অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চিকি সৰকাৰ

চিকি সৰকাৰ: Chiki Sarkar: ১৯৭৯ চনত জন্মগ্ৰহণ কৰা কলকাতাৰ এগৰাকী গ্ৰন্থ প্ৰকাশক ৷ তেওঁ জাগাৰনাট বুকছৰ সহ-প্ৰতিষ্ঠাপক আছিল।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৭৪ শব্দ · ২ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

চিকি সৰকাৰ: Chiki Sarkar: ১৯৭৯ চনত জন্মগ্ৰহণ কৰা কলকাতাৰ এগৰাকী গ্ৰন্থ প্ৰকাশক ৷ তেওঁ জাগাৰনাট বুকছৰ সহ-প্ৰতিষ্ঠাপক আছিল।১

পৃষ্ঠভূমি

চিকি সৰকাৰ বঙ্গালী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁ পিতৃ আভীক সৰকাৰ আৰু মাতৃ ৰাখী সৰকাৰ কন্যা। আভীক সৰকাৰ এজন সাংবাদিক আৰু সংবাদপত্ৰৰ গৰাকী, যি কলকাতা-ভিত্তিক আনন্দবাজাৰ প্ৰতিকা মিডিয়া গ্ৰুপৰ সৈতে জড়িত। এই সংবাদ মাধ্যম গোষ্ঠী ১৮৭৬ চনত প্ৰতিষ্ঠা কৰা হৈছিল।

কৰ্মজীৱন

লণ্ডনস্থিত কোম্পানী ব্লুমছবেৰী পাব্লিছিঙৰ পৰা প্ৰকাশনৰ ক্ষেত্ৰত তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তাত সাত বছৰ কাম কৰিছিল, আৰু পিছলৈ ২০০৬ চনত দিল্লীলৈ গুচি আহি ৰেণ্ডম হাউচত যোগদান কৰে। ২০১১ চনত চিকি সৰকাৰ পেংগুইন বুকছ ইণ্ডিয়াৰ প্ৰকাশক হয়।২৩৪৫৬৭ ২০১৩ চনত প্ৰকাশক পেংগুইন বুকছ আৰু ৰেণ্ডম হাউছ একত্ৰিত হৈ সৰকাৰক ভাৰতৰ প্ৰকাশন মুৰব্বী হিচাপে নিযুক্তি দিয়া হয়। দুবছৰৰ পাছত ২০১৫ চনত তেওঁ নিজাকৈ প্ৰকাশন কোম্পানী জাগাৰনাট বুকছ স্থাপন কৰে।

বিশ্ব অৰ্থনৈতিক মঞ্চৰ এগৰাকী যুৱ গ্ল'বেল লিডাৰ,৮ সৰকাৰ এগৰাকী ফৰ্চুন ইণ্ডিয়াৰ আটাইতকৈ শক্তিশালী মহিলা,৯ ফৰ্বছ ২০১৮ৰ ডব্লিউ-পাৱাৰ ট্ৰেইলব্লেজাৰ[10] আৰু ইকনমিক টাইমছৰ ২০১৫ চনৰ উদীয়মান মহিলা নেত্ৰী।১০

কেৰিয়াৰৰ সময়সীমা

  • ব্লুমছবেৰী পাব্লিছিং ১৯৯৯–২০০৬
  • ৰেণ্ডম হাউচ ২০০৬–২০১১ প্ৰতিষ্ঠাপক প্ৰকাশক
  • পেংগুইন বুকছ ইণ্ডিয়া ২০১১–২০১৩১১১২
  • পেংগুইন ৰেণ্ডম হাউচ ২০১৩–২০১৫১৩
  • জাগাৰনাট বুকছৰ প্ৰতিষ্ঠাপক-প্ৰকাশক ২০১৫–বৰ্তমান১৪১৫১৬

জাগাৰনাট বুকছ

২০১৫ চনত সৰকাৰে নিজাকৈ এটা প্ৰকাশন ঘৰ জাগাৰনাট বুকছ নামৰ এটা প্ৰকাশন কোম্পানী স্থাপন কৰে।১৭১৮১৯২০ জাগাৰনাটৰ বিনিয়োগকাৰীসকলৰ ভিতৰত আছে নন্দন নিলেকানী,২১ নীৰজ আগৰৱাল আৰু ভাৰতী এয়াৰটেল।২২

অপেশাদাৰী লেখকসকলে তেওঁলোকৰ গল্পসমূহ পোনপটীয়াকৈ আপলোড কৰিব পৰাকৈ জাগাৰনাট এপটোৰ নিজা লেখাৰ মঞ্চ আছে।২৩

Juggernaut-এ তলত উল্লেখ কৰা লেখকসকলৰ দ্বাৰা লিখা গ্ৰন্থ প্ৰকাশ কৰিছে:

