অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

আয়েশা ধাৰকাৰ

আয়েশা ধাৰকাৰ (ইংৰাজী: Ayesha Dharker; জন্ম: ১৬ মাৰ্চ ১৯৭৮) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। তেওঁ ষ্টাৰ ৱাৰ্ছ: এপিচ’ড ২ – এটাক অফ দ্য ক্ল’নছত নাবোৰ ৰাণী জামিলিয়াৰ চৰিত্ৰত কৰা অভিনয় আৰু তেওঁৰ মঞ্চ পৰিৱেশনৰ বাবে জনাজাত। তেওঁৰ অন্যান্য চলচ্চিত্ৰ চৰিত্ৰসমূহৰ ভিতৰত তামিল ছবি দ্য টেৰৰিষ্ট (১৯৯৭) অন্যতম।

হালনাগাদ: ১৩ জুলাই ২০২৬ ৪৪৭ শব্দ · ২ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

আয়েশা ধাৰকাৰ (ইংৰাজী ভাষা: Ayesha Dharker; জন্ম: ১৬ মাৰ্চ ১৯৭৮) এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। তেওঁ ষ্টাৰ ৱাৰ্ছ: এপিচ’ড ২ – এটাক অফ দ্য ক্ল’নছত নাবোৰ ৰাণী জামিলিয়াৰ চৰিত্ৰত কৰা অভিনয় আৰু তেওঁৰ মঞ্চ পৰিৱেশনৰ বাবে জনাজাত।১

তেওঁৰ অন্যান্য চলচ্চিত্ৰ চৰিত্ৰসমূহৰ ভিতৰত তামিল ভাষা ছবি দ্য টেৰৰিষ্ট (১৯৯৭) অন্যতম। ইয়াত তেওঁ আত্মঘাতী বোমাৰু হোৱাৰ কথা চিন্তা কৰিবলৈ মগজু ধোলাই কৰা এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিখনৰ বাবে তেওঁ কায়ৰো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত এগৰাকী অভিনেত্ৰীৰ দ্বাৰা শ্ৰেষ্ঠ শৈল্পিক অৱদানৰ বঁটা লাভ কৰে আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ বাবে মনোনীত হয়।

তেওঁ আউটচ’ৰ্চড আৰু দ্য মিষ্ট্ৰেছ অফ স্পাইচেচ, টেলিভিছন ধাৰাবাহিক যেনে এৰেবিয়ান নাইটছ, আৰু ৱেষ্ট এণ্ড তথা ব্ৰডৱে মিউজিকেল বোম্বাই ড্ৰিমছতো অভিনয় কৰিছে।

কৰ্মজীৱন

ধাৰকাৰে ১৯৮৯ চনৰ ফ্ৰাঁচোৱা ভিলিয়াৰ্ছৰ ছবি মানিকা, উনে ভি প্লাছ টাৰ্ডৰ জৰিয়তে ছবিজগতত আত্মপ্ৰকাশ কৰে। ইয়াৰ পিছত তেওঁ বহুতো আমেৰিকান, ফৰাচী আৰু ভাৰতীয় ছবিত অভিনয় কৰে। ব্ৰিটেইনৰ টেলিভিছনত তেওঁ বহুতো চৰিত্ৰত অভিনয় কৰিছে, বিশেষকৈ কাটিং ইট আৰু লাইফ ইজ নট অল হা হা হি হি, য’ত তেওঁ মীৰা চ্যালৰ সৈতে একেলগে অভিনয় কৰিছিল।

আন্তঃৰাষ্ট্ৰীয় বঁটা বিজয়ী ছবি দ্য টেৰৰিষ্টত (১৯৯৯) তেওঁ মলী নামৰ মুখ্য চৰিত্ৰটোত অভিনয় কৰিছিল, যিটো চৰিত্ৰৰ বাবে তেওঁ ভাৰতৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ মনোনয়ন আৰু কায়ৰো চলচ্চিত্ৰ মহোৎসৱত এগৰাকী অভিনেত্ৰীৰ দ্বাৰা শ্ৰেষ্ঠ শৈল্পিক অৱদানৰ বঁটা লাভ কৰিছিল।

ধাৰকাৰৰ আটাইতকৈ আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত চৰিত্ৰটো আছিল ২০০২ চনত, যেতিয়া তেওঁ ষ্টাৰ ৱাৰ্ছ: এপিচ’ড II – এটাক অফ দ্য ক্লোনছত নাবোৰ ৰাণী জামিলিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল। একে বছৰতে তেওঁ সমালোচকৰ দ্বাৰা প্ৰশংসিত ছবি অনিতা এণ্ড মিত অভিনয় কৰে। ধাৰকাৰে লণ্ডনৰ ৱেষ্ট এণ্ড আৰু ব্ৰডৱে (২০০৪) উভয়তে এণ্ড্ৰু লয়ড ৱেবাৰৰ মিউজিকেল বোম্বাই ড্ৰিমছত অভিনয় কৰিছিল। ২০০৫ চনত তেওঁ দ্য মিষ্ট্ৰেছ অফ স্পাইচেচতো অভিনয় কৰে।

