চাৰ্লিজ থেৰন (১২ Charlez Theronজন্ম-৭ আগষ্ট ১৯৭৫) এগৰাকী দক্ষিণ আফ্ৰিকান৩ আৰু আমেৰিকান অভিনেত্ৰী আৰু প্ৰযোজক। তেওঁ বিশ্বৰ অন্যতম সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী৷ তেওঁ একাডেমী বঁটা আৰু গোল্ডেন গ্ল'ব বঁটাকে ধৰি বিভিন্ন বঁটা লাভ কৰিছে।৪ ২০১৬ চনত টাইমে তেওঁক বিশ্বৰ ১০০গৰাকী প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত অন্যতম বুলি অভিহিত কৰিছিল।
১৯৯০ চনত হলিউডৰ ছবি দ্য ডেভিলছ এডভোকেট (১৯৯৭), মাইটি জো ইয়ং (১৯৯৮), আৰু দ্য চাইডাৰ হাউছ ৰুলছ (১৯৯৯)ত মুখ্য মহিলাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিশিষ্টতা লাভ কৰে। মনষ্টাৰ (২০০৩)ত ছিৰিয়েল কিলাৰ আইলিন ৱুৰ্নছৰ চৰিত্ৰত অভিনয় কৰি সমালোচকৰ প্ৰশংসা লাভ কৰে, যাৰ বাবে তেওঁ ছিলভাৰ বিয়েৰ আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ একাডেমী বঁটা লাভ কৰে৷ অভিনয়ৰ অস্কাৰ লাভ কৰা তেওঁ প্ৰথমগৰাকী দক্ষিণ আফ্ৰিকান। নৰ্থ কান্ট্ৰী (২০০৫) ছবিত ন্যায়-আকাংক্ষী যৌন নিৰ্যাতিত মহিলাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ আন এক একাডেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰে।
দ্য ইটালিয়ান জব (২০০৩), হেনকক (২০০৮), প্ৰমিথিউছ (২০১২), মেড মেক্স: ফিউৰি ৰোড (২০১৫), এটমিক ব্লণ্ড (২০১৭), আৰু দ্য অল্ড গাৰ্ড (২০২০), লগতে ফাষ্ট এণ্ড ফিউৰিয়েছ কিস্তি: দ্য ফেট অৱ দ্য ফিউৰিয়াছ (২০১৭), এফ ৯ (২০২১), আৰু ফাষ্ট এক্স (২০২৩)। জেছন ৰেইটমেনৰ কমেডী-নাটক ইয়ং এডাল্ট (২০১১) আৰু টুলি (২০১৮)ত অশান্ত মহিলাৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ প্ৰশংসা লাভ কৰে, আৰু জীৱনীমূলক নাটক বম্বশ্বেল (২০১৯)ত মেগিন কেলিৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ তৃতীয়টো একাডেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰে।
২০০০ চনৰ আৰম্ভণিৰ পৰাই তেওঁৰ কোম্পানী ডেনভাৰ আৰু ডেলিলা প্ৰডাকচনৰ সৈতে চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে। তেওঁ বহুতো ছবি নিৰ্মাণ কৰিছে, বহুতো ছবিত তেওঁৰ অভিনয় আছিল, য'ত আছে দ্য বাৰ্নিং প্লেইন (২০০৮), ডাৰ্ক প্লেচেছ (২০১৫), আৰু লং শ্বট (২০১৯)। ২০০৭ চনত থেৰনে আমেৰিকাৰ নাগৰিকত্ব লাভ কৰাৰ লগতে দক্ষিণ আফ্ৰিকাৰ নাগৰিকত্ব বজাই ৰাখিছিল।
প্ৰাৰম্ভিক জীৱন
