অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

চিত্ৰলতা ফুকন

চিত্ৰলতা ফুকন (ইংৰাজী: Chitralata phukan, ১৯৩৭-২০১৩) একাধাৰে ঔপন্যাসিক, গল্পকাৰ, কবি তথা প্ৰবন্ধকাৰ। চিত্ৰলতা ফুকন আৱাহন স্তৰতে সাহিত্য চৰ্চা আৰম্ভ কৰি ৰামধেনু আৰু তাৰ পৰৱৰ্তী কাল পৰ্যন্ত সাহিত্য ৰচনা কৰি অসমীয়া সাহিত্য়ৰ ইতিহাসক সমৃদ্ধ কৰিছিল।

হালনাগাদ: ১৯ জুন ২০২৬ ৮১১ শব্দ · ৫ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

চিত্ৰলতা ফুকন (ইংৰাজী ভাষা: Chitralata phukan, ১৯৩৭-২০১৩) একাধাৰে ঔপন্যাসিক, গল্পকাৰ, কবি তথা প্ৰবন্ধকাৰ। চিত্ৰলতা ফুকন আৱাহন স্তৰতে সাহিত্য চৰ্চা আৰম্ভ কৰি ৰামধেনু আৰু তাৰ পৰৱৰ্তী কাল পৰ্যন্ত সাহিত্য ৰচনা কৰি অসমীয়া সাহিত্য়ৰ ইতিহাসক সমৃদ্ধ কৰিছিল।১ তেখেতৰ সাহিত্যক অৱদানৰ বাবে অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা (২০০২), অসম লেখিকা সংস্থাৰ প্ৰবীণা শইকীয়া বঁটা (২০০৩) লাভ কৰে। সমাজৰ হিতৰ বাবে কৰা বিভিন্ন কামৰ বাবে তেওঁক টাই আহোম যুৱ পৰিষদে বীৰাঙ্গনা মূলাগাভৰু বঁটা আগবঢ়ায়।

জন্ম

শিৱসাগৰ জিলাৰ ইতিহাসপ্ৰসিদ্ধ ম’ৰাবজাৰ অঞ্চলৰ দেওধাই গাঁৱৰ ৰাজপুৰোহিত ম’ছাইটাও ফৈদত ১৯৩৭ চনৰ ২০ জুন তাৰিখে চিত্ৰলতা ফুকনে জন্ম গ্ৰহণ কৰে। চিত্ৰলতা ফুকনৰ পিতৃ আছিল সমাজহিতৈষী, স্বাধীনতা সংগ্ৰামী কুলাই চন্দ্ৰ ফুকন। তেখেতৰ মাতৃৰ নাম আছিল খৰ্গপ্ৰভা ফুকন।

