জালাচট চাদাত (ইংৰাজী ভাষা: Zallascht Sadat; জন্ম: ১২ এপ্ৰিল ১৯৮৬) এগৰাকী আফগান-জাৰ্মান মডেল যিয়ে শেহতীয়া বছৰবোৰত কেইবাটাও সৌন্দৰ্য প্ৰতিযোগিতাত জয়লাভ কৰিছে। তেওঁৰ আটাইতকৈ শেহতীয়া বিজয় আছিল মিছ গ্ল’ব ২০১২ খিতাপ।১
জীৱনী
জালাচট চাদাতে জাৰ্মানীৰ ফ্ৰাঙ্কফৰ্টত থকা ফ্ৰাঙ্কফৰ্ট ইউনিভাৰ্চিটি অৱ এপ্লাইড চাইন্সত ব্যৱসায় প্ৰশাসন অধ্যয়ন কৰিছিল।২ তেওঁ আফগানিস্তানৰ মহিলা আৰু শিশুসকলক সহায় কৰিবলৈ জালাচট চাদাত আফগানিস্তান ফাউণ্ডেশ্যন নামৰ নিজাকৈ এটা অলাভজনক সংস্থা গঠন কৰিছিল।৩ জালাচট জাৰ্মানী আৰু কাটাৰৰ মাজত বসবাস কৰে।৪
সৌন্দৰ্য প্ৰতিযোগিতা
চাদাতে মিছ আফগানিস্তান ২০০৮–২০০৯ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথমটো খিতাপ জয় কৰিছিল। সেই সময়ত আফগানিস্তানৰ অস্থিৰ পৰিস্থিতিৰ বাবে এই প্ৰতিযোগিতাখন জাৰ্মানীৰ হামবাৰ্গত অনুষ্ঠিত হৈছিল। ১৯৭২ চনত জোহৰা ইউছুফ দাউদ মিছ আফগানিস্তান হিচাপে নিৰ্বাচিত হোৱাৰ পিছত তেৱেঁই হৈছে আনুষ্ঠানিকভাৱে নিৰ্বাচিত প্ৰথমগৰাকী মিছ আফগানিস্তান।৫ ২০১০ চনত তেওঁ মিছ হেচেন ২০১০ আৰু মিছ চ্যুডডয়চগলেণ্ড ২০১০ প্ৰতিযোগিতাত জয়লাভ কৰে,৬ যাৰ ফলত তেওঁ মিছ ডয়চলীয়ণ্ড ২০১০ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ পায় আৰু পৰৱৰ্তী সময়ত বিজয়ী হয়। তেওঁক মিছ ডয়চলীয়ণ্ড ২০১০ ৰ মুকুট পিন্ধোৱা হয়।৭ ২০১১ চনত প্ৰতিযোগিতাখন অনুষ্ঠিত নোহোৱাৰ বাবে তেওঁ পিছৰ বছৰটো মিছ ডয়চলীয়ণ্ড খিতাপটো ধৰি ৰাখে।৮ ২০১২ চনত জালাচটে ৱৰ্ল্ড বিউটি অৰ্গেনাইজেশ্যনৰদ্বাৰা আয়োজিত মিছ গ্ল’ব প্ৰতিযোগিতাত অংশ লৈ জয়লাভ কৰে। তেওঁক মিছ গ্ল’ব ২০১২ ৰ মুকুট প্ৰদান কৰা হয়।১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (November 22, 2012). The new MISS GLOBE 2012 is Zallascht Sadat from Afghanistan. World Beauty Organization
- ↑ (November 22, 2012). BWL and Bikini. Frankfurter Rundschau
- ↑ (November 22, 2012). Official Website. Zallascht Sadat
- ↑ (November 22, 2012). Chasing the Dream. GLAM Magazine
- ↑ (November 22, 2012). Hi, I'm Miss Afghanistan. Bild.de
- ↑ (November 25, 2012). Zallascht Sadat wears the crown. Stuttgarter-Nachrichten.de
- ↑ (November 22, 2012). Who's the fairest of them. RP Online
- ↑ (November 22, 2012). Miss Deutschland History. Committee Miss Deutschland
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জালাচট চাদাত” প্ৰবন্ধৰ সংশোধন ৫৯৮৭৩১ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।