মুহাম্মদ ইবনে মুছা আল-খোৱাৰিজমি (Muhammad ibn Musa al-Khwarizmi; ابوجعفر محمد بن موسی خوارزمی; আনুমানিক ৭৮০-৮৫০ খ্ৰীষ্টাব্দ) এজন প্ৰখ্যাত পাৰ্চিয়ান বহুমুখী প্ৰতিভাধৰ পণ্ডিত আছিল। তেওঁ গণিত, জ্যোতিৰ্বিজ্ঞান আৰু ভূগোলৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ গ্ৰন্থ আৰবী ভাষাত সৃষ্টি কৰিছিল। ৮২০ চনৰ আশেপাশে, তেওঁ বাগদাদৰ আব্বাসীয় খিলাফতৰ তৎকালীন ৰাজধানী চহৰত থকা বিজ্ঞান আৰু শিক্ষাৰ কেন্দ্ৰ "হাউছ অফ উইজডম"-ৰ জ্যোতিৰ্বিজ্ঞানী আৰু মুৰব্বী হিচাপে নিযুক্ত হৈছিল।
তেওঁৰ সুবিখ্যাত গ্ৰন্থ "আল-জাবৰ" ৮১৩–৮৩৩ চনৰ ভিতৰত সংকলন কৰা হৈছিল। ইয়াত তেওঁ প্ৰথমবাৰৰ বাবে ৰৈখিক আৰু দ্বিঘাত সমীকৰণৰ পদ্ধতিগত সমাধান দাঙি ধৰে। দ্বিঘাত সমীকৰণ সমাধান কৰাৰ বাবে তেওঁৰ দ্বাৰা প্ৰদত্ত " বৰ্গ সম্পূৰণৰ পদ্ধতি" ৰ জ্যামিতিক ব্যাখ্যা বিশেষভাৱে প্ৰসিদ্ধ।১ আল-খোৱাৰিজমিয়ে প্ৰথমবাৰৰ বাবে বীজগণিতক এক স্বতন্ত্ৰ শাখা হিচাপে বিকাশ কৰে আৰু "হ্ৰাস" (reduction) আৰু "সমীকৰণ" (balancing) পদ্ধতিৰ উদ্ভাৱন কৰে। সেয়েহে তেওঁক বীজগণিতৰ জনক বা প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়।২ ইংৰাজীৰ algebra শব্দটো তেওঁৰ গ্ৰন্থ **"আল-জাবৰ"**ৰ নামৰ পৰা উদ্ভৱ হৈছিল।৩৪
তেওঁৰ নামৰ পৰা algorithm শব্দৰ উৎপত্তি হৈছিল, যি বিভিন্ন ভাষাতো ব্যৱহাৰ কৰা হয়। আনহাতে, তেওঁৰ গাণিতিক গ্ৰন্থ **"Algorithmo de Numero Indorum"**ৰ ১২শ শতিকাৰ লেটিন অনুবাদে পশ্চিম বিশ্বক দশমিকভিত্তিক স্থানীয় সংখ্যাপদ্ধতিৰে পৰিচয় কৰাই দিয়ে।৫৬ তেওঁৰ আনখন বিখ্যাত গ্ৰন্থ "আল-জাবৰ", ১১৪৫ চনত ইংৰাজ পণ্ডিত ৰ’বাৰ্ট অফ চেষ্টাৰৰ দ্বাৰা লেটিন ভাষালৈ অনূদিত হৈছিল। ষোড়শ শতিকালৈকে ইউৰোপীয় বিশ্ববিদ্যালয়সমূহত এইখন মুখ্য পাঠ্যপুথি হিচাপে ব্যৱহৃত হৈছিল।৭৮৯
ভূগোলৰ ক্ষেত্ৰতো আল-খোৱাৰিজমিৰ উল্লেখযোগ্য অৱদান আছে। তেওঁ ৰোমান পণ্ডিত ক্লাউডিয়াছ টলেমীৰ Geography গ্ৰন্থ পুনৰ সংশোধন কৰিছিল আৰু বিভিন্ন চহৰ আৰু স্থানৰ দৈৰ্ঘ্য-অক্ষাংশৰ তালিকা প্ৰস্তুত কৰিছিল।১০ জ্যোতিৰ্বিজ্ঞানত, তেওঁ জ্যোতিষৰ তালিকাৰ লগতে sine, cosine আৰু tangentৰ সূচী প্ৰস্তুত কৰিছিল।১১
আল-খোৱাৰিজমি গণিত আৰু বিজ্ঞানৰ বিকাশত এজন অসামান্য আৰু দীৰ্ঘস্থায়ী প্ৰভাৱ থকা পণ্ডিত হিচাপে পৰিচিত।
জীৱন
- জন্ম: মুহাম্মদ ইবনে মুছা আল-খোৱাৰিজমিৰ আনুমানিক ৭৮০ খ্ৰীষ্টাব্দত জন্ম হয়। যদিও তেওঁৰ জন্মস্থান সম্পৰ্কে সঠিক তথ্য উপলব্ধ নহয়, নুমান কৰা হয় যে আমু দৰিয়া নদীৰ এটা দ্বীপৰ কাষত অৱস্থিত খোৱাৰিজম চহৰত তেওঁৰ জন্ম হৈছিল। এই চহৰ তৎকালীন সভ্যতাৰ এটি উল্লেখযোগ্য কেন্দ্ৰ আছিল। এই চহৰৰ প্ৰাচীন নাম আছিল উৰগেঞ্চ।
- মৃত্যু : আনুমানিক ৮৫০ খ্ৰীষ্টাব্দত তেওঁৰ মৃত্যু হয়।
আল-খোৱাৰিজমিয়ে খলিফা আল-মামুনৰ আমোলত বাগদাদৰ বিখ্যাত জ্ঞানচৰ্চা কেন্দ্ৰ বায়তুল হিকমাহৰ গ্ৰন্থাগাৰত মুখ্য গ্ৰন্থাগাৰিক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বিজ্ঞান আৰু গণিতৰ বিভিন্ন ক্ষেত্ৰত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। তেওঁ পাটিগণিত, বীজগণিত, ভূগোল, আৰু জ্যোতিৰ্বিজ্ঞানৰ দৰে বহু শাখাত বিশেষ খ্যাতি লাভ কৰিছিল। বিশেষকৈ বীজগণিতৰ ক্ষেত্ৰত তেওঁৰ দানৰ বাবে তেওঁক "বীজগণিতৰ জনক" বুলি অভিহিত কৰা হয়।১২১৩
ধৰ্মবিশ্বাস
ইতিহাসবিদ আল-তাবাৰীৰ মতে, আল-খোৱাৰিজমিক "আল-মাজুসী" বুলি জনা যায়, যাৰ পৰা অনুমান কৰা হয় যে তেওঁ বা তেওঁৰ পূৰ্বপুৰুষসকল জৰথ্ৰুষ্ট মতবাদৰ অনুগামী আছিল।১৪ যদিও তেওঁৰ লিখা **"আল-জাবৰ"**ৰ মুখবন্ধত দেখা যায় যে তেওঁ এজন ধৰ্মপ্ৰাণ মুছলমান আছিল।
