অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পাৰ্ৱতী থিৰুভথু

পাৰ্ৱতী থিৰুভথু কট্টুৱাত্থা (Parvathy Thiruvothu Kottuvatta; জন্ম: ৭ এপ্ৰিল ১৯৮৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেত মালায়ালম ছবি জগতৰ পৰিচিত মুখ। ইয়াৰ উপৰি তেখেতে তামিল আৰু কন্নড় ভাষাৰ ছবিতো অভিনয় কৰিছে।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ৮৯৯ শব্দ · ৫ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

পাৰ্ৱতী থিৰুভথু কট্টুৱাত্থা (Parvathy Thiruvothu Kottuvatta;১ জন্ম: ৭ এপ্ৰিল ১৯৮৮) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেত মালায়ালম ছবি জগতৰ পৰিচিত মুখ। ইয়াৰ উপৰি তেখেতে তামিল আৰু কন্নড় ভাষাৰ ছবিতো অভিনয় কৰিছে।২ কেৰালাৰ কলিকটত জন্মগ্ৰহণ কৰা পাৰ্ৱতীয়ে ২০০৬ চনত 'আউট অৱ ছিলেবাছ' নামৰ মালায়ালম ভাষাৰ ছবিখনৰ জৰিয়তে চলচ্চিত্ৰ জগতত খোজ পেলায়।

পাৰ্ৱতীয়ে 'ন'টবুক' (২০০৬), 'মিলানা' (২০০৭), 'পু' (২০০৮), 'চিটি অৱ গোল্ড' (২০১১), 'মাৰয়ান' (২০১৩), 'বাংগালোৰ ডেইছ' (২০১৪), 'উত্তম ভিলেইন' (২০১৫), 'এন্নু নিণ্টে ময়ডিন' (২০১৫), 'চাৰ্লি' (২০১৫), 'টেক অফ' (২০১৭), 'কুড়ে' (২০১৮), ' উয়াৰে' (২০১৯) আৰু 'ভায়ৰাছ' (২০১৯) আদি ছবিত অভিনয় কৰ দৰ্শকৰ মাজত জনাজাত হৈছে। ২০১৭ চনত তেখেতে ইৰফান খানৰ বিপৰীতে 'কৰিব কৰিব ছিংগল' নামৰ হিন্দী ছবিখনত অভিনয় কৰি বলিউডত অভিষেক কৰে।৩

পাৰ্ৱতীয়ে অভিনয়ৰ বাবে একাধিক বঁটা-সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। তাৰে ভিতৰত কেৰালা ৰাজ্যিক ছবি বঁটা, ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ছবি বঁটা, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত 'বিশেষ উল্লেখ' বঁটা উল্লেখনীয়। ২০১৬ চনত তেখেতে 'এন্নু নিণ্টে ময়ডান'ৰ 'কাঞ্চনমালা' নামৰ চৰিত্ৰটোৰ বাবে মালায়ালম ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। 'পু' নামৰ ছবিখনৰ বাবে ২০০৮ চনত তেখেতে লাভ কৰে তামিল ভাষাৰ ফিল্মফেয়াৰ বঁটা। ২০১৭ চনত মুক্তি লাভ কৰা 'টেক অফ' নামৰ ছবিখনৰ বাবে পাৰ্ৱতীয় দ্বিতীয়টো ফিল্মফেয়াৰ বঁটা পাবলৈ সক্ষম হয়।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

১৯৮৮ চনত ৭ এপ্ৰিলত পাৰ্ৱতীৰ জন্ম হয়। জন্মস্থান আছিল কেৰালাৰ কলিকট। পাৰ্ৱতীৰ পিতৃ পি. বিনোদ কুমাৰ আৰু মাতৃ টি.কে. ঊষা কুমাৰী। উভয়েই অধিবক্তা। পাৰ্ৱতীৰ একমাত্ৰ ভ্ৰাতৃৰ নাম হৈছে অঔম থিৰুভত্থু (কৰুণাকৰণ)।৪৫ স্কুলীয়া দিনতেই পাৰ্ৱতীৰ পৰিয়ালটো থিৰুৱনন্তপুৰমলৈ স্থানান্তিৰত হয় আৰু ইয়াতেই পাৰ্ৱতীয়ে পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰে। পংগুড়েত থকা কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা পঢ়াশলীয়া শিক্ষা শেষ কৰি পাৰ্ৱতীয়ে থিৰুৱনন্তপুৰমৰ অল ছেইণ্টছ কলেজৰ পৰা ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী দখল কৰে। 'কিৰণ টিভি'ত তেখেতে সফল টেলিভিছন সূত্ৰধাৰ হিচাপে কাম কৰে। এইটো আছিল থিৰুৱনন্তপুৰমত থকা এটা পূৰ্ণাংগ পৰ্যায়ৰ মিউজিক চেনেল।৬ তেখেত এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত ভাৰতনাট্যমৰ নৃত্যশিল্পী।৭

