অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জামিয়াং চেৰিং নামগ্যাল

জামিয়াং চেৰিং নামগ্যাল ওৰফে জেটিএন এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভৌগোলিকভাৱে ভাৰতৰ সৰ্ববৃহৎ সংসদীয় আসন লাডাখ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ লোকসভাত সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

হালনাগাদ: ১০ ছেপ্তেম্বৰ ২০২৫ ৩৪৫ শব্দ · ২ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

জামিয়াং চেৰিং নামগ্যাল ওৰফে জেটিএন এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ভৌগোলিকভাৱে ভাৰতৰ সৰ্ববৃহৎ সংসদীয় আসন লাডাখ লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈ লোকসভাত সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৮ চনৰ ৯ নৱেম্বৰত, আটাইতকৈ কম বয়সীয়া আৰু ১আৰু লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য উন্নয়ন পৰিষদ, লেহৰ অষ্টম মুখ্য কাৰ্যবাহী কাউন্সিলাৰ (চিইচি) হিচাপে নিৰ্বাচিত হৈছিল।২তেওঁ ভাৰতীয় জনতা পাৰ্টি(বিজেপি)ৰ এজন সক্ৰিয় সদস্য।৩তেওঁ বৰ্তমান সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা নাই।

আৰম্ভণি জীৱন

১৯৮৫ চনৰ ৪ আগষ্টত ভাৰতৰ জম্মু-কাশ্মীৰ ৰাজ্যৰ (বৰ্তমান লাডাখ)ৰ লেহ জিলাৰ মাথোঁ গাঁৱত, ষ্টেনজিন ডৰ্জে আৰু ইশ্বে পুটিটৰ ঘৰত জনপ্ৰিয় জেটিএন নামেৰে জনাজাত জামিয়াং চেৰিং নামগ্যালৰ জন্ম হৈছিল। তেওঁ কেন্দ্ৰীয় বৌদ্ধ অধ্যয়ন প্ৰতিষ্ঠান, লেহৰ পৰা দ্বাদশ পৰীক্ষাত উত্তীৰ্ণ হয়। পিছলৈ তেওঁ জম্মু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ বৌদ্ধ ধৰ্ম পালন কৰে।

ৰাজনৈতিক কেৰিয়াৰ

তেওঁ ৰাজনীতিত যোগদান কৰাৰ পূৰ্বে জম্মুৰ সদৌ লাডাখ ছাত্ৰ সন্থাৰ বিভিন্ন পদবীত আৰু ২০১১ চনৰ পৰা ২০১২ চনলৈ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।৪বিজেপিৰ সদস্য লেহ ৰাজনীতিত যোগদান কৰাৰ পিছত লাডাখ লোকসভা সংসদ থুপস্তান চেৱাংৰ ব্যক্তিগত সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০১৫ চনত মাৰ্টচেলাং সমষ্টিৰ পৰা লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য উন্নয়ন পৰিষদ, লেহৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি অভিলেখ ব্যৱধানত জয়লাভ কৰে।৫লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য উন্নয়ন পৰিষদ, লেহ, কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হয়। পিছলৈ ডৰ্জয় মটুপে মুখ্য কাৰ্যবাহী কাউন্সিলাৰ পদৰ পৰা পদত্যাগ কৰাৰ পিছত জামিয়াং চেৰিং নামগ্যাল লাডাখ স্বায়ত্তশাসিত পাহাৰ উন্নয়ন পৰিষদ, লেহৰ অষ্টম মুখ্য কাৰ্যবাহী কাউন্সিলাৰ হিচাপে নিৰ্বাচিত হয়। ২০১৯ চনৰ ২৯ মাৰ্চত বিজেপিয়ে লাডাখ সংসদীয় সমষ্টিৰ পৰা জেটিএনক প্ৰক্ষেপ কৰিছিল।৬২০১৯ চনৰ সাধাৰণ নিৰ্বাচন(লোকসভা নিৰ্বাচন) ২০১৯ চনৰ ৬ মে'ত ভোটদান আৰু ২০১৯ চনৰ ২৩ মে'ত গণনা হৈছিল। তেখেতে লাডাখ সমষ্টিক প্ৰতিনিধিত্ব কৰি ১৭ নং লোকসভালৈ নিৰ্বাচিত হয়। তেওঁ লোকসভাত জম্মু-কাশ্মীৰ পুনৰ্গঠন আইন, ২০১৯(লাডাখক পুনৰ নিযুক্ত কৰা) ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে নিশ্চিত কৰা বিধেয়কখনক সমৰ্থন আগবঢ়ায়।৭৮৯১০১১১২আৰু ভাৰতীয় জম্মু-কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল, জম্মু-কাশ্মীৰক ঋণ দিয়া, ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ৩৭০,১৯৫৪ চনৰ ৰাষ্ট্ৰপতিৰ আদেশ আদি।১৩১৪ তেওঁক ইয়াৰ বাবে বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰশংসা কৰিছিল। ১৫

