অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

জান্নাতুল ফেৰদৌচ পিয়া

জান্নাতুল ফেৰদৌচ পিয়া, যি পিয়া জান্নাতুল নামেৰেও পৰিচিত, এগৰাকী বাংলাদেশী মডেল আৰু অধিবক্তা। তেওঁ মিছ বাংলাদেশ ২০০৭ আৰু ইণ্ডিয়ান প্ৰিন্সেছ ইণ্টাৰনেশ্যনেল ২০১৩-ৰ খিতাপ অৰ্জন কৰিছিল।

হালনাগাদ: ১৭ ছেপ্তেম্বৰ ২০২৬ ৩০৯ শব্দ · ২ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

জান্নাতুল ফেৰদৌচ পিয়া, যি পিয়া জান্নাতুল নামেৰেও পৰিচিত, এগৰাকী বাংলাদেশী মডেল আৰু অধিবক্তা।১ তেওঁ মিছ বাংলাদেশ ২০০৭ আৰু ইণ্ডিয়ান প্ৰিন্সেছ ইণ্টাৰনেশ্যনেল ২০১৩-ৰ খিতাপ অৰ্জন কৰিছিল। পিয়াই ইজিপ্তত অনুষ্ঠিত টপ মডেল অৱ দা ৱৰ্ল্ড ২০১৩-ত বাংলাদেশক প্ৰতিনিধিত্ব কৰিছিল আৰু তাত তেওঁ শীৰ্ষ ১৫ গৰাকীৰ ভিতৰত স্থান লাভ কৰিছিল।২৩

সাম্প্ৰতিক কৰ্মৰাজি

পিয়া হ’ল বাংলাদেশৰপৰা ভ’গ ইণ্ডিয়াৰ প্ৰথমগৰাকী বেটুপাত কন্যা (cover girl)। নিজৰ অভিজ্ঞতা বিনিময় কৰি পিয়াই উল্লেখ কৰিছে যে তেওঁ দীপিকা পাডুকনৰপৰা অনুপ্ৰেৰণা লাভ কৰে আৰু দীপিকাৰ দৰেই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ কেৰিয়াৰ সম্প্ৰসাৰণ কৰিব বিচাৰে।৪

২০১৭ চনৰ ফেব্ৰুৱাৰী মাহত পিয়া নিউয়ৰ্ক ফেশ্বন উইকৰ (NYFW) সৈতে জড়িত উচ্চমানৰ কেশ পৰিচৰ্যা আৰু ষ্টাইলিং ব্ৰেণ্ড 'ট্ৰেচেমে'ৰ (TRESemmé) ব্ৰেণ্ড এম্বেচেডৰ হয়। সেই সূত্ৰে তেওঁ ২০১৭ চনত নিউয়ৰ্ক ফেশ্বন উইকত অংশগ্ৰহণ কৰে। তাত উপস্থিত থকা প্ৰথমগৰাকী বাংলাদেশী মডেল হোৱাটো এক ডাঙৰ সন্মান বুলি তেওঁ অভিহিত কৰে আৰু এগৰাকী মডেল ইনফ্লুৱেন্সাৰ হিচাপে কাম কৰাৰ ইচ্ছা প্ৰকাশ কৰে।৫৬

২০১৮ চনৰ ছেপ্টেম্বৰ মাহত পিয়া বাংলাদেশৰ য়ামাহা মটৰচাইকেলৰ ব্ৰেণ্ড এম্বেচেডৰ হয়।৭

মডেলিং কেৰিয়াৰৰ উপৰি তেওঁ ২০১৭ চনৰ বাংলাদেশ প্ৰিমিয়াৰ লীগ (BPL) ছিজনৰ ক্ৰিকেট মেচসমূহৰ আঁত ধৰিছিল।৮ পৰৱৰ্তী সময়ত তেওঁ ২০১৮ চনৰ বিপিএলতো জিটিভিৰ পৰ্দাত আঁতধৰোঁতা হিচাপে কাম কৰে। বিপিএলৰ এই দুই ছিজনত সফলতাৰে কাম কৰাৰ পাছত তেওঁক ২০১৯ চনৰ আইচিচি ক্ৰিকেট বিশ্বকাপত উপস্থাপিকা হিচাপে কাম কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। আইচিচি বিশ্বকাপত উপস্থাপিকা হিচাপে কাম কৰা তেওঁ প্ৰথমগৰাকী বাংলাদেশী ব্যক্তি।৯১০

কেৰিয়াৰ

২০০৭ চনত মিছ বাংলাদেশ খিতাপ জয় কৰাৰ পাছত পিয়াই ২০০৮ চনত মডেলিং কেৰিয়াৰ আৰম্ভ কৰে। ২০১৪-১৫ চনত তেওঁ নতুন দিল্লীত অৱস্থিত মডেলিং সংস্থা মেচকট মডেল মেনেজমেণ্টৰ সৈতে কাম কৰিছিল। লগতে তেওঁ ২০১৪ চনত ভাৰতীয় বেণ্ড ৰুটছৰ এটা মিউজিক ভিডিঅ’তো অভিনয় কৰিছিল।১১ ২০১৩ চনত তেওঁ ১৯খন দেশৰ প্ৰতিযোগীক পৰাস্ত কৰি মিছ ইণ্ডিয়ান প্ৰিন্সেছ ইণ্টাৰনেশ্যনেলৰ খিতাপ জয় কৰে।১২১৩

তেওঁ এতিয়ালৈকে কেইবাখনো নাটক যেনে টু বি অৰ নট টু বি আৰু প্ৰজাপতিৰ সুখ-দুখত অভিনয় কৰিছে।