বাংগালোৰ নাটকালৰ টিছাৰ উন্মোচনী অনুষ্ঠানত
বাংগালোৰ নাটকালৰ টিছাৰ উন্মোচনী অনুষ্ঠানতছবি: Silverscreen Media Inc. (https://silverscreen.in) · CC BY-SA 3.0

কৰ্মজীৱন

[[চিত্ৰ:Rita Bahuguna Joshi presenting the Silver Peacock Award for the Best Actor (Female) to Parvathy Thiruvoth Kottuvatta for the Malayalam film TAKE OFF.jpg|উত্তৰ প্ৰদেশৰ পৰ্যটন মন্ত্ৰী ৰীতা বহুগণা যোশী আৰু অভিনেত্ৰী পূজা হেগড়েয়ে ২০১৭ চনত পাৰ্ৱতীক শ্ৰেষ্ঠ অভিনেত্ৰীৰ শিতানত ৰূপৰ ম'ৰা (Silver Peacock) বঁটা প্ৰদান কৰিছে।]]

২০০৬ চনত মুক্তি লাভ কৰা মালায়ালম ভাষাৰ ছবি 'আউট অৱ ছিলেবাছ'ৰ জৰিয়তে পাৰ্ৱতীয়ে অভিনয়ৰ জগতত পদাৰ্পণ কৰে। ছবিখনত এগৰাকী কলেজীয়া শিক্ষাৰ্থী হিচাপে তেখেতে সহ-অভিনেত্ৰীৰ দায়িত্ব পালন কৰে। তেখেতৰ দ্বিতীয়খন ছবি আছিল 'ন'টবুক' (২০০৬)। ছবিখনে কিশোৰী কালৰ অন্তঃসত্ত্বাৰ ঘটনাক কাহিনীৰ বিষয় হিচাপে নিৰ্বাচিত কৰিছিল।৮৯

পাৰ্ৱতীয়ে শীৰ্ষ চৰিত্ৰত অভিনয় কৰা প্ৰথমখন কন্নড় ভাষাৰ ছবি আছিল 'মিলানা'। ছবিখনে মুক্তিৰ লগে লগেই বাণিজ্যিক সফলতা লাভ কৰে।১০

২০১৬ চনত পাৰ্ৱতীক 'এন্নু নিণ্টে ময়ডিন' (Ennu Ninte Moideen) নামৰ ছবিখনত কাঞ্চনমালা চৰিত্ৰটোৰ ৰূপায়ণত দেখা যায়। ছবিখন আছিল সত্তৰৰ দশকৰ মুক্কামত কাঞ্চনমালা আৰু ময়ডিনৰ মাজত সৃষ্টি হোৱা প্ৰণয়জনিত সম্পৰ্কটো। ছবিখনে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে আৰু মালায়ালম ছবিৰ এখন শ্ৰেষ্ঠ ৰোমাণ্টিক ছবি হিচাপে পৰিগণিত হয়। পাৰ্ৱতীৰ অভিনয়শৈলীক সমালোচক আৰু দৰ্শকসকলে প্ৰশংসা কৰে। অইন একাধিক বঁটা-বাহনৰ লগতে এইখন ছবিৰ জৰিয়তেই পাৰ্ৱতীয়ে মালায়ালাম ফিল্মফেয়াৰ বঁটাত প্ৰথমটো শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে।১১১২ ২০১৫ চনতে মুক্তি লাভ কৰা পাৰ্ৱতীৰ অইন এখন ছবি আছিল 'চাৰ্লি'। ডালকিয়ৰ ছলমান, অপৰ্ণা গোপীনাথ আৰু নেড়ুমুদি ভেনুৰ লগত অভিনয় কৰা এই ছবিখনে আঠটা শিতানত কেৰালা ৰাজ্যিক বঁটা লাভ কৰিবলৈ সক্ষম হয়। পাৰ্ৱতীয়ে 'চাৰ্লি' আৰু 'এন্নু নিণ্টে ময়ডিন'ৰ বাবে 'শ্ৰেষ্ঠ অভিনেত্ৰী'ৰ মুকুট পিন্ধে।

