অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেছি মেকে

জেছি মেকে ( ইংৰাজী: Jessie Mackay; ১৫ ডিচেম্বৰ ১৮৬৪ – ২৩ আগষ্ট ১৯৩৮) আছিল নিউজিলেণ্ডৰ এগৰাকী কবি, সাংবাদিক, নাৰীবাদী আৰু পশু অধিকাৰ কৰ্মী। তেওঁক প্ৰায়ে নিউজিলেণ্ডৰ প্ৰথম স্থানীয় জন্মৰ কবি বুলি কোৱা হয় আৰু নিউজিলেণ্ডৰ শৈলীৰ স্পষ্ট ৰূপ থকা আদিম লেখিকাসকলৰ ভিতৰত অন্যতম আছিল।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ২৩৭ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

জেছি মেকে ( ইংৰাজী ভাষা: Jessie Mackay; ১৫ ডিচেম্বৰ ১৮৬৪ – ২৩ আগষ্ট ১৯৩৮) আছিল নিউজিলেণ্ডৰ এগৰাকী কবি, সাংবাদিক, নাৰীবাদী আৰু পশু অধিকাৰ কৰ্মী।১২ তেওঁক প্ৰায়ে নিউজিলেণ্ডৰ প্ৰথম স্থানীয় জন্মৰ কবি বুলি কোৱা হয় আৰু নিউজিলেণ্ডৰ শৈলীৰ স্পষ্ট ৰূপ থকা আদিম লেখিকাসকলৰ ভিতৰত অন্যতম আছিল।৩

জীৱনী

১৮৬৪ চনত ৰাকাইয়াত জন্মগ্ৰহণ কৰিছিল মেকে। তেওঁৰ স্কটিছ পিতৃ-মাতৃ আছিল গোহালিৰ ৰখীয়া (পিছলৈ ষ্টেচন মেনেজাৰ) ৰবাৰ্ট মেকে আৰু তেওঁৰ পত্নী এলিজাবেথ মেকে (জন্ম অৰ্মিষ্টন) আৰু তেওঁ আছিল কন্যাৰ এটা বৃহৎ পৰিয়ালৰ ডাঙৰ। ১৪ বছৰ বয়সলৈকে হোমস্কুলীয়া শিক্ষা গ্ৰহণ কৰি শিক্ষক হিচাপে প্ৰশিক্ষণ ল'বলৈ ক্ৰাইষ্টচাৰ্চলৈ যায় আৰু ১৮৮৭ চনৰপৰা ১৮৯৮ চনলৈকে সৰু সৰু গ্ৰাম্য বিদ্যালয়ত অধ্যাপনা কৰে। ১৮৯৮ চনত তেওঁ ডুনেডিনলৈ গুচি যায় আৰু চাৰি বছৰ ধৰি অটাগো উইটনেছৰ সাংবাদিক হিচাপে কাম কৰে।

১৮৮৯ চনত মেকেৰ প্ৰথম খণ্ড কবিতা দ্য স্পিৰিট অৱ দ্য ৰঙাটিৰা প্ৰকাশ পায় আৰু পৰৱৰ্তী দুটা দশকত তেওঁ আৰু তিনিটা খণ্ড প্ৰকাশ কৰে: দ্য চিটাৰ অন দ্য ৰেল (১৮৯১), ফ্ৰম দ্য মাওৰী ছি (১৯০৮) আৰু লেণ্ড অৱ দ্য মৰ্নিং (১৯০৯)।কবি হিচাপে তেওঁ স্কটিছ কিংবদন্তিৰ আধাৰত নিৰ্মিত বেলাডৰ বাবে বেছিকৈ পৰিচিত, যদিও তেওঁৰ প্ৰথম আৰু একমাত্ৰ স্কটলেণ্ড ভ্ৰমণ ১৯২১ চনলৈকে হোৱা নাছিল। তেওঁৰ কবিতাসমূহত নাৰীবাদী বিষয়-বস্তু আৰু মাওৰী মিথ আৰু ৰীতি-নীতিৰ উল্লেখও আছিল। তেওঁৰ প্ৰথম সংকলনৰ আটাইতকৈ বিখ্যাত কবিতাটো আছিল টেনিছনৰ "দ্য চাৰ্জ অৱ দ্য লাইট ব্ৰিগেড"ৰ পেৰ'ডি "দ্য চাৰ্জ এট পাৰিহাকা" য'ত তেওঁ পৰিহাকাত ব্ৰিটিছ চৰকাৰৰ কাৰ্যক গৰিহণা দিয়ে।

১৯০২ চনত মেকে ক্ৰাইষ্টচাৰ্চলৈ গুচি যায় আৰু তাতেই তেওঁৰ ভগ্নী জৰ্জিনাৰ সৈতে থাকে।৩১৯০৪ চনত অসুস্থতাৰ বাবে শিক্ষকতা পৰিত্যাগ কৰিবলৈ বাধ্য হয়। ১৯০৬ চনত তেওঁক কেণ্টাৰবেৰী টাইমছৰ "লেডী এডিটৰ" হিচাপে নিযুক্তি দিয়া হয়।৪ এই সময়ত তেওঁৰ কৰ্মৰাজি নিউজিলেণ্ডৰ অল্পকালীন সাহিত্য আলোচনী নিউজিলেণ্ড ইলাষ্ট্ৰেটেড মেগাজিন (১৮৯৯ চনত অকলেণ্ডত প্ৰতিষ্ঠা, শেষ প্ৰকাশ ১৯০৫)ত প্ৰকাশ পাইছিল। ১৯১৭ চনত কেণ্টাৰবেৰী টাইমছ বন্ধ হোৱাৰ পিছত তেওঁ নিউজিলেণ্ডৰ মহিলা খ্ৰীষ্টান টেম্পৰেন্স ইউনিয়নৰ জাৰ্নেল হোৱাইট ৰিবনৰ দৰে অন্যান্য প্ৰকাশন আৰু কেইবাখনো ব্ৰিটিছ নাৰীবাদী আলোচনীৰ বাবে ফ্ৰীলান্স লিখিবলৈ আৰম্ভ কৰে। নিউজিলেণ্ডৰ কেইবাখনো কাকততো তেওঁৰ কবিতা প্ৰকাশ পাইছিল।৩

