আমিৰ গাভিদেল (জন্ম: ২২ মাৰ্চ, ১৯৪৭ – মৃত্যু: ৮ নৱেম্বৰ, ২০০৯) এগৰাকী ইৰানীয় লেখক আৰু চলচ্চিত্ৰ নিৰ্মাতা আছিল।১
তেওঁ নিজৰ গৃহ চহৰ মাশ্বহাদত বাটৰ নাট পৰিৱেশন কৰি সৰু অৱস্থাতে শৈল্পিক জীৱন আৰম্ভ কৰিছিল। ইয়াৰ পিছত তেওঁ তেহৰানলৈ যায় আৰু তাত আনুষ্ঠানিকভাৱে ইৰানীয় চিনামাত নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। গাভিদেল তেওঁৰ কৰ্মজীৱনত দহখন পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰৰ চিত্ৰনাট্যকাৰ আৰু পৰিচালক আছিল।
চিনামাত কৰ্মজীৱন
ইৰানীয় বিপ্লৱৰ পূৰ্বে
গাভিদেলে ১৯৭৫ চনত চামুৱেল খাচিকিয়ানৰ ডেথ ইন দা ৰেইন চলচ্চিত্ৰখনৰ বাবে চিত্ৰনাট্যকাৰ আৰু সহকাৰী পৰিচালক হিচাপে কাম আৰম্ভ কৰে।২৩ তেওঁ পৰৱৰ্তী তিনি বছৰত এজিটেশ্বন আৰু দা চাউথছ চাৰ্ক নামৰ চলচ্চিত্ৰ দুখনৰ চিত্ৰনাট্য লিখিছিল আৰু এই চলচ্চিত্ৰসমূহৰ বাবে চামুৱেল খাচিকিয়ানৰ সহকাৰী পৰিচালক হিচাপে কাম কৰিছিল।৪৫
ইৰানীয় বিপ্লৱৰ পাছত
ইৰানীয় বিপ্লৱ আৰু সেই সময়ৰ চিনেমা জগতৰ অস্থিৰ পৰিস্থিতিৰ মাজতে গাভিদেলে ইৰানৰ বিপ্লৱোত্তৰ সামাজিক আৰু ৰাজনৈতিক বিষয়সমূহৰ ওপৰত ভিত্তি কৰি চলচ্চিত্ৰ নিৰ্মাণ কৰে আৰু আধুনিক ইৰানীয় চিনেমাৰ এজন অন্যতম চলচ্চিত্ৰ নিৰ্মাতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰে।২ বিপ্লৱৰ এবছৰ পাছত ১৯৮০ চনত ৰাছুল ছদ্ৰ আমেলীৰ প্ৰযোজনাত তেওঁ নিজৰ প্ৰথমটো কাম ৰেইন অব ব্লাড নামৰ এখন তথ্যচিত্ৰ ধৰ্মী পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰ নিৰ্মাণ কৰে।৬ ফাৰামাৰ্জ ঘৰিবিয়ানে গাভিদেলৰ দুখন চলচ্চিত্ৰ ট্ৰেইন আৰু দা মিষ্টি হাৰ্বাৰ-ত শ্ৰেষ্ঠ অভিনেতাৰ বাবে ক্ৰিষ্টেল চিমৰ্ঘ বঁটা লাভ কৰিছিল আৰু মজিদ এণ্টেজামীয়ে ট্ৰেইন চলচ্চিত্ৰখনৰ শ্ৰেষ্ঠ সংগীত পৰিচালনাৰ বাবে মনোনীত হৈছিল।৭৮
মৃত্যু
২০০৯ চনৰ ৮ নৱেম্বৰত যকৃত বিকল হোৱাৰ ফলত সৃষ্টি হোৱা জটিলতাৰ বাবে তেহৰাণত গাভিদেলৰ দেহাৱসান ঘটে।৯
তথ্যসূত্ৰ
- ↑ Xutasi, Atas. 141009187 Iranian Cinema
- ↑ (2009-11-09). کات آخرین سکانس زندگی قویدل زده شد. ایرنا
- ↑ .: Iranian Movie DataBase امير قويدل:.. www.sourehcinema.com
- ↑ .: Iranian Movie DataBase فيلم اضطراب:.. www.sourehcinema.com
- ↑ Green, John. Shark of the South کوسه جنوب Iraj Ghaderi 1978 Iranian film poster
- ↑ .::: The Iranian Aliance of Motion Picture Guilds:::.. www.oldkhanehcinema.ir
- ↑ .: Iranian Movie DataBase جوايز اهدا شده در جشنواره بين المللي فيلم فجر ـ دوره يازدهم:.. www.sourehcinema.com
- ↑ .: Iranian Movie DataBase موضوعات جوايز در جشنواره بين المللي فيلم فجر ـ دوره ششم:.. www.sourehcinema.com
- ↑ (2009-11-08). امیر قویدل، کارگردان سینمای ایران درگذشت. BBC News فارسی
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমিৰ গাভিদেল” প্ৰবন্ধৰ সংশোধন ৬১২৫২৬ (১৬ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।