হেলগা চাৰ্লট নৰী (পূৰ্বৰ উপাধি: হাৰ্বৌ; ১২ অক্টোবৰ ১৮৫৫ – ১৯ ডিচেম্বৰ ১৯৪০) এগৰাকী ডেনিছ নাৰ্ছ, নাৰীবাদী কৰ্মী আৰু শিক্ষাবিদ আছিল। মহিলাসকলৰ বাবে নাৰ্ছিং সেৱাক এক গ্ৰহণযোগ্য পেছা হিচাপে গঢ়ি তোলাত তেওঁৰ বিশেষ অৱদান আছিল। ইয়াৰ উপৰিও তেওঁ নাৰীৰ অধিকাৰ, বিশেষকৈ ভোটাধিকাৰৰ বাবে তীব্ৰ আন্দোলন চলাইছিল।১২
প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল
১৮৫৫ চনৰ ১২ অক্টোবৰত ডেনমাৰ্কৰ আলটোনাত চাৰ্লট নৰীৰ জন্ম হৈছিল। তেওঁ মেজৰ জেনেৰেল জোহানেছ উইলহেম এনথোনিয়াছ হাৰ্বৌ আৰু সমাজহিতৈষী লুইচ উলৰিকে মাৰিয়ান হাৰ্বৌৰ কন্যা আছিল।৩ জীৱনৰ আদিছোৱা আলটোনা আৰু ৰেণ্ডচবাৰ্গত অতিবাহিত কৰাৰ পিছত তেওঁ ১৮৬৩ চনত ক’পেনহেগেনলৈ গুচি আহে। তেওঁ প্ৰথমে ফুনেন দ্বীপৰ জুলেস্কভ মেনৰত তিনি বছৰ ধৰি গভৰ্ণেছ হিচাপে কাম কৰিছিল যদিও ১৮৮০ চনত ক’পেনহেগেনৰ অলমিন্দেলিগ হস্পিটেলত (সাধাৰণ চিকিৎসালয়) নাৰ্ছিং প্ৰশিক্ষাৰ্থী হিচাপে যোগদান কৰে।১ পৰৱৰ্তী বছৰত তেওঁ কুইন লুইচ চিলড্ৰেন হস্পিটেলত নাৰ্ছিঙৰ অধিক অভিজ্ঞতা অৰ্জন কৰে। ১৮৮৫ চনত তেওঁ চিকিৎসক গৰ্ডন নৰীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ তিনিটি সন্তান আছিল: জোহানেছ উইলিয়াম (১৮৮৬), এডিথ (১৮৮৯) আৰু ইংগাৰ (১৮৯২)।৩
নাৰ্ছিং সেৱাৰ প্ৰতি সমৰ্থন
স্বামীৰ সহযোগত তেওঁ ১৮৮৩ চনত নাৰ্ছিঙৰ মৌলিক কৌশল আৰু প্ৰাথমিক চিকিৎসাৰ পাঠ্যক্ৰম চলাইছিল। দুয়ো মিলি ৫০০তকৈ অধিক মহিলাক প্ৰশিক্ষণ দিছিল। নৰীয়ে চিকিৎসালয়সমূহত নাৰ্ছসকলৰ নিম্নমানৰ প্ৰশিক্ষণৰ তীব্ৰ সমালোচনা কৰিছিল আৰু বিশেষকৈ ডেনিছ ৰেড ক্ৰছৰ নিম্নমানৰ দৃষ্টিভংগীক সমালোচনাৰ লক্ষ্য কৰি লৈছিল। ১৮৮৮ চনতে তেওঁ 'ডক্টৰ্ছ উইক্লী' (Ugeskrift for Læger) নামৰ আলোচনীখনত এখন ব্যক্তিগত নাৰ্ছিং স্কুল স্থাপনৰ পৰিকল্পনা ঘোষণা কৰিছিল। তাত তেওঁ মধ্যবিত্ত পৰিয়ালৰ মহিলাসকলৰ বাবে নাৰ্ছিঙক এক সন্মানীয় পেছা হিচাপে গঢ়ি তোলাৰ প্ৰস্তাৱ দিছিল। অৱশ্যে ১৯১০ চনতহে ডেনমাৰ্কৰ প্ৰথমটো চৰকাৰী নাৰ্ছিং প্ৰশিক্ষণ কেন্দ্ৰ ৰিগচ হস্পিটেলত মুকলি কৰা হৈছিল।২
নাৰীৰ অধিকাৰ

