জেচিকা মে' লেন (ইংৰাজী ভাষা: Jessica May Lane; জন্ম: ৫ অক্টোবৰ ২০০২) এগৰাকী অষ্ট্ৰেলিয়ান সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী, যিয়ে ২০২৪ চনৰ ৯ নৱেম্বৰত ফিলিপাইনছত মিছ আৰ্থ ২০২৪ ৰ মুকুট লাভ কৰে। তেওঁ এই খিতাপ জয় কৰা প্ৰথমগৰাকী অষ্ট্ৰেলিয়ান। তেওঁৰ এই বিজয়ে অষ্ট্ৰেলিয়াক চাৰিখন ডাঙৰ আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ আটাইকেইটাতে খিতাপ অৰ্জন কৰা ষষ্ঠখন দেশ হিচাপে গঢ়ি তোলে।১২
জীৱন আৰু কৰ্মজীৱন
লেনৰ জন্ম ভিক্টোৰিয়াৰ মেলবৰ্ণত হৈছিল, কিন্তু তেওঁ কুইন্সলেণ্ডৰ ছানচাইন কোষ্টত ডাঙৰ-দীঘল হৈছিল। তেওঁ আইৰিছ মূলৰ বংশোদ্ভৱ।৩ তেওঁ কুইন্সলেণ্ডৰ ছানচাইন কোষ্ট বিশ্ববিদ্যালয়ত সাংবাদিকতা আৰু সৃষ্টিশীল লিখনী অধ্যয়ন কৰি আছে।৪৫
সৌন্দৰ্য প্ৰতিযোগিতা
মিছ ৱৰ্ল্ড অষ্ট্ৰেলিয়া ২০২৩
২০২৩ চনত লেন মিছ ৱৰ্ল্ড অষ্ট্ৰেলিয়া প্ৰতিযোগিতাৰ ৩২ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ ভিতৰত আছিল।৬
মিছ আৰ্থ অষ্ট্ৰেলিয়া ২০২৪
২০২৪ চনৰ ১১ আগষ্টত নিউ চাউথ ৱেলছৰ চিডনীত লেনে মিছ আৰ্থ অষ্ট্ৰেলিয়া ২০২৪ খিতাপ অৰ্জন কৰে। ইয়াৰ উপৰি তেওঁ কেইবাটাও বিশেষ বঁটা লাভ কৰে, যিবোৰৰ ভিতৰত ষ্টাৰচেণ্ট্ৰেলছ চয়ছ, বেষ্ট ইন চুইমৱেৰ, বেষ্ট ইন ছ’চিয়েল মিডিয়া, মিছ ফটোজেনিক আৰু মিছ আৰ্থ চেৰিটি অন্যতম।৭
মিছ আৰ্থ ২০২৪
ফিলিপাইনছৰ ওকাডা মানিলাত ২০২৪ চনৰ ৯ নৱেম্বৰত অনুষ্ঠিত মিছ আৰ্থ ২০২৪ প্ৰতিযোগিতাত লেনে অষ্ট্ৰেলিয়াক প্ৰতিনিধিত্ব কৰে। ৭৫ গৰাকী প্ৰতিযোগীক চেৰ পেলাই তেওঁ বিজয়ী হয় আৰু আলবেনিয়াৰ পূৰ্বৰ খিতাপধাৰী দ্ৰিতা জিৰিয়ে তেওঁক মুকুট পিন্ধায়। তেওঁ ‘ডাৰ্লিং অৱ দ্য প্ৰেছ’ (এছিয়া আৰু ওচেনিয়া) বঁটাও লাভ কৰে।৮
তেওঁৰ এই জয় আছিল অষ্ট্ৰেলিয়াৰ প্ৰথমটো মিছ আৰ্থ খিতাপ আৰু ২০০৪ চনত জেনিফাৰ হকিন্সে মিছ ইউনিভাৰ্ছ জিকাৰ পিছত এয়া আছিল অষ্ট্ৰেলিয়াৰ বাবে প্ৰথমটো ডাঙৰ আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য খিতাপ।
মিছ আৰ্থ হিচাপে জেচিকা লেনে ভিয়েটনাম (দুবাৰকৈ), ইণ্ডোনেছিয়া, বেলজিয়াম, ৱেলছ, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰিয়ুনিয়ন দ্বীপ, নাইজেৰিয়া আৰু নিজৰ দেশ অষ্ট্ৰেলিয়াৰ লগতে ফিলিপাইনছৰ বিভিন্ন চহৰ আৰু প্ৰদেশ ভ্ৰমণ কৰিছে।
সক্ৰিয়তা
মুকুট লাভ কৰাৰ পিছৰেপৰা লেন গছপুলি ৰোপণ, উপকূলীয় পৰিষ্কাৰ অভিযান আৰু জলবায়ু পৰিৱৰ্তন তথা স্থায়িত্বৰ ওপৰত শৈক্ষিক সজাগতাৰ দৰে পৰিৱেশ সম্পৰ্কীয় অভিযানৰ সৈতে জড়িত হৈ আছে। তেওঁৰ মূল লক্ষ্য হৈছে আৱৰ্জনা হ্ৰাস কৰা, প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা আৰু বহনক্ষম ফেশ্বন (Sustainable fashion)ৰ প্ৰসাৰ ঘটোৱা।৫ লেনে তেওঁৰ অভিযানসমূহৰ সমৰ্থনত বিভিন্ন সংবাদ মাধ্যমত অংশ লৈ জনসাধাৰণক সজাগ কৰিবলৈ চেষ্টা কৰি আহিছে।