২০১৭ চনত পাৰ্ৱতীয়ে অভিনয় কৰা দুখন ছবিয়ে মুক্তিৰ মুখ দেখে। প্ৰথমখন ছবিৰ নাম হৈছে-'টেক অফ'। মহেশ নাৰায়ণে পৰিচালনা কৰা এই ছবিখনত কুঞ্চাকু বোবান আৰু ফাহাদ ফাছিলেও অভিনয় কৰিছিল। ছবিখনক কমল হাছানকে ধৰি একাধিক চেলেব্ৰিটিয়ে প্ৰশংসা কৰে। ভাৰতৰ আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱ, কেৰালা আন্ত:ৰাষ্ট্ৰীয় ছবি মহোৎসৱত ছবিখনৰ প্ৰিমিয়াৰ হয়। ছবিগৃহত চিনেমাখন ১২৫ দিনতকৈও অধিক চলে। ছবিখনৰ আগবঢ়োৱা অভিনয়ৰ বাবে পাৰ্ৱতীয়ে 'শ্ৰেষ্ঠ অভিনেত্ৰীৰ IFFI বঁটা' লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰি 'ছিলভাৰ পিকক' বঁটা লাভ কৰা তেখেত প্ৰথমগৰাকী ভাৰতীয় অভিনেত্ৰী হৈ পৰে। ছবিখনৰ বাবে তেখেত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটালৈও মনোনয়ন লাভ কৰিছিল যদিও অন্তিম ৰাউণ্ডত শ্ৰীদেৱীৰ সমুখত পৰাভূত হয়। কিন্তু 'বিশেষ উল্লেখ' শিতানত পাৰ্ৱতীয়ে কেৰিয়াৰৰ প্ৰথমটো ৰাষ্ট্ৰীয় বঁটা লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ লগতে তেখেতে লাভ কৰে কেৰালা ৰাজ্যিক চলচ্চিত্ৰৰ পৰা দ্বিতীয়টো শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা, আৰু ফিল্মফেয়াৰৰ পৰা লাভ কৰে মালায়ালম ভাষাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা। ২০১৭ চনতেই পাৰ্ৱতীয়ে ইৰফান খানৰ লগত 'কৰিব কৰিব ছিংগল' নামৰ ছবিখনত অভিনয় কৰি বলিউডতো খোজ পেলায়।

২০১৯ চনত পাৰ্ৱতীয়ে অভিনয় কৰা দুখন ছবিয়ে মুক্তি লাভ কৰে। প্ৰথমখন ছবি অভিষেককাৰী মানু অশোকানৰ 'উয়াৰে'। এইখন ছবিত পাৰ্ৱতীয়ে পল্লৱী ৰবিন্দ্ৰন নামৰ এচিদ-আক্ৰান্ত যুৱতীৰ চৰিত্ৰ ৰূপায়ণ কৰে। ছবিখনে দৰ্শকৰ লগতে সমালোচকৰ পৰাও প্ৰশংসা লাভ কৰে।১৩ ইয়াৰ পিছত তেখেতে অভিনয় কৰে 'ভায়ৰাছ' (২০১৯) নামৰ ছবিখনত। ছবিখনৰ পৰিচালক আছিল আশিক আবু আৰু প্ৰযোজক আছিল ৰীমা কলিংগাল। ২০১৮ চনত কেৰালাত সংঘটিত 'নিপা' নামৰ ভাইৰাছৰ আতংক আৰু ত্ৰাসৰ দিশটোক সামৰি ছবিখন নিৰ্মাণ কৰা হৈছে।১৪ ছবিখনে দৰ্শক আৰু সমালোচকক আকৃষ্ট কৰে।১৫

