অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আল খাদ্ৰা মাব্ৰুক

আল খাদ্ৰা মিণ্ট মাব্ৰুক (ইংৰাজী: Al Khadra Mint Mabrook; প্ৰায় ১৯৩৪ – অক্টোবৰ ২০২১), যাক চমুকৈ আল খাদ্ৰা বুলি জনা যায়, এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত চহৰাৱী কবি আছিল।

হালনাগাদ: ৭ মাৰ্চ ২০২৬ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

আল খাদ্ৰা মিণ্ট মাব্ৰুক (ইংৰাজী ভাষা: Al Khadra Mint Mabrook; প্ৰায় ১৯৩৪ – অক্টোবৰ ২০২১), যাক চমুকৈ আল খাদ্ৰা বুলি জনা যায়, এগৰাকী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃত চহৰাৱী কবি আছিল।

জীৱনী

১৯৩৪ চনৰ আশে-পাশে তিৰিছত আল খাদ্ৰাৰ জন্ম হৈছিল।১ তেওঁৰ পৰিয়াল আছিল বেদুইন সম্প্ৰদায়ৰ। পৰিয়ালৰ পশুধনৰ বাবে চৰণীয়া পথাৰ বিচাৰি তেওঁৰ শৈশৱটো সমগ্ৰ অঞ্চলটোত ঘূৰি ফুৰোঁতেই অতিবাহিত হৈছিল।১ আনৰ পৰিৱেশন শুনি শুনি তেওঁ সৰুৰে পৰাই কবিতা শিকিছিল।১

তেওঁ শিকা প্ৰথমটো কবিতাই নাৰীৰ সৌন্দৰ্য্য উদযাপন কৰিছিল, কিন্তু ১৯৭০ চনৰ পৰা স্পেইনৰ বিৰুদ্ধে আত্মনিয়ন্ত্ৰণৰ আন্দোলন আৰম্ভ হোৱাৰ পিছত তেওঁৰ কবিতাৰ শৈলী সলনি হয়। তেওঁৰ কবিতাবোৰ সামাজিকভাৱে সচেতন হৈ পৰে আৰু ইয়াৰ জৰিয়তে পলিচাৰিঅ' ফ্ৰণ্টৰ সামৰিক কৃতিত্বসমূহৰ জয়গান গোৱা হৈছিল।২ আল খাদ্ৰা হ'ল এনে এগৰাকী কবি যাৰ কাম চহৰাৱী জনসাধাৰণৰ সাংস্কৃতিক প্ৰতিৰোধৰ এক অপৰিহাৰ্য অংগ হৈ পৰিছে।৩ ১৯৭৬ চনৰ পৰা ১৯৯১ চনলৈ হোৱা পশ্চিম ছাহাৰা যুদ্ধৰ নথিকৰণ কৰা তেওঁ একমাত্ৰ মহিলা চহৰাৱী কবি।৪

১৯৭৫ চনত মৰক্কোৰ সেনাবাহিনীয়ে তেওঁক টিণ্ডুফ শৰণাৰ্থী শিবিৰলৈ যাবলৈ বাধ্য কৰিছিল।২ ২০২১ চনৰ অক্টোবৰ মাহত আল খাদ্ৰাৰ মৃত্যু হয়।৫

সংবাদ মাধ্যম

আল খাদ্ৰাৰ নাতিনী হ'ল বিখ্যাত গায়িকা আজিজা ব্ৰাহিম, যিয়ে সমগ্ৰ বিশ্বতে তেওঁৰ আইতাকৰ কবিতাসমূহ পৰিৱেশন কৰিছে।৬ আজিজাৰ সংগীত এলবাম মাব্ৰুক আল খাদ্ৰাৰ প্ৰতি উৎসৰ্গিত কৰা হৈছে।

২০১২ চনত আল খাদ্ৰাক লৈ আল খাদ্ৰা: পয়েট অৱ দা ডেজাৰ্ট নামৰ এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা হৈছিল, যিখন আফ্ৰিকা ইন মচন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Berkson, Sam; Sulaymān, Muḥammad. (2015). Settled Wanderers. Influx Press. পৃ. 166. ISBN 978-0-9927655-4-5
  2. ↑ Berkson, Sam. (23 September 2020). Voices of a lost homeland: The poetry of Western Sahara. Middle East Eye
  3. ↑ Calleja, Jen. (20 September 2015). Verfreundungseffekt – Poets Of The Rifle: Cultural Resistance From Saharawi Refugee Camps. The Quietus
  4. ↑ Posada, Violeta Ruano; Moreno, Vivian Solana. (2015). The Strategy of Style: Music, Struggle, and the Aesthetics of Sahrawi Nationalism in Exile. Transmodernity: Journal of Peripheral Cultural Production of the Luso-Hispanic World
  5. ↑ Tweet from her granddaughter, Aziza Brahim, announcing Ljadra's death
  6. ↑ (20 September 2014). Africa Beats: Aziza Brahim voices Western Sahara blues. BBC News

সম্পৰ্কিত শ্ৰেণী

কবিলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আল খাদ্ৰা মাব্ৰুক” প্ৰবন্ধৰ সংশোধন ৫৮৫৬৮৭ (৭ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।