শিক্ষা আৰু কৰ্মজীৱন

চাৰিঙৰ ৭০ নং চাৰিং প্ৰাথমিক বিদ্যালয়ত তেওঁ প্ৰাথমিক শিক্ষা আৰম্ভ কৰে। এই স্কুলৰ পৰাই চিত্ৰলতা ফুকনে তৃতীয় শ্ৰেণীৰ বৃত্তি লাভ কৰিছিল। বৃত্তি লাভ কৰি তেওঁ ঘৰৰ পৰা তিনি মাইল দূৰৰ আমগুৰি চৰকাৰী মধ্য ইংৰাজী বিদ্যালয়ত নামভৰ্তি কৰে। এই স্কুলৰ পৰাই তেওঁ নিম্ন মাধ্যমিক শিক্ষা গ্ৰহণ কৰে। প্ৰাইমেৰী বৃত্তি লাভ কৰি আমগুৰি চৰকাৰে মধ্য ইংৰাজী বিদ্যালয়ত ষষ্ঠ শ্ৰেণীলৈ উৰ্ত্তীণ হোৱা তেওঁ আছিল একমাত্ৰ ছাত্ৰী। লগতে এম.ই স্কুলৰ শ্ৰেণী কোঠাত চিত্ৰলতা ফুকন আছিল একমাত্ৰ ছাত্ৰী। এম . ই পাছ কৰা চাৰ্টিফিকেটত তেওঁৰ বয়স আছিল এঘাৰ বছৰ দহ মাহ। এম . ই পাছ কৰাৰ পিছতেই চিত্ৰলতা ফুকনে এখন প্ৰাইমেৰী স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। মাত্ৰ এঘাৰ বছৰ দহ মাহ বয়সতে প্ৰধান শিক্ষয়িত্ৰী হোৱাৰ সৌভাগ্য সঁচাকৈয়ে বিৰল।২ আমগুৰি চৰকাৰী মধ্য ইংৰাজী স্কুলৰ পৰা মাইনৰ পাছ কৰি তেখেতে হাইস্কুল পঢ়া নাছিল। তথাপি প্ৰাইভেটকৈ হাইস্কুলৰ মুখ নেদেখাকৈয়ে তেখেতে প্ৰবেশিকা পাছ কৰিছিল। মেট্ৰিক পাছ কৰাৰ পাছত চিত্ৰলতা ফুকন এখন এম.ভি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে নিযুক্ত হ’ল। এই স্কুলত এবছৰ কাম কৰি তেওঁ শিৱসাগৰ কলেজত পঢ়িবলৈ যায়। শিৱসাগৰ কলেজৰ পৰা তেখেতে আই . এ পাছ কৰিয়ে পুনৰ ভূঞাহাট এম.ভি স্কুলত এবছৰ প্ৰধান শিক্ষয়িত্ৰীৰ দায়িত্ব গ্ৰহণ কৰে। পিছত গুৱাহাটী সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত অসমীয়া বিষয়ত অনাৰ্ছ লৈ পঢ়িবলৈ যায়। তেতিয়া অনাৰ্ছ বিষয়টো বিশ্ববিদ্যালয়ৰ অধীনত আছিল। গোটেই অসমৰ ভিতৰত সেই সময়ত মাত্ৰ এঘাৰগৰাকী ল’ৰা ছোৱালীয়ে অসমীয়া বিভাগত অনাৰ্ছ লৈ পাছ কৰে। পৰীক্ষা দি আহি চিত্ৰলতাই চামগুৰি হাইস্কুলত, তিনি বছৰ জাঁজী ছোৱালী হাইস্কুলত কাম কৰি গুৱাহাটী বিশ্ববিদ্যালয়লৈ এম . এ ৰ বাবে যায় আৰু ইয়াৰ পৰাই এম.এ পাছ কৰে। এম.এ পৰীক্ষা দি আহিয়েই চিত্ৰলতা ফুকনে জাঁজী হেমনাথ শৰ্মা কলেজ প্ৰতিষ্ঠাৰ বাবে উঠিপৰি লাগিল আৰু এঘাৰ বছৰৰ চেষ্টাৰ মূৰত কলেজখনে ঘাটি মঞ্জুৰি পালে। কলেজ গঢ়াৰ অদম্য উৎসাহ লৈ যি কলেজত সোমাল তাতে তেখেতে ১৯৬৪ চনৰ পৰা ১৯৯৭ চনলৈকে তেত্ৰিশ বছৰ চাকৰি কৰি অসমীয়া বিভৰগৰ মুৰব্বী অধ্যাপিকা, ভাৰপ্ৰাপ্ত উপাধ্যক্ষা হিচাপে দায়িত্ব লৈ এদিন অৱসৰ গ্ৰহণ কৰিলে। কলেজখনৰ উন্নতিৰ কথা চিন্তা কৰিয়েই তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা মামণি ৰয়ছম গোস্বামীয়ে জনোৱা নিমন্ত্ৰণী গ্ৰহণ নকৰিলে। নিষ্পেষিত নাৰীক সংগঠিত কৰিবৰ বাবে সমগ্ৰ জীৱন অতিবাহিত কৰা চিত্ৰলতা ফুকনে বিভিন্ন সামাজিক অনুষ্ঠানৰ বাবেও কাম কৰি গৈছে। জন্ম লগ্নৰে পৰা “ অসম লেখিকা সংস্থাৰ” লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছিল চিত্ৰলতা ফুকন। অসম লেখিকা সংস্থাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল গুৱাহাটীত ১৯৭৬ চনত। চিত্ৰলতা ফুকন সেই অধিৱেশনৰ সহকাৰী সম্পাদিকা আছিল আৰু ১৯৭৮ চনত জাঁজীত হোৱা অধিৱেশনত তেওঁ যুটীয়া সম্পাদিকালৈ উন্নীত হ’ল। সেই দ্বিতীয় অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ সম্পাদিকাৰ গুৰু দায়িত্ব বহন কৰিছিল চিত্ৰলতা ফুকনে। যুটীয়া সম্পাদিকা হিচাপে তেওঁ সংস্থাৰ তৃতীয় নামৰূপ অধিৱেশন আৰু চতুৰ্থ গুৱাহাটী অধিৱেশনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল। উল্লেখযোগ্য যে চতুৰ্থ গুৱাহাটী অধিৱেশনতে তেওঁ প্ৰধান সম্পাদিকাৰ দায়িত্ব লাভ কৰিছিল। “অসম লেখিকা সংস্থা”ৰ সম্পাদিকা তথা সভানেত্ৰীৰ দায়িত্ব সুচাৰুৰূপে পালন কৰি মৰাণ, টিংখাং, সোণাৰী, শিৱসাগৰ আদিত বহুতোশাখা গঠন কৰি মহিলাসকলক সংগঠিত কৰিছিল। তেখেতৰ শুভ চিন্তাৰ ফলশ্ৰুতিতেই ১৯৭৮ চনত জন্ম হৈছিল “জাঁজী লেখিকা সংস্থা”ৰ। তেখেতৰ ছত্ৰচায়াত জীপাল হৈ উঠা জাঁজী লেখিকা সংস্থাই সেই ৯০ দশকতে ধ্বনি কবি বিনন্দচন্দ্ৰ বৰুৱাৰ জন্ম শতবৰ্ষ উপলক্ষে কবি গৰাকীৰ ঐতিহাসিক কবিতাৰ আধাৰত “ গড়গঞা কটাৰীৰ ডাবেও কাটে ” নামেৰে সংগীতালেখ্য অনাতাঁৰ যোগে পৰিৱেশন কৰিছিল। তদুপৰি অঞ্চলটোৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত আলোকপাত কৰি ৰচনা কৰা “দুঃসময়ৰ প্ৰতিবাদ ” নামৰ বাটৰ নাট জাঁজী লেখিকা সংস্থাৰ দ্বাৰা জাঁজী গড়মূৰ বজাৰত পৰিৱেশন কৰি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি তেখেত অসম মহিলা সংঘৰ উপ সভানেত্ৰী, শিৱসাগৰ জিলা মহিলা সংঘৰ সভানেত্ৰী, নাৰী নিৰ্যাতন প্ৰতিবাদী মঞ্চৰ সভানেত্ৰী, শিৱসাগৰ জিলা মহিলা আয়োগৰ সদস্যা, অসম সাহিত্য সভাৰ প্ৰাক্তন কাৰ্যকৰী সদস্যা, অসম কলেজ শিক্ষক সংস্থাৰ প্ৰাক্তন কাৰ্যকৰী সদস্যা আৰু লগতে বামপন্থী ৰাজনীতিত বিশ্বাসী চি.পি এমৰ সক্ৰিয় সদস্যা আছিল। ২০০১চনত তেখেতে এই দলৰ প্ৰাৰ্থী হিচাপে আমগুৰি সমষ্টিত প্ৰতিদ্বন্দ্বতা আগবঢ়ায়।