প্ৰকাশিত ৰচনা

  • এখন কবিতা গ্ৰন্থৰ লেখক আৰু প্ৰকাশ ༄། །སྙན་ངག་གི་ལེགས་སྐྱེས།། A Gift of Poetry ২০১৩।
  • ডেইলী এক্সেলচিয়াৰৰ দ্বাৰা ২০১৪ চনৰ ১১ মাৰ্চত প্ৰকাশিত Divisional Status for Ladakh- Its Implication এটা প্ৰবন্ধ।১৬
  • হিমালয়ান সাংস্কৃতিক ঐতিহ্য ন্যাসে ২০১২ চনৰ মূল কাহিনী হিচাপে প্ৰকাশ কৰা Inclusion of Bhoti Language in the Eight Schedule of Indian Constitution নামৰ প্ৰবন্ধ।

তথ্যসূত্ৰ

  1. ↑ (9 November 2018). Jamyang Namgyal elected as youngest CEC of LAHDC, Leh, Gyal Wangyal will be the new Dy CEC. State Times
  2. ↑ Executive Council – District Leh-Ladakh, Government of Jammu and Kashmir
  3. ↑ Jerath, Arati R. (10 November 2018). BJP elects Namgyal as Leh Council CEC. Tribuneindia.com
  4. ↑ Nurboo, Tsewang. (10 February 2018). Will of democracy in Ladakh. State Times
  5. ↑ Ritwik, Shaurya. (27 December 2017). Ladakh Beyond Tourism: With Jamyang Tsering Namgyal. The Charticle
  6. ↑ Khajuria, Ravi Krishnan. (30 March 2019). Lok Sabha Elections 2019: BJP fields 31-year-old Namgyal from Ladakh constituency. Hindustan Times
  7. ↑ The Speech That Made Jamyang Tsering Namgyal A Star. ইউটিউব
  8. ↑ (6 August 2019). Members of two families think Kashmir is their father's property: Ladakh MP Jamyang Namgyal. Indian Express
  9. ↑ (6 August 2019). लद्दाख के सांसद ने कहा- मोदी है तो मुमकिन है; प्रधानमंत्री ने कहा- बेहतरीन भाषण, जरूर सुनना चाहिए. Dainik Bhaskar
  10. ↑ (6 August 2019). 'Only two families will lose their livelihood': Ladakh MP's speech in Lok Sabha wins PM Modi's praise. The Times of India
  11. ↑ Ghosh. (6 August 2020). "Must Hear": PM Modi On Ladakh Lawmaker's Speech On Article 370. NDTV
  12. ↑ Sengupta, Ashok. (11 August 2019). Service, Sentiment and Samarthan: How Buddhist Ladakh Made the Loudest Noise for a Change. News18
  13. ↑ (10 June 2020). China did occupy Indian territory, but..: Ladakh BJP MP replies to Rahul Gandhi. India Today
  14. ↑ Ghosh, Deepshikha. (10 June 2020). "Chinese Occupied Indian Territory..": Ladakh BJP MP Rebuts Rahul Gandhi. NDTV
  15. ↑ Bailay, Rasul. (8 August 2019). Ladakh MP Jamyang Tsering Namgyal becomes star overnight after Parliament speech. The Economic Times
  16. ↑ Excelsior, Daily. (10 March 2014). Divisional status for Ladakh- Its implications

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় ৰাজনীতিবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জামিয়াং চেৰিং নামগ্যাল” প্ৰবন্ধৰ সংশোধন ৫৩৮০৭৯ (১০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।