অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জাৰা

জাৰিফা পাছায়েভনা মগয়ান (Зарифа́ Паша́евна Мгоя́н; জন্ম: ২৬ জুলাই ১৯৮৩), যি জাৰা (За́ра) নামেৰে পৰিচিত, এগৰাকী য়েজিদি-কুৰ্ড মূলৰ ৰাছিয়ান পপ গায়িকা, অভিনেত্ৰী আৰু সামাজিক কৰ্মী। তেওঁক ২০১৬ চনত ৰাছিয়ান ফেডাৰেচনৰ সন্মানীয় শিল্পী উপাধি প্ৰদান কৰা হৈছিল।

হালনাগাদ: ২২ মাৰ্চ ২০২৬ ২৪৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ
২০১৬ চনত পিটাৰ্ছবাৰ্গ – চেনেল ৫-ৰ টেলিভিছন শ্ব’ ''মৰ্নিং''ত জাৰা
২০১৬ চনত পিটাৰ্ছবাৰ্গ – চেনেল ৫-ৰ টেলিভিছন শ্ব’ মৰ্নিংত জাৰাছবি: JuryRephar · CC BY-SA 4.0

জাৰিফা পাছায়েভনা মগয়ান১ (Зарифа́ Паша́евна Мгоя́н; জন্ম: ২৬ জুলাই ১৯৮৩), যি জাৰা (За́ра) নামেৰে পৰিচিত, এগৰাকী য়েজিদি-কুৰ্ড মূলৰ ৰুছ ভাষা পপ গায়িকা, অভিনেত্ৰী আৰু সামাজিক কৰ্মী। তেওঁক ২০১৬ চনত ৰাছিয়ান ফেডাৰেচনৰ সন্মানীয় শিল্পী উপাধি প্ৰদান কৰা হৈছিল। তেওঁ দহটাকৈ ষ্টুডিঅ’ এলবাম বাণীবদ্ধ কৰিছে আৰু কেইবাটাও গোল্ডেন গ্ৰামফোন বঁটাৰ লগতে ৰাছিয়ান টিভি মহোৎসৱ পেল্নিয়া গোডাৰ ডিপ্লমা লাভ কৰিছে। এগৰাকী অভিনেত্ৰী হিচাপে জাৰা "ষ্ট্ৰীটছ অৱ ব্ৰোকেন লাইটছ" (২০০১), "স্পেটছনাজ ২" (২০০৪) আৰু "ফাভোৰস্কি" (২০০৫) টিভি ধাৰাবাহিকৰ লগতে "পুস্কিন: দ্য লাষ্ট ডুৱেল" (২০০৬) আৰু "হোৱাইট ছেণ্ড" (২০১১) আদি চলচ্চিত্ৰৰ বাবে পৰিচিত।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

লেলিনগ্ৰাডৰ এটা য়েজিদি-কুৰ্ড পৰিয়ালত তেওঁৰ জন্ম হৈছিল।২৩ তেওঁৰ পিতৃ পাশা বিনবাশ্বিয়েভিচ মগয়ান পদাৰ্থ বিজ্ঞান আৰু গণিত বিষয়ৰ এগৰাকী বিজ্ঞানৰ প্ৰাৰ্থী তথা মেচিন নিৰ্মাণ উদ্যোগৰ কৰ্মচাৰী আৰু মাতৃ নাদি জামালোভনা মগয়ান এগৰাকী গৃহিনী। তেওঁৰ পিতৃ-মাতৃ আৰ্মেনিয়াৰ লেলিনাকানত জন্মগ্ৰহণ কৰিছিল। জাৰাৰ লিয়ানা নামৰ এগৰাকী জ্যেষ্ঠ ভগ্নী আৰু ৰোমান নামৰ এজন কনিষ্ঠ ভাতৃ আছে।

জাৰাই লেলিনগ্ৰাড ওব্লাষ্টৰ কিৰোভস্কি জিলাৰ অট্ৰাডনয়েৰ ২ নং মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল। ২০০০ চনত তেওঁ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ ৫৬ নং জিমনেছিয়ামৰপৰা ৰূপৰ পদকসহ স্নাতক ডিগ্ৰী লাভ কৰে। মাধ্যমিক বিদ্যালয়ৰ পঢ়া-শুনাৰ লগতে তেওঁ এখন শিশু সংগীত বিদ্যালয়ৰপৰা পিয়ান’ বিষয়ত বিশেষত্বসহ কৃতিত্বৰে উত্তীৰ্ণ হয়।

ব্যক্তিগত জীৱন

২০০৬ চনত জাৰাই তেওঁৰ প্ৰথম স্বামী চাৰ্গেই মাটভিয়েনকোৰ সৈতে বিবাহ বিচ্ছেদ কৰে। অভিযোগ অনুসৰি মাটভিয়েনকোৱে বিচাৰিছিল যে জাৰাই নিজৰ কেৰিয়াৰৰ পৰিৱৰ্তে পৰিয়ালৰ ওপৰত অধিক মনোনিৱেশ কৰক।

২০১০ চনত তেওঁ ছেইণ্ট পিটাৰ্ছবাৰ্গৰ চাৰ্গেই ইভানোভৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ৰাছিয়ান অৰ্থডক্স ধৰ্মলৈ ধৰ্মান্তৰিত হয়। তেওঁলোকৰ দুজন সন্তান আছিল — ডানিল (জন্ম ২০১০) আৰু মেক্সিম (জন্ম ২০১২)। ২০১৬ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Зара (Зарифа Мгоян), новости о персоне, последние события сегодня - РИА Новости. ria.ru
  2. ↑ Lomsadze, Giorgi. (July 31, 2018). Azerbaijan's music festival mixes pop and politics. Eurasianet
  3. ↑ (24 November 2017). Zara says she wants to visit Kurdistan. Kurdistan 24

সম্পৰ্কিত শ্ৰেণী

ৰাছিয়াৰ ব্যক্তিঅভিনেত্ৰীগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাৰা” প্ৰবন্ধৰ সংশোধন ৫৯২৪৪৭ (২২ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।