চি কে জানু (C. K. Janu) (জন্ম ১৯৭০) এগৰাকী ভাৰতীয় সমাজ কৰ্মী আৰু ৰাজনীতিবিদ।১
২০০১ চনৰ পৰা কেৰালাৰ ভূমিহীন জনজাতীয় লোকসকলক ভূমি পুনৰ বিতৰণৰ বাবে আন্দোলন চলাই অহা আদিবাসী গোথৰা মহাসভাৰ তেওঁ নেত্ৰী। দলিত-আদিবাসী একচন কাউন্সিলৰ তত্বাৱধানত এই আন্দোলনটোৱে গতি লৈছে। ২০১৬ চনত তেওঁ জনথিপথ্য ৰাষ্ট্ৰীয় সভা নামৰ এটা নতুন ৰাজনৈতিক দল ঘোষণা কৰে আৰু ২০১৬ চনৰ কেৰালা বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা কৰি, চুলতানবাথেৰীৰ পৰা এন ডি এৰ অংশ হিচাপে প্ৰতিদ্বন্দ্বিতা কৰে আৰু সফলতা লাভ কৰে।২২০২৫ চনত জে আৰ এছ এন ডি এৰ পৰা পৃথক হয়।৩
জীৱনী
জানুৰ ৱায়ানাদৰ মানন্থাৱাডী নামৰ জনজাতীয় গাঁৱৰ ওচৰৰ চেকোটত জন্ম হৈছিল৷ এয়া আছিল তেওঁলোকৰ ঐতিহাসিক পটভূমিৰ বাবে আদিয়া বুলি কোৱা ৰাভুলা সম্প্ৰদায়ৰ দৰিদ্ৰ জনজাতীয় পিতৃ-মাতৃৰ ঘৰ, যিটো কেৰালাৰ কেইবাটাও জনজাতীয় গোটৰ ভিতৰত এটা আছিল৷ যিসকল আগতে ইনডেনচাৰ শ্ৰমিক আছিল। আদিয়া মানে দাস আৰু বেছিভাগেই ভূমিহীন কৃষি শ্ৰমিক। তেওঁৰ কোনো আনুষ্ঠানিক শিক্ষা নাছিল যদিও ৱায়ানাডত চলোৱা সাক্ষৰতা অভিযানৰ জৰিয়তে তেওঁ লিখিবলৈ শিকিছিল।৪
জানুৱে স্থানীয় স্কুলৰ শিক্ষকৰ ঘৰত ঘৰুৱা বনকৰা মহিলা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল৷ সাত বছৰ বয়সতে কৰ্মজীৱন আৰম্ভ কৰি তেওঁ তাতেই পাঁচ বছৰ কটায়। ১৩ বছৰ বয়সত তেওঁ দৈনিক ২ ভাৰতীয় টকা (৩.৫ মাৰ্কিন চেণ্ট) মজুৰিৰ বাবদ শ্ৰমিক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। পিছলৈ তেওঁ টেইলৰিং শিকিলে আৰু এখন সৰু দোকান আৰম্ভ কৰিলে, যিখন আৰ্থিক অভাৱৰ বাবে বন্ধ কৰিবলগীয়া হয়।
চি কে জানু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সদস্য খুড়াক পি কে কালানৰ দ্বাৰা প্ৰভাৱিত হৈছিল আৰু বাওঁ দলৰ অংশ হৈ পৰিছিল।৫ ১৯৭০ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ সৈতে জড়িত কেৰেলা ষ্টেট কাৰ্শকা থোজিলালি ইউনিয়ন (কে এছ কে টি ইউ)ৰ জৰিয়তে ৱায়ানাডৰ তিৰুনেলি বনাঞ্চলত জনজাতীয় বিদ্ৰোহৰ নেতৃত্ব দিয়া কেৰেলা ষ্টেট কাৰ্শকা থোজিলালি ইউনিয়ন (কে এছ কে টি ইউ)ৰ জৰিয়তে তেওঁ এগৰাকী কৰ্মী হৈ পৰে আৰু অতি সোনকালেই ব্যক্তিগত অভিজ্ঞতাৰ জৰিয়তে জনজাতীয় লোকৰ কণ্ঠ হিচাপে চিনাকি হয়। ১৯৮৭ চনলৈকে সংঘৰ প্ৰচাৰক হিচাপে কাম কৰিছিল।তাৰ পিছত তেওঁলোকৰ সমস্যা বুজিবলৈ আৰু সংগ্ৰামৰ বাবে সংগঠিত কৰিবলৈ জনজাতীয় ভ্ৰমণত নামিছিল।