২০১২ চনত ৰেডৱান ৰণিৰ পৰিচালনাত নিৰ্মিত চোৰাবালি আছিল তেওঁৰ প্ৰথম চলচ্চিত্ৰ। তেওঁৰ পৰৱৰ্তী মুক্তিপ্ৰাপ্ত ছবিসমূহ আছিল গেংষ্টাৰ ৰিটাৰ্নছ আৰু ষ্টৰী অৱ চামৰা।৩

পিয়া এগৰাকী অধিবক্তাও। ২০২২ চনৰ ১৫ আগষ্টৰ তথ্য অনুসৰি তেওঁ বাংলাদেশৰ উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তা।১৪

আঁতধৰোঁতা

  • বিপিএল ২০১৮১৫
  • বিপিএল ২০১৯১৬

গ্ৰন্থ

কৈশোৰ থেকৈ যৌৱনেৰ গল্প, ২০২৩১৭

ফিল্মগ্ৰাফী

বছৰচলচ্চিত্ৰচৰিত্ৰসহ-অভিনেতাপৰিচালকটোকা
২০১২চোৰাবালিচুজানাজয়া আহচান, শহীদুজ্জামান চেলিম, ইন্দ্ৰনীল সেনগুপ্তৰেডৱান ৰণি২০১২ চনৰ মেৰিল-প্ৰথম আলো বঁটাৰ সমালোচকৰ পছন্দৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ মনোনয়ন
২০১৫দা ষ্টৰী অৱ চামৰা১৮পিয়াচাঞ্জ জনৰিকিয়া মাছুডো
গেংষ্টাৰ ৰিটাৰ্নছশ্বীনাঅপূৰ্বআশিকুৰ ৰহমান
২০১৭প্ৰেম কি বুঝিনিসিদ্ধাৰ্থ চিদকেমিঅ’ এপিয়াৰেন্স
২০১৭ৰং বজাৰ১৯মৌচুমী হামিদ, চুমকীৰছিদ পলাশ
২০২২ছিটমহলশিমুল খান, মৌচুমী হামিদএইচ আৰ হাবিব
অঘোষিতপ্ৰবাশীৰ প্ৰেম২০মোমোআহমেদ আলী মণ্ডলচিত্ৰগ্ৰহণ চলি আছে

বঁটা আৰু সন্মান

বছৰবঁটাশ্ৰেণীচলচ্চিত্ৰফলাফল
২০০৭মিছ বাংলাদেশজয়ী
২০১২মেৰিল-প্ৰথম আলো বঁটাসমালোচকৰ পছন্দৰ শ্ৰেষ্ঠ অভিনেত্ৰীচোৰাবালিমনোনীত
বাচচাচ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰীজয়ী২১
জেএৱাই ফেচ ইণ্টাৰনেশ্যনেলদ্বিতীয়
২০১৩মিছ ইণ্ডিয়ান প্ৰিন্সেছ ইণ্টাৰনেশ্যনেলজয়ী

তথ্যসূত্ৰ

  1. ↑ ব্যাৰিষ্টাৰ সুমনেৰ সঙ্গে কাজ শুৰু কৰেছেন মডেল পিয়া জান্নাতুল
  2. ↑ আৰ্কাইভ কপি. Prothom Alo
  3. ↑ Islam, Zia Nazmul. (22 March 2014). PEYA More than just a pretty face. The Daily Star
  4. ↑ These talented and driven women are perfect ambassador for diversity. Vogue India
  5. ↑ (11 February 2017). Peya participating at New York Fashion Week. The Daily Star
  6. ↑ (11 February 2017). Model Peya becomes brand ambassador of TRESemmé Bangladesh. Daily Sun
  7. ↑ (11 September 2018). আৰ্কাইভ কপি. Ekushey TV
  8. ↑ Khan, Sajal. (2 November 2017). Peya to host BPL. Dhaka Tribune
  9. ↑ (25 May 2019). bn:বাংলাদেশ থেকে প্ৰথমবাৰেৰ মতো যাচ্ছি, তাই অনেক এক্সাইটেড: পিয়া. Amader Shomoy
  10. ↑ (25 May 2019). Bangladesh's Peya Jannatul all set for World Cup stint as presenter
  11. ↑ Peya stars in Indian music video. Dhaka Tribune
  12. ↑ (3 December 2015). bn:পিয়া ৰিটাৰ্নস. The Daily Ittefaq
  13. ↑ IP 2013. indianprincessfashion.com
  14. ↑ (2022-08-14). Model-actor Jannatul Ferdous Peya becomes advocate of Bangladesh Supreme Court. The Business Standard
  15. ↑ (22 June 2022). মানুষ শুধু বিকিনিটা দেখেছে, কাজ দেখেনি - পিয়া জান্নাতুল
  16. ↑ এবাৰও বিপিএল মাতাবেন পিয়া
  17. ↑ (19 February 2023). কৈশোৰ থেকে যৌবনেৰ গল্প
  18. ↑ Peya in item song. Dhaka Tribune
  19. ↑ (26 November 2022). নতুন জগতেৰ সঙ্গে পৰিচয় পিয়াৰ
  20. ↑ bn:'প্ৰবাসীৰ প্ৰেম' এ পিয়াৰ দক্ষিণ আফ্ৰিকা যাত্ৰা. mediatimes24.com
  21. ↑ (27 December 2014). bn:বাচসাস পুৰস্কাৰ প্ৰদান. sylhettoday24.com

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ অভিনেত্ৰীসৌন্দৰ্য প্ৰতিযোগীঅধিবক্তা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জান্নাতুল ফেৰদৌচ পিয়া” প্ৰবন্ধৰ সংশোধন ৬৩৫৯৪৬ (১৭ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।