পূজা শৰ্মা (Pooja Sharma) এগৰাকী ভাৰতীয় টেলিভিচনৰ অভিনেত্ৰী আৰু মডেল যিয়ে ষ্টাৰপ্লাছৰ 'মহাভাৰত'ত দ্ৰৌপদীৰ চৰিত্ৰত আৰু কালাৰ্চ টিভিৰ 'মহাকালী - অন্ত হী আৰম্ভ হ্যে'ত মহাকালী/পাৰ্ৱতীৰ চৰিত্ৰত অভিনয়ৰ বাবে জনাজাত।১
কৰ্মজীৱন
সমাৰোহ
শৰ্মাই ফেমিনা মিচ ইণ্ডিয়া ২০০৬ সংস্কৰণৰ শীৰ্ষ ১০ ফাইনালিষ্টৰ ভিতৰৰ এগৰাকী আছিল।২ তেওঁ সমাৰোহত ‘মিচ বিউটিফুল হেয়াৰ্’ উপশিৰোনামো লাভ কৰিছিল।৩
টেলিভিচন
শৰ্মাই তেওঁৰ কলেজীয়া দিনবোৰত দূৰদৰ্শন আৰু জুম টিভিৰ এটি ক্ৰীড়া-ভিত্তিক ট’ক শ্ব’ত আঁতধৰোঁতা (anchor) হিচাপে কাম কৰিছিল।৪ ২০১২ চনত ষ্টাৰ প্লাচৰ 'তেৰী মেৰী লাভ ষ্ট’ৰিজ'ৰ জৰিয়তে তেওঁ অভিনয় জীৱনৰ পাতনি মেলিছিল, য’ত তেওঁ এটি খণ্ডত চিয়া বেহলৰ চৰিত্ৰত অভিনয় কৰিছিল। ২০১৩ চনত, তেওঁ ষ্টাৰ প্লাচৰ 'মহাভাৰত'ত দ্ৰৌপদীৰ চৰিত্ৰত অভিনয় কৰিছিল।৫ শ্ব’টো সমালোচনামূলক আৰু বাণিজ্যিকভাৱে সফল হৈছিল।৬ শ্ব’ত তেওঁ অভিনয় বাবে বহু প্ৰশংসিত হৈছিল আৰু তেওঁ ব্যাপক খ্যাতি আৰু জনপ্ৰিয়তা অৰ্জন কৰিছিল। শ্ব’টো ২০১৪ চনৰ আগষ্টত শেষ হৈছিল। ২০১৪ চনৰ শেষৰ পিনে, তেওঁক বিগ মেজিকৰ ব্যংগাত্মক শ্ব’ ‘আজব গজব ঘৰ জামাই’ত লক্ষ্মীৰ ভূমিকাত দেখা গৈছিল।৭ ২০১৫ চনত, তেওঁক ষ্টাৰ প্লাচৰ 'দোষ্টি... ইয়াৰিয়ান... মনমাৰজিয়া'ত কেমিঅ’ এপিয়াৰেঞ্চ হিচাপে দেখা গৈছিল।৮
টেলিভিচনত আঢ়ৈ বছৰ অনুপস্থিতিৰ পিছত, ২০১৭ চনত শৰ্মাক কালাৰ্চ টিভিৰ 'মহাকালী - অন্ত হী আৰম্ভ হ্যে'ত মহাকালী/পাৰ্ৱতীৰ ভূমিকাত অভিনয় কৰা দেখা গৈছে।৯ অনুষ্ঠানটো 'মহাভাৰত'ৰ দৰে সফল নহ’ল যদিও দৰ্শকসকলোৰ মাজত জনপ্ৰিয় হৈছিল। ২০১৮ আৰু ২০১৯ চনত তেওঁ এটি শ্ব’ত কণ্ঠ নিগৰাইছিল আৰু তিনিটা শ্ব’ত তেওঁ বৰ্ণনা (narrated) কৰিছে।
মিডিয়া
শৰ্মাই ইণ্ডিয়ান টেলিভিচন ২০১৭ৰ "টাইমচ্ অফ ইণ্ডিয়া"ত Top 20 Most Desirable Women ৰ তালিকাত ১৭ নম্বৰত আছিল।১০
টেলিভিচন
| চন | ধাৰাবাহিক | চৰিত্ৰ | চেনেল | টোকা |
|---|---|---|---|---|
| ২০১১ | দেৱ কী দেৱ... মহাদেৱ | সৰস্বতী | লাইফ অকে | |
| ২০১২ | তেৰী মেৰী লাভ ষ্ট’ৰিজ | চিয়া বেহল | ষ্টাৰপ্লাছ | |
| ২০১৩– ২০১৪ | মহাভাৰত | দ্ৰৌপদী | মুখ্য চৰিত্ৰ | |
| ২০১৪ | আজব গজব ঘৰ জামাই | লক্ষ্মী | বিগ মেজিক | কেমিঅ’ |
| ২০১৫ | দোষ্টি... ইয়াৰিয়ান... মনমাৰজিয়া | পূজা | ষ্টাৰপ্লাছ | কেমিঅ’ |
| ২০১৭– ২০১৮ | মহাকালী - অন্ত হী আৰম্ভ হ্যে | মহাকালী / পাৰ্ৱতী | কালাৰ্চ টিভি | মুখ্য চৰিত্ৰ |
