অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চিত্ৰজিৎ শইকীয়া

চিত্ৰজিৎ শইকীয়া (জন্ম-১৯৮২) এগৰাকী সাহিত্যিক, সমালোচক, অধ্যাপক৷ মূলতঃ অসমীয়া সমালোচনা সাহিত্যৰ লগত জড়িত৷ তেখেত দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷ সাতসৰী, প্ৰকাশ, গৰীয়সীৰ লগতে অসমৰ ভালেমান বাতৰি কাকতত তেওঁ প্ৰবন্ধ প্ৰকাশ কৰাৰ লগতে কেইবাখনো গ্ৰন্থ প্ৰকাশ আৰু সম্পাদনা কৰিছে৷

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

চিত্ৰজিৎ শইকীয়া (জন্ম-১৯৮২) এগৰাকী সাহিত্যিক, সমালোচক, অধ্যাপক৷ মূলতঃ অসমীয়া সমালোচনা সাহিত্যৰ লগত জড়িত৷ তেখেত দুলীয়াজান মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক৷১ সাতসৰী, প্ৰকাশ, গৰীয়সীৰ লগতে অসমৰ ভালেমান বাতৰি কাকতত তেওঁ প্ৰবন্ধ প্ৰকাশ কৰাৰ লগতে কেইবাখনো গ্ৰন্থ প্ৰকাশ আৰু সম্পাদনা কৰিছে৷

জন্ম আৰু বংশ পৰিচয়

চিত্ৰজিৎ শইকীয়াৰ জন্ম হৈছিল ১৯৮২ চনত লখিমপুৰ জিলাৰ পহুমৰা অঞ্চলৰ খাগৰী গাঁৱত৷ ২ পিতৃৰ নাম গিৰীধৰ শইকীয়া আৰু মাতৃৰ নাম অম্বিকা শইকীয়া।

শিক্ষা

তেখেতে নৰ্থ লখিমপুৰ কলেজৰ পৰা ২০০৩ চনত অসমীয়া বিভাগৰপৰা স্নাতক আৰু ২০০৫ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰে৷ লগতে একেখন বিশ্ববিদ্যালয়ৰপৰাই ২০০৭ চনত এম.ফিল. ডিগ্ৰী আৰু ২০১৩ চনত সন্মানীয় ‘ডক্টৰেট’ ডিগ্ৰী লাভ কৰে৷ ৩ তেওঁৰ গৱেষণাৰ বিষয় হ’ল-লুম্মেৰ দাইৰ উপন্যাসৰ সামাজিক-সাংস্কৃতিক মূল‍্যায়ন।

প্ৰকাশিত গ্ৰন্থ

  1. অনুসন্ধিৎসা, কথা প্ৰকাশন, ২০১০
  2. প্ৰবন্ধ বিমৃশা, নিৰীক্ষণ প্ৰকাশন, ২০১৫
  3. সাহিত্য সমালোচনাৰ অনুশীলন, নিৰীক্ষণ প্ৰকাশন, ২০১৫

সম্পাদিত গ্ৰন্থ

  1. জনজাতীয় মূলৰ অসমীয়া উপন্যাসিকৰ উপন্যাসঃ বিচাৰ আৰু বিশ্লেষণ, বনলতা, ২০১৭
  2. অসমীয়া ভ্ৰমণ সাহিত্য সমীক্ষা, অসম সাহিত্য সভা, ২০১৮
  3. নিৰ্বাচিত অসমীয়া চুটিগল্প, দুলীয়াজান মহাবিদ্যালয়, ২০১৯ (সম্পাদনা সহযোগী- মনোজ কুমাৰ দত্ত, মুনমী কোঁৱৰ)
  4. প্ৰকৃতিঃ চিন্তন আৰু মনন, ২০১৯ (সম্পাদনা সহযোগী- জ্যোতিমালি মহন্ত)
  5. সমাজ সাহিত্য সংস্কৃতি, ২০১৯
  6. সত্ৰায়ন, ২০১৯

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ সাহিত্য সমালোচনাৰ অনুশীলন, নিৰীক্ষণ প্ৰকাশন, বেটুপাতৰ পৰা সংগ্ৰহীত
  3. ↑ সাহিত্য সমালোচনাৰ অনুশীলন, নিৰীক্ষণ প্ৰকাশন, বেটুপাতৰ পৰা সংগ্ৰহীত

সম্পৰ্কিত শ্ৰেণী

অসমীয়া শিক্ষাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিত্ৰজিৎ শইকীয়া” প্ৰবন্ধৰ সংশোধন ৩৮৫০৫০ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।