অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জাহানাৰা শ্বাহনৱাজ

বেগম জাহানাৰা শ্বাহনৱাজ (বা জেহান আৰা শ্বাহ নৱাজ, জন্ম: ৭ এপ্ৰিল ১৮৯৬ – মৃত্যু: ২৭ নৱেম্বৰ ১৯৭৯) ব্ৰিটিছ ভাৰতৰ, বৰ্তমানৰ পাকিস্তানৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ মিয়ান মহম্মদ শ্বাহনৱাজৰ পত্নী ছাৰ মহম্মদ শ্বাফীৰ কন্যা।

হালনাগাদ: ১৫ মে’ ২০২৪ ১৮৬ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

বেগম জাহানাৰা শ্বাহনৱাজ (বা জেহান আৰা শ্বাহ নৱাজ, জন্ম: ৭ এপ্ৰিল ১৮৯৬ – মৃত্যু: ২৭ নৱেম্বৰ ১৯৭৯) ব্ৰিটিছ ভাৰতৰ, বৰ্তমানৰ পাকিস্তানৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ মিয়ান মহম্মদ শ্বাহনৱাজৰ পত্নী ছাৰ মহম্মদ শ্বাফীৰ১ কন্যা। তেওঁ লাহোৰৰ কুইন মেৰী কলেজত অধ্যয়ন কৰিছিল১ আৰু তেওঁ আছিল মুছলিম লীগ২ আৰু মহিলা অধিকাৰৰ এগৰাকী কৰ্মী।

পৰিয়াল

জাহানাৰা শ্বাহনৱাজ লাহোৰৰ বাঘবনপুৰাৰ বিশিষ্ট আৰাইন মিয়ান পৰিয়ালৰ আছিল। তেওঁৰ পিতৃ ছাৰ মহম্মদ শ্বাফী আছিল এজন বিশিষ্ট অধিবক্তা আৰু ৰাজনীতিবিদ।৩

ৰাজনৈতিক জীৱন

১৯১৮ চনত জাহানাৰা শ্বাহনৱাজে সৰ্বভাৰতীয় মুছলমান মহিলা সন্মিলনত বহুবিবাহৰ বিৰুদ্ধে প্ৰস্তাৱ গৃহীত কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়।১ ১৯৩৫ চনত তেওঁ পঞ্জাৱ প্ৰভিন্সিয়েল উইমেনছ মুছলিম লীগ প্ৰতিষ্ঠা কৰে।১ ১৯৩০ চনৰ গোলটেবুল বৈঠকত তেওঁ আৰু ৰাধাবাই সুব্বাৰায়ন, এই দুগৰাকী মহিলা সংগঠনৰ সক্ৰিয় সদস্য সন্মিলনলৈ মনোনীত হৈছিল; তেওঁলোকে বিফল হ’লেও বিধায়িনী দলত মহিলাৰ বাবে ৫ শতাংশ সংৰক্ষণৰ বাবে যুক্তি আগবঢ়াইছিল।৪

১৯৩৭ চনত তেওঁ পঞ্জাৱ বিধানসভালৈ নিৰ্বাচিত হয় আৰু শিক্ষা, চিকিৎসা সাহায্য আৰু জনস্বাস্থ্যৰ সংসদীয় সচিব হিচাপে নিযুক্তি লাভ কৰে।১ ১৯৩৮ চনত তেওঁ অল ইণ্ডিয়া মুছলিম লীগৰ মহিলা কেন্দ্ৰীয় উপসমিতিৰ সদস্য হয়।১১৯৪২ চনত ভাৰত চৰকাৰে তেওঁক ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পৰিষদৰ সদস্য হিচাপে নিযুক্তি দিয়ে যদিও মুছলিম লীগে লীগৰ সদস্যসকলক প্ৰতিৰক্ষা পৰিষদৰ পৰা পদত্যাগ কৰিবলৈ কয়।১ তেওঁ সেই প্ৰস্তাৱ নাকচ কৰে আৰু এইদৰে মুছলিম লীগৰ পৰা তেওঁক আঁতৰাই দিয়া হয়।১ কিন্তু ১৯৪৬ চনত তেওঁ পুনৰ লীগত যোগদান কৰে আৰু সেই বছৰতে কেন্দ্ৰীয় সংবিধানসভালৈ নিৰ্বাচিত হয়।১ সেই বছৰতে তেওঁ এম.এ. ১৯৪৭ চনত পঞ্জাৱত হোৱা নাগৰিক অসহযোগ আন্দোলনৰ সময়ত মুছলিম লীগৰ আন নেতাসকলৰ সৈতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।১

১৯৪৮ চনত তেওঁ লাহোৰৰ ৰাজপথত হাজাৰ হাজাৰ মহিলাৰ প্ৰতিবাদৰ নেতৃত্ব দিয়ে আৰু মহিলাসকলৰ বাবে উন্নত অৰ্থনৈতিক সুযোগক উৎসাহিত কৰা বিধেয়ক এখন কাৰ্যসূচীৰ পৰা আঁতৰাই পেলোৱাৰ প্ৰতিবাদ কৰে।৫ প্ৰধানমন্ত্ৰী লিয়াকট আলী খানে হস্তক্ষেপ কৰে আৰু ১৯৪৮ চনৰ মুছলমান ব্যক্তিগত আইন শ্বৰীয়ত গৃহীত হয়; ইয়ে ব্ৰিটিছ ৰাজৰ সময়ত স্বীকৃতি নোপোৱা কৃষিভূমিকে ধৰি সম্পত্তিৰ উত্তৰাধিকাৰীত্বৰ অধিকাৰক আইনগতভাৱে স্বীকৃতি দিছিল।৫