নৰীয়ে নাৰী কল্যাণৰ ক্ষেত্ৰতো ব্যাপক আগ্ৰহ প্ৰকাশ কৰিছিল আৰু 'ৱমেনছ বিল্ডিং এছ’চিয়েশ্যন'ত যোগদান কৰিছিল। ১৮৯০ চনৰ শেষৰ ফালে তেওঁ নাৰী অধিকাৰ সংগঠন 'ডেনিছ ৱমেনছ ছচাইটি'ৰ ক’পেনহেগেন শাখাৰ এগৰাকী সমিতি সদস্য হয় আৰু ১৯০০ চনৰ পৰা ১৯০১ চনলৈ উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৮৯৯ চনত এলি নিনষ্টেডৰ সৈতে মিলি তেওঁ 'ডেন্সক কুইণ্ডাৰাড' (ডেনিছ কাউন্সিল অৱ ৱমেন) প্ৰতিষ্ঠা কৰে, যিটো পিছলৈ 'ডেন্সকে কুইণ্ডাৰ্ছ নেচনেলৰাড' (ডি কে এন) নামেৰে পৰিচিত হয়। তেওঁ ইয়াত প্ৰথমে সম্পাদক আৰু তাৰ পিছত ১৯০৯ চনলৈকে সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল। ১৮৯৮ চনত তেওঁ প্ৰতিষ্ঠা কৰা 'ছাফ্ৰেজ কমিটি অৱ ডেনিছ ৱমেনছ এছ’চিয়েশ্যন'ৰ জৰিয়তে কেৱল স্বাৱলম্বী মহিলাৰ বাবেই নহয়, বৰঞ্চ নিৰ্ভৰশীল পত্নীসকলৰ বাবেও ভোটাধিকাৰৰ হকে যুঁজ দিছিল। ১৮৯৯ চনত লণ্ডনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মহিলা পৰিষদৰ কংগ্ৰেছত নৰী 'আন্তঃৰাষ্ট্ৰীয় নাৰ্ছ পৰিষদ'ৰ (আই চি এন) এগৰাকী সহ-প্ৰতিষ্ঠাপক হিচাপে পৰিগণিত হয়।২
নাৰ্ছসকলৰ কামৰ পৰিৱেশ আৰু প্ৰশিক্ষণৰ মান উন্নত কৰাৰ বাবে এটা ডেনিছ সংগঠন প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা চলাইছিল যদিও তেওঁ মাত্ৰ কেইমাহমানৰ বাবেহে 'ডেনিছ কাউন্সিল অৱ নাৰ্ছেছ'ৰ নেতৃত্ব দিবলৈ সক্ষম হৈছিল। চিকিৎসালয়ৰ নাৰ্ছসকলৰ তীব্ৰ বিৰোধিতাৰ সন্মুখীন হোৱাৰ বাবে তেওঁ পিছলৈ নাৰীৰ ভোটাধিকাৰৰ দিশত মনোনিবেশ কৰে আৰু ১৯০৪ চনত বাৰ্লিনত 'আন্তঃৰাষ্ট্ৰীয় মহিলা ভোটাধিকাৰ মিত্ৰজোঁট' (আই ডব্লিউ এছ এ) প্ৰতিষ্ঠা কৰাত সহায় কৰে। ১৯০৭ চনত তেওঁ 'ডেনিছ ৱমেনছ ডিফেন্স এছ’চিয়েশ্যন'ৰ সহ-প্ৰতিষ্ঠাপক আৰু সদস্য হয়, যাৰ ১৯১৫ চনলৈকে তেওঁ অধ্যক্ষতা কৰিছিল আৰু ইয়াৰ সদস্য সংখ্যা প্ৰায় ৫০,০০০লৈ বৃদ্ধি কৰিছিল। ইয়াৰ পিছত তেওঁ মহিলাসকলক নিৰ্বাচনত থিয় হ'বলৈ উৎসাহিত কৰিবলৈ নিৰপেক্ষ 'ৱমেন ভোটাৰ্ছ ক্লাব' প্ৰতিষ্ঠা কৰে। শেষত ১৯২০ চনৰ পৰা ১৯২৭ চনলৈকে তেওঁ পুনৰ নিজৰ নাৰ্ছিং লক্ষ্যলৈ ঘূৰি আহে আৰু নাৰ্ছিং তথা প্ৰাথমিক চিকিৎসাৰ বাবে 'এজৰা স্কুল' প্ৰতিষ্ঠা কৰে।২
১৯৪০ চনৰ ১৯ ডিচেম্বৰত ক’পেনহেগেনত চাৰ্লট নৰীৰ মৃত্যু হয় আৰু তেওঁক হেলচিংগৰত সমাধিস্থ কৰা হয়।১
তথ্যসূত্ৰ
- ↑ Charlotte Norrie. Den Store Danske
- ↑ Vammen, Tinne. Charlotte Norrie. Kvinfo
- ↑ Vammen, Tinne. Charlotte Norrie (1855 - 1940). Kvinfo
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাৰ্লট নৰী” প্ৰবন্ধৰ সংশোধন ৫৮৮০৩৫ (১৪ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।