পুপুল ভূঞা এগৰাকী ভাৰতীয় অভিনেত্ৰী, টেলিভিছন উপস্থাপক আৰু মডেল, যিয়ে ওড়িয়া চলচ্চিত্ৰ, টেলিফিল্ম, বিজ্ঞাপন, আৰু ৰিয়েলিটি শ্ব'ত অভিনয় কৰিছে। ২০১৩ চনত কাব্য কীৰণৰ সৈতে প্ৰথম ওড়িয়া থ্ৰীডি ছবি কাউঁৰী কন্যাৰ জৰিয়তে ওলিউডত চলচ্চিত্ৰ জীৱন আৰম্ভ কৰিছিল৷১ ২০১৮ চনত অপেৰা মিচেছ ইণ্ডিয়া গ্ল'বেল প্ৰতিযোগিতাত তেওঁক বিজয়ী হিচাপে মুকুট পিন্ধোৱা হয়।২
প্ৰাৰম্ভিক জীৱন
তেওঁ ওড়িশাৰ কেওনঝাৰ জিলাৰ ছাইঁকুল গাঁৱত বটকৃষ্ণ ভূঞা আৰু বৈজয়ন্তীমালা ভূঞাৰ ঘৰত ১৯৯২ চনৰ ২৩ ফেব্ৰুৱাৰী তাৰিখে জন্মগ্ৰহণ কৰে আৰু বুক্সি জগাবন্ধু বিদ্যাধৰ মহাবিদ্যালয়, ভুৱনেশ্বৰৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।৩ ২০১৬ চনত তেওঁ দীপ থাদানীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।২
কেৰিয়াৰ
ভূঞাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল মঞ্চ উপস্থাপক হিচাপে। তাৰ পিছত তেওঁ ই-নিউজ, আপনঙ্ক পছন্দ আদি কিছুমান একক টেলিভিছন শ্ব’ আয়োজন কৰিছিল। পিছলৈ তেওঁ সাৰে গা মা পা লিটল চেম্পছ, স্বৰ ওড়িশাৰ, মুঁ বি হিৰোইন হেবি আদি জনপ্ৰিয় মনোৰঞ্জন অনুষ্ঠান আয়োজন কৰিবলৈ আৰম্ভ কৰে।
২০১৩ চনত সৌম্য ৰঞ্জন সাহুৰ পৰিচালিত প্ৰথমখন ওডিয়া থ্ৰীডি ছবি কাউঁৰী কন্যাত মুখ্য চৰিত্ৰত অভিনয় কৰি ওডিয়া চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। পিছলৈ ব্লেকমেইল, বিদ্যাৰাণ,৪ আদি ওডিয়া ছবিৰ কিছু বিশেষ চৰিত্ৰত অভিনয় কৰে। ২০২৩ চনত তেওঁ এষ্ট্ৰী মুভিজৰ প্ৰযোজনা নিয়তি প্ৰজেক্টত অভিনয় কৰে।৫৬
উপস্থাপন আৰু অভিনয়ৰ উপৰিও মডেলিঙৰ কামো কৰিছে। ২০১৮ চনত অপেৰা মিচেছ ইণ্ডিয়া গ্ল’বেল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জয়ী হৈছিল।৭৮ প্ৰতিযোগিতাখনৰ ছেমি ফাইনেলত শ্ৰেষ্ঠ ৰেম্প ৱাকৰ বঁটা লাভ কৰে।৯ ২০২২ চনত শুভ পল্লৱ নামৰ ওডিয়া আলোচনীৰ প্ৰচ্ছদত তেওঁৰ ছবি প্ৰকাশ কৰা হয়।১০ ইয়াৰ আগতে ২০১৬ চনত তেওঁৰ ফটো কদাম্বিনী আলোচনীত প্ৰকাশ পাইছিল।
ফিল্মগ্ৰাফী
| বছৰ | চলচ্চিত্ৰ | ভাষা | ভূমিকা | টোকা |
|---|---|---|---|---|
| ২০১৩ | কাউঁৰী কন্যা | ওড়িয়া | অনুষায় | ওলিউডত আত্মপ্ৰকাশ। |
| ২০১৫ চনত | ভল পাএ তোলে সহজে ৰু সহ | ওড়িয়া | ||
| ২০১৮ চনত | ব্লেকমেইল | ওড়িয়া | ||
| ২০২২ | বিদ্যৰণ | ওড়িয়া | ১১ | |
| ২০২৩ | ডেলিভাৰী বয় | |||
| নিয়তি | সাধনা | |||
| ফিল্মিং কৰা হৈছে | অনুভৱ- এ ৰাভাৰ বয় | বৰ্ষা | ||
| তু মো কমজোৰী | ||||
| অজাতি |
তথ্যসূত্ৰ
- ↑ (27 February 2013). Kaunri Kanya 3D Oriya Horror Film. Incredible Orissa
- ↑ Jha, Neha. (29 August 2020). Marriage No Barrier In Pursuing Dreams, Says Opera Mrs India Global 2018. My City Links
- ↑ (23 September 2018). Odisha's Pupul Bhuyan Wins Opera Mrs India Global 2018. odishabytes
- ↑ Bureau, KalingaTV. (16 June 2020). First look of Babusan's Odia upcoming film 'Bidyarana' released: Watch. KalingaTV
- ↑ (2023-07-22). Odia movie Niyati released across the state. Odia Celebrity
- ↑ (29 January 2023). ସୋନୁଙ୍କ ନିୟତି. Sambad (Sunday). পৃ. 8
- ↑ Pioneer, The. Cuttack girl wins Charming Face Odisha title. The Pioneer
- ↑ (8 May 2020). These beauty pageant winners capture hearts during lockdown. Odisha News, Odisha Latest news, Odisha Daily - OrissaPOST
- ↑ (25 September 2018). Pupul is Opera Mrs India Global. Orissa Post
- ↑ (15 June 2022). Shubhapallaba Released its 39th Edition on Raja Sankranti. Odisha Diary
- ↑ (31 August 2020). Actress Pupul Bhuyan waits for shooting for her film to resume post lockdown - Times of India. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পুপুল ভূঞা” প্ৰবন্ধৰ সংশোধন ৫৬৯৩৪১ (১২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।