তেওঁ সাত বছৰ ধৰি সৰ্বভাৰতীয় মুছলমান মহিলা সন্মিলনৰ প্ৰাদেশিক শাখাৰ সভানেত্ৰী আছিল, আৰু সৰ্বভাৰতীয় মুছলমান মহিলা সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভানেত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।১

তেওঁ এছিয়াৰ প্ৰথমগৰাকী মহিলা, যিয়ে বিধানসভাৰ অধিৱেশনৰ সভাপতিত্ব কৰিছিল।৬ লাহোৰৰ অঞ্জুমান-ই-হিমায়ত-ই-ইছলামৰ শিক্ষা আৰু অনাথ আশ্ৰম সমিতিৰ সৈতেও তেওঁ জড়িত আছিল আৰু কেইবাখনো চিকিৎসালয়ৰ লগতে প্ৰসূতি আৰু শিশু কল্যাণ সমিতিৰ সৈতেও জড়িত আছিল।১ ৰেড ক্ৰছ ছ'চাইটিৰ সৰ্বভাৰতীয় সাধাৰণ সমিতিৰ সদস্য আছিল।১

সাহিত্য

জাহানাৰা শ্বাহনৱাজে হুছন আৰা বেগম নামৰ এখন উপন্যাস আৰু পিতৃ আৰু কন্যা: ৰাজনৈতিক আত্মজীৱনী শীৰ্ষক স্মৃতিগ্ৰন্থ লিখিছিল।৭৮৯ তেওঁ মহিলা আৰু সাহিত্য আলোচনীসমূহৰ বাবেও লিখিছিল।৭

মৃত্যু আৰু উত্তৰাধিকাৰী

১৯৭৯ চনৰ ২৭ নৱেম্বৰত ৮৩ বছৰ বয়সত জাহানাৰা শ্বাহনৱাজৰ মৃত্যু হয়।১ তেওঁৰ তিনিটা সন্তান আছিল: আহমদ শ্বাহনৱাজ জ্যেষ্ঠ্য, ৰাসায়নিক অভিযন্তা আৰু মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন'লজি (এম আই টি)ত অধ্যয়ন কৰা প্ৰথম ভাৰতীয়, নাছিম শ্বাহনৱাজ (নাছিম জাহান), যি জেনেৰেল আকবৰ খানক বিয়া কৰাইছিল আৰু পিছলৈ পাকিস্তান পিপলছ পাৰ্টিৰ সৈতে যুক্ত হৈছিল; আৰু তেওঁ আন এক সন্তান মুমতাজ শ্বাহনৱাজৰ ১৯৪৮ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদলৈ পাকিস্তানক প্ৰতিনিধিত্ব কৰিবলৈ যোৱাৰ সময়ত বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল।৬১০

জাহানাৰা শ্বাহনৱাজে পাকিস্তানৰ অৰ্থনৈতিক স্বাধীনতাৰ বাবে কাম কৰিছিল। তেওঁৰ মত আছিল, পাকিস্তানৰ বৈদেশিক নীতি সাহায্যৰ ওপৰত নহয়, জাতিসমূহৰ মাজত বাণিজ্যৰ ওপৰত ভিত্তি কৰি হ'ব লাগে।১১

তথ্যসূত্ৰ

  1. ↑ (1 June 2003). Profile of Begum Shah Nawaz. Storyofpakistan.com website
  2. ↑ Muneeza Shamsie. (11 July 2015). And the World Changed: Contemporary Stories by Pakistani Women. Feminist Press at The City University of New York. পৃ. 5–. ISBN 978-1-55861-931-9
  3. ↑ Rizvi, Syed Asif Ali. (January 1993). Mian Muhammad Shafi: An Analytical Study of his Activities and Achievements (1869—1932). South Asian Studies. University of Punjab. পৃ. 87–
  4. ↑ Partha S. Ghosh. (23 May 2012). The Politics of Personal Law in South Asia: Identity, Nationalism and the Uniform Civil Code. Routledge. পৃ. 234–. ISBN 978-1-136-70512-0
  5. ↑ Shireen Burki. (22 August 2013). The Politics of State Intervention: Gender Politics in Pakistan, Afghanistan, and Iran. Lexington Books. পৃ. 22–. ISBN 978-0-7391-8433-2
  6. ↑ (21 March 2010). Pakistan Day: Women at the forefront. Dawn (newspaper)
  7. ↑ Most extensive website on the famous Begum Jahan Ara Shahnawaz with many historical Photographes and press clipping.
  8. ↑ Father and Daughter: a political autobiography. Lahore: Nigarishat, 1971. Also: Karachi: Oxford University Press, 2002 0195796462
  9. ↑ Cynthia Nelson; Shahnaz J. Rouse. (2000). Situating Globalization: Views from Egypt. Transcript. পৃ. 133 and 156. ISBN 978-3-933127-61-7
  10. ↑ Life & Times of Begum Shahnawaz
  11. ↑ (14 December 2012). Economic freedom for Pakistan vital. Dawn

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদপাকিস্তানৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাহানাৰা শ্বাহনৱাজ” প্ৰবন্ধৰ সংশোধন ৪২১১৭৬ (১৫ মে’ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।