সাহিত্যিক অৱদান

  • কবিতা
  1. হৃদয় বিচাৰি হৃদয়
  • গল্প সংকলন
  1. চন্দন ধূপৰ ধোৱা
  2. কনকচম্পা
  3. বিষণ্ণ ৰাতিৰ জোন
  4. আঁহত গছৰ ছাঁ
  • উপন্যাস
  1. অশ্ৰুকন্যা
  2. অৰুন্ধতী
  3. আলোকিত পথৰ সন্ধানত
  4. সোণালী কন্যা (শিশু উপন্যাস)
  5. বন আমলখি পোনাকণ আৰু মই (শিশু উপন্যাস)
  • নাটক
  1. মিথিলা যাত্ৰা পথত
  2. ৰাতি আৰু নুপুৱায়
  3. নীড় ভঙা পখীৰ অৰণ্য
  • সম্পাদিত গ্ৰন্থ
  1. অসমীয়া সাহিত্য আৰু লেখিকা (প্ৰথম খণ্ড)
  2. অসমীয়া সাহিত্য আৰু লেখিকা (দ্বিতীয় খণ্ড)
  • আত্মজীৱনী আৰু প্ৰবন্ধ তথা অন্যান্য ৰচনা
  1. হৃদয় নদীৰ পানচৈ ( আত্মজীৱনী)
  2. শিক্ষাৰ আলোকিত পথেৰে ভাৰত তথা অসমৰ নাৰী
  3. ধ্বনি কবি বিনন্দচন্দ্ৰ বৰুৱাদেৱলৈ
  4. অসম বুৰঞ্জীত নাৰী
  5. অসম লেখিকা সংস্থা: কিছু কথা কিছু চিন্তা
  6. প্ৰবীণা শইকীয়া: নীৰৱ সাধনাৰ প্ৰতীক
  7. অসম লেখিকা সন্থাৰ চমু ইতিবৃত্ত
  8. জাঁজী লেখিকা সংস্থাৰ চমু ইতিহাস
  9. গড়মা কুঁৱৰী: অসম বুৰঞ্জীৰ এটি বৰ্ণময় চৰিত্ৰ
  10. তাই আধ্যাত্মিক চিন্তন আৰু তাই পুৰোহিতসকলৰ ভূমিকা
  11. সাহিত্য চৰ্চাত শিৱসাগৰীয়া নাৰী সমাজ
  12. শিলিগুৰিৰ পৰা ছিকিমলৈ (ভ্ৰমণ কাহিনী)

বঁটা আৰু স্বীকৃতি

  • অসম সাহিত্য সভাৰ বাসন্তী বৰদলৈ বঁটা (২০০২)
  • অসম লেখিকা সংস্থাৰ প্ৰবীণা শইকীয়া বঁটা (২০০৩)
  • বীৰাঙ্গনা মূলাগাভৰু বঁটা

তথ্যসূত্ৰ

  1. ↑ সম্পাদক- বৰুৱা বীণা. (২০২০). চিত্ৰলতা ফুকন ৰচনা সম্ভাৰ. শিৱসাগৰ জিলা সাহিত্য় সভা. পৃ. ৬৯৬. ISBN 978-81-944014-9-2
  2. ↑ সম্পাদক- দত্ত ৰাজীৱ. (২০১৩). গুলঞ্চ কাঞ্চন. ৰাজহুৱা স্মৃতিচাৰণ উদযাপন সমিতি. পৃ. ১৭৪

সম্পৰ্কিত শ্ৰেণী

অসমৰ নাৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিত্ৰলতা ফুকন” প্ৰবন্ধৰ সংশোধন ৬১৩১৮৬ (১৯ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।