অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জেচমিন ভাছিন

জেচমিন ভাছিন (ইংৰাজী: Jasmin Bhasin; জন্ম: ২৮ জুন ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী টেলিভিছনৰ লগতে পঞ্জাবী চলচ্চিত্ৰতো কাম কৰে। তেওঁ ২০১১ চনত তামিল ছবি ৱানামৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল।

হালনাগাদ: ২৩ এপ্ৰিল ২০২৬ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

জেচমিন ভাছিন (ইংৰাজী ভাষা: Jasmin Bhasin; জন্ম: ২৮ জুন ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে হিন্দী ভাষা টেলিভিছনৰ লগতে পঞ্জাবী ভাষা চলচ্চিত্ৰতো কাম কৰে। তেওঁ ২০১১ চনত তামিল ভাষা ছবি ৱানামৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰিছিল। তেওঁ মূলতঃ তছন-ই-ইস্ক (২০১৫–১৬)ত টুইংকল তানেজা আৰু দিল চে দিল তক (২০১৭–১৮)ত তেনি ভানুশালীৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত। ইয়াৰ উপৰি ভাছিনে খতৰন কে খিলাড়ী ৯, খতৰন কে খিলাড়ী – মেড ইন ইণ্ডিয়া আৰু বিগ বছ ১৪ৰ দৰে ৰিয়েলিটী শ্ব’ত অংশগ্ৰহণ কৰিছিল। তেওঁৰ আন উল্লেখযোগ্য কৰ্মসমূহৰ ভিতৰত আছে দিল ত’ হেপ্পী হ্যে জীত হেপ্পী সালুজা আৰু নাগিন ৪: ভাগ্য কা জেহেৰীলা খেলত নয়নতৰাৰ চৰিত্ৰ ৰূপায়ণ। ভাছিনে ২০২২ চনত হানিমুন ছবিখনৰ জৰিয়তে পঞ্জাবী চলচ্চিত্ৰ জগতত খোজ পেলাইছিল।১

প্ৰাৰম্ভিক জীৱন

ভাছিনৰ জন্ম ১৯৯০ চনৰ ২৮ জুনত ৰাজস্থানৰ কোটাত এটা শিখ পৰিয়ালত হৈছিল।২৩ তেওঁ কোটাৰপৰাই স্কুলীয়া শিক্ষা সমাপ্ত কৰে৪ আৰু জয়পুৰৰ এখন হস্পিটালিটি কলেজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে।৫

ব্যক্তিগত জীৱন

২০১৮ চনত খতৰন কে খিলাড়ী ৯ৰ শ্বুটিং চলি থকাৰ সময়তে ভাছিনে অভিনেতা আলী গোনীক লগ পাইছিল। ২০২১ চনত বিগ বছ ১৪ত অংশগ্ৰহণ কৰাৰ পাছত দুয়োৱে ইজনে সিজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক আৰম্ভ কৰে।৬৭

সংবাদ মাধ্যমত

ভাছিনে দ্য টাইমছ অৱ ইণ্ডিয়াৰ ভাৰতীয় টেলিভিছনৰ আটাইতকৈ আকৰ্ষণীয় মহিলাৰ তালিকাত ২০১৮ চনত ১৬ নম্বৰ স্থান,৮ ২০১৯ চনত ১২ নম্বৰ স্থান৯ আৰু ২০২০ চনত ৩ নম্বৰ স্থান লাভ কৰিছিল।১০ ভাছিন ইনষ্টাগ্ৰামত আটাইতকৈ বেছি অনুসৰণকাৰী থকা টেলিভিছন অভিনেত্ৰীসকলৰো অন্যতম।১১

তথ্যসূত্ৰ

  1. ↑ Gippy Grewal, Jasmin Bhasin Starrer Punjabi Film 'Honeymoon' Completes 100 Days In Cinemas. ABPlive
  2. ↑ (28 June 2021). Jasmin Bhasin rings in birthday with Aly Goni in Goa, see photos. The Indian Express
  3. ↑ (28 June 2023). Bigg Boss 14’s Jasmin Bhasin celebrates her 33rd birthday today on a flight while returning to India; Aly Goni, Shardul Pandit and others wish her. The Times of India
  4. ↑ (3 October 2020). Bigg Boss Season 14 Contestant Jasmin Bhasin: Here's all you need to know about the 'Naagin' actress. Jagran English
  5. ↑ (3 February 2019). Jasmin Bhasin: 'When I came out of the Jaipur airport, nostalgia hit me hard'. The Times of India
  6. ↑ (22 February 2021). Bigg Boss 14: Aly Goni hopes to marry Jasmin Bhasin, says 'I will do anything to convince her parents'. Hindustan Times
  7. ↑ (8 December 2020). Bigg Boss 14:From best friend to being in a relationship for 3 years; A Look at Jasmin Bhasin-Aly Goni's Love story. The Times of India
  8. ↑ Meet TV's most desirable actresses of 2018. The Times of India
  9. ↑ MEET THE TIMES 20 MOST DESIRABLE WOMEN ON TELEVISION 2019. The Times of India
  10. ↑ Meet The Times 20 Most Desirable Women on Television 2020. The Times of India
  11. ↑ Tejasswi Prakash to Shivangi Joshi: Top 10 leading TV actresses with most social media followers. Pinkvilla

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় মডেল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জেচমিন ভাছিন” প্ৰবন্ধৰ সংশোধন ৬০২২৭৬ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।