈতে ই হৈছে নীতি বিশ্লেষণ, গৱেষণা, ওকালতি, ক্ষমতা বিকাশ, অৰ্থনৈতিক আৰু সামাজিক পদক্ষেপৰ বাবে এক উমৈহতীয়া মঞ্চ। কেৰালা চৰকাৰৰ সামাজিক ন্যায় বিভাগৰ অধীনত ইয়াক স্থাপন কৰা হৈছিল২ আৰু ই হৈছে বিশ্বত এনে ধৰণৰ প্ৰথম স্থান। বৰ্তমান এই পদক্ষেপ মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত।৩ ইয়াৰ লক্ষ্য হৈছে লিংগ সম্পৰ্কীয় কাৰ্যকলাপৰ বাবে এক মুখ্য একত্ৰীকৰণ বিন্দু হিচাপে পৰিগণিত হোৱা। শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ মহিলা আৰু জেণ্ডাৰ পাৰ্কে উদ্যানখনক লিংগ সমতাৰ বাবে দক্ষিণ এছিয়াৰ কেন্দ্ৰ হিচাপে বিকশিত কৰিবলৈ সমান অংশীদাৰীত্ব তৈয়াৰ কৰিছে।

লক্ষ্য

জেণ্ডাৰ পাৰ্কে প্ৰাসঙ্গিক হস্তক্ষেপ সৃষ্টি কৰাৰ দিশত কাম কৰে যি বিভিন্ন লিংগ-আধাৰিত সমস্যা সমাধান কৰাত সহায় কৰে। ইয়াত চৌহদৰ ভিতৰৰ লগতে চৌহদৰ বাহিৰৰ কাৰ্যকলাপ দুয়োটা অন্তৰ্ভুক্ত আছে। ইয়াত বিভিন্ন প্ৰকল্প অন্তৰ্ভুক্ত থাকে যি হস্তক্ষেপৰ প্ৰণালী ৰচনা কৰোঁতে লিংগ লেন্স গ্ৰহণ কৰি ব্যক্তি আৰু সম্প্ৰদায়ক শক্তিশালী কৰাৰ দিশত কাম কৰে।

ইয়াৰ লক্ষ্য হৈছে লিংগ ন্যায়ৰ ক্ষেত্ৰত চৰকাৰী পদক্ষেপৰ ওপৰত প্ৰতিবেদন, মূল্যাঙ্কন আৰু পৰামৰ্শ প্ৰদান কৰি বিশেষভাৱে ৰাজ্যৰ ক্ষমতা আৰু দক্ষতা বৃদ্ধি কৰা। মহিলা আৰু শিশু বিকাশ বিভাগৰ অধীনত এক পঞ্জীভুক্ত সমাজ হিচাপে এই পৰামৰ্শবোৰ চৰকাৰে কাৰ্যকৰী কৰাটো চাবলৈ অনন্যভাৱে অৱস্থিত।

উদ্যোগসমূহ

লিংগ সমতাৰ ওপৰত আন্তৰ্জাতিক সন্মিলন

জেণ্ডাৰ পাৰ্কৰ দ্বাৰা পৰিচালিত লিংগ সমতাৰ ওপৰত আন্তৰ্জাতিক সন্মিলন হৈছে এক শৃংখলাবদ্ধ সন্মিলন যি লিংগ সমতা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰাৰ বাবে আৰু সজাগতা বৃদ্ধিৰ বাবে এক আন্তৰ্জাতিক মঞ্চ প্ৰদান কৰে। সন্মিলনখনে কিছুমান বিদ্বান আৰু বিশিষ্ট ব্যক্তিক মঞ্চলৈ মত প্ৰকাশ কৰিবলৈ আৰু লিংগ সমতাৰ চাৰিওফালে শৈক্ষিক তথা বিকাশৰ প্ৰত্যাহ্বানৰ ওপৰত চিন্তা-চৰ্চা কৰিবলৈ আমন্ত্ৰণ জনায়।

২০১৫ চনৰ নৱেম্বৰ মাহত জেণ্ডাৰ পাৰ্কে ৰাষ্ট্ৰসংঘ মহিলাৰ সহযোগত আৰু ইউএনএফপিএৰ আৰ্থিক সহযোগিতাত প্ৰথমখন সন্মিলন (আইচিজিই-1) আয়োজন কৰিছিল। আইচিজিইৰ প্ৰথম সংস্কৰণে লিংগ, শাসন আৰু অন্তৰ্ভুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। কৰ্মশালাত অন্তৰ্ভুক্তিৰ বিষয়বোৰ গভীৰভাৱে আলোচনা কৰা হৈছিল। ইয়াত কেৰালা চৰকাৰে ট্ৰান্সজেণ্ডাৰসকলৰ বাবে ৰাজ্য চৰকাৰৰ ২০১৫ চনৰ নীতি আৰম্ভ কৰিছিল। এই নীতি আৰম্ভণিৰ পিছত এটা পেনেলত ট্ৰেন্স সম্প্ৰদায়ৰ ব্যক্তিসকলে তেওঁলোকৰ জীৱনত নীতিটোৰ প্ৰাসংগিকতাৰ বিষয়ে মত প্ৰকাশ কৰিছিল। শেষত সন্মিলনখনৰ এখন বিবৃতি জাৰী কৰা হৈছিল আৰু বিশ্বব্যাপী প্ৰচাৰ কৰা হৈছিল।৪

