অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আলাৰমেল ভল্লী

আলাৰমেল ভল্লী হৈছে এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু ভাৰতনাট্যমৰ পাণ্ডানাল্লুৰ শৈলীৰ নৃত্য পৰিচালক। ১৯৮৬ চনত ভল্লীয়ে "দীপশিখা নৃত্য ফাউণ্ডেছন আৰু শৈক্ষিক ন্যাস" প্ৰতিষ্ঠা কৰে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৩৩৬ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

আলাৰমেল ভল্লী হৈছে এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু ভাৰতনাট্যমৰ পাণ্ডানাল্লুৰ শৈলীৰ নৃত্য পৰিচালক।১২

১৯৮৬ চনত ভল্লীয়ে "দীপশিখা নৃত্য ফাউণ্ডেছন আৰু শৈক্ষিক ন্যাস" প্ৰতিষ্ঠা কৰে।৩ ভাৰত আৰু বিদেশত বক্তৃতা প্ৰদৰ্শন, মাষ্টাৰ ক্লাছ, কৰ্মশালা আৰু আলোচনা চক্ৰৰ জৰিয়তে ভল্লীয়ে ভাৰতনাট্যমক এক গতিশীল আৰু সমসাময়িক নৃত্যৰ ভাষা হিচাপে প্ৰতিষ্ঠা কৰাত ভূমিকা পালন কৰিছে। তেওঁ কাম কৰা একাংশ মঞ্চ হৈছে ভাৰতৰ স্পিক মেকে, ছ’চাইটি ইটালিয়ানা ডেল ফ্ল’টো ডলচে, ৰোমৰ দ্য ফিলহাৰমনিক ছ’চাইটি, ভিয়েনাৰ ইণ্টাৰনেশ্যনেল ছ’মাৰটানজ’চেন, ছিংগাপুৰ ইণ্ডিয়ান ফাইন আৰ্টছ ছ’চাইটি আৰু আমেৰিকাৰ একাধিক বিশ্ববিদ্যালয়।

১৯৯১ চনত, বৈজয়ন্তীমালাৰ পিছতেই ভাৰত চৰকাৰৰ পৰা পদ্মশ্ৰী প্ৰদান কৰা আলাৰমেল ভল্লী আছিল দ্বিতীয় কনিষ্ঠতম নৃত্যশিল্পী। তেওঁ ২০০১ চনত ভাৰতৰ সংগীত, নৃত্য আৰু নাটকৰ ৰাষ্ট্ৰীয় একাডেমীৰ পৰা সংগীত নাটক অকাডেমী বঁটাৰ দ্বাৰা সন্মানিত হৈছিল।৪তাৰ পিছত তেওঁ ২০০৪ চনত ভাৰত চৰকাৰৰ পৰা পদ্মভূষণ বঁটা৫আৰু ২০০৪ চনত ফ্ৰান্স চৰকাৰৰ পৰা "চেভালিয়াৰ অৱ আৰ্টছ এণ্ড লেটাৰ্ছ বঁটা" লাভ কৰে।

জীৱনৰ প্ৰথমাৰ্ধ

চেন্নাইত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা আলাৰমেল ভল্লীয়ে চেন্নাইৰ চাৰ্চ পাৰ্কৰ দ্য ছেক্ৰেড হাৰ্ট মেট্ৰিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেওঁ চেন্নাইৰ ষ্টেলা মাৰিছ কলেজৰ পৰা ইংৰাজী সাহিত্যত কলাৰ স্নাতক ডিগ্ৰী লাভ কৰে। ছয় বছৰ বয়সৰ পৰাই তেওঁ পাণ্ডানাল্লুৰ কিংবদন্তি গুৰু শ্ৰী চোক্কালিঙ্গম পিল্লাই আৰু তেওঁৰ পুত্ৰ শ্ৰী চুব্বাৰায় পিল্লাইৰ দৰে প্ৰখ্যাত গুৰুৰ অধীনত ভৰতনাট্যমৰ পাণ্ডনাল্লুৰ শৈলীৰ প্ৰশিক্ষণ আৰম্ভ কৰে। আলাৰমেল ভল্লীয়ে বহু বছৰ ধৰি বীণা ধনমল সংগীতৰ পদম আৰু জেভেলিছ শৈলীৰ সংগীত অধ্যয়ন কৰিছিল। তেওঁ গুৰু কেলুচৰণ মহপাত্ৰ আৰু তেওঁৰ শিষ্য গুৰু ৰমণি ৰঞ্জন জেনাৰ অধীনতো ওডিছী প্ৰশিক্ষণ গ্ৰহণ কৰে।৬