১৯২১ চনৰ শেষৰফালে মেকে ইউৰোপ ভ্ৰমণ কৰে আৰু ১৯২২ চনৰ জানুৱাৰী মাহত নিউজিলেণ্ড ছ'চাইটি ফৰ চেল্ফ-ডিটাৰ্মিনেচন ফৰ আয়াৰলেণ্ডৰ হৈ পেৰিছত অনুষ্ঠিত হোৱা আইৰিছ ৰেচ কনভেনচনত অংশগ্ৰহণ কৰে। স্কটলেণ্ড আৰু আয়াৰলেণ্ড দুয়োখন দেশৰ বাবে তেওঁ গৃহ শাসনৰ সমৰ্থক আছিল।৩ এই ভ্ৰমণৰ পিছত মেকেৰ কবিতাৰ চূড়ান্ত খণ্ড দুটা প্ৰকাশ পাইছিল: দ্য ব্ৰাইড অৱ দ্য ৰিভাৰ্ছ (১৯২৬) আৰু ভিজিল (১৯৩৫)। ১৯৩৪ চনত ক্ৰাইষ্টচাৰ্চত তাইক প্ৰশংসাপত্ৰ আৰু চেক উপস্থাপন কৰা হয়। নিউজিলেণ্ড, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ ৩০০ৰো অধিক স্বাক্ষৰ থকা চিঠিখনৰ আৰম্ভণিতে লিখা আছিল: "আমাৰ দেশৰ সাহিত্যিক ইতিহাসত আপোনাৰতকৈ সন্মানিত কোনো নাম নাই।" নিউজিলেণ্ডত সাহিত্যিক পৰম্পৰা গঢ়ি তোলাৰ বাবে তেওঁক প্ৰশংসা কৰা হৈছিল, আৰু তেওঁৰ "সংস্কাৰমূলক উদ্যম, যিয়ে বহু কাৰণৰ প্ৰতি আজীৱন আনুগত্যত নিজকে প্ৰকাশ কৰিছে।"৫ নিউজিলেণ্ডৰ সাহিত্যলৈ তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে নিউজিলেণ্ড চৰকাৰে ১৯৩৬ চনত তেওঁক পেঞ্চন প্ৰদান কৰে।

তেওঁৰ গৱেষণা পত্ৰসমূহ নিউজিলেণ্ডৰ ৰাষ্ট্ৰীয় পুথিভঁৰালৰ হাতত আছে।৬ ১৯৩৯ চনত নিউজিলেণ্ড ছ’চাইটি অৱ অথৰ্ছে (PEN NZ) জেছি মেকে কবিতা বঁটা স্থাপন কৰে আৰু তেতিয়াৰপৰাই বছৰি নিউজিলেণ্ডৰ এজন আগশাৰীৰ কবিক প্ৰদান কৰা হয়। ২০২০ চনৰপৰা ই অকহাম নিউজিলেণ্ড বুক এৱাৰ্ডৰ অংশ।৭ তেওঁৰ জীৱনকালত আৰু ১৯৫৬ চনৰ এখন সংকলনত তেওঁৰ কবিতা অন্তৰ্ভুক্ত কৰা হৈছিল যদিও এলেন কাৰ্ন'ৱে সম্পাদনা কৰা পেংগুইন বুক অৱ নিউজিলেণ্ড ভাৰ্চ (১৯৬০)ৰপৰা বাদ দিয়া হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Jones, Jenny Robin. (20 December 2004). Jessie Mackay. The Literary Encyclopaedia
  2. ↑ Amey, Catherine. (2014). The Compassionate Contrarians: A History of Vegetarians in Aotearoa New Zealand. Rebel Press. pp. 68-73
  3. ↑ Stafford, Jane. (3 June 2012). Jessie Mackay, 1864–1938. Kōtare: New Zealand Notes & Queries. পৃ. 52–58
  4. ↑ Wilson, Philip John. (1966). MACKAY, Jessie. An Encyclopaedia of New Zealand
  5. ↑ (17 December 1934). A New Zealand Writer: Tribute to Miss Jessie Mackay. The Press
  6. ↑ (January 1864). Mackay, Jessie, 1864-1938. National Library of New Zealand
  7. ↑ Derby, Mark. Jessie Mackay poetry prize, 1939. Te Ara - the Encyclopedia of New Zealand

সম্পৰ্কিত শ্ৰেণী

কবিসাংবাদিকনাৰীবাদীনিউজিলেণ্ডৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেছি মেকে” প্ৰবন্ধৰ সংশোধন ৫৯৮৮১৪ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।