চি এচ লক্ষ্মী (C. S. Lakshmi; জন্ম ১৯৪৪) হ'ল এগৰাকী ভাৰতীয় নাৰীবাদী লেখক আৰু ভাৰতৰ নাৰীবিষয়ক অধ্যয়নৰ স্বাধীন গৱেষক। তেওঁ 'অম্বাই' ছদ্মনামত লিখে।
ব্যক্তিগত জীৱন
১৯৪৪ চনত তামিলনাডুৰ কোইম্বাটুৰত লক্ষ্মীৰ জন্ম হয়। তেওঁ ডাঙৰ-দীঘল হয় মুম্বাই আৰু বেংগালুৰুত। তেওঁ মাদ্ৰাছ খ্ৰীষ্টিয়ান কলেজৰপৰা কলা শাখাত স্নাতক ডিগ্ৰী লয় আৰু বেংগালুৰুৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লয়। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰপৰা তেওঁ পি এইচ ডি লয়। শিক্ষা সমাপ্ত কৰাৰ পাছত তেওঁ তামিলনাডুৰ বিদ্যালয়ত পঢ়ুৱায় আৰু মহাবিদ্যালয়ত পাঠদান কৰে। তেওঁ বিষ্ণু মাথুৰ নামৰ এগৰাকী চলচ্চিত্ৰ নিৰ্মাতাৰ সৈতে বিয়াত বহে আৰু মুম্বাইত থাকিবলৈ লয়।১২৩
লেখক হিচাপে কৰ্মজীৱন
১৯৬২ চনত লক্ষ্মীৰ প্ৰথমখন কিতাপ 'নন্দিমালাই চাৰালিলে' (নন্দী পাহাৰত) প্ৰকাশ হয়। কৈশোৰতে তেওঁ এই কিতাপখন লিখিছিল। ১৯৬৬ চনত তেওঁৰ প্ৰথমখন উপন্যাস 'আন্ধি মালাই' (তামিল ভাষাত) প্ৰকাশ পায়। কিতাপখনে 'কলাইমগল নাৰায়ণস্বামী আয়াৰ বঁটা' লাভ কৰিছিল। তেওঁ সাহিত্য আলোচনী কানাইয়াঝিত প্ৰকাশিত 'চিৰাগুকাল মুৰিয়ম' (ডেউকাবোৰ ভাঙিব) (১৯৬৭) চুটি গল্পৰ বাবে সমালোচকৰ প্ৰশংসা লাভ কৰিছিল। এই কাহিনীটো পিছত ১৯৭৬ চনত একে নামৰ চুটি গল্প সংকলনৰ অংশ হিচাপে কিতাপ ৰূপত প্ৰকাশ পায়। একে বছৰতে তামিল মহিলা লেখকসকলৰ কাম অধ্যয়ন কৰিবলৈ তেওঁক দুবছৰীয়া ফেলোশ্বিপ প্ৰদান কৰা হৈছিল। গৱেষণাৰ কামটো ১৯৮৪ চনত 'দ্য ফেচ বিহাইণ্ড দ্য মাস্ক' (এভেণ্ট বুকছ) হিচাপে প্ৰকাশ পায়। ১৯৮৮ চনত, তেওঁৰ 'ভেটিন মুলাইইল অৰু চামাইয়ালাৰাই (ঘৰৰ কোণত থকা এটা পাকঘৰ) শীৰ্ষক দ্বিতীয় তামিল চুটি গল্প সংকলন প্ৰকাশ হয়। ই এজন মুখ্য গল্পকাৰ ৰূপে তেওঁৰ খ্যাতিক প্ৰতিষ্ঠিত কৰে।২৩৪৫৬ তেওঁৰ কিছুমান কাম – 'এ পাৰপল চি' (১৯৯২), 'ইন এ ফৰেষ্ট, এ ডিয়াৰ' (২০০৬) লক্ষ্মী হমষ্ট্ৰোমে ইংৰাজীলৈ অনুবাদ কৰিছে।৭৮২০০৬ চনত, তেওঁ (লক্ষ্মী হমষ্ট্ৰোমৰ সৈতে যুটীয়াভাৱে) 'ইন এ ফৰেষ্ট, এ ডিয়াৰ'ৰ বাবে 'ভোডাফোন ক্ৰছৱৰ্ড বুক বঁটা' (ভাৰতীয় ভাষা কল্পকাহিনী অনুবাদ শ্ৰেণীত) লাভ কৰে।৯ তামিল সাহিত্যলৈ আগবঢ়োৱা তেওঁৰ অৱদানৰ বাবে, ২০০৮ চনত তেওঁ 'আয়াল বিৰুধু' (জীৱনজোৰা সাধনা বঁটা) লাভ কৰে।১০১১
শৈক্ষিক জীৱন