২০২১ চনৰ ১১, ১২ আৰু ১৩ ফেব্ৰুৱাৰীত কোজিকোডৰ জেণ্ডাৰ পাৰ্ক চৌহদত 'জেণ্ডাৰ ইন চাষ্টেনেবল এণ্টাৰপ্ৰেনিয়ৰশ্বিপ এণ্ড ছ'চিয়েল বিজনেছ: দ্য মেডিয়েটিং ৰোল অৱ এমপাৱাৰমেণ্ট' শীৰ্ষক দ্বিতীয় সন্মিলন আইচিজিই-২ অনুষ্ঠিত হৈছিল। আইচিজিই ২ ৰাষ্ট্ৰসংঘ মহিলাৰ সৈতে অংশীদাৰীত্বত আয়োজন কৰা হৈছিল। গোলকীয় বৈঠকত আঠটা পূৰ্ণাংগ অধিৱেশন আৰু নটা সমান্তৰাল অধিৱেশন আছিল। তিনিদিনীয়া সন্মিলনখন কঠোৰভাৱে ক'ভিড-১৯ সুৰক্ষা বিধিৰ দ্বাৰা আয়োজিত কৰা হৈছিল। ২০খন দেশৰ ৯০ জনতকৈও অধিক বক্তাই শাৰীৰিক আৰু দূৰৱৰ্তী ভাৱে সন্মিলনত অংশগ্ৰহণ কৰিছিল। সন্মিলনখনে কাৰ্বন নিৰপেক্ষতা অৰ্জন কৰে আৰু কেৰালাৰ প্ৰথম কাৰ্বন-নিৰপেক্ষ অনুষ্ঠান হিচাপে পৰিগণিত হয়। ৫

ইণ্টাৰনেচনেল ইনষ্টিটিউট ফৰ জেণ্ডাৰ এণ্ড ডেভেলপমেণ্ট (আইআইজিডি)- ৱাইজ ফেল'শ্বিপ

জেণ্ডাৰ পাৰ্কৰ গৱেষণা আৰু শিক্ষণ উপাদানৰ লক্ষ্য হৈছে বহুমুখী গৱেষণা, তত্ত্বাৱধান, আৰু নীতিগত হস্তক্ষেপৰ বাবে সমৰ্পিত কৰা। ইয়াৰ লক্ষ্য হৈছে নীতি নিৰ্মাতাসকলৰ বাবে উদ্ভাৱনীমূলক কিন্তু সম্ভৱ পৰামৰ্শ প্ৰদান কৰাৰ বাবে উচ্চ মানদণ্ডৰ গৱেষণা আৰু কাৰ্যকৰী ক্ষমতা বিকাশ কৰা। শিক্ষাৰ্থীসকলক লিংগ তত্ত্ব আৰু অনুশীলনৰ বিষয়ে শিক্ষিত কৰাৰ উপৰিও ইয়াৰ বৃহত্তৰ লক্ষ্য হৈছে সকলোৰে বাবে ন্যায়সঙ্গত আৰু সামগ্ৰিক সমাজ গঢ়ি তোলা।

ই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়সমূহৰ সৈতে অংশীদাৰীত্বত বহনক্ষম উদ্যোগত মহিলা (ৱাইএছই) ফেল'শ্বিপ কাৰ্যসূচীৰ পৰিকল্পনা কৰিছে যিটো ২০২১ চনত আৰম্ভ হ'ব। উদীয়মান মহিলা উদ্যোগীসকলৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহায্য বিচাৰি উলিওৱা আৰু তেওঁলোকৰ উদ্যোগ বৃদ্ধি কৰাৰ বাবে ৱাইএছই হৈছে এক উল্লেখযোগ্য মঞ্চ।৬ ৭