  • অভিজিত বেনাৰ্জী, এষ্টাৰ ডুফ্লো
  • উইলিয়াম ডালৰিম্পল২৪
  • অৰুন্ধতী ৰায়২৫
  • আদিত্য তিৱাৰী২৬
  • নন্দিনী সুন্দৰ২৭
  • পেৰুমাল মুৰুগান২৮
  • শ্যাম সাৰণ২৯
  • মনু এছ পিল্লাই
  • ৰাজদ্বীপ চৰ্দেছাই৩০
  • সৌৰভ গাংগুলী৩১
  • টুইংকল খান্না৩২
  • ছানি লিওনে৩৩
  • ইয়াছেৰ উছমান৩৪
  • ৰজত গুপ্ত৩৫
  • ‘পাটনা ব্লুজ’ৰ লেখক আব্দুল্লা খানে লেখক হোৱাৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ ওপৰত

টনি জোচেফ৩৬ অনিৰ্বাণ মহাপাত্ৰ ২০২০ চনৰ পৰা জাগাৰনাট কিতাপৰ কাম বন্ধ হৈ গৈছে।

তথ্যসূত্ৰ

  1. ↑ 2018 was a phenomenal year for books, according to publishers – Times of India. The Times of India
  2. ↑ former editor in chief of Random House India, has been appointed publisher of Penguin India. CNN-IBN
  3. ↑ Chiki Sarkar on 'Juggernaut' to become India's first phone publisher. Business Standard
  4. ↑ Juggernaut, Chiki Sarkar's publishing start-up. Daily News and Analysis
  5. ↑ Shobhaa De in Conversation With Chiki Sarkar
  6. ↑ Rana Dasgupta in conversation with Chiki Sarkar. ambafrance-in.org
  7. ↑ Lunch with BS: Chiki Sarkar. Business Standard
  8. ↑ (11 March 2014). 14 Indians in WEF's Young Global Leaders class of 2014. Deccan Chronicle
  9. ↑ Chiki Sarkar – Most Powerful Women in 2020 – Fortune India. www.fortuneindia.com
  10. ↑ 2018 W-Power Trailblazers: Chiki Sarkar is a publisher of the millennials. Forbes India
  11. ↑ So This Is Why Chiki Sarkar Quit Penguin Random House India. thebetterindia.com
  12. ↑ Chiki Sarkar, 4 Others Quit Penguin Random House India. huffingtonpost.in
  13. ↑ Chiki Sarkar named Publisher of Penguin Random House India. Business Line
  14. ↑ Chiki Sarkar launches a new publishing company with audacious new digital strategies. scroll.in/
  15. ↑ Why Chiki Sarkar goes electronic in new publishing venture. indianexpress.com/
  16. ↑ Chiki Sarkar, Durga Raghunath launch publishing company 'Juggernaut'. abplive.in
  17. ↑ A way ahead for words. The Hindu
  18. ↑ What Chiki Sarkar wants you to know about her new publishing house, Juggernaut Books. Vogue
  19. ↑ Great Book Value. businesstoday.in
  20. ↑ Her Own Woman. businesstoday.in
  21. ↑ (23 September 2015). Chiki Sarkar's New Mobile First Publishing Startup, Juggernaut, Secures $2 Mn From Nandan Nilekani & Others – Inc42 Media. Inc42 Media
  22. ↑ Choudhary, Vidhi. (4 December 2017). Bharti Airtel buys stake in Juggernaut Books. livemint.com/
  23. ↑ Bharti Airtel acquires stake in Juggernaut Books, a digital platform for books and to submit amateur writing. Tech2
  24. ↑ Dalrymple, William; Anand, Anita. (11 December 2016). Kohinoor: The Story of the World's Most Infamous Diamond. Juggernaut. ISBN 9789386228086
  25. ↑ Roy, Arundhati; Cusack, John. (5 August 2016). Things That Can and Cannot Be Said. Juggernaut. ISBN 9788193284100
  26. ↑ Tiwari, Aditya. (2023). Over the Rainbow: India's Queer Heroes. Juggernaut. ISBN 9789353451752
  27. ↑ Sundar, Nandini. (17 October 2016). The Burning Forest: India's War in Bastar. Juggernaut. ISBN 9789386228000
  28. ↑ results, search. (30 October 2017). The Goat Thief. Juggernaut. ISBN 9789386228499
  29. ↑ Saran, Shyam. (15 August 2017). How India Sees The World: From Kautilya to Modi: Kautilya to the 21st Century. Juggernaut. ISBN 9789386228406
  30. ↑ Sardesai, Rajdeep. (15 October 2017). Democracy's XI: The Great Indian Cricket Story. Juggernaut. ISBN 9789386228482
  31. ↑ Ganguly, Sourav. (24 February 2018). A Century is not Enough: My Roller-coaster Ride to Success. Juggernaut. ISBN 9789386228567
  32. ↑ Khanna, Twinkle. (8 November 2016). The Legend of Lakshmi Prasad. Juggernaut. ISBN 9789386228055
  33. ↑ Leone, Sunny. (6 June 2016). Sweet Dreams. Juggernaut. ISBN 9788193237229
  34. ↑ Usman, Yasser. (31 March 2018). Sanjay Dutt: The Crazy Untold Story of Bollywood's Bad Boy. Juggernaut. ISBN 9789386228581
  35. ↑ Gupta, Rajat. Mind Without Fear. Juggernaut Books
  36. ↑ Joseph, Tony. New reports clearly confirm 'Arya' migration into India

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিকি সৰকাৰ” প্ৰবন্ধৰ সংশোধন ৬৩২২০৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।