আম্ৰপালি ডুবে (ইংৰাজী ভাষা: Amrapali Dubey; জন্ম: ১১ জানুৱাৰী ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে মূলতঃ ভোজপুৰী ভাষা চিনেজাত কাম কৰে। ভোজপুৰী চলচ্চিত্ৰৰ অন্যতম সৰ্বাধিক পাৰিশ্ৰমিক পোৱা আৰু প্ৰতিষ্ঠিত অভিনেত্ৰী হিচাপে পৰিচিত ডুবেই চাৰিটা ভোজপুৰী ফিল্ম এৱাৰ্ডছ আৰু দুটা আন্তঃৰাষ্ট্ৰীয় ভোজপুৰী ফিল্ম এৱাৰ্ডছকে ধৰি কেইবাটাও সন্মান লাভ কৰিছে।১২৩
ডুবেয়ে ২০০৯ চনত টেলিভিছন ধাৰাবাহিক সাত ফেৰে – চলোনী কা চফৰৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে। ৰেহনা হায় তেৰী পালকৌ কি ছাওঁ মেঁত সুমন চৰিত্ৰত কৰা অভিনয়ৰ পিছত তেওঁ ২০১৪ চনত নিৰহুয়া হিন্দুস্তানীৰ জৰিয়তে ভোজপুৰী চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। তেওঁ নিৰহুয়া হিন্দুস্তানী ২ (২০১৭), বৰ্ডাৰ (২০১৮), নিৰহুয়া হিন্দুস্তানী ৩ (২০১৮), নিৰহুয়া চলল লণ্ডন (২০১৯), শ্বেৰ সিং (২০১৯), আশিকী (২০২২), লাভ বিবাহ ডট কম (২০২২) আৰু ডোলী চাজা কে ৰাখনা (২০২২) আদি সফল ছবিৰ জৰিয়তে এগৰাকী আগশাৰীৰ ভোজপুৰী অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰে।৪৫৬ তেওঁ দিনেশ লাল যাদৱৰ সৈতে তেওঁৰ অন-স্ক্ৰীণ যুটিৰ বাবেও পৰিচিত। তেওঁৰ ছবি বৰ্ডাৰ বিশ্বজুৰি চতুৰ্থখন সৰ্বাধিক উপাৰ্জন কৰা ভোজপুৰী ছবি হিচাপে পৰিগণিত হৈছে।৭
প্ৰাৰম্ভিক জীৱন
১৯৮৭ চনৰ ১১ জানুৱাৰীত উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাত ডুবেৰ জন্ম হৈছিল।৮৯ তেওঁ পৰৱৰ্তী সময়ত ককাকৰ সৈতে মুম্বাইলৈ গুচি যায় আৰু তাৰ ভৱনছ কলেজৰ পৰা শিক্ষা সম্পূৰ্ণ কৰে।৮৯
কেৰিয়াৰ
ডুবেয়ে টেলিভিছনৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু তেওঁ সাত ফেৰে – চলোনী কা চফৰত শ্বেতা সিং, মাইকাত টিনা, ৰেহনা হায় তেৰী পালকৌ কি ছাওঁ মেঁত সুমন প্ৰতাপসিং আৰু মেৰা নাম কৰেগী ৰোচনত ৰীত সিং চৰিত্ৰত অভিনয় কৰাৰ বাবে পৰিচিত।১০
ডুবেয়ে নিৰহুয়া হিন্দুস্তানীৰ জৰিয়তে ভোজপুৰী চলচ্চিত্ৰত কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ পাটনা চে পাকিস্তান, নিৰহুয়া হিন্দুস্তানী ২, বৰ্ডাৰ, নিৰহুয়া হিন্দুস্তানী ৩, নিৰহুয়া চলল লণ্ডন, জয় বীৰু, শ্বেৰ সিং, আশিকী, লাভ বিবাহ ডট কম আৰু ডোলী চাজা কে ৰাখনাৰ দৰে সফল ছবিৰ জৰিয়তে এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰে।১১১২১৩১৪১৫১৬
সংবাদ মাধ্যমৰ প্ৰতিচ্ছবি
ডুবে ভোজপুৰী ছবি জগতৰ অন্যতম জনপ্ৰিয় আৰু সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰী হিচাপে গণ্য কৰা হয়।১৭১৮ ৪.৯ নিযুততকৈও অধিক অনুগামীৰে তেওঁ ইনষ্টাগ্ৰামত আটাইতকৈ বেছি অনুসৰণ কৰা ভোজপুৰী অভিনেত্ৰীসকলৰ ভিতৰত অন্যতম।১৯২০
তথ্যসূত্ৰ
