পৰাভুৰ গোবিন্দন দেৱৰাজন (মালয়ালম ভাষা: പരവൂർ ഗോവിന്ദൻ ദേവരാജൻ; ১৯২৭–২০০৬) সাধাৰণতে জি দেৱৰাজন বা দেৱৰাজন মাষ্টাৰ নামেৰে জনাজাত এগৰাকী ভাৰতীয় সংগীত পৰিচালক আৰু কৰ্ণাটকী সংগীত কণ্ঠশিল্পী আছিল। তেওঁক মালয়ালম চলচ্চিত্ৰ সংগীতৰ ইতিহাসত অন্যতম শ্ৰেষ্ঠ সুৰকাৰ হিচাপে গণ্য কৰা হয়, লগতে সমগ্ৰ দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ সংগীতজ্ঞসকলৰ মাজতো এগৰাকী অত্যন্ত সন্মানীয় ব্যক্তিত্ব আছিল।১ তেওঁ ৩০০খনতকৈও অধিক মালয়ালম ভাষা চলচ্চিত্ৰ, বহুতো নাটক, ২০খন তামিল ভাষা আৰু ৪খন কন্নড় ভাষা চলচ্চিত্ৰৰ সংগীত পৰিচালনা কৰিছিল। ভায়ালাৰ ৰামাবৰ্মাৰ সৈতে তেওঁ কৰা কামৰ জৰিয়তে মালয়ালম চলচ্চিত্ৰ সংগীতৰ সোণালী যুগৰ সৃষ্টি হৈছিল আৰু তেওঁৰ বহুতো সুৰ মালয়ালম ভাষাত চিৰসেউজ ক্লাছিক হৈ ৰৈছে। আন্নাই ভেলংকন্নী তামিল চলচ্চিত্ৰখনত তেওঁ আগবঢ়োৱা সংগীতে বহুত প্ৰশংসা বুটলিছিল। দেৱৰাজনে অন্যান্য সন্মানৰ লগতে পাঁচবাৰকৈ কেৰালা চৰকাৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা লাভ কৰিছিল।২ ১৯৯৯ চনত তেওঁক মালয়ালম চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে কেৰালা চৰকাৰৰ সৰ্বোচ্চ সন্মান জে চি ডেনিয়েল বঁটাৰে সন্মানিত কৰা হৈছিল।
প্ৰাৰম্ভিক জীৱন
দেৱৰাজনৰ জন্ম হৈছিল ১৯২৭ চনৰ ২৭ ছেপ্টেম্বৰত তৎকালীন ট্ৰাভাংকুৰৰ কোল্লামৰ সমীপৱৰ্তী পৰাভুৰত। তেওঁ মৃদংগম বাদক তথা শাস্ত্ৰীয় সংগীতশিল্পী পৰাভুৰ এন কচু গোবিন্দন আছান আৰু কচুকুঞ্জুৰ জ্যেষ্ঠ পুত্ৰ আছিল। তেওঁৰ ককাক নাৰায়ণন আছান এগৰাকী কথাকলি শিল্পী আছিল।
তেওঁৰ পিতৃ এগৰাকী মৃদংগম বিদ্বান আৰু দক্ষিণামূৰ্তি পিল্লাইৰ শিষ্য আছিল যদিও তেওঁ মূলতঃ ছাত্ৰ-ছাত্ৰীসকলক কণ্ঠসংগীতহে শিকাইছিল। ইয়াৰ ফলত দেৱৰাজনে নিজৰ পিতৃৰ ওচৰতেই প্ৰায় ১২–১৩ বছৰ ধৰি কৰ্ণাটকী কণ্ঠসংগীত নিপুণভাৱে আয়ত্ত কৰিছিল। তেওঁ ১৯৪৬ চনৰপৰা ১৯৪৮ চনলৈ তিৰুৱনন্তপুৰমৰ ইউনিভাৰ্চিটি কলেজত ইণ্টাৰমিডিয়েট অধ্যয়ন কৰে আৰু প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হয়। পৰৱৰ্তী সময়ত তেওঁ তিৰুৱনন্তপুৰমৰ মহাত্মা গান্ধী কলেজৰপৰা অৰ্থনীতি বিষয়ত বিএ ডিগ্ৰী লাভ কৰে।৩
