পুনম সিনহা (জন্ম: চন্দিৰামানী; ৩ নৱেম্বৰ ১৯৪৯; Poonam Sinha) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, প্ৰাক্তন অভিনেত্ৰী আৰু ফেশ্বন মডেল।১ তেওঁ কৰ্মজীৱনৰ প্ৰাৰম্ভিক কালছোৱাত কোমল পৰ্দাৰ নামেৰ হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৯৬৮ চনত মিছ ইয়ং ইণ্ডিয়াৰ মুকুট পিন্ধা সিনহাই অভিনেতা তথা ৰাজনীতিবিদ শত্ৰুঘ্ন সিনহাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে। হিন্দী ছবিত তেওঁ মুখ্য নাৰী চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ দুখন ছবিও নিৰ্মাণ কৰিছে।২
কৰ্মজীৱন
জিগৰী দোস্ত, দিল দিৱানা আদিকে ধৰি নায়িকা হিচাপে তেওঁৰ সকলো ছবিতে কোমলৰ চৰিত্ৰ দিয়া হৈছিল। শত্ৰুঘ্ন সিনহাৰ সৈতে সবক (১৯৭৩) ছবিত অভিনয় কৰিছিল। পিছলৈ ১৯৮০ চনত দুয়োৰে বিবাহ হয়। পূৰ্বে তেওঁলোক ৰেল ভ্ৰমণৰ সময়ত লগ হৈছিল।৩
বিয়াৰ পিছত তেওঁ অভিনয় জীৱন বহুলাংশে এৰি তেওঁলোকৰ সন্তানক ডাঙৰ-দীঘল কৰাত ব্যস্ত হয়।৪ ত্ৰিশ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত আশুতোষ গোৱাৰিকৰৰ পৰিচালিত ঋত্বিক ৰোশনে অভিনয় কৰা জোধা আকবৰত (২০০৮) সম্ৰাট আকবৰৰ মাক মল্লিকা হামিদা বানু বেগম চৰিত্ৰত অভিনয় কৰে। (২০০৮) ছবিখনত অভিনয় কৰে।
ৰাজনীতি
২০১৯ চনৰ ১৬ এপ্ৰিলত তেওঁ সমাজবাদী পাৰ্টিত যোগদান কৰাৰ বিপৰীতে তেওঁৰ স্বামী শত্ৰুঘ্ন সিনহাই বিজেপিৰ পৰা পদত্যাগ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰে।৫ লক্ষ্ণৌ লোকসভা সমষ্টিৰ পৰা ৰাজনাথ সিঙৰ হাতত পুনম সিনহা নিৰ্বাচনত পৰাস্ত হয়।৬
তথ্যসূত্ৰ
- ↑ Pradhan S. Bharati (12 June 2012), "It's work first for Sonakshi", The Telegraph. Retrieved 23 June 2018
- ↑ (5 May 2009). Response is overwhelming, says Poonam Sinha. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (11 July 2002). Shatrughan Sinha: The role of a lifetimeTNN. The Times of India
- ↑ (25 April 2012). I gave up films for my kids: Poonam Sinha. Yahoo Lifestyle
- ↑ (16 April 2019). Mr (Shatrughan) Sinha Joins Congress, Mrs (Poonam) Sinha Goes Samajwadi. NDTV
- ↑ (16 April 2019). Shatrughan Sinha's wife Poonam Sinha joins SP, will contest against Rajnath Singh from Lucknow. ইণ্ডিয়া টুডে
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুনম সিনহা” প্ৰবন্ধৰ সংশোধন ৫৭৪৪৮৯ (৫ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।