আয়ুষী ঢোলাকীয়া এগৰাকী ভাৰতীয় সৌন্দৰ্য ৰাণী, যিয়ে ২০১৯ চনৰ ১৯ ডিচেম্বৰত ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত মিছ টিন ইণ্টাৰনেশ্যনেল ২০১৯-ৰ মুকুট লাভ কৰিছিল। মিছ টিন ইণ্টাৰনেশ্যনেল খিতাপ অৰ্জন কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয়।১২ আয়ুষীয়ে গ্ল্যামানন্দৰ মালিকানাধীন মিছ টিন ইণ্ডিয়া ২০১৯ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত মিছ টিন ইণ্টাৰনেশ্যনেল ২০১৯ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, য’ত তেওঁক মেক্সিকোৰ ওডালিছ দুৱাৰ্টে বিজয়ীৰ মুকুট পিন্ধাইছিল।
সৌন্দৰ্য প্ৰতিযোগিতা
মিছ টিন ইণ্ডিয়া ২০১৯
আয়ুষীয়ে গ্ল্যামানন্দৰ মালিকানাধীন মিছ টিন ইণ্ডিয়া ২০১৯ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল, যিখন ২০১৯ চনৰ ৩০ ছেপ্টেম্বৰত জয়পুৰৰ জয়বাগ পেলেচত অনুষ্ঠিত হৈছিল। তাত তেওঁক পূৰ্বৰ বিজয়ী ৰিতিকা খটনানিয়ে মিছ টিন ইণ্টাৰনেশ্যনেল ২০১৯-ৰ মুকুট পিন্ধায়। প্ৰতিযোগিতাখনৰ সময়ত তেওঁ মিছ কনজেনিবেলিটী, মিছ এনভাইৰনমেণ্ট আৰু মিছ বিউটি উইথ কজকে ধৰি কেইবাটাও উপ-বঁটা লাভ কৰিবলৈ সক্ষম হয়।৩
মিছ টিন ইণ্টাৰনেশ্যনেল ২০১৯
আয়ুষীয়ে ভাৰতৰ নতুন দিল্লীত অনুষ্ঠিত মিছ টিন ইণ্টাৰনেশ্যনেল ২০১৯ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল, য’ত তেওঁক মেক্সিকোৰ ওডালিছ দুৱাৰ্টে বিজয়ীৰ মুকুট পিন্ধাইছিল। সমগ্ৰ বিশ্বৰ ২০ গৰাকী প্ৰতিযোগীৰ বিৰুদ্ধে যুঁজি আয়ুষীয়ে মিছ টিন ইণ্টাৰনেশ্যনেলৰ ২৭ বছৰীয়া ইতিহাসত এই খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হয়।৪ চূড়ান্ত প্ৰশ্নোত্তৰ শিতানত প্ৰতিযোগীসকলক সঞ্চালকৰ তৰফৰ পৰা সোধা হৈছিল— "আপুনি বিশ্বাস কৰেনে যে যেতিয়া সমগ্ৰ বিশ্বত কোনো বিভাজিত দেশ নথকাকৈ মাত্ৰ এখন আন্তঃৰাষ্ট্ৰীয় ফেডাৰেল চৰকাৰ থাকিলেহে পৃথিৱীখন ইতিমধ্যে এখন বহুত ভাল ঠাই হ'লহেঁতেন?"
তথ্যসূত্ৰ
- ↑ India wins the first Miss Teen International crown in 27 years. outlookindia.com
- ↑ Aayushi Dholakia crowned as Miss Teen India International 2019. thegreatpageantcommunity.com
- ↑ Aayushi Dholakia from Vadodara won Glamanand Miss Teen India International 2019 title. newfrenzy.org
- ↑ Aayushi Dholakia Crowned Miss Teen International 2019, First Indian in 27 Years to Win the Prestigious Title. latestly.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আয়ুষী ঢোলাকীয়া” প্ৰবন্ধৰ সংশোধন ৬৩৬৮২০ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।