| চিংগিজ আইৎমাতভ | |
|---|---|
| ২০০৩ চনত আইৎমাতভ | |
| জন্ম | (1928-12-12)১২ ডিচেম্বৰ ১৯২৮ শ্বেকাৰ, কিৰগিজ ASSR, ছ'ভিয়েট সংঘ |
| মৃত্যু | ১০ জুন ২০০৮(2008-06-10) (বয়স ৭৯) নুৰেমবাৰ্গ, জাৰ্মানী১ |
| Genre | উপন্যাস, গল্প |
| উল্লেখযোগ্য গ্ৰন্থ | জামিলা, The Day Lasts More Than a Hundred Years |
চিংগিজ আইৎমাতভ এজন কিৰগিজস্তানৰ জনপ্ৰিয় লেখক আছিল। কিৰগিজস্তানৰ হ'লেও তেওঁ মূলতঃ ৰাছিয়া ভাষাত বেছিকৈ লিখা মেলা কৰিছিল।২৩৪
প্ৰাৰম্ভিক জীৱন
আইৎমাতভৰ দেউতাক কিৰগিজস্তানৰ আছিল আৰু মাক এগৰাকী টাৰ্টাৰ আছিল। আইৎমাতভৰ দেউতাক ১৯৩৭ চনত মস্কোত "বুৰ্জোৱা জাতীয়তাবাদ"ৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু ১৯৩৮ চনত মৃত্যুদণ্ড দিয়া হৈছিল।
আইৎমাতভে নিজৰ জীৱনকালতে দেখা পাইছিল কিৰগিজস্তান ৰাছিয়ান সাম্ৰাজ্যৰ আটাইতকৈ দূৰৱৰ্তী অঞ্চলৰ পৰা কেনেকৈ ছোভিয়েট ৰাছিয়াৰ গণৰাজ্যলৈ ৰূপান্তৰিত হৈছিল। আইৎমাতভে শ্বেকাৰৰ এখন ছোভিয়েট বিদ্যালয়ত অধ্যয়ন কৰিছিল। জীৱন নিৰ্বাহৰ বাবে তেওঁ অতি কম বয়সৰ পৰাই কাম কৰিবলৈ লৈছিল। চৈধ্য বছৰ বয়সত, তেওঁ ভিলেজ ছোভিয়েটৰ সচিবৰ সহায়ক আছিল। পিছলৈ তেওঁ কৰ সংগ্ৰাহক, লোডাৰ আৰু এজন অভিযন্তাৰ সহায়ক আদিৰ লগতে বিভিন্ন কামত জড়িত হৈছিল।
১৯৪৬ চনত তেওঁ ফ্ৰুঞ্জৰ কিৰগিজ কৃষি প্ৰতিষ্ঠানৰ পশুপালন বিভাগত অধ্যয়ন আৰম্ভ কৰে। কিন্তু পিছলৈ মস্কোৰ মেক্সিম গৰ্কি সাহিত্য প্ৰতিষ্ঠানত সাহিত্য অধ্যয়নলৈ পাতনি মেলে। মস্কোত তেওঁ ১৯৫৬ চনৰ পৰা ১৯৫৮ লৈ বাস কৰিছিল। পৰৱৰ্তী আঠ বছৰ তেওঁ প্ৰভদা(Pravda)ৰ বাবে কাম কৰিছিল।
১৯৬১ চনত তেওঁ মস্কোত অনুষ্ঠিত হোৱা দ্বিতীয় আন্তজাৰ্তিক চলচ্চিত্ৰ মহোৎসৱত জুৰিৰ সদস্য হৈছিল।৫ ১৯৭১ চনত তেওঁ মস্কোত অনুষ্ঠিত হোৱা সপ্তম আন্তজাৰ্তিক চলচ্চিত্ৰ উৎসৱৰ জুৰিৰ সদস্য আছিল।৬ ১৯৯৪ চনত তেওঁ ৪৪ তম বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰিৰ সদস্য আছিল। .৭ ২০০২ চনত তেওঁ ২৪ তম মস্কো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জুৰীৰ সভাপতি আছিল। .৮
সাহিত্যিক জীৱন