অন্যান্য কৰ্ম আৰু মিডিয়া

মাৰ্য়ান নামৰ ছবিখনত অভিনেতা ধনুষৰ বিপৰীতে অভিনয় কৰা পাৰ্ৱতীক সোধা হৈছিল যে কেৱল ধনুষ থকাৰ বাবেই তেখেতে ছবিখনত চুক্তিবদ্ধ হৈছে নেকি। ইয়াৰ উত্তৰত পাৰ্ৱতীয়ে কৈছিল যে এইখন ছবিৰ আগলৈকে তেখেতে ধনুষক চিনিয়েই নাপাইছিল। এই মন্তব্যটোৱে মিডিয়াৰ মাজত কিছু আলোড়ন তুলিছিল।১৬

'স্ত্ৰীৰ প্ৰতি বিদ্বেষমূলক সংলাপ থকা চলচ্চিত্ৰসমূহক উৎসাহিত কৰিব নালাগে' বুলি কোৱা প্ৰথম পৰ্যায়ৰ অভিনেত্ৰীৰ ভিতৰত পাৰ্ৱতীও আছিল অন্যতম। ২০১৬ চনত মুক্তিলাভ কৰা মাম্মুটিৰ দ্বাৰা অভিনীত 'কাছাবা' নামৰ ছবিখনত তেনেধৰণৰ বিতৰ্কিত সংলাপ আছিল। পাৰ্ৱতীয়ে মাম্মুটিক অনুৰোধ কৰিছিল যে, অলেখ অনুৰাগী থকা এজন ব্যক্তি হিচাপে মাম্মুটিয়ে তেনেধৰণৰ স্ত্ৰীৰ প্ৰতি বিদ্বেষমূলক সংলাপ থকা ছবিত অভিনয় কৰিবলৈ এৰিব লাগে। যাতে সমাজখনৰ সংশোধন হয়।১৭ এই মন্তব্য কৰাৰ পাছত মাম্মুটিৰ অনুৰাগীসকলে পাৰ্ৱতীক অনলাইনত ট্ৰল কৰে। তেখেতৰ পৰা এটা অভিযোগ লাভ কৰি কেৰালা আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰে।১৮ পাৰ্ৱতীয়ে উদ্যোগত থকা 'ইছলামোফ'বিয়া'ৰ সত্যতাৰ বিষয়ে মন্তব্য কৰিছে।১৯

পাৰ্ৱতী হৈছে 'ৱমেন ইন চিনেমা কালেকটিভ'ৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য। এইটো সন্থাই মালায়ালম ছবি উদ্যোগত কৰ্মৰত মহিলা কৰ্মচাৰীৰ কল্যাণৰ হকে কাম কৰে।২০

২০১৯ চনত পাৰ্ৱতীয়ে অৰ্জুন ৰেড্ডী আৰু কবিৰ সিঙৰ দৰে ছবিক সমালোচনা কৰি স্ত্ৰী-বিদ্বেষক মহিমান্বিত কৰা বুলি কয়। এই মন্তব্য তেখেতে কৰে ফিল্ম কম্পেনিয়নৰ দ্বাৰা আয়োজিত এখন ঘূৰণীয়া আলোচনা চক্ৰত। এই পদক্ষেপটোৰ বাবে পাৰ্ৱতীক প্ৰশংসা কৰা হয় আৰু কোৱা হয় যে, ছবিখনৰ অভিনেতা বিজয় দেৱকোন্দ্ৰাৰ সমুখতে ছবিখনৰ বিষয়ক লৈ আপত্তি কৰাৰ বাবে পাৰ্ৱতীৰ সাহস স্বীকৃতিযোগ্য।২১ পাছত এটা সাক্ষাৎকাৰত দেৱকোন্দ্ৰাই ছছিয়েল মিডিয়াৰ ট্ৰলাৰসকলক উক্ত মন্তব্যক বিপথে পৰিচালিত কৰাৰ বাবে সমালোচনা কৰে। তেখেতে পাৰ্ৱতী আৰু পাৰ্ৱতীৰ কৰ্মৰাজিক যথেষ্ট সন্মানৰ চকুৰে চায় বুলি প্ৰকাশ কৰে। .২২