- ↑ (19 April 2018). Amrapali Dubey is highest paid Bhojpuri actress. See how much she earns. India Today
- ↑ (30 September 2023). Amrapali Dubey is the highest paid actress of Bhojpuri cinema today, know how much she earns. Navbharat Times
- ↑ (27 April 2021). Amrapali Dubey Biography. Amrapalidubey.com
- ↑ (22 January 2015). TV – MSN India: Television News. Entertainment.in.msn.com
- ↑ (30 April 2014). Aamrapali to make her debut on Bhojpuri screen. The Times of India
- ↑ Amrapali Dubey: A hope of Bhojpuri Film Industry. fulfilmy.com
- ↑ भोजपुरी सिनेमा की सबसे ज्यादा कमाई करने वाली फिल्में. Navbharat Times
- ↑ Amrapali Dubey Biography, Hot Photos, Movies. amrapalidubey.com
- ↑ (5 March 2022). फीस के मामले में कई अभिनेताओं से आगे हैं टॉप एक्ट्रेस आम्रपाली, जानिये एक फिल्म के कितने करती हैं चार्ज · Bhojpuri Actress Amrapali Dubey Films Fees Lifestyle. Patrika News
- ↑ रहना है तेरी पलकों की छांव में': आम्रपाली दुबे के साथ शोएब इब्राहिम ने किया था वो धमाकेदार सीरियल. Navbharat Times
- ↑ (24 February 2015). Nirahua back with 'Patna Se Pakistan'. The Times of India
- ↑ (15 March 2020). निरहुआ हिंदुस्तानी 2: जोरदार है दिनेश लाल यादव की यह फिल्म. Navbharat Times
- ↑ Dinesh Lal Yadav shares a glimpse of Nirahua Chalal London co-starring Amrapali Dubey. Zee News
- ↑ Tripti Sharma. (7 September 2019). आम्रपाली दुबे-पवन सिंह की फिल्म शेर सिंह का फर्स्ट लुक आउट, पोस्टर में दिखी दोनों की खूबसूरत बॉन्डिंग. Hindi Rush
- ↑ (2 March 2021). निरहुआ नहीं खेसारी लाल के साथ ठुमके लगाएंगी ब्यूटी क्वीन आम्रपाली दुबे, दोनों की 'आशिकी' के खूब हैं चर्चे. Prabhat Khabar
- ↑ रिलीज होने के लिए तैयार खेसारी लाल यादव फिल्म 'डोली सजा के रखना', आम्रपाली दुबे के साथ नजर आएंगे अलग अंदाज में. NDTVIndia
- ↑ Check out the list of 10 actresses who rule the Bhojpuri film industry. The Times of India
- ↑ From Amrapali Dubey to Monalisa: Highest paid actresses in Bhojpuri cinema. News18
- ↑ These 10 Bhojpuri stars are a sensation on social media, know how many Instagram followers they have. Navbharat Times
- ↑ Monalisa to Amrapali Dubey: Most followed Bhojpuri actresses on Instagram. Jagran TV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আম্ৰপালি ডুবে” প্ৰবন্ধৰ সংশোধন ৬০১৯৪০ (২২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।