পেছা

ছাৰে ন বছৰ বয়সতেই তেওঁ মাদ্ৰাজৰ ভাৰতীয় চাৰু-কলা প্ৰতিষ্ঠানৰ মঞ্চত আত্মপ্ৰকাশ কৰি "নৃত্য কলা ভূষণ" বঁটা লাভ কৰে। পেৰিছৰ সন্মানীয় ছাৰা বাৰ্ণহাৰ্ট থিয়েটাৰ‌ ডে লা ভিল্লা আন্তঃৰাষ্ট্ৰীয় নৃত্য মহোৎসৱত মাত্ৰ ১৬ বছৰ বয়সত তেওঁ এই সন্মান লাভ কৰিছিল আৰু তেতিয়াৰ পৰাই৭৮ ভাৰত আৰু বিদেশৰ একাধিক থিয়েটাৰ আৰু উৎসৱ উভয়তে তেওঁ নৃত্য প্ৰদৰ্শন কৰি আহিছে।৯১০

ধ্ৰুপদী তামিল সাহিত্য আৰু ২০০০ বছৰ পুৰণি সংগম কবিতাৰ সংকলনৰ বিষয়ত কৰা তেওঁৰ গৱেষণাই নৃত্য কবিতাৰ এক উল্লেখযোগ্য তালিকাৰ সৃষ্টি কৰিছে। বছৰ বছৰ ধৰি ধ্ৰুপদী ভাৰতনাট্যমৰ পৰিকাঠামোৰ ভিতৰতে তেওঁ নিজৰ সুকীয়া শৈলীৰ বিকাশ ঘটাইছে।১১

তেওঁৰ আগশাৰীৰ শিক্ষাৰ্থীসকলৰ ভিতৰত আছে মিনিয়াপলিছৰ১০ ৰাগমালা নৃত্য প্ৰতিষ্ঠানৰ ৰাণী ৰামাস্বামী,অপৰ্ণা ৰামাস্বামী আৰু মীনাক্ষী শ্ৰীনিবাসন।

আলাৰমেল ভল্লীয়ে তেখেতৰ আন্ত:ৰাষ্ট্ৰীয় কেৰিয়াৰত ব'লশ্বই থিয়েটাৰ, ভিয়েনা আন্তঃৰাষ্ট্ৰীয় নৃত্য মহোৎসৱ, মিউনেক অপেৰা মহোৎসৱ, এডিনবাৰ্গ উৎসৱ, দ্য নিউয়ৰ্ক আন্তঃৰাষ্ট্ৰীয় কলা উৎসৱ, দ্য এভিনিউ ফেষ্টিভেল, দ্য চাৰ্ভাণ্টিনো ফেষ্টিভেল, লিয়ঁ' বিয়ানালে, দ্য ভেনিছ বিয়ানালে, লণ্ডনৰ ৰয়েল এলবাৰ্ট হল আৰু কুইন এলিজাবেথ হল, হেলচিঙ্কি বিয়ানালে, বাৰ্লিনৰ মিলেনিয়াম ফেষ্টিভেল আৰু ফ্ৰেংকফুৰ্ট অল্ট অপাৰত প্ৰদৰ্শন কৰিছে। তেওঁ ২০১৫ চনৰ জুলাই মাহত ছ'জবাৰ্গ ফেষ্টিভেলত প্ৰদৰ্শন কৰা প্ৰথমগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আছিল।

