জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পাৰ্ৱতী থিৰুভথু
পাৰ্ৱতী থিৰুভথু কট্টুৱাত্থা (Parvathy Thiruvothu Kottuvatta; জন্ম: ৭ এপ্ৰিল ১৯৮৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেত মালায়ালম ছবি জগতৰ পৰিচিত মুখ। ইয়াৰ উপৰি তেখেতে তামিল আৰু কন্নড় ভাষাৰ ছবিতো অভিনয় কৰিছে।
-
পি কন্নাম্ব
পছুপুলেটি কন্নাম্ব ( Pasupulēţi Kannāṃba; ৫ অক্টোবৰ ১৯১১ – ৭ মে’ ১৯৬৮) ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ এগৰাকী অভিনেত্ৰী, নেপথ্য কণ্ঠশিল্পী আৰু তেলেগু ছবিৰ প্ৰযোজক। ১৯৩০ দশকৰ পৰা ১৯৬০ দশকলৈ তেওঁ ১৭০ খনতকৈও অধিক ছবিত অভিনয় কৰিছিল আৰু তেলেগু আৰু তামিল ভাষাত প্ৰায় ২৫ খন ছবি নিৰ্মাণ কৰিছিল।
-
পি গীতা
পি গীতা(:P. Geetha) কেৰালাৰ এগৰাকী ভাৰতীয় লেখিকা, সমালোচক আৰু নাৰীবাদী কৰ্মী। তেওঁৰ কান্নাদিকাল উদয়ক্কুন্নথেন্থিনু শীৰ্ষক গ্ৰন্থখন মালয়ালম ভাষাৰ প্ৰথম নাৰীবাদী সমালোচনাত্মক অধ্যয়ন গ্ৰন্থ বুলি গণ্য কৰা হয়।
-
পি জয়ৰাজ
পাইদী জয়ৰাজ ( Paidi Jairaj; জন্ম ২৮ ছেপ্টেম্বৰ ১৯০৯ – ১১ আগষ্ট ২০০০) এজন ভাৰতীয় অভিনেতা, পৰিচালক আৰু প্ৰযোজক, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰৰ বাবে বিশেষভাবে পৰিচিত। তেওঁ মাৰাঠী, গুজৰাটী, তেলেগু ভাষাৰ চলচ্চিত্ৰ আৰু তেলেগু থিয়েটাৰৰ সৈতেও জড়িত আছিল।
-
পি. কে. থ্ৰেছিয়া
পি. কে. থ্ৰেছিয়া (ইংৰাজী: P. K. Thressia; ১২ মাৰ্চ ১৯২৪ - ১৮ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় চিভিল ইঞ্জিনিয়াৰ আৰু ভাৰতৰ প্ৰথম মহিলা মুখ্য অভিযন্তা আছিল৷
-
পিটাৰ মাৰ্ক ৰ'জে
পিটাৰ মাৰ্ক ৰ'জে (; ১৮ জানুৱাৰী ১৭৭৯ – ১২ ছেপ্টেম্বৰ ১৮৬৯) এজন ব্ৰিটিছ চিকিৎসক, প্ৰাকৃতিক ধৰ্মতত্ববিদ, শব্দবিজ্ঞানী আৰু প'ৰ্টিক' লাইব্ৰেৰীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। ১৮৫২ চনত প্ৰকাশ পোৱা ইংৰাজী ভাষা মিল থকা শব্দবোৰৰ শ্ৰেণীবিভাজিত সংকলন ৰ'জেছ থেছৰাছ তেওঁৰ কীৰ্তিস্তম্ভ।
-
পিটাৰ হেণ্ডকে
পিটাৰ হেণ্ডকে (; জন্ম ৬ ডিচেম্বৰ ১৯৪২) এগৰাকী অষ্ট্ৰিয়ান ঔপন্যাসিক, নাট্যকাৰ, চিত্ৰনাট্যকাৰ আৰু অনুবাদক। তেওঁ ২০১৯ চনৰ সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
-
পিনাকী চন্দ্ৰ ঘোষ
পিনাকী চন্দ্ৰ ঘোষ (জন্ম ২৮ মে ১৯৫২) ভাৰতৰ প্ৰথম তথা বৰ্তমান লোকপাল। ২০১৯ চনৰ ১৯ মাৰ্চ তাৰিখে তেওঁ এই পদত নিযুক্তি লাভ কৰে। তেওঁ এগৰাকী অৱসৰপ্ৰাপ্ত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ।
-
পীয়েৰ এবেলাৰ্ড