আইৎমাতভৰ প্ৰথম ৰচনা দুখন ১৯৫২ চনত ৰাছিয়ান ভাষাত প্ৰকাশিত হৈছিল: "Газетчик Дзюйо" ("দ্য নিউজপেপাৰ বয় ডিজিউইঅ") আৰু "Ашым" ("অসীম")। কিৰগিজ ভাষাত প্ৰকাশিত তেওঁৰ প্ৰথম ৰচনা আছিল "Ак Жаан" ("হোৱাইট ৰেইন", ১৯৫৪), আৰু তেওঁৰ প্ৰসিদ্ধ ৰচনা "জামিলা" ১৯৫৮ চনত প্ৰকাশ পাইছিল।
১৯৮০ চনত তেওঁৰ প্ৰথমখন উপন্যাস 'দি দে লাষ্টচ ম'ৰ ডেন এ হাণ্ডেদ ইয়েৰছ' প্ৰকাশ হয়। ১৯৮৭ চনত তেওঁৰ অন্য এখন উপন্যাস' ''The Place of the Skull' প্ৰকাশ হয়। তেওঁৰ ' দি লাষ্টচ ম'ৰ ডেন এ হাণ্ডেদ ইয়েৰছ' উপন্যাসখনকে ধৰি অন্যান্য গ্ৰন্থসমূহ পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ হৈছে।
আইতমাতভক ১৯৬৩ চনত টেলছ অফ দ্য মাউণ্টেইনছ এণ্ড ষ্টেপছৰ বাবে লেনিন বঁটা (জামিলা, প্ৰথম শিক্ষক আৰু বিদায়, গুলচাৰীকে ধৰি এটা সংকলন! ) পুৰস্কৃত কৰা হৈছিল আৰু পিছত বিদায়, গুলচাৰীৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰদান কৰা হৈছিল।৯ আনকি আইৎমাতভৰ সমালোচকসকলেও তেওঁৰ উপন্যাসসমূহ উচ্চ মানদণ্ডৰ বুলি উল্লেখ কৰিছিল।
তেওঁৰ গ্ৰন্থৰ কিছুমান কাহিনীক লৈ চলচ্চিত্ৰ নিৰ্মাণ কৰা হৈছিল, যেনে ১৯৬৫ চনত প্ৰথম শিক্ষক, ১৯৬৯ চনত জামিলা, আৰু কেইবাবাৰো টু হেভ এণ্ড টু লজ।
আইৎমাতভ কিৰগিজ আৰু ৰাছিয়ান দুয়োটা ভাষাতে সাবলীল আছিল। তেওঁ এটা সাক্ষাৎকাৰত কৈছিল, ৰাছিয়ান তেওঁৰ বাবে কিৰগিজৰ দৰেই এক স্থানীয় ভাষা। প্ৰাৰম্ভিক ৰচনাসমূহ বেছিভাগেই তেওঁ কিৰগিজতে লিখিছিল ইয়াৰে কিছুমান তেওঁ পিছলৈ নিজে ৰাছিয়ান ভাষালৈ অনুবাদ কৰিছিল, আনহাতে আন কিছুমান অনুবাদকে ৰাছিয়া ভাষালৈ অনুবাদ কৰিছিল। ১৯৬৬ চনৰ পৰা তেওঁ ৰাছিয়ান ভাষাত লিখিবলৈ লৈছিল।
কূটনৈতিক জীৱন
তেওঁৰ সাহিত্যকৰ্মৰ উপৰিও, চিংগিজ আইৎমাতভ ১৯৯০ চনৰ পৰা ১৯৯৩ চনলৈ ছোভিয়েট ইউনিয়নৰ ৰাষ্ট্ৰদূত হিচাপে বেলজিয়ামত আছিল। ৰাছিয়াআৰু পিছলৈ কিৰগিজস্তানৰ হৈ ইউৰোপীয় ইউনিয়ন, নাটো, ইউনেস্কো আৰু বেনেলাক্স দেশত ৰাষ্ট্ৰদূত আছিল।
মৃত্যু
২০০৮ চনৰ ১৬ মে তাৰিখে আইৎমাতভক জাৰ্মানীৰ নুৰেমবাৰ্গৰ এখন চিকিৎসালয়ত বৃক্ক বিকল হোৱাৰ বাবে ভৰ্তি কৰোৱা হয় আৰু ইয়াতে ২০০৮ চনৰ ১০ জুনত ৭৯ বছৰ বয়সত নিউমোনিয়াত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰে। ১০
কিৰগিজস্তান
- কিৰগিজ গণৰাজ্যৰ নায়ক (৪ ফেব্ৰুৱাৰী ১৯৯৭)
- স্মাৰক সোণৰ অৰ্ডাৰ "মানস-1000" আৰু স্মাৰক সোণৰ পদক (15 আগষ্ট 1995)
