জান্নাত জুবাইৰ ৰহমানী (ইংৰাজী ভাষা: Jannat Zubair Rahmani; জন্ম: ২৯ আগষ্ট ২০০১)১ এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে প্ৰধানকৈ হিন্দী ভাষা ভাষাৰ টেলিভিছন ধাৰাবাহিক আৰু চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ‘কাছী – অব না ৰহে তেৰা কাগজ কোৰা’ত কাছী, ‘ফুলৱা’ত ফুলৱা আৰু ‘তু আশিকী’ত পংক্তি চৰিত্ৰত কৰা অভিনয়ৰ বাবে বেছি পৰিচিত। ২০২২ চনত ৰহমানীয়ে কালাৰ্ছ টিভিৰ ষ্টাণ্ট ভিত্তিক শ্ব’ ‘খটৰো কে খিলাড়ী ১২’-ত অংশগ্ৰহণ কৰিছিল আৰু চতুৰ্থ স্থান লাভ কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
২০০১ চনৰ ২৯ আগষ্টত মুম্বাইত জান্নাত জুবাইৰ ৰহমানীৰ জন্ম হৈছিল।২ তেওঁৰ পিতৃ জুবাইৰ আহমদ ৰহমানী আৰু মাতৃ নাজনীন জুবাইৰ ৰহমানী।৩
২০১৯ চনত জুবাইৰে দ্বাদশ শ্ৰেণীৰ এইচ.এছ.চি. ব’ৰ্ড পৰীক্ষাত ৮১% নম্বৰ লাভ কৰিছিল।৪ তেওঁ মুম্বাইৰ কান্দিভালিৰ এখন ব্যক্তিগত মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৫
কৰ্মজীৱন
২০০৮ চনত এনডিটিভি ইমাজিনৰ ‘চান্দ কে পাৰ চলো’ ধাৰাবাহিকৰ জৰিয়তে তেওঁ অভিনয় জীৱন আৰম্ভ কৰিছিল।৬ ইয়াৰ পিছত তেওঁ ষ্টাৰ ৱানৰ চিকিৎসাভিত্তিক ৰোমান্টিক ধাৰাবাহিক ‘দিল মিল গয়ে’-ত তামান্না নামৰ এগৰাকী কম বয়সীয়া ৰোগীৰ কেমিঅ’ চৰিত্ৰত অভিনয় কৰে। কিন্তু শিশু শিল্পী হিচাপে তেওঁ ২০১০ চনত ইমাজিন টিভিৰ ‘কাছী – অব না ৰহে তেৰা কাগজ কোৰা’ আৰু ২০১১ চনত কালাৰ্ছ টিভিৰ ‘ফুলৱা’ৰ জৰিয়তেহে বিশেষ স্বীকৃতি লাভ কৰে।৭ ইয়াৰ পিছত তেওঁ ‘ভাৰত কা বীৰ পুত্ৰ – মহাৰাণা প্ৰতাপ’-ত সৰু ফুল কনোৱাৰৰ চৰিত্ৰত অভিনয় কৰিছিল।৮
২০১৭ চনত ৰহমানীয়ে কালাৰ্ছ টিভিৰ ৰোমান্টিক ধাৰাবাহিক ‘তু আশিকী’-ত পংক্তি শৰ্মা ধনৰাজগিৰৰ মুখ্য চৰিত্ৰত অভিনয় কৰে। ২০১৮ চনত তেওঁ বলীউডৰ ছবি ‘হিচকি’-ত এগৰাকী ছাত্ৰীৰ চৰিত্ৰত অভিনয় কৰিছিল।৯
২০২২ চনত তেওঁ কালাৰ্ছ টিভিৰ ষ্টাণ্ট ভিত্তিক ৰিয়েলিটি শ্ব’ ‘খটৰো কে খিলাড়ী ১২’-ত প্ৰতিদ্বন্দ্বিতা কৰি চতুৰ্থ স্থান লাভ কৰে।১০ দিলৰাজ গ্ৰেৱালৰ বিপৰীতে ‘কুলছে ছোলে’ নামৰ ছবিখনৰ জৰিয়তে তেওঁ পঞ্জাবী চলচ্চিত্ৰত অভিষেক ঘটায়।১১ ছবিখন ১১ নৱেম্বৰ ২০২২-ত মুক্তি পাইছিল।১২ ২০২৫ চনৰ জুন মাহত তেওঁ প্ৰাইম ভিডিঅ’ৰ ‘দ্য ট্ৰেইটৰ্ছ ইণ্ডিয়া’ত প্ৰতিযোগী হিচাপে অংশ লয়।১৩ তেওঁ নৱম দিনা প্ৰতিযোগিতাৰ পৰা বাহিৰ হয় আৰু অষ্টম স্থান লাভ কৰে।১৪
মাধ্যম
২০২০ চনৰ জানুৱাৰী মাহত জান্নাতক ভাৰতৰ এটা ইলেক্ট্ৰনিক্স ব্ৰেণ্ড ‘ইউবন’ৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্ত কৰা হয়।১৫১৬
২০২২ চনত ৰহমানীয়ে ফৰ্বছৰ ‘৩০ আণ্ডাৰ ৩০’এছিয়া তালিকাৰ "মিডিয়া, মাৰ্কেটিং এণ্ড এডভাৰটাইজিং" বিভাগত স্থান লাভ কৰিছিল।১৭১৮
তথ্যসূত্ৰ