পীয়েৰ এবেলাৰ্ড (Pierre Abélard) আছিল মধ্যযুগৰ এগৰাকী ফৰাচী দাৰ্শনিক, বিদ্বান, আগশাৰীৰ যুক্তিবিদ, ধৰ্মতত্ত্ববিদ, কবি আৰু সংগীতজ্ঞ। দৰ্শন শাস্ত্ৰত, নমিনেলিজ্ম আৰু ধাৰণাবাদৰ জৰিয়তে সাৰ্বজনীনতাৰ সমস্যা (Problem of universals) সমাধান কৰাৰ লগতে নীতিশাস্ত্ৰত অভিপ্ৰায়ৰ (Intent in ethics) ওপৰত কৰা…
-
পুনম বাজৱা
পুনম বাজৱা (Poonam Bajwa; জন্ম: ৫ এপ্ৰিল ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তামিল, মালয়ালম, তেলেগু আৰু কন্নড় ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০০৫ চনত মোদাতী চিনেমা নামৰ তেলেগু চলচ্চিত্ৰ এখনত অভিনয়েৰে ছবিজগতত পদাৰ্পণ কৰে আৰু ২০০৬ চনত বছ নামৰ আন এখন তেলেগু ছবিত অভিনয় কৰে।
-
পুনম মহাজন
পুনম মহাজন (জন্ম: ৯ ডিচেম্বৰ ১৯৮০) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু মহাৰাষ্ট্ৰৰ সমষ্টিৰ মুম্বাই উত্তৰ মধ্যৰ পৰা ২০১৬ৰ পৰা ২০২০ লৈকে লোকসভাৰ প্ৰাক্তন সদস্য। ভাৰতীয় জনতা পাৰ্টিৰ সদস্যা।
-
পুনম সিনহা
পুনম সিনহা (জন্ম: চন্দিৰামানী; ৩ নৱেম্বৰ ১৯৪৯; Poonam Sinha) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, প্ৰাক্তন অভিনেত্ৰী আৰু ফেশ্বন মডেল। তেওঁ কৰ্মজীৱনৰ প্ৰাৰম্ভিক কালছোৱাত কোমল পৰ্দাৰ নামেৰ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল।
-
পুপুল ভূঞা
পুপুল ভূঞা এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন উপস্থাপক আৰু মডেল, যিয়ে ওড়িয়া চলচ্চিত্ৰ, টেলিফিল্ম, বিজ্ঞাপন, আৰু ৰিয়েলিটি শ্ব'ত অভিনয় কৰিছে। ২০১৩ চনত কাব্য কীৰণৰ সৈতে প্ৰথম ওড়িয়া থ্ৰীডি ছবি কাউঁৰী কন্যাৰ জৰিয়তে ওলিউডত চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল৷ ২০১৮ চনত অপেৰা মিচেছ ইণ্ডিয়া গ্ল'বেল…
-
পুলকিত সম্ৰাট
পুলকিত সম্ৰাট ( ইংৰাজী: Pulkit Samrat; জন্ম: ২৯ ডিচেম্বৰ ১৯৮৩) এজন ভাৰতীয় অভিনেতা যিয়ে মূলতঃ হিন্দী টেলিভিছনৰ লগতে হিন্দী ছবিত কাম কৰে। ফুকৰে চলচ্চিত্ৰ ধাৰাবাহিকত "হানি"ৰ চৰিত্ৰত অভিনয় কৰাৰ বাবে সুপৰিচিত সম্ৰাটে ক্যুংকি সাস ভি কভি বহু থি (২০০৬) ধাৰাবাহিকখনৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰে আৰু বিট্টু…
-
পুষ্পলাল উপাধ্যায়
পুষ্পলাল উপাধ্যায়ৰ জন্ম ইৰাজী ১৯০৬ চনত বৰ্তমান অসমৰ ধেমাজি জিলাৰ লাইমেকুৰী নামে এখনি ঠাইত হৈছিল। পুষ্পলাল উপাধ্যায়ে তেওঁৰ ১৯৮৭ চনত প্ৰকাশিত উষা মঞ্জৰী কাব্য গ্ৰন্থৰ বাবে ১৯৮৮ চনত দিল্লীৰ সাহিত্য অকাডেমিয়ে প্ৰদান কৰা সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। এই কাব্য গ্ৰন্থ নেপালী ভাষাত ৰচিত।
