অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আলতাফ ফাতিমা

আলতাফ ফাতিমা (উৰ্দু: الطاف فاطمہ) (জন্ম:১০ জুন ১৯২৭ – মৃত্যু:২৯ নৱেম্বৰ ২০১৮) এগৰাকী পাকিস্তানী উৰ্দু ভাষাৰ ঔপন্যাসিক, চুটি গল্প লেখিকা আৰু শিক্ষয়ত্ৰী (মুহাম্মাদ ইকবালত বিশেষজ্ঞ) আছিল। আলতাফ ফাতিমাৰ জন্ম লক্ষ্ণৌত হৈছিল আৰু ভাৰত বিভাজনৰ সময়ত লাহোৰলৈ গুচি গৈছিল।

হালনাগাদ: ১২ মাৰ্চ ২০২৫ ১৬০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

আলতাফ ফাতিমা (উৰ্দু: الطاف فاطمہ) (জন্ম:১০ জুন ১৯২৭ – মৃত্যু:২৯ নৱেম্বৰ ২০১৮) এগৰাকী পাকিস্তানী উৰ্দু ভাষা ভাষাৰ ঔপন্যাসিক, চুটি গল্প লেখিকা আৰু শিক্ষয়ত্ৰী (মুহাম্মাদ ইকবালত বিশেষজ্ঞ) আছিল। আলতাফ ফাতিমাৰ জন্ম লক্ষ্ণৌত হৈছিল আৰু ভাৰত বিভাজনৰ সময়ত লাহোৰলৈ গুচি গৈছিল। তেওঁ পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা এমএ আৰু বিএড ডিগ্ৰী লাভ কৰিছিল।১

তেওঁৰ উপন্যাস 'দস্তক না দো' উৰ্দু ভাষাৰ এখন লেখত লবলগীয়া উপন্যাস হিচাপে গণ্য কৰা হয়। পাকিস্তান টেলিভিছনত এটা অভিযোজন উপস্থাপন কৰা হৈছিল আৰু কৰাচীৰ মাহেকীয়া 'দ্য হেৰাল্ড'ৰ দ্বাৰা এটা সংক্ষিপ্ত আকাৰত অনুবাদ ধাৰাবাহিক ভাৱে কৰা হৈছিল। ২০১৮ চনত ফাতিমাই তেওঁৰ 'ডিড ৱেডেড' নামৰ কিতাপখনৰ বাবে নৱম কৰাচী সাহিত্য মহোৎসৱত কেএলএফ উৰ্দু সাহিত্য বঁটা লাভ কৰিছিল। ২ She died on 29 November 2018.৩২০১৮ চনৰ ২৯ নৱেম্বৰত তেখেতৰ মৃত্যু হয়।

উপন্যাসসমূহ

  • নিশান-ই-মেহফিল (১৯৭৫)
  • দস্তক না ডো (১৯৬৪) (দি ৱান হো দিদ নট ৱাচক (উপন্যাস) হাইনেমান প্ৰকাশকৰ দ্বাৰা প্ৰকাশিত ইংৰাজী অনুবাদ, ১৯৯৪ চন
  • চলতা মুছাফিৰ (১৯৮১)৪
  • খোৱাবগৰ (২০০৮)

চুটি গল্পৰ সংকলন সমূহ

  • ৱহ যিচে চাহা গয়া(১৯৬৯)
  • জব দীৱাৰীয়া গিৰা কৰ্মী হে (১৯৮৮)
  • তাৰ-ই-আনকাবুট(১৯৯০)
  • ডীদ ৱেডেদ (২০১৭)
  • গৱাহী আখিৰ এ চবকী (২০১৮)

তথ্যসূত্ৰ

  1. ↑ Contributor Altaf Fatima. Words Without Borders
  2. ↑ (February 9, 2018). Live Updates from Karachi Literature Festival. Samaa TV
  3. ↑ Reporter, The Newspaper's Staff. (30 November 2018). Writer Altaf Fatima passes away
  4. ↑ Jumhoori Publications - Literature

সম্পৰ্কিত শ্ৰেণী

লেখিকাঔপন্যাসিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আলতাফ ফাতিমা” প্ৰবন্ধৰ সংশোধন ৪৯১০৩৫ (১২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।