বিবিচিৰ দীৰ্ঘদিনীয়া কল্পবিজ্ঞান টেলিভিছন ধাৰাবাহিক ডক্টৰ হুৰ "প্লেনেট অফ দ্য উড" খণ্ডত তেওঁ চোলানা মাৰ্কুৰিঅ' হিচাপে অভিনয় কৰিছে।

২০০৬ চনত তেওঁ আউটচ’ৰ্চড ছবিত আশাৰ চৰিত্ৰত অভিনয় কৰে।

২০০৮ চনত তেওঁ আইটিভিৰ ধাৰাবাহিক কৰনেচন ষ্ট্ৰীটত তাৰা মণ্ডলৰ চৰিত্ৰত অভিনয় কৰে।২

২০১০ চনত বিবিচিৰ কমেডী-ড্ৰামা ধাৰাবাহিক দ্য ইণ্ডিয়ান ডক্টৰত সঞ্জীৱ ভাস্কৰৰ বিপৰীতে তেওঁ চিকিৎসকৰ পত্নী কামিনী শৰ্মাৰ চৰিত্ৰত অভিনয় কৰে।

২০১৭ চনত ধাৰকাৰে বিবিচিৰ ধাৰাবাহিক হলবী চিটিত নীনা কাৰ্ণিকৰ চৰিত্ৰত অভিনয় কৰিবলৈ আৰম্ভ কৰে।

২০২০ চনত তেওঁ একাডেমী বঁটাৰ বাবে মনোনীত হোৱা ছবি দ্য ফাদাৰত ডাঃ চাৰাই হিচাপে অভিনয় কৰে। ২০২২ চনৰ ১৬ জানুৱাৰীত ধাৰকাৰে ভেৰাৰ "এজ দ্য ক্ৰ’ ফ্লাইজ" খণ্ডত অনিকা নাইডুৰ চৰিত্ৰত অভিনয় কৰে।

অডিঅ'বুক

ধাৰকাৰ মনিকা আলীৰ ব্ৰিক লেন (২০০৩) নামৰ গ্ৰন্থখনৰ অডিঅ'বুক সংস্কৰণৰ কথক আছিল।

পৰিয়াল

ধাৰকাৰৰ জন্ম ১৯৭৮ চনৰ ১৬ মাৰ্চত ভাৰতৰ মুম্বাইত হৈছিল।৩

তেওঁ কবি, শিল্পী তথা তথ্যচিত্ৰ নিৰ্মাতা ইমতিয়াজ ধাৰকাৰ আৰু স্তম্ভলেখক তথা ভাৰতীয় পুৰুষৰ আলোচনী ডেব’নেয়াৰৰ প্ৰাক্তন সম্পাদক অনিল ধাৰকাৰৰ কন্যা।৪৫ তেওঁৰ দেউতাক ভাৰতৰ আৰু লাহোৰত জন্মগ্ৰহণ কৰা মাকো যুক্তৰাজ্যত ডাঙৰ-দীঘল হৈছিল।৩৬

২০১০ চনৰ মে' মাহত তেওঁ লণ্ডনৰ চেইণ্ট জাইলছ ক্ৰিপলগেটত ৰবাৰ্ট টেলৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৭৮

চলচ্চিত্ৰপঞ্জী

চলচ্চিত্ৰ

বৰ্ষছবিচৰিত্ৰটোকা
১৯৮৯মানিকা, উনে ভি প্লাছ টাৰ্ডমানিকা কাল্লাটিল
১৯৯২চিটী অফ জয়অমৃতা এইচ পাল
১৯৯৭সাজকুহু বৃন্দাবন
১৯৯৯স্প্লিট ৱাইড অপেনলীলা
দ্য টেৰৰিষ্টমলীকায়ৰো আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ শৈল্পিক অৱদানৰ বঁটা
২০০০দ্য মিষ্টিক মাছ্যিউৰলীলা
২০০২ষ্টাৰ ৱাৰ্ছ: এপিচ’ড II – এটাক অফ দ্য ক্ল’নছৰাণী জামিলিয়া
২০০২অনিতা এণ্ড মিদলজিৎ কুমাৰ
২০০৫দ্য মিষ্ট্ৰেছ অফ স্পাইচেচহামিদা
কালাৰ মি কুব্ৰিক: এ ট্ৰু...ইছ ষ্ট’ৰীড° ষ্টাকলী
২০০৬আউটচ’ৰ্চডআশা ভাটৱদেকাৰ
২০০৭লয়ন্স অফ পঞ্জাব প্ৰেজেন্টছওপমা মেনন
২০১০ৰেড এলাৰ্ট: দ্য ৱাৰ উইদিনৰাধাক্কা
২০২০দ্য ফাদাৰড° চাৰাই