লক্ষ্মী ত্ৰিশ বছৰতকৈও অধিক সময় ধৰি মহিলাৰ অধ্যয়নৰ ক্ষেত্ৰত এজন স্বতন্ত্ৰ গৱেষক হৈ আছে। তেওঁ তামিল কথাসাহিত্য প্ৰকাশ কৰাৰ বাবে অম্বাই ছদ্মনাম আৰু 'দ্য হিন্দু' আৰু 'টাইমছ অৱ ইণ্ডিয়া'ৰ দৰে বাতৰি কাকত আৰু 'ইকনমিক এণ্ড পলিটিকেল ৱিকলি'ৰ দৰে পত্ৰিকাত তেওঁৰ গৱেষণাৰ কাম আৰু অন্যান্য প্ৰবন্ধ প্ৰকাশ কৰাৰ বাবে তেওঁৰ প্ৰকৃত নাম (ড॰ চি এছ লক্ষ্মী) ব্যৱহাৰ কৰে। ১৯৯২ চনত, তেওঁ চিকাগো বিশ্ববিদ্যালয়ৰ সংস্কৃতি আৰু চেতনা অনুষ্ঠানৰ এজন অতিথি অধ্যাপক আছিল। ৰোজা মুথিয়া চেট্টিয়াৰৰ কিতাপ সংগ্ৰহ আৰু অন্যান্য প্ৰকাশিত সামগ্ৰী উপলব্ধ হোৱাকৈ ৰোজা মুথিয়া গৱেষণা পুথিভঁৰাল (আৰএমআৰএল) স্থাপন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।১২১৩১৪ তেওঁ ভাৰতীয় ঐতিহাসিক গৱেষণা পৰিষদৰ এজন গৱেষণা বিষয়া আৰু নতুন দিল্লীৰ এখন মহাবিদ্যালয়ৰ প্ৰবক্তা আছিল। ১৯৯০ চনত তেওঁ দুটা গৱেষণা প্ৰকল্পত কাম কৰিছিল – ইয়াৰে 'তামিলনাডুৰ মহিলাৰ বিশদ সামাজিক ইতিহাস' প্ৰকল্পটো ফৰ্ড ফাউণ্ডেচন পৃষ্ঠপোষকতা কৰিছিল আৰু হোমি জে ভাভা ফেলোশ্বিপৰ অধীনত 'এন ইডিয়ম অৱ চাইলেন্স: এন অৰেল হিষ্ট্ৰী এণ্ড পিক্টৰেল ষ্টাডি' প্ৰকল্পটো কৰে। গৱেষণাৰ ফলাফলটো 'চেভেন চিজ এণ্ড চেভেন মাউণ্টেইনচ্' শৃংখলাৰ দুটা খণ্ড হিচাপে প্ৰকাশ কৰা হৈছে। প্ৰথম খণ্ড, 'দ্য চিংগাৰ এণ্ড দ্য চং' (২০০০), হৈছে মহিলা সংগীতজ্ঞসকলৰ সৈতে সাক্ষাৎকাৰৰ সংগ্ৰহ আৰু দ্বিতীয় খণ্ড, 'মিৰৰ এণ্ড জেচ্ছা্ৰ' (২০০৩), হৈছে মহিলা নৃত্যশিল্পীসকলৰ সৈতে সাক্ষাৎকাৰৰ সংকলন।১৫১৬১৭ ১৯৮৮ চনত লক্ষ্মীয়ে মহিলা লেখক আৰু শিল্পীসকলৰ কাম নথিভুক্ত আৰু সংৰক্ষণ কৰাৰ বাবে 'স্পেৰ' (চাউণ্ড এণ্ড পিক্চাৰ আৰ্কাইভ ফৰ ৰিচাৰ্চ অন ৱুইমেন) নামৰ এটা বেচৰকাৰী সংগঠন (এনজিঅ') প্ৰতিষ্ঠা কৰিছিল। 'স্পেৰ'ই মহিলা শিল্পী আৰু লেখকসকলৰ ওপৰত কেইবাখনো কিতাপ প্ৰকাশ কৰিছে। ২০০৯ চন লৈকে, তেওঁ সংগঠনটোৰ পৰিচালক আৰু ইয়াৰ ন্যাসৰক্ষী হৈ আছে। 'ইউনিভাৰচিটি অৱ মেচিগান'ৰ বিশ্ব নাৰীবাদ প্ৰকল্পৰ তেওঁ বৰ্তমানৰ সদস্য।১৮তেওঁ নিজকে "নাৰীবাদী বুলি বিবেচনা কৰে যি আপোচ হীন ভাৱে বাস কৰিছে।"১১৯২০২১
গ্ৰন্থপঞ্জী
ইংৰাজী ভাষাত
- দ্য ফেচ বিহাইণ্ড দ্য মাস্ক (১৯৮৪)
- এ পাৰপল চি (১৯৯২)
- বডি ব্লউজ: ৱুইমেন, ভায়লেন্স এণ্ড চাৰভাইভেল (২০০০)
- চেভেন চিজ এণ্ড চেভেন মাউণ্টেইনচ্ (প্ৰথম খণ্ড, ২০০০)
- চেভেন চিজ এণ্ড চেভেন মাউণ্টেইনচ্ (দ্বিতীয় খণ্ড, ২০০৩)
- দ্য আনহাৰিড চিটি (সম্পাদিত, ২০০৩)
- ইন এ ফৰেষ্ট, এ ডিয়াৰ (২০০৬)
- আ মিটিং অন দ্য আন্ধেৰী অভাৰব্ৰিজ (২০১৬)
তামিল ভাষাত
- নন্দিমালাই চাৰালিলে (১৯৬২)
- আন্ধি মালাই (১৯৬৭)
- চিৰাগুকাল মুৰিয়ম (১৯৭৬)
- ভেটিন মুলাইইল অৰু চামাইয়ালাৰাই (১৯৮৮)
- অম্বাই: কালচ্ছুৱৰু নেৰকনল্গাল (১৯৯৮)
- কাটিল অৰু মান (২০০০)
- ৱৰৰুম এৰীন মীংগাল (২০০৭)