এই ধাৰণাটো হৈছে ওপৰোক্ত উদ্যোগীসকলক ফেল'সকলৰ আৰ্থিক সাহায্য প্ৰদান কৰা। ইয়াৰ লগতে তেওঁলোকক বিভিন্ন পৰ্যায়ৰ জৰিয়তে বহনক্ষম প্ৰকল্প গ্ৰহণকৰাৰ সকলো দিশত কঠোৰ প্ৰশিক্ষণ দিয়া হ'ব যাৰ ভিতৰত আছে আমোলাতান্ত্ৰিক, ব্যৱসায়িক প্ৰক্ৰিয়া, সৃষ্টিশীল চিন্তা, গ্ৰাহক অধিগ্ৰহণ ইত্যাদি।

আন্তৰ্জাতিক মহিলা বাণিজ্য কেন্দ্ৰ

আন্তৰ্জাতিক মহিলা বাণিজ্য কেন্দ্ৰ হৈছে এক উচ্চাভিলাষী পদক্ষেপ আৰু ই হ'ব এক প্ৰথম প্ৰকাৰৰ বাণিজ্য কেন্দ্ৰ যি ব্যৱসায়ত মহিলাসকলৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা পূৰণ কৰে। এই প্ৰকল্পটো হৈছে উদ্যোগৰ বিকাশৰ বাবে এক সুৰক্ষিত আৰু বহনক্ষম পৰিৱেশ সৃষ্টি কৰাৰ বাবে জেণ্ডাৰ পাৰ্কৰ প্ৰতিশ্ৰুতি, ব্যৱসায়, বাণিজ্য, জীৱনশৈলী, আৰু মহিলাসকলৰ বাবে এক সাংস্কৃতিক কেন্দ্ৰ।

আন্তৰ্জাতিক মহিলা বাণিজ্য কেন্দ্ৰয়ে এক একক খুচুৰা আৰু ব্যৱসায় সমৰ্থন কেন্দ্ৰ হোৱাৰ পৰিকল্পনা কৰিছে। মহিলাসকলক তেওঁলোকৰ সামগ্ৰিক বিকাশৰ বাবে তেওঁলোকৰ অৰ্থনৈতিক, সামাজিক আৰু স্বাস্থ্যৰ প্ৰয়োজনীয়তা পূৰণ কৰাটো নিশ্চিত কৰিবলৈ ব্যৱসায়ত হাত তৈয়াৰ কৰা আৰু উৎসাহিত কৰা ইয়াৰ মূল লক্ষ্য।৮

জেণ্ডাৰ লাইব্ৰেৰী

জেণ্ডাৰ পাৰ্ক চৌহদৰ অত্যাধুনিক জেণ্ডাৰ লাইব্ৰেৰী বা লিংগ পুথিভঁৰালৰ লক্ষ্য হৈছে কাৰ্যকৰী জ্ঞান ব্যৱস্থাপনাৰ জৰিয়তে লিংগ আৰু বিকাশত বৰ্ধিত বৃত্তি সমৰ্থন কৰা। ই লিংগৰ ওপৰত স্থানীয়, ৰাষ্ট্ৰীয় আৰু বিশ্বব্যাপী জ্ঞান সংগ্ৰহ, সৃষ্টি আৰু প্ৰচাৰৰ বাবে এক ভঁৰাল।

এই পুথিভঁৰালটো লিংগ, যৌনতা আৰু নাৰীবাদী দৃষ্টিভংগী সামৰি বিভিন্ন বিষয়ৰ সাহিত্যৰ বাবে এক কেন্দ্ৰীয় প্ৰসংগ হ'ব যাতে এনে সামগ্ৰীৰ উন্নত প্ৰৱেশাধিকাৰ প্ৰদান কৰা যায়।

জেণ্ডাৰ মিউজিয়াম

জেণ্ডাৰ মিউজিয়াম বা লিংগ সংগ্ৰাহালয় হৈছে মহিলাৰ ইতিহাসৰ বিষয়ে এটা যাত্ৰা প্ৰদৰ্শন কৰাৰ এক প্ৰচেষ্টা আৰু লিংগ ইতিহাসক দৃষ্টিকোণত ৰাখিবলৈ আৰ্কাইভ হিচাপে কাম কৰা এক অনুষ্ঠান। ই কেৰালাৰ স্থিতিস্থাপক মহিলাসকলৰ ইতিহাস, তেওঁলোকৰ জীৱন্ত অভিজ্ঞতা আৰু মহিলাৰ অধিকাৰৰ ওপৰত বৃহত্তৰ আলোচনাত তেওঁলোকে কিমান অৰিহণা যোগাইছে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে

শ্বি টেক্সি

শ্বি-টেক্সি ইয়াৰ প্ৰাথমিক অফ-কেম্পাছ উদ্যোগ। ই আন্তৰ্জাতিক ভাৱে প্ৰশংসিত চলিত প্ৰকল্প। এই প্ৰকল্পয়ে মহিলাসকলৰ অৰ্থনৈতিক সৱলীকৰণৰ ওপৰত গুৰুত্ব দিয়ে। ই হৈছে ভাৰতত এনে ধৰণৰ প্ৰথম আৰ্হি য'ত মহিলাসকল তেওঁলোকৰ বাহনৰ গৰাকী আৰু চালক। প্ৰকল্পটো গাড়ী চলোৱাৰ অগতানুগতিক বজাৰত প্ৰৱেশ কৰিছিল আৰু মহিলাসকলক আৰ্থিকভাৱে নিজৰ ভৰণপোষণৰ বাবে উদ্যোগী হোৱাত পৰিণত কৰিছিল। এই সেৱায়ে মহিলাসকলৰ জীৱিকাৰ সহায়ক হিচাপে থিয় দিয়াৰ লগতে কেৰালাৰ বহুসংখ্যক মহিলা ভ্ৰমণকাৰীক সুৰক্ষা প্ৰদান কৰিছিল। ইয়াৰ উপৰিও এই মহিলা উদ্যোগীসকলে ফ্লীট অপাৰেটৰৰ দ্বাৰা সমৰ্থিত শ্বি টেক্সি ফেডাৰেচনৰ জৰিয়তে কামবোৰ পৰিচালনা কৰে।

ইয়াৰ পিছত ই বিশ্বজুৰি কেইবাটাও সন্মান লাভ কৰিছে। ইয়াৰ ভিতৰত ভিয়েটনামৰ বিশ্ব বেংকৰ দ্বাৰা পৰিবহণত দক্ষিণ এছিয়াৰ অধ্যয়ন ভ্ৰমণত বিশেষ উল্লেখ আৰু ২০১৪ চনত ৰাজহুৱা নীতিত উদ্ভাৱনৰ বাবে মুখ্যমন্ত্ৰী বঁটা উল্লেখযোগ্য।৯

২০২০ চনৰ ১১ মে' তাৰিখে বৃহত্তৰ গ্ৰাহকৰ বাবে সেৱা আৰম্ভ হোৱাৰ সৈতে শ্বি টেক্সি পুনৰ মুকলি কৰা হৈছিল আৰু এই সেৱা কেৰালাৰ সকলো ১৪খন জিলালৈ সম্প্ৰসাৰিত কৰা হৈছে।১০

ক'ভিড-১৯ সময়ত সহায়

কৰ'নাভাইৰাছ ৰোগ ২০১৯ মহামাৰীৰ লকডাউনৰ সময়ত শ্বি টেক্সিৰ মহিলাসকলে ঔষধৰ প্ৰয়োজন হোৱা বা চিকিৎসালয়লৈ যাত্ৰা কৰিব লগা বৃদ্ধ নাগৰিকসকলক তেওঁলোকৰ সেৱা প্ৰদান কৰিছিল। এই সেয়া দৰিদ্ৰ সীমাৰেখাৰ তলৰ নাগৰিকসকলক বিনামূলীয়াকৈ আৰু আনক আধা হাৰত প্ৰদান কৰা হৈছিল।১১ ক'ভিড-১৯ৰ পৰিস্থিতিৰ কথা মনত ৰাখি চেনিটাইজাৰ, মাস্ক আৰু সামাজিক দূৰত্বৰ দৰে পদক্ষেপ নিশ্চিত কৰি সেৱা প্ৰদান কৰা হৈছিল।১২

তথ্যসূত্ৰ

  1. ↑ President to inaugurate Gender park on February 27. Free Press Journal
  2. ↑ Social Justice, Kerala. swd.kerala.gov.in
  3. ↑ WCD Kerala. wcd.kerala.gov.in
  4. ↑ Quint, The. (23 February 2016). Kerala to Launch India's First Gender Equality Convergence Center. TheQuint
  5. ↑ (10 September 2019). Global trade centre for women soon
  6. ↑ (27 July 2016). Kochi corporation sells drinking water at Re one per litre. DNA India
  7. ↑ Devasia, T. K. Pranab Mukherjee to open first gender varsity in Kerala. Khaleej Times
  8. ↑ DelhiSeptember 10, Press Trust of India New; September 10, 2019UPDATED; Ist, 2019 11:34. Kerala government to set up country's first global trade centre for women. India Today
  9. ↑ She Taxis get World Bank attention - Times of India. The Times of India
  10. ↑ A rocky road ahead for cabbies. The New Indian Express
  11. ↑ Kerala: HelpAge, She-Taxi team up for drug delivery | Kochi News - Times of India. The Times of India
  12. ↑ Staff Reporter. (4 April 2020). She Taxi comes to elderly's aid

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেণ্ডাৰ পাৰ্ক” প্ৰবন্ধৰ সংশোধন ৫৩৯১৬১ (১৮ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।