১৯৭৫ চনৰ ৭ আগষ্টত দক্ষিণ আফ্ৰিকাৰ ট্ৰেন্সভাল প্ৰদেশৰ (১৯৯৪ চনৰ পৰা গাউটেং প্ৰদেশ) বেনোনিত চাৰ্লিজ থেৰনে জন্মগ্ৰহণ কৰিছিল।৫ তেওঁ পথ নিৰ্মাণকাৰী৬ গেৰ্ডা (জন্ম মেৰিট্জ) আৰু চাৰ্লছ থেৰন (২৭ নৱেম্বৰ ১৯৪৭ – ২১ জুন ১৯৯১)ৰ একমাত্ৰ সন্তান। দ্বিতীয় ব'ৰ যুদ্ধৰ সামৰিক নেতা ডেনি থেৰন তেওঁৰ প্ৰপিতামহ আছিল।৭ তেওঁ আফ্ৰিকান পৰিয়ালৰ আৰু তেওঁৰ বংশত ডাচৰ লগতে ফৰাচী আৰু জাৰ্মান ভাষাও অন্তৰ্ভুক্ত। তেওঁৰ ফৰাচী পূৰ্বপুৰুষসকল দক্ষিণ আফ্ৰিকাৰ আৰম্ভণিৰ হুগুয়েনট আছিল।[ যদিও থেৰন ইংৰাজী ভাষাত সাৱলীল, তেওঁৰ প্ৰথম ভাষা আফ্ৰিকান।৮৯
জোহান্সবাৰ্গৰ ওচৰৰ বেন'নিত থকা পিতৃ-মাতৃৰ ওচৰত তেওঁ ডাঙৰ-দীঘল হৈছিল।১০১১ ১৯৯১ চনৰ ২১ জুনত থেৰনৰ মদ্যপায়ী পিতৃয়ে১২ মদ্যপান কৰি চাৰ্লিজ আৰু মাক দুয়োকে ভাবুকি দিছিল, মাকক শাৰীৰিকভাৱে আক্ৰমণ কৰিছিল আৰু দুয়োৰে ওপৰত বন্দুকেৰে গুলিয়াইছিল।১৩ থেৰনৰ মাকে নিজৰ হেণ্ডগানটো উদ্ধাৰ কৰি ইয়াৰ উত্তৰত গুলী চলাই স্বামীক হত্যা কৰে।১৩ এই গুলীচালনাক আইনগতভাৱে আত্মৰক্ষাৰ বাবে কৰা হৈছিল আৰু তেওঁৰ মাকে কোনো অভিযোগৰ সন্মুখীন হোৱা নাছিল।১৪১৫
থেৰনে পুটফণ্টেইন প্ৰাথমিক বিদ্যালয়ত (লেৰস্কুল পুটফণ্টেইন) পঢ়িছিল,১৬ ই সময়ছোৱাত তেওঁ "সহজ হ'ব পৰা নাই" বুলি কৈছিল।১৭ গোটেই শৈশৱত তেওঁ জণ্ডিচৰ সৈতে যুঁজিছিল আৰু তেওঁক দিয়া এন্টিবায়টিকৰ ফলত তেওঁৰ ওপৰৰ গাখীৰৰ দাঁতবোৰ পচি গৈছিল; যিবোৰ অস্ত্ৰোপচাৰৰ দ্বাৰা আঁতৰাবলগীয়া হৈছিল। থেৰনৰ স্থায়ী দাঁতবোৰ প্ৰায় দহ বছৰ বয়সলৈকে বৃদ্ধি হোৱা নাছিল।১৮১৯ ১৩ বছৰ বয়সত থেৰনক বৰ্ডিং স্কুললৈ পঠিওৱা হয় আৰু জোহান্সবাৰ্গৰ নেচনেল স্কুল অৱ দ্য আৰ্টছত তেওঁ অধ্যয়ন আৰম্ভ কৰে। গৃহ দেশত প্ৰাথমিক জীৱনৰ বিষয়ে থেৰনে কয়, "মই দক্ষিণ আফ্ৰিকাত একমাত্ৰ সন্তান হিচাপে ডাঙৰ হৈছিলোঁ৷ মোৰ পৰিয়ালত অস্থিৰতা আছিল, কিন্তু চৌপাশ ইমানেই বৃহৎ আছিল। মই সাধাৰণতে খালী ভৰিৰে মাটিত আছিলোঁ: গেম বয়ৰ দৰে খেলৰ সামগ্ৰী নাছিল, কম্পিউটাৰ নাছিল, আৰু আমাৰ ওপৰত নিষেধাজ্ঞা নাছিল, গতিকে কনচাৰ্টো নাছিল। ইয়াৰ অৰ্থ আছিল আপুনি নিজেই নিজৰ মনোৰঞ্জন হ'ব লাগিব।"২০
১৯৯১-২০০২: প্ৰাৰম্ভিক কৰ্ম আৰু সফলতা