কুদিল কেট্টি সমৰ
ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ সৈতে থকা সম্পৰ্কই জানুক দলীয় ৰাজনীতিত অভিজ্ঞতা অৰ্জন কৰাত সহায় কৰিছিল। ২০০১ চনত জানুৱে ৰাজ্যজুৰি এক প্ৰতিবাদী সমদলৰ নেতৃত্ব দিয়ে আৰু ভূমিহীন জনজাতীয় লোকৰ বাবে মাটি বিচাৰি তিৰুৱনন্তপুৰমৰ সচিবালয়ৰ সন্মুখত 'কুদিল কেট্টি সমৰ' (পঁজা সাজি কৰা আন্দোলন) কৰিছিল। ৪৮ দিন ধৰি চলা এই আন্দোলনৰ ফলত কেৰালা চৰকাৰ জনজাতীয় লোকসকলক মাটি বিতৰণ কৰিবলৈ সৈমান হৈছিল।
মুথাংগা কাণ্ড
২০০৩ চনৰ ১৯ ফেব্ৰুৱাৰীত জানুৱে মুথাংগাত ভূমি দখল আন্দোলনৰ নেতৃত্ব দিছিল।৬ এই আন্দোলনৰ পৰিণতি আছিল ভয়াৱহ পুলিচী হিংসা, য’ত এজন আৰক্ষী আৰু এজন জনজাতীয় লোকৰ মৃত্যু হৈছিল।৭ এই ঘটনাটোক মুথাংগা কাণ্ড বুলি জনা যায় আৰু ইয়াৰ বাবে জানুৱে কাৰাগাৰত থাকিবলগীয়া হৈছিল আৰু তেওঁৰ বিৰুদ্ধে ৭৫টা গোচৰ ৰুজু কৰা হৈছিল।৪
মুথাংগা কাণ্ডই ওৱানাডৰ মুথাংগা গাঁৱত জনজাতীয় লোকৰ ওপৰত চলোৱা আৰক্ষীৰ গুলীবৰ্ষণক বুজায়। ২০০১ চনৰ অক্টোবৰ মাহত হোৱা চুক্তি অনুসৰি মাটি আবণ্টনত কেৰালা চৰকাৰে কৰা পলমৰ প্ৰতিবাদত ২০০৩ চনৰ ১৯ ফেব্ৰুৱাৰীত আদিবাসী গোত্ৰ মহাসভা (AGMS)ৰ অধীনত জনজাতীয় লোকসকল সমবেত হৈছিল। প্ৰতিবাদৰ সময়ত কেৰালা আৰক্ষীয়ে ১৮ জাই গুলী চলাইছিল, যাৰ ফলত এজন আৰক্ষী বিষয়াকে ধৰি দুজন লোকৰ থিতাতে মৃত্যু হয়। পৰৱৰ্তী এক বিবৃতিত চৰকাৰে চৰকাৰী মৃত্যুৰ সংখ্যা পাঁচজন বুলি জনাইছিল। গুলীবৰ্ষণৰ এটা ভিডিঅ’ কেইবাটাও টেলিভিছন নিউজ প্ৰগ্ৰেমত সম্প্ৰচাৰিত হৈছিল৮ আৰু ইয়াৰ দ্বাৰা অনুপ্ৰাণিত হৈ প্ৰখ্যাত লেখিকা অৰুন্ধতী ৰায়ে 'ইউ হেভ ব্লাড অন ইউৰ হেণ্ডছ' (তোমালোকৰ হাতত তেজ লাগি আছে) শীৰ্ষক লেখা লিখিছিল।৪
এই আন্দোলন সফল হোৱা বুলি গণ্য কৰা হৈছিল কিয়নো জানুৰ মতে, ২০০১ চনৰ চুক্তিৰ পিছত প্ৰায় ১০,০০০ জনজাতীয় পৰিয়ালে মাটি লাভ কৰিছে আৰু কান্নুৰ জিলাৰ আৰালম ফাৰ্মকে ধৰি ৪,০০০ হেক্টৰতকৈ অধিক ভূমি ভূমিহীন আদিবাসীক আৱণ্টন দিয়া হৈছে।
আৰালম প্ৰতিবাদ
মুথাংগা আন্দোলনৰ পিছত জানুৱে আৰালম ফাৰ্মৰ ভূমি দখল কৰাত মনোনিৱেশ কৰে। চৰকাৰে ভূমিহীন জনজাতীয় লোকৰ মাজত বিতৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া এইখন আছিল এখন বিশাল সমবায় ফাৰ্ম।
