অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জাৰীন খান

জাৰীন খান (ইংৰাজী: Zareen Khan; জন্ম: ১৪ মে' ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰ জগতত কাম কৰে। ২০১০ চনত একচনধৰ্মী ছবি বীৰৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। এই ছবিখনৰ বাবে তেওঁ জী চিনে বঁটাৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ মনোনয়ন লাভ কৰিছিল।

হালনাগাদ: ২ মে’ ২০২৬ ২০১ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

জাৰীন খান (ইংৰাজী: Zareen Khan; জন্ম: ১৪ মে' ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ হিন্দী ভাষা চলচ্চিত্ৰ জগতত কাম কৰে।১২ ২০১০ চনত একচনধৰ্মী ছবি বীৰৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলে। এই ছবিখনৰ বাবে তেওঁ জী চিনে বঁটাৰ শ্ৰেষ্ঠ নৱাগতা অভিনেত্ৰীৰ মনোনয়ন লাভ কৰিছিল। পৰৱৰ্তী সময়ত তেওঁ ২০১১ চনৰ একচন কমেডী ছবি ৰেডীৰ জনপ্ৰিয় আইটেম নম্বৰত আৰু ২০১২ চনৰ কমেডী ছবি হাউচফুল ২ত এগৰাকী গ্লেমাৰাছ মডেল হিচাপে অভিনয় কৰে; যিখন ছবি তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়। ২০১৪ চনত পঞ্জাবী ছবি জট জেমছ বণ্ডত অভিনয় কৰাৰ পাছত তেওঁ ২০১৫ চনত কামোদ্দীপক থ্ৰিলাৰ ছবি হেট ষ্টৰী ৩ত মুখ্য চৰিত্ৰত অভিনয় কৰি হিন্দী ছবিলৈ উভতি আহে।৩ ২০১৯ চনত খানে একচন থ্ৰিলাৰ চাণক্যৰ জৰিয়তে তেলুগু চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।৪

প্ৰাৰম্ভিক জীৱন

জাৰীন খানৰ জন্ম ১৯৮৭ চনৰ ১৪ মে'ত ভাৰতৰ মুম্বাইৰ এটা পশতুন পৰিয়ালত হৈছিল।৫৬ তেওঁ মুম্বাইৰ ৰিজভী কলেজ অৱ ছায়েন্সৰপৰা ইণ্টাৰমিডিয়েট শিক্ষা সম্পূৰ্ণ কৰে।৭ জাৰীন খানে এটা কল চেণ্টাৰত কাম কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তাৰ পিছত বোম্বাই কনভেনচন এণ্ড এগজিবিচন চেণ্টাৰত (BCEC) এটা কৰ্পোৰেট ফ্ৰণ্ট ডেস্কত কাম কৰিছিল। তেওঁ বিভিন্ন ব্ৰেণ্ডৰ প্ৰচাৰমূলক কামতো জড়িত আছিল আৰু সেইবোৰৰ ইন-হাউচ মডেল হিচাপেও কাম কৰিছিল।৮

ব্যক্তিগত জীৱন

২০২১ চনত খানে প্ৰকাশ কৰিছিল যে তেওঁ মডেল তথা ব্যৱসায়ী শিৱাশীষ মিশ্ৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে।৯ ২০২৪ চনৰ আৰম্ভণিতে তেওঁলোকৰ বিচ্ছেদ ঘটে।১০১১

তথ্যসূত্ৰ

  1. ↑ (23 January 2010). Zarine Khan: Veer ki Heer!. The Times of India
  2. ↑ Payal Rohatgi compares Kat, Zarine to Sunny Leone. The Times of India
  3. ↑ Which is the raunchiest Hate Story? VOTE!. Rediff
  4. ↑ Ist, 2019 13:34. Zareen Khan says Allu Arjun is her favourite dancer in Tollywood. India Today
  5. ↑ "I Am Muslim, I Know My Islam": Zareen Khan. Bollywood Hungama
  6. ↑ Mangal Dalal. (8 January 2010). When Men Were Men. The Indian Express
  7. ↑ (27 January 2010). No bikini for me: Zarine Khan. Mid-Day. Indo-Asian News Service
  8. ↑ Coutinho, Natasha. (6 November 2017). Zarine Khan talks about her days at the call centre. Mumbai Mirror
  9. ↑ (2021-12-17). Zareen Khan opens up about dating 'Bigg Boss' fame Shivashish Mishra, says they are in a beautiful phase. The Times of India
  10. ↑ (2024-09-03). Zareen Khan and Shivashish Mishra split - Exclusive. The Times of India
  11. ↑ Zareen Khan and Shivashish Mishra broke up in March, 2024. Mid-day

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাৰীন খান” প্ৰবন্ধৰ সংশোধন ৬০৩৯৬৯ (২ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।