প্ৰতিভা বসু (Protiva Bose; ১৩ মাৰ্চ ১৯১৫ – ১৩ অক্টোবৰ ২০০৬) এগৰাকী ভাৰতীয় বাঙালী ঔপন্যাসিক, চুটিগল্প লেখক আৰু প্ৰাবন্ধিক।
জীৱন আৰু পৰিয়াল
১৯১৫ চনত ঢাকাৰ সমীপৰ এখন গাঁৱত আশুতোষ সোম আৰু সৰজুবালা সোমৰ ঘৰত তেওঁ জন্মগ্ৰহণ কৰিছিল৷১২৩ ১৯৩৪ চনত বাঙালী সাহিত্যিক বুদ্ধদেৱ বসুৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পূৰ্বে ৰাণু সোম নামেৰে পৰিচিত আছিল।১২৪৫ তেওঁৰ দুগৰাকী কন্যা মীনাক্ষী দত্ত আৰু দময়ন্তী বসু সিং আৰু একমাত্ৰ পুত্ৰ শুদ্ধশীল বসু; শুদ্ধশীল বসুৰ ৪২ বছৰ বয়সত মৃত্যু হয়।১৬ তেওঁৰ এগৰাকী নাতিনী কঙ্কাৱতী দত্ত বাংলা ভাষাৰ এগৰাকী সুপৰিচিত লেখিকা।৩
সংগীত জীৱন
বসু জনপ্ৰিয় গীতৰ গায়িকাও আছিল। তেওঁ উস্তাদ গুল মহম্মদ খানৰ ছাত্ৰী আছিল।৫ কবি নজৰুল ইছলাম, গায়ক দিলীপ কুমাৰ ৰায়, আৰু ৰবীন্দ্ৰনাথ ঠাকুৰে তেওঁৰ কণ্ঠৰ প্ৰশংসা কৰি নিজাকৈ গীত শিকাইছিল।১৫ ১২ বছৰ বয়সত তেওঁ প্ৰথম গ্ৰামাফোন ডিস্কত গীত ৰেকৰ্ড কৰাৰ পাছত ১৯৪০ চনলৈকে তেওঁৰ সংগীত যাত্ৰা অব্যাহত ৰাখে আৰু তাৰ পাছত তেওঁ গান গোৱা বাদ দি লিখিবলৈ আৰম্ভ কৰে।৫৬
সাহিত্যিক জীৱন
প্ৰতিভা বসুয়ে ২০০ খন কিতাপ ৰচনা কৰিছিল, যিবোৰৰ সকলোবোৰেই ব্যৱসায়িকভাৱে সফল হৈছিল।১ ১৯৪০ চনত প্ৰকাশিত মনোলীনা তেওঁৰ প্ৰথম উপন্যাস। তেওঁৰ কেইবাখনো উপন্যাস সফল চিনেমালৈ পৰিণত হৈছিল৷৩
সাহিত্য-কৰ্ম
উপন্যাস
- মনোলীনা (১৯৪৪),
- সেতুবন্ধ (১৯৪৭),
- সুমিত্ৰাৰ অপমৃত্যু,
- মনেৰ ময়ূৰ (১৯৫২),
- বিবাহিতা স্ত্ৰী (১৯৫৪),
- মেঘেৰ পৰে মেঘ (১৯৫৮),
- মধ্যৰাতেৰ তাৰা (১৯৫৮),
- সমুদ্ৰহৃদয় (১৯৫৯),
- বনে যদি ফুটল কুসুম (১৯৬১),
- 'ঘুমেৰ পখিৰা' (১৯৬৫)
- 'সমুদ্ৰ পেৰিয়ে'' (১৯৭৫)
- 'ঈশ্বৰেৰ প্ৰৱেশ' (১৯৭৮)
- 'পদ্মাসনা ভাৰতী' (১৯৭৯)
- 'প্ৰথম বসন্ত'
- 'ৰাঙা ভাঙা চাঁদ' (১৯৯৪)
- 'মালতীদিৰ উপাখ্যান (১৯৯৭)
- 'উজ্জ্বল উদ্ধাৰ'
- 'সকালেৰ সুৰ সায়াহ্নে'
- 'দ্বিতীয় নক্ষত্ৰ'
- 'সাগৰেৰ স্বাক্ষৰ' (১৯৯৮)
- 'অগ্নিতুষাৰ'
- 'হৃদয়েৰ বাগান'
- 'সোনালি বিকেল'
- 'আলো আমাৰ আলো'
- 'অপেক্ষাগৃহ'
- 'সমাগত বসন্ত'
- 'আন্তোনিনা'
- 'সূৰ্যাস্তেৰ ৰং'
- 'মাধুৰীলতাৰ ডায়েৰী'
- 'অতলান্ত'
- 'পথে হল দেৰি'
ইত্যাদি।
চুটিগল্প
- মাধবীৰ জন্য (১৯৪২),
- বিচিত্ৰ হৃদয় (১৯৪৬),
- ''প্ৰতিভূ'
- 'ভালবাসাৰ জন্ম'