| ২০১৮ | কৰ্মফল দাতা সানী | মহাকালী | কেমিঅ’ এপিয়াৰেঞ্চ | |
| ২০১৯ | টিভি কা দাম- ইণ্ডিয়া টিভিচ মেগা কনক্লেভ | নিজে | ইণ্ডিয়া টিভি | Panelist for mythological serials and its importance১১১২ |
কণ্ঠশিল্পী হিচাপে
| চন | ধাৰাবাহিক | চৰিত্ৰ | চেনেল | টোকা |
|---|---|---|---|---|
| ২০১৮ | পুৰুষ | ৰিভাৰ ঝেলাম | চনী এণ্টাৰটেইনমেণ্ট টেলিভিচন | নেৰেট’ৰ |
| ২০১৮ | চন্দ্ৰগুপ্ত মৌৰ্য | ৰিভাৰ ঝেলাম | নেৰেট’ৰ | |
| ২০১৮ | ৰাধাকৃষ্ণ | যোগমায়া | ষ্টাৰ ভাৰত | ভইচ অভাৰ |
| ২০১৯ | ৰাম চিয়া কে লৱ কুশ | ৰিভাৰ চাৰায়ু | কালাৰ্চ টিভি | নেৰেট’ৰ |
তথ্যসূত্ৰ
- ↑ Sana Farzeen. (July 23, 2017). Playing Mahakali is challenging but also a lifetime experience: Pooja Sharma. Indian Express
- ↑ (March 23, 2017). From Beauty queens to Television actresses. Indiatimes
- ↑ (March 19, 2006). Neha Kapoor crowned Miss India. Hindustan Times
- ↑ (January 11, 2014). I can’t connect to daily soaps, but now I respect them: Pooja Sharma. Times of India
- ↑ (June 11, 2020). Playing Draupadi made me strong: Pooja Sharma. Times of India
- ↑ (June 2, 2020). Tuesday Trivia: 2013's Mahabharat was the first Indian TV show made on a budget of Rs 100 crore. India Today
- ↑ (November 7, 2014). Mahabharat's Draupadi returns to TV. Times of India
- ↑ (March 6, 2015). Pooja Sharma to do cameo in ‘Manmarziyan’. Indian Express
- ↑ (August 23, 2017). Pooja Sharma: Siddarth Kumar Tewary felt I fit the role of Parvati and Mahakaali. Urban asian
- ↑ Meet The Times 20 Most Desirable Women on TV. The Times of India
- ↑ (February 15, 2019). TV Ka Dum: Siddharth Kumar Tewary, Mukesh Khanna, Debina Bonnerjee and others talk about impact of mythological shows. India TV news
- ↑ (February 6, 2019). Shah Rukh Khan, Salman Khan and India TV’s mega conclave TV Ka Dum celebrate the power of small screen. Bollyspice
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূজা শৰ্মা” প্ৰবন্ধৰ সংশোধন ৬৩৫৪৪৭ (১৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।