- ↑ (30 August 2019). Jannat Zubair turns 18; celebrates birthday with Somi-Saba Khan, Reem Sheikh, Vikas Gupta and others. The Times of India
- ↑ Yadav, Prerna. (29 August 2021). Jannat Zubair turns 20: Fans can't keep calm as they share sweet birthday wishes for actress on Twitter. India TV News
- ↑ (8 April 2021). Meet the TV actors who cannot travel without their parents. The Times of India
- ↑ (28 May 2019). HSC Result 2019: Tu Aashiqui fame Jannat Zubair Rehmani secures 81 percent. The Times of India
- ↑ (30 May 2019). Jannat Zubair Rahmani shares her happiness after scoring 81% in 12th board exams · Exclusive. Times Now
- ↑ (24 August 2023). Jannat Zubair meets die-hard fan in Phuket who got her name and picture tattooed on her arm; thanks her for 'unconditional support'. The Times of India
- ↑ (15 November 2018). From Siddharth Nigam, Jannat Zubair Rehmani to Avneet Kaur: Young brigade take over TV. The Times of India
- ↑ Jannat Zubair in Maharana Pratap. The Times of India
- ↑ (17 March 2018). KISSING SCENE को 'ना' कहने वाली टीवी star जन्नत 'हिचकी' में निभाएंगी अहम किरदार. Patrika News
- ↑ (3 July 2022). I've enjoyed doing all the stunts and I can't wait for everyone to watch it. The Times of India
- ↑ (17 October 2022). Jannat Zubair to make her lead debut with 'Kulche Chole'. Outlook India
- ↑ (11 November 2022). Kulche Chole movie: Dilraj Grewal, Jannat Zubair serve a middling dish that lacks flavour. The Indian Express
- ↑ Fernandes, Shefali. (30 May 2025). The Traitors CONFIRMED Contestants List: Jannat Zubair, Karan Kundrra, Apoorva Mukhija Join The Ultimate Test Of Trust & Betrayal. Free Press Journal
- ↑ Narain, Yatamanyu. (27 June 2025). Jannat Zubair Bids Emotional Goodbye To The Traitors, Says ‘Loyality Costs You'. News18
- ↑ Sharma, Ravi. (29 January 2020). UBON's New Brand Ambassador - Actress Jannat Zubair · Tik-Tok Sensation. the National TV
- ↑ Network, NDM News. (5 January 2020). UBON Appoints Internet Sensation Jannat Zubair as its Brand Ambassador. DIGITAL TERMINAL
- ↑ Forbes 30 Under 30 Asia 2021: Youngest. Forbes
- ↑ (9 February 2022). Milestone week for Jannat Zubair. Bollywood Hungama
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জান্নাত জুবাইৰ ৰহমানী” প্ৰবন্ধৰ সংশোধন ৫৯১৯২২ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।