- 'ঘাসমাটি'
- 'বিকেলবেলা'
- 'স্বৰ্গেৰ শেষ ধাপ'
- 'ৰূপান্তৰ'
- 'খণ্ডকাব্য'
- 'অন্তহীন'
- 'স্বামী-স্ত্ৰী'
- 'ইষ্টিশানেৰ মিষ্টিফুল'
- 'সেইদিন সকালে'
- 'গুণীজনোচিত'
- 'উৎস'
- 'শব্দব্ৰহ্ম'
- 'নিখাত সোনা'
- 'আয়না'
- 'সকালবেলা'
- 'ঈশ্বৰ ও নাৰী'
- 'মাৎসুমোতো'
- 'মিসেস পালিতেৰ গাৰ্ডেন পাৰ্টি'
- 'সত্য মিথ্যা,মিথ্যা সত্য'
- 'প্ৰথম সিঁড়ি'
- 'মাদমোয়াজেল গতিয়ে'
- 'কাঁচা ৰোদ'
- 'সন্ধ্যাবেলা'
- 'স্বপ্ন ভেঙে যায়'
- 'ভেজানো দৰজা'
- 'সত্যাসত্য'
- 'ন্যায় অন্যায়'
- 'গৰ্ভধাৰিণী
- 'অন্ধকাৰে'
- 'সুমিত্ৰাৰ অপমৃত্যু'
- 'মহাভোজ'
- 'নতুন পাতা'
প্ৰবন্ধ
মহাভাৰতেৰ মহাৰণ্যে (১৯৯৭)
চলচ্চিত্ৰায়ণ
প্ৰতিভা বসুৰ উপন্যাস আৰু চুটিগল্পৰ আধাৰত বাংলা আৰু হিন্দী ভাষাত বহু কেইখন চলচ্চিত্ৰ নিৰ্মাণ হৈছিল৷ সেইবোৰ হ'ল -
- মনেৰ ময়ূৰ (১৯৫৪)
- পথে হল দেৰি (১৯৫৭)
- মধ্যৰাতেৰ তাৰা (১৯৬১)
- অতল জলেৰ আহ্বান (১৯৬২)
- আসৰা (১৯৬৬) (হিন্দী)
- আলো আমাৰ আলো (১৯৭১)
- শ্ৰীকান্তেৰ উইল (১৯৭৯)
- মনে মনে (১৯৮৯)
- আশ্ৰিতা (১৯৯০)
বঁটা আৰু সন্মান
বাংলা ভাষালৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে প্ৰতিভা বসুৱে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ভুবনমোহিনী স্বৰ্ণ পদক লাভ কৰে। তদুপৰি সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁক আনন্দ পুৰাস্কাৰেৰে সন্মানিত কৰা হয়।
মৃত্যু
২০০৬ চনৰ ১৩ অক্টোবৰত, কলকাতাত "দীৰ্ঘদিনীয়া অসুস্থতা"ত তেওঁৰ মৃত্যু হয়।১
তথ্যসূত্ৰ
- ↑ (13 October 2006). Pratibha Basu, R.I.P.. Outlook
- ↑ Clifford, Pat. (2008). George Oppen, Buddhadev Bose and Translation. Jacket2
- ↑ Sengupta, Ratnottama. (10 January 2015). Soi Mela salutes Pratibha Basu. The Times of India
- ↑ Sarkar, Sebanti. (30 November 2008). Treading the boards with Buddhadeva. The Telegraph India. The Telegraph
- ↑ Chowdhury, HQ. (25 September 2010). Of men and music. The Daily Star
- ↑ Banerjee, Sudeshna. (1 March 2015). Women and word power. The Telegraph
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰতিভা বসু” প্ৰবন্ধৰ সংশোধন ৬৩৭৩৭৩ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।