জালেহ এছফাহানী ( Jaleh Esfahani); ( ১৯২১ – ২৯ নৱেম্বৰ ২০০৭) আছিল এগৰাকী ইৰাণী কবি আৰু সাহিত্যৰ পণ্ডিত।
প্ৰাৰম্ভিক জীৱন
জালেহ এছফাহানীয়ে ১৯২১ চনত ইছফাহানৰ এটা ভূ-স্বামীৰ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। জালেহ ইছফাহানীৰ নামটো ইথাল নামেৰে পঞ্জীয়নভুক্ত। সেই সময়ত ব্ৰিটিছ মিছনেৰীসকলে পৰিচালিত বেহেষ্ট আয়িন স্কুল আৰু তেহৰাণৰ নুৰবাখছ হাইস্কুলত শিক্ষা গ্ৰহণ কৰে। দেউতাকে জালেহক স্কুললৈ যোৱাত অসন্মতি দিছিল আৰু এছফাহানীয়ে তাইৰ শিক্ষাত উল্লেখযোগ্য ভূমিকা লোৱাৰ বাবে মাকক কৃতিত্ব দিয়ে। এচফাহানীয়ে সাত বছৰ বয়সৰপৰাই প্ৰথম কবিতা লিখিবলৈ আৰম্ভ কৰে। হাইস্কুলত পঢ়ি থকাৰ সময়তে তেওঁৰ কবিতা আখতাৰ, চেপান্ত, বাখতাৰ আদি কাকতত প্ৰকাশ পাইছিল। এছফাহানীৰ প্ৰথম কবিতা সংকলন গোলহা-ই খোড্ৰু (বন্য ফুল) ১৯৪৫ চনত তেহৰাণত প্ৰকাশ পায়। ১ স্কুলৰপৰা স্নাতক হোৱাৰ পিছত নেচনেল বেংকত কাম কৰিছিল, য’ত একাউণ্টেণ্ট হিচাপে নিয়োজিত মাত্ৰ তিনিগৰাকী মহিলাৰ ভিতৰত তেওঁ অন্যতম আছিল। ২
কৰ্মজীৱন
১৯৪৬ চনত তেহৰাণত ইৰাণী লেখকৰ প্ৰথম সন্মিলন অনুষ্ঠিত হয়; এছফাহানী আছিল একমাত্ৰ মহিলা আৰু তেওঁ প্ৰায় ২০০০ দৰ্শকৰ আগত এটা কবিতা আবৃত্তি কৰিছিল।৩ সেই বছৰতে ছামছ-আল-দিন বাদি’ তাব্ৰিজীক বিয়া কৰাইছিল। ইৰানৰ কমিউনিষ্ট তুদেহ পাৰ্টিৰ সদস্য আৰু পাহলৱী শাসনৰ বিৰোধী আছিল তাব্ৰিজী। শ্বাহ মহম্মদ ৰেজা পাহলৱীৰ ব্যৰ্থ হত্যাৰ চেষ্টাৰ পিছত যেতিয়া টুদেহ পাৰ্টি নিষিদ্ধ কৰা হয়, তেতিয়া দম্পতীহালে ছোভিয়েট ইউনিয়নলৈ পলাই বাকুত বসতি স্থাপন কৰে। তাত থকাৰ সময়তে এছফাহানীয়ে দুজন পুত্ৰ সন্তান জন্ম দিয়ে আৰু ১৯৫২ চনত বাকু ষ্টেট ইউনিভাৰ্চিটিৰ ভাষাবিজ্ঞান বিভাগৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৫৪ চনত পৰিয়ালটো মস্কোলৈ গুচি যায়। তেওঁ সফলতাৰে ডক্টৰেট ডিগ্ৰীৰ গৱেষণা পত্ৰখন—শীৰ্ষক "ইৰাণৰ আধুনিক কবিতা" লোমোন'ছভ মস্কো বিশ্ববিদ্যালয়ত উপস্থাপন কৰি গ্ৰহণ কৰে। ১৯৬০ চনৰপৰা ১৯৮০ চনলৈ ইছফাহানীয়ে সাহিত্য গৱেষক হিচাপে কাম কৰাৰ লগতে মেক্সিম গৰ্কি সাহিত্য প্ৰতিষ্ঠানত পাৰ্চী ভাষা আৰু সাহিত্যৰ অধ্যাপনা কৰিছিল। তাত থকাৰ সময়ত তেওঁ আধুনিক পাৰ্চীকবিতাৰ বিভিন্ন কবি আৰু দিশৰ ওপৰত কমেও চাৰিটা গৱেষণা প্ৰকল্প সম্পূৰ্ণ কৰিছিল; ইয়াৰে আটাইতকৈ উল্লেখযোগ্য আছিল ইৰান, আফগানিস্তান আৰু তাজিকিস্তানত আধুনিকতাবাদী কাব্যবিজ্ঞানৰ বিৱৰ্তনৰ ওপৰত কৰা এক অধ্যয়ন। ১৪ ৰাছিয়াত থকা সময়ছোৱাত তেওঁ পাৰ্চী সাহিত্যৰ একমাত্ৰ মহিলা প্ৰতিনিধি হিচাপে পৰিচিত হৈছিল। ইছফাহানীয়ে সঘনাই তাজিকিস্তান, আফগানিস্তান আৰু অন্যান্য মধ্য এছিয়াৰ দেশসমূহলৈ গৈ পাৰ্চী ভাষী জনগোষ্ঠীসমূহৰ মাজত সাহিত্যিক সহযোগিতা প্ৰসাৰিত হৈছিল আৰু এই বিষয়ে বক্তৃতা দিছিল।