যদিও তেওঁ নিজকে নৃত্যশিল্পী হিচাপে গণ্য কৰিছিল২১২২ থেৰনে ১৬ বছৰ বয়সত ইটালীৰ ছালেৰ্নোত অনুষ্ঠিত হোৱা স্থানীয় প্ৰতিযোগিতাত১২ এবছৰৰ বাবে মডেলিং চুক্তি লাভ কৰিছিল৷২১২৩ আৰু মাকৰ সৈতে ইটালীৰ মিলানলৈ গুচি যায়।২৪ থেৰনে সমগ্ৰ ইউৰোপত এবছৰ মডেলিং কৰাৰ পিছত তেওঁ আৰু তেওঁৰ মাক আমেৰিকালৈ গুচি যায়; তেওঁলোকে নিউয়ৰ্ক চহৰ আৰু মিয়ামীত বাস কৰিছিল।২৫ নিউয়ৰ্কত তেওঁ জফ্ৰি বেলেট স্কুলত পঢ়িছিল আৰু আঁঠুৰ আঘাতে এই কেৰিয়াৰৰ পথ বন্ধ নকৰালৈকে বেলে নৃত্যশিল্পী হিচাপে প্ৰশিক্ষণ লৈছিল। ২০০৮ চনত থেৰনে স্মৰণ কৰা মতে:
তিনিদিনৰ বাবে নিউয়ৰ্কলৈ গৈছিলো মডেলিং কৰিবলৈ, আৰু তাৰ পিছত নিউয়ৰ্কত বন্ধু এজনৰ খিৰিকীবিহীন বেছমেণ্টৰ এপাৰ্টমেণ্টত শীতকাল কটালোঁ। মই ভাগি পৰিছিলোঁ, জফ্ৰি বেলেটত ক্লাছ লৈ আছিলোঁ, আৰু মোৰ আঁঠু দুটা ওলাই আহিছিল। মই বুজিলোঁ যে মই আৰু নাচিব নোৱাৰোঁ, আৰু মই এটা মেজৰ ডিপ্ৰেছনত পৰিলোঁ। মোৰ মায়ে দক্ষিণ আফ্ৰিকাৰ পৰা আহি ক'লে, "হয় তুমি ইয়াৰ পিছত কি কৰিব লাগে সেইটো বুজি লোৱা নহয় তুমি ঘৰলৈ আহা, কাৰণ তুমি হয়তো দক্ষিণ আফ্ৰিকাত হুমুনিয়াহ কাঢ়িব লাগিবগৈ"।২১
১৯৯৪ চনত,২৬থেৰনে মাকে তেওঁৰ বাবে কিনা একমুখী টিকটত লছ এঞ্জেলছলৈ উৰা মাৰে৷ তেওঁ চলচ্চিত্ৰ উদ্যোগত কাম কৰাৰ উদ্দেশ্য লৈছিল।২১ তাত থকা প্ৰথম মাহবোৰত তেওঁ মাকে দিয়া ৩০০ ডলাৰৰ বাজেটৰ সৈতে এখন মোটেলত বাস কৰিছিল;৬ তেওঁ নিউয়ৰ্কৰ পৰা চেক লাভ কৰি থাকিল আৰু "পে-চেকৰ পৰা পে-চেকলৈকে" জীয়াই আছিল।২৭ থেৰনে জীয়াই থাকিবলৈ ৰেষ্টুৰেণ্ট এখনৰ ঝুৰি এটাৰ পৰা ৰুটি চুৰি কৰিছিল। এদিন তেওঁ হলিউড বলিভাৰ্ডৰ বেংক এটালৈ গৈ কেইখনমান চেক নগদ ধনলৈ আহে, তাৰ ভিতৰত আছিল মাকে ভাড়াত সহায় কৰিবলৈ পঠোৱা এখন চেক; অৱশ্যে; মাকৰ পৰা পোৱা চেকখন নাকচ কৰা হৈছিল কাৰণ ই ৰাজ্যৰ বাহিৰত আছিল আৰু তেওঁ আমেৰিকাৰ নাগৰিক নাছিল।৬ থেৰনে বেংকৰ টেলাৰজনৰ লগত তৰ্ক কৰি অনুৰোধ কৰিছিল যেতিয়ালৈকে টেলেণ্ট এজেণ্ট জন ক্ৰছবি,২৮যিজন তেওঁৰ পিছৰ গ্ৰাহক আছিল, তেওঁৰ বাবে সেইখন নগদ ধনলৈ পৰিণত কৰিছিল আৰু তেওঁক তেওঁৰ বিজনেছ কাৰ্ড দিছিল।[
তথ্যসূত্ৰ
- ↑ (7 April 2016). Charlize Theron pronounces her name and surname in English
- ↑ (30 June 2011). Charlize Theron Speaks Afrikaans
- ↑ Farber, Tanya. Charlize defends her 'unique' American accent. IOL News
- ↑ Berg, Madeline. (23 August 2019). The Highest-Paid Actresses 2019: Scarlett Johansson Leads With $56 Million. Forbes
- ↑ (9 August 2013). Monitor. Entertainment Weekly. পৃ. 22