২০২৫ চনৰ জানুৱাৰী মাহত তেওঁ ইণ্ডোনেছিয়াত অনুষ্ঠিত হোৱা এক যুৱ বহনক্ষমতা সন্মিলনত ভাষণ প্ৰদান কৰিছিল, যিটো ডেনিছ দূতাবাস আৰু ৰাষ্ট্ৰসংঘৰ সংস্থাই যৌথভাৱে আয়োজন কৰিছিল।৯
সেই মাহৰে শেষৰফালে, তেওঁ এগৰাকী বিশেষ অতিথি হিচাপে ফিলিপাইনছৰ চিবুৰ চিনুলোগ উৎসৱত অংশগ্ৰহণ কৰে।১০১১ তেওঁ বিভিন্ন বিদ্যালয় ভ্ৰমণ কৰাৰ লগতে কেইবাটাও পৰিৱেশ সম্পৰ্কীয় শিক্ষা কাৰ্যসূচী চলায়, য’ত চান ফিলিপ নেৰী কেথলিক স্কুলত মেনগ্ৰভ অৰণ্যৰ বিষয়ে এটা কাহিনী কোৱাৰ অধিৱেশনো (storytelling session) অন্তৰ্ভুক্ত আছিল।১২১৩
তথ্যসূত্ৰ
- ↑ Cuadra, Addie. (10 November 2024). Jessica Lane becomes first Australian to win Miss Earth 2024. ABS-CBN News
- ↑ Bolledo, Jairo. (10 November 2024). New powerhouse: Australia is latest country to win all 'Big 4' pageants. Rappler
- ↑ Miss Earth 2024 – Jessica Lane. Miss Earth
- ↑ Reid, Kelsey. (7 August 2024). Miss Earth Australia entrant aiming to inspire environmental change. Sunshine Coast News
- ↑ Byrne, Fiona. (23 November 2024). Aussie climate warrior wins global Miss Earth beauty pageant. Herald Sun
- ↑ (27 July 2023). Miss World Australia 2023: Meet all the finalists in this year's pageant. Gold Coast Bulletin
- ↑ (12 August 2024). Miss Earth Australia 2024: And the Winner Is…. Star Central Magazine
- ↑ Adina, Armin. (8 November 2024). No big leader in Miss Earth 2024 medal tally. INQUIRER.net
- ↑ (12 January 2025). UNA Indonesia, Danish Embassy and UN in Indonesia Hold Global Youth Conference for SDGs. Tempo
- ↑ (22 January 2025). Miss Earth na si Jessica Lane, bumalik sa Pilipinas para sa Sinulog. DWIZ-AM
- ↑ (22 January 2025). Miss Earth 2024, Jessica Lane, during the Sinulog Grand Parade 2025 in Cebu. Miss Earth
- ↑ Paz, Joseph. (24 January 2025). Beauty for a Cause: Miss Earth 2024 Jessica Lane Campaigns for Environmental Protection at SFNCS. The Nerian Scribe
- ↑ (23 January 2025). San Felipe Neri Catholic School is thrilled to welcome the reigning Miss Earth 2024, Miss Jessica Lane, tomorrow, January 23, 2025, as we kick off the 1st Day of Intramurals 2025!. Miss Earth
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেচিকা লেন” প্ৰবন্ধৰ সংশোধন ৬২২০৩৪ (৩১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।