৩ তাজিকিস্তানত থকাৰ সময়ত ইছফাহানীয়ে ৰাছিয়ান আৰু আজেৰী তুৰ্কী ভাষাত কবিতা প্ৰকাশ কৰিছিল; ইয়াৰ উপৰি তেওঁ চিৰিলিক লিপিত ৰচিত পাৰ্চী কবিতাৰ সাতটা সংকলন প্ৰকাশ কৰে। ইয়াৰ উপৰি তেওঁ কেইবাখনো নাটক ৰচনা কৰিছিল, ইয়াৰে এখন নাটক ১৯৫৯ আৰু ১৯৬০ চনত দুশানবেত অপেৰা হিচাপে মঞ্চস্থ কৰা হৈছিল।১৫
ইৰাণৰ ইছলামিক বিপ্লৱৰ পিছত ইছফাহানী আৰু তেওঁৰ পৰিয়াল ১৯৮০ চনত ইৰানলৈ উভতি আহে। ইছফাহানীয়ে নিৰ্বাসিত অৱস্থাত পাৰভিজ নাটেল-খানলাৰীয়ে তেওঁৰ সোখান আলোচনীত তেওঁৰ কেইবাটাও কবিতা প্ৰকাশ কৰে। নিৰ্বাসনত থকা তেওঁৰ প্ৰথমখন কবিতা সংকলন জেণ্ডা ৰুড ১৯৬৫ চনত মস্কোত প্ৰকাশ পাইছিল। অতিকালৰ পিছত ইৰাণত এই সংকলন নিষিদ্ধ কৰা হৈছিল যদিও বিপ্লৱৰ পিছত ১৯৮১ চনত তেহৰাণত পুনৰ ছপা কৰা হয়। ঘৰলৈ উভতি অহাৰ পাছত তেওঁ তেহৰাণত প্ৰকাশ কৰে আগৰ হাজাৰ কালাম দষ্টাম (If I Had a Thousand Pens)। ঘূৰি অহাৰ দুবছৰৰ পাছত ইৰাণত পুনৰ টুদেহ পাৰ্টি নিষিদ্ধ কৰা হয় আৰু ইছফাহানী আৰু তেওঁৰ পৰিয়ালে অনিচ্ছা সত্ত্বেও পুনৰ প্ৰব্ৰজন কৰে, এইবাৰ লণ্ডনলৈ, য’ত তেওঁ গোটেই জীৱন কটায়।১৪
পিছৰ জীৱন আৰু মৃত্যু
[লণ্ডন]]ত থকা সময়ছোৱাত ইছফাহানীয়ে নিজৰ সৃষ্টিমূলক সাহিত্যিক কামৰ বাবে সমগ্ৰ সময় উছৰ্গা কৰিছিল আৰু ১০ খণ্ডত তেওঁৰ মৌলিক কবিতাৰ সংকলন প্ৰকাশ কৰিছিল। ২০০০ চনত তেওঁৰ আত্মজীৱনী ছায়া-ই ছালহা (সময়ৰ ছাঁ) প্ৰকাশ পায়। ৪ ২০০৬ চনত ইছফাহানীৰ নিৰ্বাচিত কবিতা সংকলনৰ প্ৰথম ইংৰাজী অনুবাদ তেওঁৰ বন্ধু ৰুহি শ্বাফীয়ে প্ৰকাশ কৰে, যাৰ নাম আছিল প্ৰব্ৰজনকাৰী চৰাই।৩
২০০৭ চনৰ ২৯ নৱেম্বৰত লণ্ডনত ৮৬ বছৰ বয়সত মৃত্যু হয় ইছফাহানীয়ে। তেওঁৰ দুজন পুত্ৰক এৰি থৈ যায়।৪
তথ্যসূত্ৰ
- ↑ Vajdi, Shadab. (20 July 2009). ESFAHANI, Jaleh. Encyclopedia Iranica
- ↑ Yousef, Saeed. (2022). Shahnāz A'lāmī. Women Poets Iranica
- ↑ (18 December 2007). Jaleh Esfahani. The Times
- ↑ Karimi-Hakkak, Ahmad. (8 January 2008). Jaleh Mohajer-Esfahani. The Guardian
- ↑ Farroḵzād, Purān. (2002). Kārhā-ye zanān-e Irāni az diruz tā emruz. পৃ. 97
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জালেহ এছফাহানী” প্ৰবন্ধৰ সংশোধন ৬১০১৫১ (৩০ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।