অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জাহিদা খাতুন শ্বেৰৱানী

জে খে শ্বীন (Zahida Khatun Sherwani, জন্ম-জাহিদা খাতুন শ্বেৰৱানী; ১৮ ডিচেম্বৰ ১৮৯৪ – ২ ফেব্ৰুৱাৰী ১৯২২; কেতিয়াবা জে খায় শ্বীন হিচাপেও লিখা হয়) এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক৷ তেওঁ উৰ্দু ভাষাত লিখিছিল৷ তেওঁ এগৰাকী মহিলাৰ অধিকাৰ কৰ্মী আছিল।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ৩৪৪ শব্দ · ২ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

জে খে শ্বীন (Zahida Khatun Sherwani, জন্ম-জাহিদা খাতুন শ্বেৰৱানী; ১৮ ডিচেম্বৰ ১৮৯৪ – ২ ফেব্ৰুৱাৰী ১৯২২; কেতিয়াবা জে খায় শ্বীন হিচাপেও লিখা হয়)১ এগৰাকী ভাৰতীয় কবি আৰু সাহিত্যিক৷ তেওঁ উৰ্দু ভাষাত লিখিছিল৷ তেওঁ এগৰাকী মহিলাৰ অধিকাৰ কৰ্মী আছিল। ৰক্ষণশীল মুছলমান সমাজে মহিলাসকলক কবিতা লিখিবলৈ বা নাৰীৰ অধিকাৰ ৰক্ষা কৰা আন্দোলন আৰম্ভ কৰিবলৈ অনুমতি নিদিয়াৰ পৰিপ্ৰেক্ষিতত তেওঁ নিজৰ কবিতাসমূহ জে খায় শ্বীন (বা জেড-খ-এছ) আৰু নুজহাট ছদ্মনামেৰে প্ৰকাশ কৰিছিল।২৩৪ তেওঁ শ্বেৰৱানী জনগোষ্ঠীৰ মাটিৰ মালিকৰ এটা ধনী পৰিয়ালৰ আছিল। তেওঁ উৰ্দু ভাষাত লিখা একাংশ ৰোমাণ্টিক কবিতা আৰু গজলে যুৱক-যুৱতীসকলক আকৰ্ষিত কৰিছিল।.৫

১৮৯৪ চনৰ ১৮ ডিচেম্বৰত উত্তৰ ভাৰতৰ আলিগড় জিলাৰ ভিকামপুৰত জাহিদাই জন্মগ্ৰহণ কৰিছিল৷ তেওঁৰ পিতৃ আছিল নবাব ছাৰ মহম্মদ মুজাম্মিলুল্লাহ খান (১৮৬৫–১৯৩৮)৷ তেওঁ আলিগড় আন্দোলনত সক্ৰিয় অংশগ্ৰহণ কৰা ভিকামপুৰৰ এজন ধনীক শ্ৰেণীৰ ব্যক্তি। তেওঁ যি শ্বেৰৱানী বংশৰ অন্তৰ্গত আছিল, সেইসকল আছিল শিক্ষাৰ ক্ষেত্ৰত উচ্চ পদস্থ পণ্ডিত লোক, যদিও প্ৰগতিশীল দৃষ্টিভংগীত তেওঁলোক ৰক্ষণশীল আছিল।২ শ্বেৰৱানীৰ মাতৃৰ মৃত্যুৰ লগে লগে তেওঁৰ পিতৃয়ে নিজৰ সন্তানৰ শিক্ষাৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিছিল৷ তেওঁ সন্তানসকলৰ বাবে আনুষ্ঠানিক বিছমিল্লাহ অনুষ্ঠান পৰিৱেশন কৰিছিল যি কোৰআনৰ শিক্ষাৰ দীক্ষা হিচাপে চিহ্নিত কৰিছিল। তেতিয়া শ্বেৰৱানীৰ বয়স চাৰি বছৰ। তেওঁক আৰু তেওঁৰ ভনীয়েকক সংস্কৃতিৰ শিক্ষাৰ অংশ হিচাপে পাৰ্চী ভাষা শিকোৱা হৈছিল৷ তেওঁলোকক পাৰ্চী শিকাইছিল এগৰাকী গৱৰ্ণৰ ফাৰখুণ্ডা বেগম তেহেৰানীয়ে; যিগৰাকী ভাৰতলৈ প্ৰব্ৰজন কৰা ইৰাণী মহিলা আছিল আৰু যিগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক কবিতা পঢ়া, লিখা আৰু শিকাইছিল। শ্বেৰৱানীয়ে তেওঁৰ তত্ত্বাৱধানত কেৱল পাৰ্চী ভাষাতে নহয়, উৰ্দু ভাষাতো কবিতা লিখিবলৈ শিকিছিল আৰু আলিগড়ত থকা তেওঁলোকৰ ঘৰৰ সীমাৰ বাহিৰত অন্যান্য জ্ঞানো লাভ কৰিছিল।২