- Order of Manas (24 May 1999)
অন্যান্য দেশৰ
- ৰাছিয়া – অৰ্ডাৰ অফ ফ্ৰেণ্ডশ্বিপ (৮ ডিচেম্বৰ ১৯৯৮)১১
- উজবেকিস্তান – অৰ্ডাৰ অফ ফ্ৰেণ্ডশ্বিপ (৩০ আগষ্ট ১৯৯৫)১২উজবেকিস্তান – অৰ্ডাৰ অফ আউটষ্টেণ্ডিং মেৰিট (11 ডিচেম্বৰ 1998)১৩
- কাজাখস্তান – অৰ্ডাৰ অফ ফাদাৰলেণ্ড (২৩ জানুৱাৰী ১৯৯৯)
- আজাৰবাইজান – অৰ্ডাৰ অফ ফ্ৰেণ্ডশ্বিপ (25 ফেব্ৰুৱাৰী 2008)
- পোলেণ্ড – অৰ্ডাৰ অফ দ্য স্মাইল
মূল কৰ্মৰাজি

- A Difficult Passage («Трудная переправа», 1956)
- Face to Face («Лицом к лицу», 1957)
- Jamila / Jamilia («Джамиля», 1958)
- in compilation Tales of the Mountains and Steppes, Progress Publishers (1969). ("Jamila", translated by Fainna Glagoleva)
- Telegram Books, (2007). ("Jamilia", translated by James Riordan)
- To Have and to Lose («Тополек мой в красной косынке», 1961) in compilation Short Novels, Progress Publishers (1965). (translated by Olga Shartse)
- Camel's Eye / Camel Eye («Верблюжий глаз», 1961)
- in compilation Anthology of Soviet Short Stories, two volumes, compiled by Nikolai Atarov, Volume 2, pp. 54–86, Progress Publishers (1976). ("Camel's Eye", translated by Olga Shartse)
- in compilation Mother Earth and Other Stories, Faber (1989). ISBN 978-0-571-15237-7 ("Camel Eye", translated by James Riordan)
- Duishen / The First Teacher («Первый учитель», 1962)
- in compilation Short Novels, Progress Publishers (1965). ("Duishen", translated by Olga Shartse)
- in compilation Mother Earth and Other Stories, Faber and Faber (1989). ISBN 978-0-571-15237-7 ("The First Teacher", translated by James Riordan)
- Mother Earth («Саманчынын жолу» / «Материнское поле», 1963)
- in compilation Short Novels, Progress Publishers (1965). (translated by Fainna Solasko)
- in compilation Mother Earth and Other Stories, Faber (1989) (translated by James Riordan)
- Tales of the Mountains and Steppes («Повести гор и степей», 1963), Progress Publishers (1969).