- ↑ Charlize Theron. (9 August 2018). Conversations with Charlize Theron. SAG-AFTRA Foundations Conversations. SAG-AFTRA
- ↑ Karsten, Chris. (2009). Charlize: Life's One Helluva Ride. Human & Rousseau
- ↑ Charlize Theron. Access Hollywood
- ↑ Charlize Theron. People
- ↑ (8 October 2009). Charlize Theron Biography. Hello Magazine
- ↑ Benoni, East Rand. sa-venues.com
- ↑ (18 January 2004). Charlize Theron. Inside the Actors Studio
- ↑ Tron, Gina. (26 July 2017). Charlize Theron Opens Up About Witnessing Mom Shoot And Kill Her Dad. Oxygen
- ↑ Charlize Theron. BiographyChannel.co.uk
- ↑ (6 January 2006). Charlize Theron's Family Tragedy - ABC News. Abcnews.go.com
- ↑ (2018). Charlize Theron & David Oyelowo Answer the Web's Most Searched Questions · WIRED. Wired
- ↑ Chi, Paul. (27 November 2011). Charlize Theron: I Was Teased By Mean Girls in High School. People
- ↑ (19 June 2013). Charlize Theron on Missing Her Front Teeth and Wearing Cutlets · Screen Tests · W Magazine. W magazine
- ↑ (7 June 2012). CHARLIZE THERON & JON HAMM: My Secret Ugly Childhood (The Graham Norton Show). The Graham Norton Show
- ↑ Hirschberg, Lynn. (2008-02-24). Charlize Angel. The New York Times
- ↑ Hirschberg, Lynn. (24 February 2008). Charlize Angel. The New York Times T Magazine
- ↑ Charlize Theron at Salerno "I could fall in love with Allen
- ↑ Charlize Theron at Salerno "I could fall in love with Allen
- ↑ (22 January 2020). Episode 7: Charlize Theron. Five Things with Lynn Hirschberg. W (Apple Podcasts)
- ↑ Morrison, Mark. (9–11 December 2011). The Amazing, Low-Key Life of Charlize Theron. USA Weekend
- ↑ Higgins, Charlotte. (24 August 2006). Play It Tough. The Guardian
- ↑ (12 July 2013). Charlize Theron on her life, career, and South African homeland. FastTheLatestNews
- ↑ Foley, Jack. In the Valley of Elah: Charlize Theron interview. IndieLondon.co.uk
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাৰ্লিজ থেৰন” প্ৰবন্ধৰ সংশোধন ৬১১০১৮ (৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।