পূজা ৰাণী বুৰা (Pooja Rani Boora, জন্ম: ১৭ ফেব্ৰুৱাৰী ১৯৯১) এগৰাকী ভাৰতীয় মিডলৱেইট বক্সাৰ। ২০১৪ চনৰ এছিয়ান গেমছৰ ৭৫ কিলোগ্ৰাম শাখাত তেওঁ ব্ৰঞ্জৰ পদক বিজেতা।১২ ২০১৬ চনৰ দক্ষিণ এছিয় ক্ৰীড়াত সোণৰ পদক, এছিয়ান চেম্পিয়নশ্বিপৰ ৭৫ কিলোগ্ৰাম শাখাত ৰূপ (২০১২) আৰু ব্ৰঞ্জ (২০১৫) পদক বিজেতা। ২০১৪ চনত তেওঁ গ্লাছগো কমনৱেলথ গেমছৰ ৭৫ কিলোগ্ৰাম শাখাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। ২০১৬ চনত মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডত পৰাজিত হৈ তেওঁ ২০১৬ চনৰ ৰিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হয়।৩ ২০২০ চনত তেওঁ ২০২০ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা ৭৫ কিলোগ্ৰাম শাখাৰ প্ৰথম ভাৰতীয়।৪
প্ৰাৰম্ভিক জীৱন
পূজা ৰাণী বুৰা হাৰিয়ানা ৰাজ্যৰ ভিৱানী জিলাৰ নিম্ৰিৱালী গাঁৱৰ বাসিন্দা।৫ তেওঁক গৃহ চহৰৰ হাৱা সিং বক্সিং একাডেমীত যোগদান কৰাৰ সাহস গোটাবলৈ এবছৰ সময় লাগিছিল, আৰু এইকথা তেওঁ দেউতাকৰ পৰা গোপনে ৰাখিছিল। কাৰণ দেউতাকে তেওঁক এইক্ষেত্ৰত সমৰ্থন নজনাব বুলি তেওঁ জানিছিল।৬ দেউতাকৰ পৰা কথা গোপনে ৰখাৰ পৰিপ্ৰেক্ষিতত তেওঁ খেলৰ অনুশীলন আদিৰ ফলত হোৱা শৰীৰৰ আঘাতবোৰ লুকুৱাই ৰাখিবলৈ বিভিন্ন উপায় বিচাৰিব লগত পৰিছিল।৬
পেছাদাৰীভাৱে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পূজাই প্ৰায় ছয় মাহ সময় অনুমতিৰ বাবে তাইৰ দেউতাকৰ খেলৰ অপছন্দৰ বিৰুদ্ধে যুঁজ দিব লগা হৈছিল। এক সাক্ষাৎকাৰত, তেওঁ উল্লেখ কৰে যে দেউতাকে তেওঁক 'ভাল ল'ৰা-ছোৱালীয়ে বক্সিং নেখেলে' বুলি পতিয়ন নিয়াব বিচাৰিছিল।৭ যেতিয়া তেওঁৰ দেউতাকে কন্যাৰ বক্সিঙৰ প্ৰতি থকা উচ্চাকাংক্ষাৰ বিষয়ে গম পালে, তেতিয়া তেওঁ পূজাক বক্সিং প্ৰশিক্ষণত উপস্থিত থাকিবলৈ নিষিদ্ধ কৰে। এই কথাত তেওঁৰ প্ৰশিক্ষক সঞ্জয় কুমাৰ শ্বেওৰানে পূজাক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিবলৈ তেওঁৰৰ পৰিয়ালৰ ওচৰত অনুৰোধ কৰিব লগা হৈছিল।৬ তথাপিও, তেওঁক পেছাদাৰীভাৱে বক্সিং খেলিবলৈ অনুমতি দিবলৈ তেওঁৰ মাক-দেউতাকক সৈমান কৰিবলৈ প্ৰায় ছয় মাহ সময় লাগিছিল।৭
বক্সিং কেৰিয়াৰ
২০০৯ চনত পূজাই ৰাষ্ট্ৰীয় যুৱ বক্সিং চেম্পিয়নশ্বিপত জয়লাভ কৰে আৰু ইয়াৰ পিছতেই তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰৱেশ কৰে। পৰৱৰ্তী সময়ত তেওঁ ২০১২ চনৰ এছিয়ান বক্সিং চেম্পিয়নশ্বিপ আৰু একে বছৰতে অষ্ট্ৰেলিয়াত অনুষ্ঠিত আৰাফুৰা গেমছত ৰূপৰ পদক জয় কৰে। যাৰ ফলত তেওঁ ৰিঅ'ত অনুষ্ঠিত ২০১৬ চনৰ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা শীৰ্ষ প্ৰতিদ্বন্দ্বীসকলৰ ভিতৰত এগৰাকী হৈ পৰে। অৱশ্যে, তেওঁ ২০১৬ চনত এআইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ দ্বিতীয় ৰাউণ্ডত পৰাজিত হৈয় আৰু এনেদৰে ৰিঅ' অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ ব্যৰ্থ হয়।৮
তেওঁ ২০১৪ চনৰ কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছিল, কিন্তু ৰাউণ্ড অফ ১৬ ত বিখ্যাত ইংলিছ বক্সাৰ চাভানা মাৰ্শ্বেলৰ হাতত ০-৩-ৰ ব্যৱধানত পৰাজিত হৈছিল।৯ তেওঁ ২০১৮ চনৰ এআইবিএ মহিলা বিশ্ব বক্সিং চেম্পিয়নশ্বিপতো ভাৰতক প্ৰতিনিধিত্ব কৰে যদিও প্ৰথম ৰাউণ্ডৰ পৰাই বিদায় ল'ব লবলগীয়া হয়।১০
তথ্যসূত্ৰ
- ↑ POOJA Rani. incheon2014.kr
- ↑ Indian boxer Pooja Rani settles for Asiad bronze medal. The Times of India
- ↑ Boxer Pooja Rani fails to qualify for Rio Olympics. India Today
- ↑ Pooja Rani Won 33th Quota For India- Sportstalk24. Sportstalk24
- ↑ Sharma, Amaninder Pal. (25 May 2014). Boxer Pooja Rani proves her father wrong. The Times of India. TNN
- ↑ Sengupta, Rudraneil. (2014-07-19). Commonwealth Games 2014 · Five athletes you should know. www.livemint.com/
- ↑ Boxer Pooja Rani proves her father wrong - Times of India. The Times of India
- ↑ (2016-05-22). Pooja Rani ousted, no Rio Olympics quota for India's women boxers. www.hindustantimes.com/
- ↑ CWG: Sarita lone bright spot on gloomy day for boxers - The Times of India. The Times of India
- ↑ Asian Women's Boxing Championships: Sonia Lather, Neeraj Kumari storm into quarter-finals, Pooja Rani exits - Firstpost. www.firstpost.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূজা ৰাণী” প্ৰবন্ধৰ সংশোধন ৩৮১৭৮০ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।