জনপ্ৰিয় সংস্কৃতিত

‘বিবিচি ৱান’ৰ অম্নিবাছ ছিৰিজৰ বাবে আলাৰমেল ভেলী সম্পৰ্কত এখন ছবি নিৰ্মাণ কৰা হৈছিল। এই ছিৰিজটোৰ প্ৰযোজক আছিল মাইকেল মেকিনটাইৰ।

বিবিচি (দ্য স্পিৰিট অৱ এছিয়া ছিৰিজত), নেদাৰলেণ্ড ব্ৰডকাষ্টিং কোম্পানী, আৰ্টে (ফ্ৰান্স) আৰু জাপানৰ ৰাষ্ট্ৰীয় দূৰদৰ্শন, প্ৰয়াত জি অৰবিন্দন আৰু প্ৰকাশ ঝাৰ দৰে বিশিষ্ট ভাৰতীয় প্ৰযোজকৰ নৃত্য তথ্যচিত্ৰতো আলাৰমেল ভল্লীক দেখুওৱা হৈছে। ভাৰতীয় চলচ্চিত্ৰ বিভাগে ভাৰতীয় ৰাষ্ট্ৰীয় আৰ্কাইভক তেওঁৰ বিষয়ত 'প্ৰৱাহী' শীৰ্ষক এখন চলচ্চিত্ৰ নিৰ্মাণ কৰিবলৈ কাৰ্যভাৰ দিছিল। চিনেমেট’গ্ৰাফাৰ মধু আম্বাতেৰ সৈতে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা অৰুণ খোপকাৰে এই চলচ্চিত্ৰখন পৰিচালনা কৰিছিল। ২০১১ চনত, বঁটা বিজয়ী পৰিচালক সংকল্প মেশ্ৰমে আলাৰমেল ভল্লীৰ বিষয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰ 'লাস্য কাব্য'ই শ্ৰেষ্ঠ কলা/সাংস্কৃতিক চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে।১২১৩

আলাৰমেল ভল্লীয়ে ভাৰতীয় প্ৰশাসনিক সেৱাৰ (আইএএছ) বিষয়া ভাস্কৰ ঘোষৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।১৪

তথ্যসূত্ৰ

  1. ↑ (7 January 2009). Sparkling show of style: There was never a dull moment in Alarmel Valli's performance.. দ্য হিন্দু
  2. ↑ (9 January 2010). The best of music and dance. Express Buzz
  3. ↑ (2 October 2008). Transcending barriers: Alarmel Valli on the language of dance. Indian Express
  4. ↑ SNA: Awardeeslist::
  5. ↑ Padma Bhushan Awardees. Ministry of Communications and Information Technology
  6. ↑ alarmelvalli. Official Website
  7. ↑ (18 September 2009). Art is where the heart is ... দ্য হিন্দু
  8. ↑ (6 January 2010). Natural and poetic. দ্য হিন্দু
  9. ↑ Jack Anderson. (23 June 1991). Review/Dance; Indian View of Humanity And Divinity. The New York Times
  10. ↑ Steve, Marsh. (March 15, 2022). Mpls/St. Paul Magazine: "What Ragamala Dance Company's New Show Says About Life and Death" - Ranee Ramaswamy, along with her daughters, Aparna and Ashwini, are using Bharatanatyam, an ancient Hindu dance form, to help us understand modern life.. and death.. Mpls.St.Paul Magazine. MSP Communications
  11. ↑ Alarmel Valli Biography, keralawomen.gov.in; accessed 13 May 2017
  12. ↑ (2 April 2012). Moving Grace. Indian Express
  13. ↑ (29 November 2012). Lasya Kavya in Washington DC on US Election Eve!. Sruti Magazine
  14. ↑ (2005-09-10). Hindi theatre is in a sad mess. দ্য হিন্দু

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পীপদ্মশ্ৰী বঁটা বিজয়ীপদ্মভূষণ বঁটা বিজয়ীসংগীত নাটক একাডেমী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলাৰমেল ভল্লী” প্ৰবন্ধৰ সংশোধন ৬৩৯৪৭২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।