আল-খোৱাৰিজমিয়ে তেওঁৰ গ্ৰন্থসমূহৰ অধিকাংশ ৮১৩-৮৩৩ খ্ৰীষ্টাব্দৰ ভিতৰত ৰচনা কৰিছিল। বাগদাদত খলিফা আল-মামুনৰ গ্ৰন্থাগাৰত কৰ্মৰত অৱস্থাত তেওঁ বিজ্ঞান আৰু গণিতৰ গভীৰ অধ্যয়ন কৰিছিল। ইয়াতে তেওঁ গ্ৰীক আৰু সংস্কৃত ভাষাৰ বহু গ্ৰন্থ আৰবী ভাষালৈ অনুবাদ কৰিছিল।
বাগদাদ সেই সময়ত জ্ঞান-বিজ্ঞান আৰু বাণিজ্যৰ অন্যতম কেন্দ্ৰ আছিল। সেই সময়ত চীন, ভাৰত আৰু আন ঠাইৰ পৰা বহু বিজ্ঞানী আৰু পণ্ডিত বাগদাদলৈ আহিছিল। অনুমান কৰা হয় যে আল-খোৱাৰিজমিও এই পৰিৱেশৰ অংশ হৈছিল। তেওঁ বীজগণিতৰ প্ৰথম পদ্ধতিগত ৰূপায়ণ, সংখ্যাবিজ্ঞান, আৰু জ্যোতিৰ্বিজ্ঞানৰ ক্ষেত্ৰত অমূল্য দান আগবঢ়াইছিল।
তেওঁৰ জীৱন আৰু কৰ্মৰ বিষয়ে সাৰ্থক তথ্য তুলনামূলকভাৱে কম উপলব্ধ, কিন্তু তেওঁৰ জ্ঞানৰ গভীৰতা আৰু অৱদানৰ প্ৰভাৱ সৰ্বকালৰ বাবে স্মৰণীয় হৈ থাকিব।
তথ্যসূত্ৰ
- ↑ Oaks, J. (2009), "Polynomials and Equations in Arabic Algebra", Archive for History of Exact Sciences, 63(2), 169–203
- ↑ (Boyer 1991, "The Arabic Hegemony" p. 229) "It is not certain just what the terms al-jabr and muqabalah mean, but the usual interpretation is similar to that implied in the translation above. The word al-jabr presumably meant something like "restoration" or "completion" and seems to refer to the transposition of subtracted terms to the other side of an equation; the word muqabalah is said to refer to "reduction" or "balancing" – that is, the cancellation of like terms on opposite sides of the equation."
- ↑ Corbin, Henry. (1998). The Voyage and the Messenger: Iran and Philosophy. North Atlantic. পৃ. 44. ISBN 978-1-55643-269-9
- ↑ Boyer, Carl B., 1985. A History of Mathematics, p. 252. Princeton University Press. "Diophantus sometimes is called the father of algebra, but this title more appropriately belongs to al-Khowarizmi...", "...the Al-jabr comes closer to the elementary algebra of today than the works of either Diophantus or Brahmagupta..."
- ↑ Esposito, John L. (6 April 2000). The Oxford History of Islam. Oxford University Press. পৃ. 188. ISBN 978-0-19-988041-6
- ↑ Knuth, Donald. (1979). Algorithms in Modern Mathematics and Computer Science. Springer-Verlag. ISBN 978-0-387-11157-5
- ↑ Struik 1987, পৃ. 93
- ↑ Hitti, Philip Khuri. (2002). History of the Arabs. Palgrave Macmillan. পৃ. 379. ISBN 978-1-137-03982-8
- ↑ Hill, Fred James; Awde, Nicholas. (2003). A History of the Islamic World. Hippocrene. পৃ. 55. ISBN 978-0-7818-1015-9
- ↑ van der Waerden, Bartel Leendert (1985). A History of Algebra: From al–Khwarizmi to Emmy Noether. Berlin: Springer-Verlag
- ↑ Arndt 1983, পৃ. 669
- ↑ Boyer, Carl B., 1985. A History of Mathematics, p. 252. Princeton University Press
- ↑ Rosen 1831, পৃ. v–vi; Toomer 1990
- ↑ Toomer
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আল খোৱাৰিজমি” প্ৰবন্ধৰ সংশোধন ৪৫৫৪৪৩ (১৫ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।