তথ্যসূত্ৰ
- ↑ Aditi De. (6 May 2005). The little bird's long journey. The Hindu. The Hindu Group
- ↑ Tharu, Susie J.; Lalitha, Ke. (1993). Women Writing in India: The twentieth century. Feminist Press. পৃ. 487–8
- ↑ Miller, Jane Eldridge. (2001). Who's who in contemporary women's writing. Routledge. পৃ. 13
- ↑ Dutt, Kartik Chandra. (1999). Who's who of Indian Writers, 1999: A-M. Sahitya Akademi. পৃ. 38
- ↑ C. S. Lakshmi (Ambai), 1944–. The South Asian Literary Recording Project
- ↑ Profiles: Ambai (C. S. Lakshmi). womenswriting.com
- ↑ Forbes, Geraldine Hancock. (2005). Women in colonial India: essays on politics, medicine, and historiography. Orient Blackswan. পৃ. 166
- ↑ SPARROW Trustees. sparrow.org
- ↑ (24 February 2007). Bookworm: Add to your cart. Mint (newspaper). HT Media Ltd
- ↑ (9 January 2009). An Announcement. Thinnai. thinnai.com
- ↑ Lifetime Achievement Award Ceremony, 2008. Tamil Literary Garden
- ↑ Roja Muthiah Research Library. Roja Muthiah Research Library (RMRL). University of Chicago
- ↑ William Harms. (December 1995). Magnificent Obsession: The U of C discovers a massive private collection of Tamil literature—and a story stranger than fiction. Roja Muthiah Research Library (RMRL). The University of Chicago Magazine
- ↑ S. Theodore Baskaran. (19 August 2000). An archive for Tamil studies. Frontline (magazine). The Hindu Group
- ↑ Swati Menon. (29 October 2000). The Art of Memory. Outlook Magazine. The Outlook Group
- ↑ Radhika Jha. (200-10-29). A Place Under The Sun. Outlook Magazine. The Outlook Group
- ↑ authors, translators, illustrators & photographers. tulikabooks.com. Tulika Books
- ↑ Biographical Sketches of Project Members. Global Feminisms Project. University of Michigan
- ↑ Renuka Narayanan. (13 July 2003). More Ayyos from Ambai. The New Indian Express. Indian Express Group
- ↑ Alaka Sahani. (11 December 2007). Lost in translation. The New Indian Express. Indian Express Group
- ↑ Authors. katha.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চি এচ লক্ষ্মী” প্ৰবন্ধৰ সংশোধন ৬৩৭০৬০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।