পৰাভুৰ দেৱৰাজন বা পৰাভুৰ জি দেৱৰাজ নামেৰে তেওঁ এগৰাকী শাস্ত্ৰীয় সংগীতশিল্পী হিচাপে নিজৰ গৌৰৱময় সংগীত জীৱনৰ পাতনি মেলে। ১৭ বছৰ বয়সতে তেওঁ প্ৰথম শাস্ত্ৰীয় সংগীত অনুষ্ঠান পৰিৱেশন কৰে আৰু অল ইণ্ডিয়া ৰেডিঅ'ৰ তিৰুচি তথা ত্ৰিবেন্দ্ৰম কেন্দ্ৰত কেইবাটাও অনুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰে। ১৯৪৫ চনৰপৰা ১৯৬৬ চনলৈকে তেওঁ বহুসংখ্যক শাস্ত্ৰীয় সংগীত অনুষ্ঠান পৰিৱেশন কৰিছিল, য’ত সাধাৰণতে চালকুডী নাৰায়ণস্বামী আৰু মাভেলিকাৰা কৃষ্ণনকুট্টী নায়াৰে সংগত কৰিছিল। নিজৰ শাস্ত্ৰীয় সংগীত অনুষ্ঠানৰ অন্তত তেওঁ উল্লুৰ পৰমেশ্বৰন আয়াৰ, কুমাৰনাছান, চাংগম্পুঝা, জি কুমাৰ পিল্লাই, ও এন ভি কুৰুপ, পি ভাস্কৰন আদিকে ধৰি বহু বিশিষ্ট কবিৰ কবিতাত সুৰ আৰোপ কৰিছিল।৪
অনতিবিলম্বে তেওঁ কমিউনিষ্ট আন্দোলনৰ প্ৰতি আকৰ্ষিত হয় আৰু নিজৰ সৃষ্টিশীল শক্তিক জনপ্ৰিয় সংগীতৰ প্ৰতি উৎসৰ্গা কৰাৰ সিদ্ধান্ত লয়। তেওঁ কেৰালাৰ তাহানিৰ বিখ্যাত নাট্যদল কেৰালা পিপলছ আৰ্টছ ক্লাব (KPAC)ত যোগদান কৰে। তেওঁক জনপ্ৰিয়তাৰ শীৰ্ষলৈ অনা সৃষ্টিটো আছিল "পোন্নাৰিৱল আম্বিলিয়িল কান্নেৰিয়ুন্নোলে" নামৰ নাট্য গীতটি, যিটো তেওঁৰ বন্ধু ও এন ভি কুৰুপে ৰচনা কৰিছিল আৰু ইয়াৰ সুৰাৰোপ কৰাৰ লগতে গীতটো তেওঁ নিজেই গাইছিল। KPAC আৰু ইয়াৰ সদস্যসকলৰ কমিউনিষ্ট আদৰ্শৰ প্ৰতি এক বিশেষ ঝোক আছিল আৰু তেওঁলোকৰ নাটকসমূহে কেৰালাৰ জনসাধাৰণৰ মাজত এই আদৰ্শ প্ৰসাৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। নিজৰ সুৰ সৃষ্টিৰ জৰিয়তে দেৱৰাজনে মালয়ালী থিয়েটাৰ জগতত এক মচিব নোৱাৰা সাঁচ বহুৱাবলৈ সক্ষম হৈছিল, বিশেষকৈ ১৯৫২ চনত থোপ্পিল ভাষীয়ে ৰচনা কৰা বিখ্যাত KPAC নাটক নিংঙলেন্নে কমিউনিষ্টাক্কীৰ পিছত।৫
চলচ্চিত্ৰ জীৱন