বঁটা-বাহন

২০১৭ চনত পাৰ্ৱতী আৰু ইন্দ্ৰানছে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু অভিনেতাৰ বঁটা লাভ কৰিছে।
২০১৭ চনত পাৰ্ৱতী আৰু ইন্দ্ৰানছে শ্ৰেষ্ঠ অভিনেত্ৰী আৰু অভিনেতাৰ বঁটা লাভ কৰিছে।ছবি: Sanu N · CC BY-SA 4.0
বৰ্ষবঁটাশিতানছবিফলাফলতথ্যসূত্ৰ
২০০৮ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্যতামিল ভাষাৰ ফিল্মফেয়াৰ বঁটা-শ্ৰেষ্ঠ অভিনেত্ৰী'Poo'
২০০৮বিজয় বঁটাশ্ৰেষ্ঠ নৱাগতা'Poo'
২০০৮বিজয় বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী'Poo'
২০১১দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ সহ-অভিনেত্ৰী'City of God'
২০১৩তৃতীয় দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, SIIMAশ্ৰেষ্ঠ অভিনেত্ৰী-সমালোচকৰ বঁটা, তামিল ভাষাৰ'Maryan'rowspan="2"
বিহাইণ্ডউডছ্ গোল্ড ছামিট বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী
দাক্ষিণাত্যৰ ফিল্মফেয়াৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী-তামিলrowspan="2"
বিজয় বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী
২০১৪ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্যশ্ৰেষ্ঠ সহ-অভিনেত্ৰী-মালায়ালম'Bangalore Days'rowspan="15"
এছিয়ানেট চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ সহ-অভিনেত্ৰী
এছিয়াভিছন বঁটাঅভিনয়ত নতুন আলোড়ণ, New Sensation in Acting
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ সহ-অভিনেত্ৰী
২০১৫কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী'Ennu Ninte Moideen' আৰু 'Charlie'
এছিয়ানেট চলচ্চিত্ৰ বঁটা
ৱনিতা চলচ্চিত্ৰ বঁটা
কেৰালা চলচ্চিত্ৰ সমালোচক সংস্থা বঁটা
উত্তৰ আমেৰেকীয় চলচ্চিত্ৰ বঁটা
এছিয়াভিছন বঁটা'Ennu Ninte Moideen'
ফিল্মফেয়াৰ বঁটা-দাক্ষিণাত্য-মালায়ালম
পঞ্চম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচকৰ বঁটা)-মালায়ালম
প্ৰথম আইফা উৎসৱাম, শীৰ্ষ চৰিত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শন-অভিনেত্ৰী-মালায়ালম
২০১৬চিপিচি চিনে বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী
ফ্লাৱাৰছ ইণ্ডিয়ান চলচ্চিত্ৰ বঁটা
২০১৭দ্বিতীয় আইফা উৎসৱমশীৰ্ষ চৰিত্ৰত শ্ৰেষ্ঠ প্ৰদৰ্শন-অভিনেত্ৰী-মালায়ালম'Charlie'
য়ুৱা বঁটা ২০১৭য়ুৱা শ্ৰেষ্ঠ অভিনেত্ৰী'টেক অফ'
ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱশ্ৰেষ্ঠ অভিনেত্ৰী
২০১৮উত্তৰ আমেৰিকীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচকৰ)
ৱনিতা চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী(মঞ্জু ৱাৰিয়ৰৰ লগত যুটীয়াভাৱে)
চিপিচি চিনে বঁটাশীৰ্ষ চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰী
কেৰালা ৰাজ্যিক চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাবিশেষ উল্লেখ বঁটা
জন্মভূমি বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী
এছিয়ানেট চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী
ফিল্মফেয়াৰ বঁটা দাক্ষিণাত্যশ্ৰেষ্ঠ অভিনেত্ৰী-মালায়ালম
তৃতীয় আনন্দ টিভি চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী
সপ্তম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী-মালায়ালম২৩
সপ্তম দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাপেণ্টালুনছ ষ্টাইল আয়কন
২০১৯এছিয়ানেট চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী'Koode'
জনপ্ৰিয় অভিনেত্ৰী
২০২০এছিয়ানেট চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী'Uyare', 'Virus'২৪
ৱনিতা চলচ্চিত্ৰ বঁটাজনপ্ৰিয় অভিনেত্ৰী২৫
মুভি ষ্ট্ৰীটশ্ৰেষ্ঠ অভিনেত্ৰী
সমালোচকৰ বাছনি চলচ্চিত্ৰ বঁটাশ্ৰেষ্ঠ অভিনেত্ৰী-মালায়ালম'Uyare'২৬