-
পুষ্পাবেন মেহতা
পুষ্পাবেন মেহতা নামেৰে পৰিচিতপুষ্পা জনাৰ্দনৰাই মেহতা, (২১ মাৰ্চ ১৯০৫ ― ২ এপ্ৰিল ১৯৮৮), ভাৰতৰ গুজৰাটৰ এগৰাকী সমাজকৰ্মী আৰু ৰাজনীতিবিদ আছিল। তেওঁ আহমেদাবাদ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ কেইবাটাও মহিলা আৰু শিশু কল্যাণ সংস্থা প্ৰতিষ্ঠা কৰি নেতৃত্ব দিছিল।
-
পূজা শৰ্মা
পূজা শৰ্মা (Pooja Sharma) এগৰাকী ভাৰতীয় টেলিভিচনৰ অভিনেত্ৰী আৰু মডেল যিয়ে ষ্টাৰপ্লাছৰ 'মহাভাৰত'ত দ্ৰৌপদীৰ চৰিত্ৰত আৰু কালাৰ্চ টিভিৰ 'মহাকালী - অন্ত হী আৰম্ভ হ্যে'ত মহাকালী/পাৰ্ৱতীৰ চৰিত্ৰত অভিনয়ৰ বাবে জনাজাত।
-
পূজা হেগড়ে
পূজা হেগড়ে (জন্ম ১৩ অক্টোবৰ ১৯৯০) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলত তেলুগু, হিন্দী আৰু তামিল চলচ্চিত্ৰত অভিনয় কৰে। দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ অন্যতম সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰীসকলৰ ভিতৰত তেওঁ অন্যতম।
-
পূজা ৰাণী
পূজা ৰাণী বুৰা (Pooja Rani Boora, জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৯১) এগৰাকী ভাৰতীয় মিডলৱেইট বক্সাৰ। ২০১৪ চনৰ এছিয়ান গেমছৰ ৭৫ কিলোগ্ৰাম শাখাত তেওঁ ব্ৰঞ্জৰ পদক বিজেতা। ২০১৬ চনৰ দক্ষিণ এছিয়ান গেমছত সোণৰ পদক, এছিয়ান চেম্পিয়নশ্বিপৰ ৭৫ কিলোগ্ৰাম শাখাত ৰূপ (২০১২) আৰু ব্ৰঞ্জ (২০১৫) পদক বিজেতা।
-
পেট্ৰিচিয়া মুখিম
পেট্ৰিচিয়া মুখিম (Patricia Mukhim) এগৰাকী সামাজিক কৰ্মী, লেখিকা আৰু সাংবাদিক। তেওঁ 'শ্বিলং টাইমছ্' নামৰ কাকতখনৰ সম্পাদক। মুখিম তেওঁৰ সমাজৰ আৰু নাগৰিক জীৱনৰে জড়িত বিষয়সমূহৰ কৰ্মৰ বাবে জনাজাত।
-
প্লটিনাছ
প্লটিনাছ (/plɒˈtaɪnəs/; গ্ৰীক: Πλωτῖνος, Plōtînos; C ২০৪/৫ – ২৭০ CE) এজন গ্ৰীক প্লেটনিষ্ট দাৰ্শনিক আছিল, ৰোমান ইজিপ্তত জন্ম গ্ৰহণ কৰিছিল আৰু ডাঙৰ দীঘল হৈছিল। প্লটিনাছক আধুনিক বৃত্তিৰ দ্বাৰা নিওপ্লেটোনিজমৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয়।
-
প্ৰকাশী তোমৰ
প্ৰকাশী তোমৰ (Prakashi Tomar, জন্ম: ১ জানুৱাৰী ১৯৩৭) এগৰাকী ভাৰতীয় শ্বুটিং ক্ৰীড়াবিদ তথা বিশ্বৰ জেষ্ঠ্যতম শ্বাৰ্প শ্বুটাৰৰ ভিতৰত অন্যতম। তেওঁক জনপ্ৰিয়ভাবে 'শ্বুটাৰ দাদী' আৰু 'ৰিভলভাৰ দাদী' বুলি জনা যায়। হিন্দী ভাষাত দাদীৰ অৰ্থ হৈছে আইতা। তেওঁ বিশ্বৰ শ্বুটিং সমাজৰ এক জনপ্ৰিয় প্ৰতীক ৰূপে পৰিচিত।
-
প্ৰজাপতি গৌতমী