তেওঁ সংগীত পৰিচালনা কৰা প্ৰথমখন চলচ্চিত্ৰ আছিল কালাম মাৰুন্নু (১৯৫৫)।৬ ১৯৫৯ চনত চতুৰংগম চলচ্চিত্ৰত তেওঁ কবি-গীতিকাৰ ভায়ালাৰ ৰামাবৰ্মাৰ সৈতে কাম কৰে।৭ তেওঁৰ তৃতীয়খন চলচ্চিত্ৰ আৰু ভায়ালাৰৰ সৈতে দ্বিতীয়খন চলচ্চিত্ৰ ভাৰ্য্যা (১৯৬২) এক বৃহৎ সফল ছবি হিচাপে পৰিগণিত হয় আৰু ই তেওঁলোকক এক জনপ্ৰিয় যুটি হিচাপে গঢ়ি তোলে।৮ ভায়ালাৰ আৰু দেৱৰাজনৰ যুটিয়ে মালয়ালম চলচ্চিত্ৰ সংগীতৰ সোণালী যুগৰ সূচনা কৰিছিল। কে জে য়েছুদাস আৰু পি জয়চন্দ্ৰনৰ দৰে মালয়ালম কণ্ঠশিল্পীসকলে দেৱৰাজনক তেওঁলোকৰ গডফাদাৰ হিচাপে স্মৰণ কৰে।৪
দেৱৰাজনে মালয়ালম চলচ্চিত্ৰ সংগীতত বহুসংখ্যক ৰাগ ব্যৱহাৰ কৰাৰ বাবে পৰিচিত আছিল। তেওঁ নিজৰ সুৰ সৃষ্টিত ১০০তকৈও অধিক ৰাগ ব্যৱহাৰ কৰিছিল। তেওঁৰ সংগীতে বিভিন্ন শৈলী সাবটি লৈছিল য'ত কৰ্ণাটকী আৰু হিন্দুস্তানী শাস্ত্ৰীয় সুৰৰ সৈতে লোকসংগীতৰ ভংগিমা আৰু পশ্চিমীয়া হাৰমনীৰ সংমিশ্ৰণ ঘটিছিল। এগৰাকী তীব্ৰ নাস্তিক হোৱা সত্ত্বেও তেওঁ হৰিৱৰাছনম, গুৰুভায়ুৰ অম্বলনদায়ীইল, চেথী মন্দাৰম তুলসী আৰু নিত্যবিশুদ্ধয়াম কন্যামৰিয়ামেৰ দৰে ভক্তিগীতিৰ সুৰ ৰচনা কৰিছিল, যিবোৰক সেই ধাৰাৰ ক্লাছিক বুলি গণ্য কৰা হয়।৪ লগতে চলচ্চিত্ৰৰ গীত ৰচনাৰ ক্ষেত্ৰত গীতৰ শব্দবোৰ পৰিস্থিতিৰ মেজাজৰ সৈতে খাপ খুৱাই তুলিব পৰা অসাধাৰণ ক্ষমতাৰ বাবে তেওঁ বিশেষভাৱে উল্লেখনীয় আছিল। তেওঁৰ বেছিভাগ হিট গীত ভায়ালাৰ ৰামাবৰ্মাই লিখিছিল।৯ ১৯৭০ চনৰ মাজভাগত ভায়ালাৰৰ মৃত্যু পৰ্যন্ত এই ভায়ালাৰ-দেৱৰাজন যুটি আটাইতকৈ সফল দল হিচাপে প্ৰমাণিত হৈছিল। এই যুটিয়ে উপহাৰ দিয়া শ্বলতাধিক গীত আজিও মালয়ালীসকলৰ নষ্টালজিয়াৰ অংশ হৈ আছে। ভায়ালাৰৰ উপৰি তেওঁ ও এন ভি কুৰুপ, পি ভাস্কৰন, শ্ৰীকুমাৰন থাম্পী আৰু বিচ্যু থিৰুমালাৰ দৰে অন্যান্য কবি তথা গীতিকাৰৰ গীততো সুৰ আৰোপ কৰিছিলদেৱৰাজনক এক সময়ত দক্ষিণ ভাৰতৰ চলচ্চিত্ৰ সংগীতৰ পিতামহ বুলি গণ্য কৰা হৈছিল। শাস্ত্ৰীয় সংগীতৰ গভীৰ জ্ঞানৰ বাবে সেই সময়ৰ সকলো সংগীতজ্ঞ আৰু কণ্ঠশিল্পীয়ে তেওঁক যথেষ্ট ভয় আৰু শ্ৰদ্ধা কৰিছিল। আনৰ ওপৰত থকা এই আধিপত্যৰ বাবেই হয়তো তেওঁ অহংকাৰী বুলিও বহুলভাৱে জনাজাত আছিল। কিন্তু সংগীত জগতত তেওঁ মৃত্যুৰ আগমুহূৰ্তলৈকে এক ৰাজকীয় মৰ্যাদা লাভ কৰিছিল।১০