টেলিভিছন

বৰ্ষশীৰ্ষকচৰিত্ৰটোকা
১৯৯১মিষ্টেৰী ডেলা জিউংলা নেৰা, আইসৰু ছোৱালী
১৯৯৫এ মাউথফুল অফ স্কাই
২০০০এৰেবিয়ান নাইটছক’ৰেল লিপ্ছ
২০০১ডক্টৰ্ছমীনা চৌহান
২০০২কাটিং ইটসুন্নী খাদিৰ
২০০৩লাইফ ইজ নট অল হা হা হি হিচিলা
ডক্টৰ্ছমিনা পেটেল
২০০৫ৱেকিং দ্য ডেডমেৰী শ্বাৰমেন"চাবটেৰেনিয়ানছ" পঞ্চম ছিজন: খণ্ড ৫ আৰু ৬
২০০৮ডক্টৰ হুচোলানা মাৰ্কুৰিঅ’খণ্ড: "প্লেনেট অফ দ্য উড"
২০০৮–০৯কৰনেচন ষ্ট্ৰীটতাৰা মণ্ডল
২০১০-২০১৩দ্য ইণ্ডিয়ান ডক্টৰকামিনী শৰ্মা
২০১৫ৱাটাৰলু ৰোডযাচমিন খান
২০১৭হলবী চিটিনীনা কাৰ্ণিকনিয়মীয়া চৰিত্ৰ
২০২১ফাইণ্ডিং এলিচতনবী লাল

থিয়েটাৰ

বৰ্ষশীৰ্ষকচৰিত্ৰটোকা
১৯৯৩ফাইনল চলিউচনছদক্ষা৯এনচিপিএ
২০০১দ্য ৰামায়ণাসীতাবাৰ্মিংহাম ৰিপ / ৰয়েল নেচনেল থিয়েটাৰ
২০০২বোম্বাই ড্ৰিমছৰাণীএপ’ল’
২০০৬ডক্টৰ ফাউষ্টাচমেফিষ্টোফিলছব্ৰিষ্টল অল্ড ভিক
২০১০এৰেবিয়ান নাইটছচাহাৰাজাদেৰয়েল শ্বেইক্সপীয়েৰ কোম্পানী
২০১০ডিস্কানেক্টবিদ্যাৰয়েল ক’ৰ্ট থিয়েটাৰ
২০১৩দ্য জিনছ অফ ঈদগাহড° ৱানি১০ৰয়েল ক’ৰ্ট থিয়েটাৰ
২০১৫অথেল’এমিলিয়াৰয়েল শ্বেইক্সপীয়েৰ কোম্পানী
২০১৫অনিতা এণ্ড মিদলজিৎবাৰ্মিংহাম ৰিপ / থিয়েটাৰ ৰয়েল ষ্ট্ৰেটফৰ্ড ইষ্ট
২০১৬এ মিডচামাৰ নাইটছ ড্ৰীমটিটানিয়াৰয়েল শ্বেইক্সপীয়েৰ কোম্পানী
২০১৬দ্য আইলেণ্ড নেচনআৰ্কোলা
২০১৭হিজাবী মনোলগছবুশ্ব থিয়েটাৰ
২০১৮পেৰিক্লিছচিমনাইডাঅলিভিয়াৰ থিয়েটাৰ
২০১৯ৰিচাৰ্ড IIঅমাৰলেচ্যাম ৱানামেকাৰ প্লেহাউচ
২০২২দ্য বুক অফ ডাষ্ট, লা বেল চভেজমাৰিচা কুল্টাৰবুশ্ব থিয়েটাৰ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Ayesha Dharker. Black Gold Cooperative Library System
  2. ↑ Indian actress cast ITV
  3. ↑ Roy, Amit. (15 May 2016). The rise and rise of Ayesha Dharker. The Telegraph (Kolkota)
  4. ↑ SAWNET: Who's Who: Ayesha Dharker
  5. ↑ (2 June 2022). Who Is Ayesha Dharker Husband Robert Taylor? Inside 12 Years Of Married Life Of Actress. Thelocalreport.in
  6. ↑ The rise and rise of Ayesha Dharker. The Telegraph (India)
  7. ↑ (30 May 2010). Ayesha Dharker's London Wedding
  8. ↑ Indo-Brit wedding for Ayesha. The Times of India
  9. ↑ Sohini, Pillai. (2012). Challenging Religious Communalism With Theatre: Mahesh Dattani's Final Solutions. Wellesley College
  10. ↑ The Djinns of Eidgah. Royal Court

সম্পৰ্কিত শ্ৰেণী

বৃটিছ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আয়েশা ধাৰকাৰ” প্ৰবন্ধৰ সংশোধন ৬১৬৯৪১ (১৩ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।