তথ্যসূত্ৰ

  1. ↑ (2015-12-24). Don't want caste tag as my surname, actor Parvathy says no to discrimination. The News Minute
  2. ↑ (22 November 2017). Parvathy on Tiger Zinda Hai vs Take Off, Bollywood vs Mollywood, and sexual assault in film industries
  3. ↑ I am a fan, but had no time to be starstruck: Malayalam star Parvathy about co-star Irrfan Khan
  4. ↑ Happy Birthday Parvathy Thiruvothu: 5 Must-watch Films Of The Actress. News18
  5. ↑ Sathyendran, Nita. (12 March 2011). My name is Parvathy. The Hindu
  6. ↑ Source 2 . Maheshwaran.com (16 June 2015). Retrieved on 14 August 2015
  7. ↑ Sathyendran, Nita. (2011-03-11). My name is Parvathy. The Hindu
  8. ↑ Friday Review Thiruvananthapuram / On Location: Snapshots of school life. The Hindu (15 September 2006). Retrieved on 5 January 2014
  9. ↑ Movie Review: Notebook. Sify.com. Retrieved on 5 January 2014
  10. ↑ Parvathi opposite Puneeth! . Sify.com. Retrieved on 5 January 2014
  11. ↑ Rejath RG (21 September 2015). "Ennu Ninte Moideen is truly epic" . 'Kerala Kaumudi'. Retrieved 21 September 2015
  12. ↑ Akhila Menon (20 September 2015). "Ennu Ninte Moideen Movie Review: An Eternal Love Saga!". Retrieved 20 September 2015
  13. ↑ (2019-08-20). Parvathy's Uyare conquers great heights. Deccan Chronicle
  14. ↑ Virus: More than just a medical drama. www.telegraphindia.com
  15. ↑ Virus Movie Review {3.5/5}: A well-crafted multi-starrer, fictional documentation on the Nipah virus attack
  16. ↑ I don't know Tamil actor Dhanush
  17. ↑ Parvathy calls Mammootty's Kasaba misogynistic, gets trolled by fans. The Indian Express
  18. ↑ Mammootty fans are sending Parvathy rape and death threats. DailyO
  19. ↑ Islamophobia a reality in Kerala, was part of my films too: Parvathy. The Week
  20. ↑ (2 November 2017). Kerala's Women in Cinema Collective registers as society, to fight for gender parity. The News Minute
  21. ↑ Parvathy Menon slammed Arjun Reddy
  22. ↑ Hungama, Bollywood. (2019-11-28). "I love Parvathy. But I dislike that people are celebrating at my cost," says Vijay Deverakonda while addressing the Arjun Reddy controversy: Bollywood News - Bollywood Hungama
  23. ↑ SIIMA AWARDS · 2018 · winners · ·. siima.in
  24. ↑ മോഹന്‍ലാല്‍ മികച്ച നടന്‍, പാര്‍വതി നടി, മഞ്ജു തമിഴ് നടി, പൃഥ്വിരാജ് സംവിധായകന്‍; ഏഷ്യാനെറ്റ് ഫിലിം അവാര്‍ഡ്‌. Asianet News Network Pvt Ltd
  25. ↑ Vanitha film awards 2020: Mohanlal wins best actor, Manju Warrier is best actress. OnManorama
  26. ↑ (2020-03-28). Critics' Choice Film Awards 2020: Complete winners list. The Indian Express

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অভিনেত্ৰীদাক্ষিণাত্যৰ অভিনেত্ৰীৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা- জুৰীৰ বিশেষ উল্লেখফিল্মফেয়াৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পাৰ্ৱতী থিৰুভথু” প্ৰবন্ধৰ সংশোধন ৬৩৯৯৬০ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।