য়েছুদাস, পি লীলা, পি মাধুৰী, পি. সুশীলা আৰু পি জয়চন্দ্ৰনে তেওঁৰ বেছিভাগ গীত গাইছিল। তেওঁ ১৩০ জনতকৈও অধিক কণ্ঠশিল্পীৰ সৈতে কাম কৰিছিল। এম কে অৰ্জুনন, আৰ কে শেখৰ, জনছন, বিদ্যাসাগৰ, আউছেপ্পাচন, ইলায়াৰাজা, এ. আৰ. ৰহমান আৰু বহুতো ব্যক্তি যিসকল পৰৱৰ্তী সময়ত সংগীত পৰিচালক হিচাপে প্ৰসিদ্ধ হৈছিল, তেওঁলোকে দেৱৰাজনৰ সহকাৰী, কণ্ডাক্টৰ আৰু বাদ্যযন্ত্ৰী হিচাপে কাম কৰিছিল।
দেৱৰাজনে নিজেই সংকলন কৰা দেৱগীতীকল নামৰ এখন সম্পূৰ্ণ গ্ৰন্থ প্ৰকাশ পাইছে আৰু কিতাপখন অথেন্তিক বুকছে প্ৰকাশ কৰিছে।১১
২০০৬ চনৰ ১৫ মাৰ্চত চেন্নাইৰ নিজা বাসগৃহত তীব্ৰ হৃদৰোগত আক্ৰান্ত হৈ দেৱৰাজনৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। তেওঁৰ নশ্বৰ দেহ বিমানযোগে তিৰুৱনন্তপুৰমলৈ লৈ যোৱা হয় আৰু তেওঁৰ গৃহ চহৰ পৰাভুৰৰ নেহৰু পাৰ্কত ৰাজ্যিক মৰ্যাদাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।১২
আংশিক চলচ্চিত্ৰপঞ্জী
মালয়ালম
- ওমানাকুত্তন (১৯৬৪)
- মৰম (১৯৭৩)
- ভূমিদেৱী পুষ্পিণীয়ায়ী (১৯৭৪)
- আম্মিণী আম্মাৱন (১৯৭৬)
- বিষ্ণু বিজয়ম (১৯৭৪)
- চাট্টাকাৰী (১৯৭৪)
- পোন্নী (১৯Tracker৭৬)
- আল্লাহুদ্দিনুম অৰ್ভুত ৱিধাক্কুম (১৯৭৯)
- শালিনী এণ্টে কূট্টুকাৰী (১৯৮০)
- মীন (১৯৮০)
- পৰংগিমালা (১৯৮১)
- ময়ূৰনৃত্যম (১৯৯৬)
তামিল
- কাৱাল দেৱম (১৯৬৯)
- কস্তুৰী তিলকম (১৯৭০)
- আন্নাই ভেলংকন্নী (১৯৭১)
- পৰুৱা কালম (১৯৭৪)
- অন্থৰংগম (১৯৭৫)
- ভিল্লিয়ানুৰ মাথা (১৯৮৩)
- আল্লাহুদ্দিনুম অৰ্ভুত ৱিধাক্কুম (১৯৭৯)
বঁটা আৰু সন্মান
কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটা:
- ১৯৬৯ – শ্ৰেষ্ঠ সংগীত পৰিচালক
- ১৯৭০ – শ্ৰেষ্ঠ সংগীত পৰিচালক (ত্ৰিবেণী)
- ১৯৭২ – শ্ৰেষ্ঠ সংগীত পৰিচালক
- ১৯৮৫ – শ্ৰেষ্ঠ সংগীত পৰিচালক
- ১৯৯১ – শ্ৰেষ্ঠ নেপথ্য সংগীত (য়মনম)
- ১৯৯৯ – জীৱনজোৰা সাধনাৰ বাবে কেৰালা চৰকাৰৰ জে চি ডেনিয়েল বঁটা
কেৰালা চলচ্চিত্ৰ সমালোচক সংস্থা বঁটা:
- ১৯৭৭ - শ্ৰেষ্ঠ সংগীত পৰিচালক
- ১৯৭৮ - শ্ৰেষ্ঠ সংগীত পৰিচালক
- ১৯৭৯ - শ্ৰেষ্ঠ সংগীত পৰিচালক