- Farewell, Gulsary! («Прощай, Гульсары», 1966)
- in compilation Tales of the Mountains and Steppes, Progress Publishers (1969). (translated by Fainna Glagoleva)
- Hodder & Stoughton Ltd (1970). ISBN 978-0-340-12864-0 (translated by John French)
- The White Steamship / The White Ship («Белый пароход», 1970)
- Hodder & amp; Stoughton (1972). ISBN 978-0-340-15996-5 ("The White Steamship", translated by Tatyana & George Feifer)
- Crown Publishing Group (1972). ISBN 978-0-517-50074-3 ("The White Ship", translated by Mirra Ginsburg)
- The Ascent of Mt. Fuji («Восхождение на Фудзияму», written together with Kaltai Mukjamedzhanov, 1973), Farrar, Straus and Giroux (1975). ISBN 978-0-374-10629-4 (translated by Nicholas Bethell)
- Cranes Fly Early («Ранние журавли», 1975). Raduga Publishers (1983). ISBN 978-7080321133 (translated by Eve Manning)
- Piebald Dog Running Along the Shore / Spotted Dog Running Along the Seashore («Деңиз Бойлой Жорткон Ала Дөбөт» / «Пегий пес, бегущий краем моря», 1977)
- in compilation Piebald Dog Running Along the Shore and Other Stories, Raduga Publishers (1989). ISBN 978-5050024336 ("Piebald Dog Running Along the Shore", translated by Alex Miller)
- in compilation Mother Earth and Other Stories, Faber (1989). ISBN 978-0-571-15237-7 ("Spotted Dog Running Along the Seashore", translated by James Riordan)
- The Day Lasts More Than a Hundred Years («И дольше века длится день», 1980). Indiana University Press (1983). ISBN 978-0-253-11595-9 (translated by John French)
- The Place of the Skull («Плаха», 1987). Grove Press (1989). ISBN 978-0-8021-1000-8 (translated by Natasha Ward)
- The Time to Speak Out («Час слова», 1988) Library of Russian and Soviet Literary Journalism, Progress Publishers (1988). ISBN 978-5-01-000495-8 (translated by Paula Garb)
- Cassandra's Brand («Тавро Кассандры», 1996)
- When The Mountains Fall («Когда горы падают», 2006)
- Ode to the Grand Spirit: A Dialogue with Daisaku Ikeda, I.B Tauris (2009). ISBN 978-1-84511-987-4
তথ্যসূত্ৰ
- ↑ "Kyrgyz writer, perestroika ally Aitmatov dies," Reuters UK,10 June 2008
- ↑ Peter Rollberg. (2016). Historical Dictionary of Russian and Soviet Cinema. Rowman & Littlefield. পৃ. 35–36. ISBN 978-1442268425
- ↑ Porter. (18 June 2008). Chingiz Aitmatov: Leading novelist of Central Asia. The Independent
- ↑ AITMATOV, Chingiz (Torekulovich). The World’s #1 Online Encyclopedia
- ↑ 2nd Moscow International Film Festival (1961). MIFF
- ↑ 7th Moscow International Film Festival (1971). MIFF
- ↑ Berlinale: 1994 Juries. berlinale.de
- ↑ 24th Moscow International Film Festival (2002). MIFF
- ↑ Iraj Bashiri. The Art of Chingiz Aitmatov's Stories (discussion of Aitmatov's characters)
- ↑ (2008-12-12). Chingiz Aitmatov's Lifelong Journey Toward Eternity. Radio Free Europe, Radio Liberty
- ↑ Smirnov, Vitaly. Айтматов Чингиз Торекулович. warheroes.ru
- ↑ (31 August 1995). Указ Президента Республики Узбекистан О награждении Айтматова Чингиза Торекуловича орденом «Дустлик» Республики Узбекистан. পৃ. 1
- ↑ (12 December 1998). Указ Президента Республики Узбекистан О награждении Айтматова Чингиза Торекулович орденом "Буюк хизматлари учун". পৃ. 1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিংগিজ আইৎমাতভ” প্ৰবন্ধৰ সংশোধন ৫৩৬৫৩৯ (১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।