অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জাবিনা খান

জাবিনা খান (ইংৰাজী: Zabina Khan; জন্ম: ১২ ডিচেম্বৰ ১৯৮৪), যাক জাবিন খান নামেৰেও জনা যায়, এগৰাকী ভাৰতীয় মডেল, সৌন্দৰ্য ৰাণী, অভিনেত্ৰী আৰু সহকাৰী পৰিচালিকা। তেওঁ ২০০৪ বৰ্ষত প্ৰথমগৰাকী মিছ টুৰিজিম কুইন ইণ্টাৰনেচনেল হিচাপে মুকুট পিন্ধিবলৈ সক্ষম হৈছিল।

হালনাগাদ: ৩১ মাৰ্চ ২০২৬ ২০০ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

জাবিনা খান (ইংৰাজী: Zabina Khan; জন্ম: ১২ ডিচেম্বৰ ১৯৮৪), যাক জাবিন খান নামেৰেও জনা যায়, এগৰাকী ভাৰতীয় মডেল, সৌন্দৰ্য ৰাণী, অভিনেত্ৰী আৰু সহকাৰী পৰিচালিকা।১২৩ তেওঁ ২০০৪ বৰ্ষত প্ৰথমগৰাকী মিছ টুৰিজিম কুইন ইণ্টাৰনেচনেল হিচাপে মুকুট পিন্ধিবলৈ সক্ষম হৈছিল।

প্ৰাৰম্ভিক জীৱন আৰু কৰ্মজীৱন

জাবিনা খানৰ জন্ম ১৯৮৪ চনৰ ১২ ডিচেম্বৰত ভাৰতৰ এটা মুছলমান পৰিয়ালত হৈছিল।

১৯ বছৰ বয়সত তেওঁ ২০০৪ চনত গ্লাড্ৰেগছ মেনহাণ্ট এণ্ড মেগামডেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে আৰু 'মিছ টুৰিজিম কুইন ইণ্টাৰনেচনেল'ৰ প্ৰথমটো সংস্কৰণৰ বাবে নিৰ্বাচিত হয়। ২০০৪ চনত চীনত অনুষ্ঠিত মিছ টুৰিজিম কুইন ইণ্টাৰনেচনেলৰ প্ৰথমটো সংস্কৰণত তেওঁ প্ৰতিযোগিতা কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয়। এই সৌন্দৰ্য প্ৰতিযোগিতাখনৰ ইতিহাসত তেৱেঁই হৈছে সৰ্বপ্ৰথম বিজয়ী।

জাবিনা ওৰফে জাবিন খান এগৰাকী অভিনেত্ৰী আৰু সহকাৰী পৰিচালিকা। তেওঁ হালচাল (২০০৪), আশিক বনায় আপনে (২০০৫), এক হাচিনা এক খিলাড়ী (২০০৫), ব্লাফমাষ্টাৰ (২০০৫), ভেট্টাইয়াডু ভিলাইয়াডু (২০০৬), গোদৱা (২০০৭), জগাডম (২০০৭), পংগা না লো (২০০৭), ভিল্লু (২০০৮), সঞ্চলম (২০১১) আৰু শিৱাজীনগৰ (২০১৪) আদি ছবিৰ বাবে পৰিচিত। ইয়াৰ উপৰি তেওঁ অ্যাকচন জেকচন (২০১৪), চলো (২০১৭) আৰু নৱৰস (২০২১) আদি ছবিত সহকাৰী পৰিচালিকা হিচাপে কাম কৰিছে।

বৰ্তমান তেওঁ গোৱাৰ 'বিগ ড্যাদী কেচিনো' আৰু 'ষ্ট্ৰাইক কেচিনো'ৰ বিনোদন সঞ্চালিকা হিচাপে কাম কৰি আছে। তেওঁৰদ্বাৰা পৰিচালিত অনুষ্ঠানসমূহৰ ভিতৰত আৱাৰ ষ্টেজ ইয়ৰ টেলেণ্ট (২০১৯), বিগ বেছ (২০১৮-২০২২) আৰু ফ্ৰীডম ফিয়েষ্টা (২০১৮-২০২১) আদি অন্যতম।‌

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ 2004 Miss Tourism Queen International. blogspot.in
  2. ↑ Miss Tourism Queen International 2004 Contest. rmbh.com.cn
  3. ↑ Miss Tourism Queen International. chinadaily.com.cn

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীভাৰতীয় মডেলসৌন্দৰ্য প্ৰতিযোগী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাবিনা খান” প্ৰবন্ধৰ সংশোধন ৫৯৮৭২৬ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।