অন্যান্য
- ১৯৮০ - কেৰালা সংগীত নাটক একাডেমী ফেলোশ্বিপ।১৩
বাহ্যিক সংযোগ
- Hindu online, Soaring on the wings of poetry
- Hindu online, Music from the heart
- Hindu online, Ode to a legend
- Malayalam music orphaned – (Sunday Kaumudi)
- R.I.P. G. Devarajan Master
- Devarajan Master
- G Devarajan at MSI
- All Malayalam Movie Songs Composed by G Devarajan at MSI
- All Malayalam Non Movie Songs Composed by G Devarajan at MSI
- An interview with Devarajan Master
- Remembering a master composer
তথ্যসূত্ৰ
- ↑ Parayath, Prakash. (14 March 2011). Devarajan, the true master. The New Indian Express
- ↑ Kumar, P. k Ajith. (2019-09-24). A melodious obsession. The Hindu. পৃ. 6
- ↑ (20 September 2023). Devageethikal. Authentic Books. পৃ. 15. ISBN 978-81-89125-08-0
- ↑ Paravur Devarajan. FAS Paravur
- ↑ Perumpuzha, Gopalakrishnan. (2009). G. Devarajan: Sangeethatinte Rajashilpi. Olive Publications
- ↑ MalayalaSangeetham.Info - the Comprehensive Malayalam Music and Movie Database
- ↑ Profile of G. Devarajan. Malayalam Music and Movie Encyclopedia
- ↑ MalayalaSangeetham.Info - the Comprehensive Malayalam Music and Movie Database
- ↑ Nair, N.J. Soaring on the wings of Poetry. The Hindu - Online Edition. The Hindu
- ↑ (29 June 2015). "Mohaalasyam Madhuramamoru" – Gangasangamam (1971) – Malayalam Feature Film. The Southern Nightingale
- ↑ (20 September 2023). Devageethikal. Authentic Books. পৃ. 1. ISBN 978-81-89125-08-0
- ↑ (2006-03-15). Music director G Devarajan dies. The Times of India
- ↑ Classical Music. Department of Cultural Affairs, Government of Kerala
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জি দেৱৰাজন” প্ৰবন্ধৰ সংশোধন ৬২৩৬৪৭ (৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।