অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আমিনা দিলবাজী

আমিনা পাশা কিজি দিলবাজী (আজেৰবাইজানী: Əminə Dilbazi; ২৬ ডিচেম্বৰ ১৯১৯ – ৩০ এপ্ৰিল ২০১০) এগৰাকী আজেৰবাইজানী লোক-নৃত্যশিল্পী আছিল।

হালনাগাদ: ২২ এপ্ৰিল ২০২৬ ২১৮ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

আমিনা পাশা কিজি দিলবাজী (আজেৰবাইজানী: Əminə Dilbazi; ২৬ ডিচেম্বৰ ১৯১৯ – ৩০ এপ্ৰিল ২০১০) এগৰাকী আজেৰবাইজানী লোক-নৃত্যশিল্পী আছিল।

জীৱনী

কবি মিৰভাৰিড দিলবাজীৰ ভগ্নী আমিনা দিলবাজীৰ জন্ম কাজাখৰ এটা গ্ৰাম্য পৰিয়ালত হৈছিল। কিন্তু তেওঁৰ ককায়েকৰ মৃত্যুৰ পিছত পৰিয়ালটো বাকুত থিতাপি লয় আৰু তাতেই তেওঁ ডাঙৰ-দীঘল হয়।১ দহ বছৰ বয়সত তেওঁৰ ভৰিৰ পক্ষাঘাত ধৰা পৰিছিল, যাৰ বাবে তেওঁ দীৰ্ঘদিন ধৰি চিকিৎসা গ্ৰহণ কৰিবলগীয়া হৈছিল। ১৬ বছৰ বয়সত তেওঁ এগৰাকী জিমনাষ্ট হিচাপে পৰিচিত হয় আৰু আজেৰবাইজান ৰাজ্যিক লোকগীত আৰু নৃত্য দলত যোগদান কৰে। তেওঁৰ নৃত্য শিক্ষক আছিল ইলা আৰ্বাটোভ।২ মাত্ৰ তিনি বছৰৰ ভিতৰতে তেওঁ সেই দলৰ সহকাৰী বেলি মাষ্টাৰ হিচাপে নিযুক্তি লাভ কৰে।৩

১৯৪০-ৰ দশকত তুৰাজী লোক-নৃত্য প্ৰদৰ্শন কৰি তেওঁ বিশেষ খ্যাতি লাভ কৰে। সেই সময়ত তেওঁৰ আঁঠুৰ আঘাত গুৰুতৰ আছিল যদিও তেওঁ ভৰি কটা যোৱাৰ আশংকা নেওচিও অনুষ্ঠান পৰিৱেশন কৰিছিল।৩ তুৰাজী তেওঁৰ আটাইতকৈ প্ৰিয় নৃত্য আছিল।৪ এজন বেলি মাষ্টাৰ হিচাপে তেওঁ ইন্নাবী, তাৰাকামা, মিৰ্জাই আৰু নাজ ইলামাৰ দৰে বিখ্যাত লোক-নৃত্যসমূহ মঞ্চস্থ কৰিছিল। ১৯৪৯ চনত তেওঁ বাকু ক’ৰিওগ্ৰাফী স্কুলত নৃত্য প্ৰশিক্ষক হিচাপে কাম আৰম্ভ কৰে। তেওঁ ১৯৫৬ চনত মুক্তি পোৱা বিখ্যাত আজেৰবাইজানী সংগীত প্ৰধান চলচ্চিত্ৰ 'ইফ নট ডেট ৱান, দেন ডিচ ৱান'-ত ক’ৰিওগ্ৰাফাৰ হিচাপে কাম কৰাৰ লগতে নিজেও এক দৃশ্যত নৃত্য প্ৰদৰ্শন কৰিছিল।৩

১৯৫৯ চনত আমিনা দিলবাজীক আজেৰবাইজান এছ এছ আৰৰ জনপ্ৰিয় শিল্পী উপাধিৰে সন্মানিত কৰা হয়। নৃত্যৰ পৰা অৱসৰ লোৱাৰ পিছতো তেওঁ বিভিন্ন নৃত্য দলৰ কলা নিৰ্দেশক হিচাপে কাম কৰি গৈছিল।৫

ব্যক্তিগত জীৱন

আনিমা দিলবাজীয়ে সংগীত পৰিচালক জৌদত হাজিয়েভৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল আৰু তেওঁলোক প্ৰায় ছয় দশক ধৰি সুখী বিবাহিত জীৱন অতিবাহিত কৰিছিল। তেওঁলোকৰ চাৰিটা সন্তান আছিল। তেওঁলোকৰ ডাঙৰ পুত্ৰ ইছমাইল হাজিয়েভ কানাডাৰ ছিল্ক ৱে অৰ্কেষ্ট্ৰাৰ পৰিচালক।৩

২০১০ চনৰ মাৰ্চ মাহত আমিনা দিলবাজীয়ে ষ্ট্ৰোকত আক্ৰান্ত হয় আৰু সুস্থ হৈ নুঠাকৈয়ে ৩০ এপ্ৰিলত তেওঁৰ মৃত্যু হয়।৬

তথ্যসূত্ৰ

  1. ↑ Karim Karimli, Azer Allahveranov. Əminə Dilbazi – Azərbaycan rəqs sənətinin şah əsəri . 525-ci qazet. 26 December 2009
  2. ↑ Bu gün Əminə Dilbazi ilə vida mərasimidir . Ayna. 1 May 2010
  3. ↑ Vugar Imanov. Памяти Великой танцовщицы! . Trend.az. 1 May 2010
  4. ↑ Əminə Dilbazi: «Bəlkə məni ölmüş bilirlər?!» . Milli.az. 30 April 2010
  5. ↑ Азербайджанская культура понесла тяжелую утрату . Bakinsky Rabochy. 1 May 2010
  6. ↑ Əfsanəvi rəqqasə Əminə Dilbazi vəfat etdi . Milli.az. 30 April 2010

সম্পৰ্কিত শ্ৰেণী

লোক নৃত্যশিল্পীআজেৰবাইজান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমিনা দিলবাজী” প্ৰবন্ধৰ সংশোধন ৬০১৯৩৯ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।