জানুক কেতিয়াবা কেৰালাৰ জনজাতীয় লোকৰ প্ৰথম 'অৰ্গেনিক' নেতা হিচাপে বৰ্ণনা কৰা হয়৯ আৰু কেৰালাৰ কে. আৰ. গৌৰী আম্মা আৰু কুন্নিকল অজিতাৰ দৰে বিশিষ্ট মহিলা ৰাজনীতিবিদৰ মাজত তেওঁৰ মৰ্যাদা আছে। তেওঁ প্ৰায়ে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় আদিবাসী সংগঠনসমূহৰ সৈতে সহযোগিতা কৰিছে কিন্তু কোনো সংগঠনৰ পৰা পুঁজি লোৱাৰ ক্ষেত্ৰত সদায় অতি সাৱধান আছিল। আদিবাসী গোত্ৰ মহাসভাৰ বেছিভাগ কাৰ্যকলাপ দৰিদ্ৰ জনজাতীয় লোকৰ সহায়ত সম্পূৰ্ণ কৰা হয়।
‘মাদাৰ ফৰেষ্ট: দ্য আনফিনিচড ষ্ট’ৰী অফ চি কে জানু’
২০০৩ চনত ডি চি বুকছে জানুৰ আত্মজীৱনী 'জানু: দ্য লাইফ ষ্ট’ৰী অফ চি কে জানু' মালয়ালম ভাষাত প্ৰকাশ কৰিছিল। মাত্ৰ ৫৬ পৃষ্ঠাৰ এই সৰু কিতাপখন পিছলৈ এন ৰবি শংকৰে 'মাদাৰ ফৰেষ্ট: দ্য আনফিনিচড ষ্ট’ৰী অফ চি কে জানু' নামেৰে ইংৰাজীলৈ অনুবাদ কৰে।১০
ব্যক্তিগত জীৱন
চি কে জানু এগৰাকী একক মাতৃ। এই জনজাতীয় নেত্ৰীগৰাকীয়ে ছত্তীশগড়ৰ বিলাসপুৰৰ পৰা তিনি বছৰীয়া কন্যা সন্তান তুলি লৈছিল আৰু তাইৰ নাম ৰাখিছিল চি কে জানকী। বৰ্তমান জানুৱে মাতৃ আৰু ভগ্নীৰ সৈতে পানাবল্লীত থাকে।১১
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Rosenau, James. Distant Proximities: Dynamics Beyond Globalization. Princeton: Princeton University Press, 2003. pp. 237. Print
- ↑ Contesting under NDA banner is my new way of protesting: Kerala Adivasi leader CK Janu
- ↑ No decision yet on joining LDF front: CK Janu to TNM
- ↑ Kumar, N Vinoth. Tale of a tribal struggle for land. March 12, 2013. The New Indian Express
- ↑ Steur, Luisa. Adivasi mobilization: 'Identity' versus 'class' after the Kerala model of development?. academia.edu
- ↑ The Hindu: Janu, Geetanandan arrested
- ↑ The Hindu: Two killed as tribals, police clash
- ↑ (20 February 2003). Two killed as tribals, police clash. দ্য হিন্দু
- ↑ Index of /AN/PDF/2011_2
- ↑ The Sunday Tribune - Books. www.tribuneindia.com
- ↑ Sudhakaran. (6 February 2016). Mom is the word. India Times Blog
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চি কে জানু” প্ৰবন্ধৰ সংশোধন ৬০২২০২ (২৩ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।