মহাপ্ৰজাপতি গৌতমী বা গোতমী (Mahapajapati Gotami; Pali; Sanskrit Mahāprajāpatī Gautamī) গৌতম বুদ্ধৰ পালিতা মাতৃ, সতীয়া মাতৃ আৰু মাহীয়েক আছিল। বুদ্ধ পৰম্পৰাত তেৱেঁ প্ৰথম ভিক্ষুণী হ’বলৈ আকাঙ্খা কৰা নাৰী। বুদ্ধদেৱে তেওঁক বৌদ্ধ ধৰ্মত শৰণ দিছিল।
-
প্ৰণিতা সুভাষ
প্ৰণিতা সুভাষ (ইংৰাজী: Pranitha Subhash; জন্ম: ১৭ অক্টোবৰ ১৯৯২) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে কন্নড়, তেলুগু, তামিল, হিন্দী আৰু মালয়ালম ভাষাৰ ছবিত অভিনয় কৰে। ২০১০ চনৰ কানাড়া ছবি পুৰ্কীৰ জৰিয়তে তেওঁ অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰিছিল।
-
প্ৰণৱ কুমাৰ বৰ্মন
প্ৰণৱ কুমাৰ বৰ্মন অসমৰ এগৰাকী সমকালীন অসমীয়া কবি আৰু সাহিত্যিক। আধুনিক অসমীয়া কবিতাত ভাষা, অনুভৱ, প্ৰেম, সমাজ আৰু মানৱীয় চিন্তাধাৰাক কেন্দ্ৰ কৰি তেওঁ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।
-
প্ৰণৱ চুৰমা
প্ৰণৱ চুৰমা (Pranav Soorma; জন্ম: ৪ অক্টোবৰ, ১৯৯৪) এগৰাকী ভাৰতীয় পেৰা এথলীট। তেওঁ গদা দলিওৱা বা ক্লাৱ থ্ৰো খেলৰ এফ৫১ শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰে। ২০২৪ চনত ফ্ৰান্সৰ পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন পেৰালিম্পিকত পুৰুষৰ ক্লাৱ থ্ৰো প্ৰতিযোগিতাৰ এফ৫১ শাখাত ৰূপৰ পদক লাভ কৰে।
-
প্ৰতিভা বসু
প্ৰতিভা বসু (Protiva Bose; ১৩ মাৰ্চ ১৯১৫ – ১৩ অক্টোবৰ ২০০৬) এগৰাকী ভাৰতীয় বাঙালী ঔপন্যাসিক, চুটিগল্প লেখক আৰু প্ৰাবন্ধিক।
-
প্ৰতিভা শতপথী
প্ৰতিভা শতপথী (জন্ম: ১৮ জানুৱাৰী ১৯৪৫) এগৰাকী ওড়িয়া কবি। তেওঁ ওড়িশাৰ কটক জিলাৰ সত্যভামাপুৰত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ জীৱনৰ প্ৰথম পাঁচ বছৰ কৰাপুটত কটিছিল। ভাল বিদ্যালয়ত শিক্ষা গ্ৰহণৰ বাবে তেওঁৰ পৰিয়াল সত্যভামাপুৰলৈ স্থানান্তৰিত হৈছিল। কৈশোৰতে তেওঁ ওড়িছী নৃত্যৰ শিক্ষাও লাভ কৰিছিল।
-
প্ৰতিমা দেৱী (কানাড়া অভিনেত্ৰী)
প্ৰতিমা দেৱী (ইংৰাজী: Prathima Devi; ৯ এপ্ৰিল ১৯৩৩ – ৬ এপ্ৰিল ২০২১) কানাড়া চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৪৭ চনৰ কৃষ্ণলীলা ছবিৰ জৰিয়তে দেৱীয়ে আত্মপ্ৰকাশ কৰিছিল। বক্স অফিচত ১০০ দিন সম্পূৰ্ণ কৰা প্ৰথমখন কানাড়া ছবি জগনমোহিনীৰ (১৯৫১) মুখ্য চৰিত্ৰতো তেওঁ অভিনয় কৰিছিল।
-
প্ৰতিমা দেৱী (চিত্ৰশিল্পী)
প্ৰতিমা দেৱী (১৮৯৩-১৯৬৯) এগৰাকী ভাৰতীয় চিত্ৰশিল্পী আছিল, যি তেওঁৰ শৈল্পিক সামৰ্থ্যৰ বাবে বহুলভাৱে জনাজাত। তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পুত্ৰ ৰথিন্দ্ৰনাথ ঠাকুৰৰ পত্নী আছিল। কবিগৰাকীয়ে তেওঁৰ সামৰ্থ্য বিকাশত বিশেষ আগ্ৰহ লৈছিল।