শ্বেৰৱানীৰ পিতৃয়ে নিশ্চিত কৰিছিল যে তেওঁ আৰু তেওঁৰ ভাই-ভনীসকলে ইছলামিক ধৰ্মতত্ত্ব আৰু উৰ্দু ভাষাত ব্যাখ্যামূলক গদ্য শিকিব। ইয়াৰ বাবে তেওঁ আলিগড়ৰ জুমা মছজিদৰ ইমামৰ পৰিয়ালৰ অন্তৰ্গত আৰু আহলে হাদীছ আন্দোলনত অংশগ্ৰহণ কৰা মহম্মদ ইয়াকুব ইছৰাইলিথে নিযুক্তি দিয়ে। এই সময়ছোৱাত তেওঁৰ পিতৃয়েও আলিগড়ত ছোৱালীৰ বিদ্যালয় আৰু মহিলাৰ স্বাভাৱিক বিদ্যালয় স্থাপন আৰু আলিগড় মহাবিদ্যালয়খনক মুছলমান বিশ্ববিদ্যালয়লৈ উন্নীত কৰাত সক্ৰিয় আছিল। এই সময়ত শ্বেৰৱানীয়ে কবিতা আৰু লগতে অন্যান্য প্ৰবন্ধ লিখি আলিগড়ৰ খাতুন, দিল্লীৰ ইছমাত আৰু লাহোৰৰ শ্বৰীফ বিবি আদি আলোচনীত প্ৰকাশ কৰিছিল। তেওঁ ভীকামপুৰ আৰু দাতুলিৰ ল’ৰা-ছোৱালীৰ বাবে বিদ্যালয়ৰ প্ৰচাৰ আৰু আলিগড় বালিকা বিদ্যালয়ৰ বৰ্ডিং হাউচ চলোৱাৰ বাবে ধন আহৰণ কৰা শ্বেৰৱানী বংশৰ যুৱক-যুৱতীক লৈ গঠিত ইয়ং শ্বেৰৱানিছ লীগ প্ৰতিষ্ঠা কৰাৰ দায়িত্বতো আছিল।২

তথ্যসূত্ৰ

  1. ↑ Parekh, Rauf. (2015-04-13). LITERARY NOTES: Urdu writers and poets who died young. DAWN.COM
  2. ↑ Minault, Gail. Zay Khay Sheen, Aligarh's Purdah-Nashin Poet. Columbia University
  3. ↑ (19 February 2012). Contribution of Zay Khay Sheen highlighted. Dawn
  4. ↑ Shaista Suhrawardy Ikramullah. (1 January 2006). A Critical Survey of the Development of the Urdu Novel and Short Story. Oxford University Press. ISBN 978-0-19-547250-9
  5. ↑ (2005). The First And Important Poetess Published In Urdu Literary Magazines Zay-Khay-Sheen Her Biographical Sketch And Research And Critical Appraisal. Pakistan Research Repository:Higher Education Commission Pakistan

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ নাৰীভাৰতীয় মহিলা কবিকুৰি শতিকাৰ ব্যক্তিসাহিত্যিকসমাজকৰ্মীভাৰতৰ মহিলা সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাহিদা খাতুন শ্বেৰৱানী” প্ৰবন্ধৰ সংশোধন ৫৯২০৫৩ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।